মূল অনন্ত বিজয়, অসমীয়া অনুবাদ উৎপল দত্ত
প্ৰথম প্ৰকাশ বাৰ্তা এন ই | দেওবাৰ ২১ আগষ্ট
বুকাৰ বঁটা বিজয়ী আৰু প্ৰায় তিনিটা দশক ধৰি তীব্ৰ নিৰাপত্তাৰ মাজত বাস কৰা ভাৰতীয় মূলৰ লেখক ছলমান ৰুছদীৰ ওপৰত এটা আক্ৰমণ সংঘটিত হয়, আমেৰিকাৰ নিউয়ৰ্কত। আক্ৰমণকাৰী হাদী মাটাৰে চুৰী এখনেৰে তেওঁৰ ডিঙি, হাত আৰু পেটত কৰে। তেওঁৰ অৱস্থা এতিয়াও সম্পূৰ্ণ সংকটমুক্ত নহয়৷ তেওঁৰ লিটাৰেৰি এজেণ্টজনৰ মতে তেওঁৰ এটা চকুৰ দৃষ্টিশক্তি নষ্ট হ’ব পাৰে। এই আক্ৰমণত তেওঁৰ হাতৰ এদাল শিৰা কটা গৈছে, লগতে যকৃতো আঘাতপ্ৰাপ্ত হৈছে।
ছলমান ৰুছদীৰ বিৰুদ্ধে আক্ৰমণৰ ভাবুকি বহুদিনৰ পৰাই চলি আছিল। ‘দা চাটানিক ভাৰ্চেজ’ প্ৰকাশৰ সময়তেই তেওঁৰ ওপৰত ‘ঈশ্বৰ নিন্দা’ৰ অভিযোগ উত্থাপিত হৈছিল। ১৯৮৯ চনৰ ১৪ ফেব্ৰুৱাৰীত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা খোমেইনীয়ে ছলমান ৰুছদিৰ বিৰুদ্ধে ফটোৱা জাৰি কৰিছিল। খোমেইনীয়ে কিতাপখনক দোষাৰোপ কৰাৰ কাৰণ আছিল ‘ঈশ্বৰ নিন্দা’ আৰু ‘ইছলামক উপহাস’৷ খোমেইনীৰ ফটোৱাৰ পিছত বহুদিন জনজীৱনৰ পৰা আঁতৰি আছিল ছলমান ৰুছদী। কেতিয়াবা আছিল ব্ৰিটেইনত আৰু কেতিয়াবা নৰৱে’ত। ছলমান ৰুছদীয়ে নিজৰ নিৰ্বাসনৰ দিনবোৰৰ বিষয়ে বিতংভাৱে লিখিছে ‘জোচেফ এণ্টন’ গ্ৰন্থত। ছলমান ৰুছদীয়ে চাৰে ছশ পৃষ্ঠাৰ এই গ্ৰন্থখনত লেখিছে নিৰ্বাসনৰ যন্ত্ৰণাৰ কথা আৰু লিখিছে তেওঁৰ জীৱনলৈ অহা আগতীয়া বিপদৰ কথা৷
ছলমান ৰুছদীক কৰা আক্ৰমণৰ পিছত কেইবাটাও কথা পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে। আমেৰিকাৰ নিউয়ৰ্ক চহৰত সংঘটিত হৈছে এই মাৰাত্মক আক্ৰমণ। সেইটোও প্ৰায় ডেৰ-দুই হাজাৰ মানুহৰ উপস্থিতিত। ইয়াত এটা প্ৰশ্ন উত্থাপন হৈছে যে সমগ্ৰ বিশ্বক মত প্ৰকাশৰ স্বাধীনতাৰ পাঠ শিকোৱা আমেৰিকা কিয় এনে আক্ৰমণস্থলী হ’বলগা হ’ল? ব্ৰিটেইন আৰু নৰৱে’ত ছলমান ৰুছদীক আক্ৰমণ কৰা নাই৷ আক্ৰমণকাৰীয়ে আমেৰিকাত কেনেকৈ নিজৰ কুৎসিত ডিজাইনত উপনীত হ’ল? যিখন দেশে মত প্ৰকাশৰ স্বাধীনতাৰ কথা কৈ গৌৰৱ কৰে, সেইখন দেশে নিজৰ মাটিত লেখকক নিৰাপত্তা দিব নোৱাৰিলে কিয়?
ছলমান ৰুছদীক কৰা আক্ৰমণৰ পিছত আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হৈছে যে কোনোবা এজন ধৰ্মীয় নেতা বা ধৰ্মগুৰুৱে কেনেকৈ কাৰোবাৰ হত্যা কৰাৰ বাবে ফটোৱা জাৰি কৰিব পাৰে? ইছলামত বহুবাৰ দেখা গৈছে যে ঈশ্বৰ নিন্দা কৰাৰ অভিযোগত মৃত্যুৰ ফতোৱা জাৰি কৰা হয়। মৃত্যুৰ ফটোৱা জাৰি কৰাৰ সমান্তৰালভাৱে এই কামৰ বাবে পুৰস্কাৰো ঘোষণা কৰা হয়। আনকি আয়াতুল্লাহ খোমেইনীয়ে ছলমান ৰুছদীৰ মৃত্যুৰ সন্দৰ্ভত ফতোৱা জাৰি কৰা সময়তো হত্যাকাৰীক পুৰস্কাৰ হিচাপে বিপুল পৰিমাণৰ ধন দিয়াৰ কথা চৰ্চা হৈছিল। এই সকলোবোৰ ধৰ্মৰ আৱৰণতেই কৰা হয়। আমেৰিকাৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ছলমান ৰুছদীক আক্ৰমণ কৰা হাদী মাটাৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ডছ নামৰ এটা সংগঠনৰ সদস্য। ইণ্টাৰনেট মিডিয়াত পোৱা তেওঁৰ পৰিচয়ত ছিয়া উগ্ৰপন্থী সংগঠনৰ সৈতেও সংযোগ থকাৰ সন্দেহ কৰা হৈছে। এতিয়া ভিৰৰ মাজেৰে কাৰোবাৰ প্ৰাণ কাঢ়ি লবলৈ যোৱা হাদী মাটাৰক কেনেকৈ ‘ৰেডিকেলাইজড’ কৰা হ’ব সেইটোহে ডাঙৰ প্ৰশ্ন৷
‘দা চাটানিক ভাৰ্চেজ’ৰ বাবে কেৱল ছলমান ৰুছদিকেই আক্ৰমণ কৰিছে, তেনেকুৱা নহয়৷ এই কিতাপখনৰ লগত জড়িত আৰু বহু লোকক আক্ৰমণ কৰা হৈছিল। আনকি সেইসকলৰ এজনে প্ৰাণো হেৰুৱাইছিল। ১৯৯১ চনত ছলমানৰ এই কিতাপখন ইটালিয়ান ভাষালৈ অনুবাদ কৰা এট’ৰে কেপ্ৰিঅ’লোক মিলানত আক্ৰমণ কৰা হয়। ডিঙি, হাত আৰু বুকুত পোৱা ছুৰীৰ আঘাতৰ বাবে তেওঁ গুৰুতৰভাৱে আহত হৈছিল। ১৯৯১ চনত ‘দা চাটানিক ভাৰ্চেজ’ জাপানী ভাষালৈ অনুবাদ কৰা হিতোশ্বি ইহাৰাছীক ছুৰীৰে আঘাত কৰি হত্যা কৰা হৈছিল। জাপানৰ এখন বিশ্ববিদ্যালয়ৰ চৌহদত উদ্ধাৰ হৈছিল তেওঁৰ মৃতদেহ। দুবছৰৰ পাছত নৰৱে’ত নৰৱেজিয়ান ভাষাত ‘দা চাটানিক ভাৰ্চেজ’ প্ৰকাশ কৰা প্ৰকাশকজনকো আক্ৰমণ কৰা হৈছিল। নিজ ঘৰৰ সন্মুখতে কৰা গুলীবৰ্ষণত তেওঁ গুৰুতৰভাৱে আহত হৈছিল। এইবোৰ ঘটনাৰ পাছত বৃদ্ধি কৰা হৈছিল ছলমান ৰুছদীৰ নিৰাপত্তা৷ নৰৱে’ৰ কাণ্ডটো বাদ দি আন সকলো আক্ৰমণেই প্ৰায় একে ধৰণৰ অৰ্থাৎ আঘাতৰ প্ৰথম ঠাই হৈছে ব্যক্তিগৰাকীৰ ডিঙি৷ দেখা যায় যে প্ৰতিজন আক্ৰমণকাৰীয়ে মূৰটো শৰীৰৰ পৰা পৃথক কৰাৰ উদ্দেশ্যৰে ডিঙিত আঘাত কৰে।
এতিয়া যদি ছলমান ৰুছদীৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতি আমাৰ দেশৰ ‘মত প্ৰকাশৰ স্বাধীনতাৰ প্ৰগতিশীল সমৰ্থক’ সকলৰ প্ৰতিক্ৰিয়া চাওঁ প্ৰায় আটাইবোৰ প্ৰতিক্ৰিয়াতেই ইয়াৰ বাবে কুসংস্কাৰক দোষাৰোপ কৰা হৈছে, সেই ধৰ্মৰ নাম নোলোৱাকৈ। জাভেদ আখতাৰে ছলমানৰ আক্ৰমণকাৰীক ‘কোনোবা ধৰ্মান্ধ’ বুলি অভিহিত কৰে। আক্ৰমণকাৰীৰ নাম আৰু পৰিচয় পোহৰলৈ অহাৰ পাছৰে পৰা তেওঁ নীৰৱ হৈ আছে। আক্ৰমণকাৰীক ‘ইছলামিক ধৰ্মান্ধ’ বুলি ক’বলৈ তেওঁলোকৰ হাত দুখন কঁপি উঠে, আঙুলিবোৰ অজ্ঞান হৈ পৰে। যদি কোনো অপৰাধী হিন্দু হয়, তেন্তে তেওঁক ‘হিন্দু ধৰ্মান্ধ’ বুলি ক’বলৈ বেছি সময়ৰ প্ৰয়োজন নহয়। ছলমান ৰুছদীৰ ওপৰত আক্ৰমণৰ ঠিক আগতে তেওঁ এটা ৰিটুইট পোষ্ট কৰি অক্ষয় কুমাৰক ‘কানাডিয়ান কুমাৰ’ বুলি ঠাট্টা কৰিছিল আৰু আমিৰ খানক তেওঁৰ ছবিখন পাকিস্তানত মুক্তি দিবলৈ অস্বীকাৰ কৰাৰ বাবে প্ৰশংসা কৰিছিল। জাভেদ আখতাৰেও প্ৰায়েই নৈতিকতাৰ মিনাৰত থিয় হৈ নিজৰ নিৰপেক্ষতাৰ কথা কৈ গৌৰৱ কৰি থাকে, কিন্তু সময় আহিলে তেওঁৰ নিৰপেক্ষতাৰ অভিনয় বিবস্ত্ৰ হৈ পৰে। ছলমানৰ ওপৰত হোৱা আক্ৰমণত বহু বাওঁপন্থী বুদ্ধিজীৱীয়ে অতি মৃদুভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আক্ৰমণকাৰীক ধৰ্মান্ধ বুলি ক’লে সমস্যাটো সমাধান হ’ব নোৱাৰে। ধৰ্মান্ধ বুলি ক’লে অপৰাধৰ চোক কমি যায়৷ তেওঁলোকে অপৰাধীৰ কুকৰ্মক ধৰ্মৰ ওৰণিৰে ঢাকি দিয়াৰ চেষ্টা কৰে।
কোনে বা কি কি কাৰণে এজন অপৰাধীক কুসংস্কাৰী কৰি তোলে সেইবোৰক চিনাক্ত কৰিব লাগিব, সেই পৰিস্থিতিবোৰ চিনাক্ত কৰিব লাগিব য’ত কোনোবাই কাৰোবাৰ জীৱন কাঢ়ি লোৱাৰ পৰ্যায়লৈ গতি কৰে৷ প্ৰগতিশীল বুদ্ধিজীৱীসকলে এই কাৰণবোৰ বিবেচনা কৰি আৰ্টিকুলেট কৰিব লাগিব, নহ’লে তেওঁলোকৰ প্ৰতিক্ৰিয়াবোৰ হ’ব এক নিয়মীয়া আচাৰ-ব্যৱহাৰৰ প্ৰকাশ। এই গোষ্ঠীটোৰ পৰা এনে এটা আশা কৰাটো অসাৰ৷ তেওঁলোকে নিৰ্বাসিত বাংলাদেশী লেখিকা তছলিমা নাছৰীনৰ বিষয়টোক লৈ কেতিয়াও একো কোৱা নাই। বংগৰ বাওঁপন্থী চৰকাৰে তেওঁক পৰ্যাপ্ত সুৰক্ষা নিদিয়াত বা মমতা চৰকাৰে ৰাজ্যত ৰাখিবলৈ অস্বীকাৰ কৰা সময়তো এই প্ৰগতিশীলসকলে তেওঁলোকৰ মুখবোৰ চিলাই কৰি থৈছিল। পৃথিৱীত ইছলামেই একমাত্ৰ ধৰ্ম যাৰ অনুগামীসকলে মৃত্যুৰ ফটোৱাৰ ধাৰণাক সমৰ্থন কৰে। মুছলিম সমাজৰ নেতাসকলেও চিন্তা কৰিব লাগিব যে ধৰ্মৰ আৱৰণত কিদৰে হত্যাকাণ্ড একোটা সংঘটিত কৰা হয়। তেওঁলোকে সাহসেৰে ইয়াৰ বিৰুদ্ধে মাত তুলিব লাগিব। ঈশ্বৰ নিন্দাৰ বাবে মৃত্যুদণ্ডৰ ফটোৱা জাৰি কৰা বা হত্যাকাণ্ডৰ প্ৰচেষ্টা বৃদ্ধি পোৱা ধাৰণাটোক কেৱল বিচাৰ কৰাই নহয়, ইয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰাটোও বৰ্তমান সময়ৰ প্ৰয়োজনীয়তা। ইয়াৰ বাবে মুছলমান সমাজখনৰ ধৰ্মীয় সংস্কাৰৰ প্ৰয়োজন। বিজ্ঞানসন্মতভাৱে নিজৰ ধৰ্মীয় ধাৰণাবোৰ সকলোকে বুজাই দিব লাগিব। আধুনিক আৰু সভ্য সমাজত আইন আৰু সংবিধানৰ বাহিৰত মৃত্যুদণ্ড দিয়াৰ অধিকাৰ কাৰো নাই। এই কথা বিশ্বাস আৰু প্ৰচাৰ কৰিব লাগিব। এইটো এটা সহজ কাম যেন নালাগে। কিন্তু আজি নহ’লে কাইলৈ হ’লেও এই বিষয়ত কাম কৰিব লাগিব। এই কাম সোনকালেই আৰম্ভ কৰাটো ভাল, যাতে অন্ততঃ আতংকিত হৈ জীয়াই থকা মানুহবোৰে মুকলি বতাহত উশাহ লোৱাৰ সুযোগ পায়।