Friday, August 26, 2022

ৰাষ্ট্ৰীয় শিক্ষক বঁটা, মীনাক্ষি গোস্বামীলৈ অভিনন্দন

প্ৰথম প্ৰকাশ বাৰ্তা এন ই ২৬-৮-২২
ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত শ্ৰীযুতা মীনাক্ষি গোস্বামীলৈ আন্তৰিক অভিনন্দন ৷লগতে গৌৰৱ অনুভব কৰোঁ যে তেখেতৰ দৰে ৰাষ্ট্ৰীয় বঁটা বিজয়ী ব্যক্তি এগৰাকী মোৰ বন্ধু ৷
এবাৰ এটা লেখাৰ বাবে তেখেতক বিচাৰি উলিয়াইছিলোঁ ৷ তেখেতৰ এটা সাক্ষাৎ লৈছিলোঁ, দৈনিক জনমভূমিত প্ৰকাশ হৈছিল ৷ সেই লেখা প্ৰকাশৰ পাচত বহুত ফোন পাইছিলোঁ, প্ৰথম ফোনটো আছিল প্ৰকাশক বন্ধু সঞ্জয় সান্যালৰ ৷ সাক্ষাৎপ্ৰসংগৰ এটা প্ৰশ্নলৈ আঙুলিয়াই তেওঁ কৈছিল- এই প্ৰসংগটোৰে কিতাপ এখন তেখেতে লেখি দিব নেকি, কথা পাতিবচোন ৷ কথা পাতিছিলোঁ, কিন্তু কিতাপখন নহ’ল ৷ 
এটা কাম নহ’ব পাৰে, কিন্তু আন্তৰিকতাই নতুন মাত্ৰা লাভ কৰিছিল ৷ তেখেতে দিছিল এটি কবিতাৰ সংকলন, তেখেতে লেখা, ইংৰাজীত ৷ তেতিয়া মনত পৰিছিল যে কিতাপখন উন্মোচন কৰা হৈছিল অষ্ট্ৰেলিয়াত ৷ কবিতাকেইটি মূলতঃ প্ৰেমৰ কবিতা- বিশেষত্ব হ’ল কবিতাকেইটাৰ প্ৰকাশভংগী পুৰুষসুলভ- মেচকুলিন ৷  কবিতাবোৰৰ অকল ভাষাই ইংৰাজী নহয়, চিত্ৰকল্প-ব্যঞ্জনা-ভাবৰ গতি- সকলোতে নেটিভ ইংৰাজৰ উপস্থিতি স্পষ্ট- এক কথাত সঠিক ইংৰাজী কবিতা ৷ কেইটিমান কবিতা অনুবাদ কৰিছিলোঁ- কেইটামান কৰিব নোৱাৰিলোঁ- সেইকেইটা অসমীয়া ভাষাত প্ৰকাশ কৰা মোৰ বাবে সম্ভব নহ’ল ৷ যিকেইটা কৰিছিলোঁ, এয়া তাৰে এটা -

অচিনাকিজন
আহা, আমি আকৌ এবাৰ অচিনাকি হৈ যাওঁ
যেতিয়া তোমাক জনা নাছিলোঁ
তোমাৰ বাবে মই আছিলোঁ অচিনাকি
আহা আমি আকৌ ওচৰ চাপোঁ
দূৰৈৰ পৰাইআকৌ ভাল পাবলৈ শিকোঁ ৷
আহা আমি যাওঁ সূৰ্য-বিদায়ৰ ক্ষণলৈ
আৰু গান গাওঁ বনৰীয়া চৰাইৰ দৰে
আহা আমি আকৌ এবাৰ অচিনাকি হৈ যাওঁ
আৰু আৰম্ভ কৰোঁ প্ৰথমৰ পৰাই ৷
আহা আমি কফি খাই হাত মিলাওঁ
বিদায় দিওঁ তিক্ত পৰিচয়হীনতাক
মিলনৰ উত্তাপ বাঢ়ি আহক 
লাহে লাহে পৰিণত হ’বলৈ কাইলৈৰ উষ্ণ চিন্তাত ৷
অচিনাকিৰ পৰা চিনাকি
আহা, ভ্ৰমণ কৰোঁ একেলগে, আৰু 
আকৌ উপভোগ কৰোঁ যাত্ৰাটো ৷
তাৰ পিছত আমি একেলগে থিয় হওঁ
আৰু জিলিকি উঠো পৃথিৱীৰ বিভিন্ন প্ৰান্তত
তাৰ পিছত ভাগ্যই আমাক পুনৰ একেলগ কৰক
দ্বিতীয়বাৰৰ বাবে
তাৰ পিছত আকৌ আমি অচিনাকি হৈ যাম
তেতিয়া মই তোমাক সঁচাকৈয়ে ভাল পাম
কেৱল মোৰ হ’বলৈ ৷

মেলবৰ্ণ চহৰত নিজৰ কাব্য সংকলন উন্মোচন কৰা সময়ত মীনাক্ষি গোস্বামী

কবিতাই আমাৰ বন্ধুত্ব গাঢ় কৰিছিল ৷ এটা সময়ত সম্বোধন আপুনিৰ পৰা তুমি হৈছিল ৷ স্বপ্না দত্ত ডেকাৰ কবিতাৰ আধাৰত মই পৰিচালনা কৰা এখন চুটি ছবি ‘বহুবৃত্ত’৷ তেওঁ ছবিখন ভাল পাইছিল, অকল ভাল পোৱাই নহয়, তেওঁ জড়িত থকা এই সৰ্বভাৰতীয় কবি সংগঠনৰ যোগেৰে ছবিখনৰ বিষয়ে এখন ছেমিনাৰৰ আয়োজন কৰিছিল ৷ সেই ছেমিনাৰৰ পৰাই আৰু কেইগৰাকী কবি আৰু চিত্ৰনিৰ্মাতাৰ লগত চিনাকি আৰু বন্ধুত্ব হৈছিল ৷

তেওঁৰ আৰু এটা কথাই মোক আকৰ্ষণ কৰিছিল- স্কুলখনৰ প্ৰতি থকা তেওঁৰ আবেগিক ব্যাকুলতা ৷ যি গৌৰৱ আৰু আনন্দেৰে তেওঁ স্কুলৰ ফটো ফেচবুকত পোষ্ট কৰে তাতেই প্ৰকাশ পায় স্কুলখন তেওঁৰ হৃদয়ৰ কিমান ওচৰৰ ৷ এবাৰ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এটি অসম ভিত্তিক অনুষ্ঠানত তেওঁৰ স্কুলখনে নৃত্য-গীত পৰিবেশন কৰিছিল, মোক চাবলৈ খুব জোৰকৈ মাতিছিল, তুমিতো টাউনৰ স্কুলৰ অনুষ্ঠান চাই থাকা, আমাৰ গাঁৱৰ স্কুলৰ ল’ৰা-ছোৱালীৰ অনুষ্ঠান চাবাহিচোন ৷ মই কিন্তু যাব নোৱাৰিলোঁ ৷ তেজপুৰলৈ যাওঁতে তেওঁৰ স্কুলত সোমোৱাৰ কথা ভাবিছিলোঁ, সেইটোও হোৱা নাছিল ৷ এইবাৰ কিন্তু প্ৰথম সুযোগতে তেওঁৰ স্কুলত সোমামেই, অভিনন্দন জনাই আহিম ৷




Link to Barta NE

No comments:

Post a Comment

Featured Post

Dipankar Kashyap is Redefining Men's Fashion with an Assamese Soul

Dipankar Kashyap is a celebrated pioneer in Assam’s fashion landscape. Long before the wave of contemporary fashion designing truly swept th...