মূল ইংৰাজী –নীৰৱা মেহতা অনুবাদ – উৎপল দত্ত
আমি ভাল পাওঁ বা নাপাওঁ, ৰাজনীতি সকলোতে বিৰাজমান। এতিয়া ছচিয়েল মিডিয়াৰ ব্যাপক প্ৰসাৰৰ সময়ত একোজন ভাৰতীয় এটা দশকৰ আগৰ তুলনাত এতিয়া ৰাজনৈতিকভাৱে বহু বেছি সচেতন। লগতে মন কৰিব লাগিব যে ২০১৪ চনত দেশৰ ৰাজনৈতিক খেলৰ নিয়মো সলনি হৈ গৈছে৷
এই পৰিৱর্তনৰ পাচতো চলচ্চিত্ৰ জগতত লুকাই থকা ৰাজনৈতিক কৰ্মীসকলে নিজকে ইণ্ডাষ্ট্ৰিৰ ‘কণ্ঠস্বৰ’ হিচাপে প্ৰতিষ্ঠা কৰাৰ ইচ্ছাৰে ‘অসহিষ্ণুতা’ আৰু ‘উত্থানশীল ইছলাম’ফবিয়া’ৰ দৰে কথা কোৱাৰ সিদ্ধান্ত লৈছিল৷ একে সময়তে হিন্দু ধৰ্মক ঠাট্টা কৰা চিনেমা নিৰ্মাণো চলি আছিল। ‘ছৰ টন ছে জুডা’ আদিৰ দৰে গীতৰ স্বাভাৱিকীকৰণ আৰু অবাধ বলপূৰ্বক ধৰ্মান্তৰকৰণৰ বিষয়ে সজাগতা বৃদ্ধি পোৱা সময়ত ৰূপালী পর্দাত এইবোৰ কথাক মহিমামণ্ডিত কৰাৰ প্ৰবণতাক ভাৰতীয় সাধাৰণ দৰ্শকেও গালি পাৰিবলৈ লাজ কৰা নাই।
শিল্প কেতিয়াও অৰাজনৈতিক নহয়। সমালোচকসকলেও কয় যে কোনোবাই নিজৰ শিল্পৰ জৰিয়তে ৰাজনৈতিক বক্তব্য নিদিব পাৰে, কিন্তু সেয়াও ৰাজনৈতিক বক্তব্য। গতিকে যেতিয়া বাস্তৱ জীৱন আধাৰিত এখন ছবিয়ে অপৰাধীৰ ধৰ্ম মুছলমানৰ পৰা হিন্দুলৈ সলনি কৰি ‘শিল্পকলাৰ প্ৰকাশ’ বুলি কয়, তেতিয়া ই প্ৰকৃত ঘটনা-আধাৰিত ছবি এখনৰ নিৰ্মাণ বন্ধ কৰে আৰু লগতে ই এক ৰাজনৈতিক বক্তব্য হিচাপেও থিয় দিয়ে। যেতিয়া এখন ছবিয়ে সন্ত্ৰাসবাদীক মানৱীয় কৰি তুলিবলৈ চেষ্টা কৰে বা সন্ত্ৰাসবাদীজনে এখন কিতাপে তেওঁৰ মগজু ধুই পেলোৱা কথা কোৱাৰ লগতে কিয় অস্ত্ৰ তুলি লৈছিল তাক মান্যতা দিবলৈ চেষ্টা কৰে, তেতিয়া ই এক ৰাজনৈতিক বক্তব্য হৈ পৰে। এক কথাত সকলো শিল্প মূলতঃ ৰাজনৈতিক।
বলিউডৰ মনোৰঞ্জন প্ৰদানকাৰী নাছিৰুদ্দিন শ্বাহ, ফাৰহান আখতাৰ, আমিৰ খান আদিয়ে নিয়মীয়াকৈ ৰাজনৈতিক স্থিতি গ্ৰহণ কৰি আহিছে। চুবুৰীয়া তিনিখন ইছলামিক দেশৰ পৰা ভাৰতলৈ অহা অমুছলমানসকলক দ্ৰুতগতিত ভাৰতীয় নাগৰিকত্ব দিব বিচৰা CAA ৰ বিৰোধী প্ৰতিবাদত ফাৰহান আখতাৰে যোগদান কৰিছিল। এই দেশসমূহৰ মুছলমানসকলে ভাৰতীয় নাগৰিকত্ব বিচাৰিলে প্ৰচলিত বিধান অনুসৰি কৰিব পৰা ব্যবস্থা অব্যাহত আছিল। এই আইনখনে ভাৰতীয় মুছলমানকে ধৰি সকলো ভাৰতীয়ৰ জীৱনত কোনো প্ৰভাৱ পেলাব পৰা নাছিল। আখতাৰে আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লৈছিল আৰু নায্যতা প্ৰদানৰ দাবী উত্থাপন কৰি কৈছিল যে ইমানবোৰ মানুহ প্ৰতিবাদৰ বাবে ওলাই আহিছে যেতিয়া কথাটো নিশ্চয় সঠিক। বহু মানুহ আহি ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গোধৰাত এখন ৰেলগাড়ীত জুই লগাই দিছিল, নিশ্চয় সেইটোও ঠিক আছিল, নহয়নে?
বছৰ বছৰ ধৰি কিছুমান বিশেষ চিনেমাত হিন্দুফ’বিক কন্টেন্ট চিত্ৰিত কৰা হৈছিল, যিবোৰৰ প্ৰতি বেছিভাগেই আছিল উদাসীন। যদিও দুই-একে লক্ষ্য কৰিছিল, তেওঁলোকেও আমাৰ ‘ধৰ্মনিৰপেক্ষ’ স্কুলীয়া শিক্ষা- য’ত হিন্দু ধৰ্মৰ বাহিৰে সকলো ধৰ্মই পবিত্ৰ, সেই শিক্ষাৰ বাবে ‘একপক্ষীয়’ বুলি অভিহিত হোৱাৰ ভয়ত মাত মতা নাছিল। এইটো কাৰণতেই আমিৰ খানৰ ‘পি কে’ৰ মুক্তিৰ সময়ত- যিখন ছবিত তেওঁক হিন্দু ধৰ্মক ঠাট্টা কৰা দেখা গৈছিল- মানুহে ইয়াৰ প্ৰতিবাদ কৰিছিল ৷ তেতিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰাসকলক ‘আপুনি ভাল নাপালে নাচাব’ বুলি ৰায় দিছিল।
আমিৰ খানে সেই ধৰ্মবিশ্বাসক উপহাস কৰা নাছিল য’ত ঈশ্বৰক নিন্দা কৰিলে মূৰ কাটি পেলোৱা হয়, কাৰণ কোনেও নিজৰ মূৰ কটা যোৱাটো ভাল নাপায়। এতিয়া ধৰ্মনিৰপেক্ষ আদালতত শ্বৰীয়তৰ উদ্ধৃতি দিয়া ন্যায়পালিকায়ো সম্ভৱতঃ অন্য ধৰ্মক বেয়া পোহৰত চিত্ৰিত কৰা ছবিৰ ওপৰত এনে মন্তব্য নকৰে৷ কাৰণ ইয়াত আনকি হিন্দু মন্দিৰ ধ্বংস কৰি তাত থিয় কৰা বিতর্কিত নিৰ্মাণৰ ভিডিঅ’গ্ৰাফিক নিৰ্দেশনা বা অনুমোদন দিয়াৰ ফলতো মৃত্যুৰ ভাবুকিৰ সন্মুখীন হবলগীয়া হয়।
গতিকে বহু বছৰ পিছত যেতিয়া মানুহে একোখন ছবি বৰ্জনৰ আহ্বান জনায়, তেতিয়া তথাকথিত নেহৰুভিয়ান ধৰ্মনিৰপেক্ষতাৰ স্থানৰ পৰা অহা ‘লিবাৰেল’ সকলে চিনেমাৰ দৰ্শকক দোষী সাব্যস্ত কৰি দাবী কৰে যে এখন ছবি কেৱল এজন অভিনেতাৰেই নহয়, ছবিখনৰ সৈতে আন শতাধিক লোক জড়িত হৈ থাকে। অভিষেক সিংভীৰ দৰে মানুহে তাৰ পিছত মানুহক দোষী দোষী অনুভব কৰাবলৈ চেষ্টা কৰে যে ছবিখনৰ লগত জড়িত আন শতাধিক লোক আছে, তেওঁলোকো অসন্তুষ্ট। এতিয়া, এজন ব্যক্তি হিচাপে মই কাকো আৰ্থিকভাৱে সহায় কৰিবলৈ বাধ্য নহওঁ- সেয়া হিন্দুফ’বিক চিনেমা নিৰ্মাণ কৰা আমিৰ খানেই হওক, বা সমালোচকক এটিটিউদ প্ৰদর্শন কৰা কৰীনা কাপুৰ খানেই হওক, (বহুতেই কয় যে তেওঁ আত্মীয়তাবাদৰ উৎপাদন- কন্যা, নাতিনী, মহান নাতিনী আৰু ভগ্নী, একাধিক চলচ্চিত্ৰ অভিনেতাৰ খুলশালীয়েক) বা মেধা পাটকাৰৰ সৈতে হাত মিলাই গুজৰাটীসকলক বছৰ বছৰ ধৰি পানী বঞ্চিত কৰি ৰাখিব পৰা চৰ্দাৰ সৰোৱৰ বান্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰা অতুল অগ্নিহোত্ৰীয়েই হওক।
এটা কথা আগতীয়াকৈ স্পষ্ট কৰি দিওঁ। মই অৰ্থনীতিৰ সমৰ্থক আৰু সাধাৰণতে নীতিগতভাৱে বৰ্জন-আহ্বানৰ বিৰোধী। এইখিনিতে ক’ব পাৰি যে ছবিখনৰ সৈতে জড়িত অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতাসকলৰ যিদৰে ৰাজনৈতিক স্থিতি ল’বলৈ বা কোটি কোটি মানুহৰ আৱেগক আঘাত কৰা ছবি নিৰ্মাণৰ মত প্ৰকাশৰ স্বাধীনতা আছিল, ঠিক তেনেদৰে কোটি কোটি মানুহৰো নিজৰ বিৰোধী কণ্ঠস্বৰ প্ৰকাশ কৰাৰ অধিকাৰ আছে। আমাক স্কুলত শিকোৱা হয় যে মোহনদাস কৰমচান্দ গান্ধীয়ে বিদেশী সামগ্ৰী বৰ্জনৰ আহ্বান জনাই ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু স্বদেশী আন্দোলনৰ আহ্বান জনাইছিল। গতিকে বৰ্জন আহ্বান ভাৰতত নতুন পৰিঘটনা নহয়। আৰু যদি মানুহে ভাবে যে তেওঁলোকক আঘাত কৰাসকলৰ ছবি বৰ্জন কৰিলে সন্তুষ্টি পোৱা যায়, তেন্তে সেয়াই হওক। শেষত, মই পৰীক্ষা কৰিছিলো যে ভাৰত এখন গণতন্ত্ৰ আৰু প্ৰতিবাদে গণতন্ত্ৰক সজীৱ কৰি ৰাখে।
এজন ব্যক্তি বা এজাক ব্যক্তিয়ে চলচ্চিত্ৰ বৰ্জনৰ আহ্বান জনোৱা আৰু ৰাজ্যই এখন ছবি নিষিদ্ধ কৰাটো একে নহয়, যেনে কংগ্ৰেছ চৰকাৰে কেনেকৈ ইন্দিৰা গান্ধীয়ে জাপি দিয়া জৰুৰী শাসনৰ আধাৰত নিৰ্মিত ৰাজনৈতিক ব্যংগ ছবি ‘কিচ্ছা কুৰ্চি কা’ক নিষিদ্ধ কৰিছিল। ছবি বৰ্জন কৰাৰ আহ্বান ভুল নহয়, কিয়নো ছবিখন চাব বিচৰাসকলেতো ছবিখন বিনা বাধাই চাব পাৰে৷
গতিকে যিসকলে ছবি বৰ্জনৰ আহ্বান ৰাজনীতিৰ ‘অবাঁওপন্থী’ বৰ্ণালীত পৰে বুলি ভাবে, তেওঁলোক সাধাৰণতে অৰ্থনীতিৰ আৰু ব্যৱসায়ৰ সমৰ্থক, তেওঁলোকে অপৰিসীম সমৰ্থন লাভ কৰে। কাৰণ আমিৰ খান বা তেওঁৰ দৰে ব্যক্তিয়ে ছবিৰ কলাকুশলীসকলক ইমান গুৰুত্ব দিয়া হলে তেওঁ নিজেই দায়িত্বশীল হৈ দৰ্শকক ক্ষুণ্ণ কৰাৰ চেষ্টা নকৰিলেহেঁতেন। নিজৰ শিল্প গ্ৰহণযোগ্য হোৱাটো বিচাৰিলে শিল্পীসকল দায়িত্বশীল হ’ব লাগে। তেওঁলোকৰ মত প্ৰকাশ আৰু বাক স্বাধীনতা থকাৰ দৰে দৰ্শকৰো থাকে। বজাৰৰ প্ৰতি মনোযোগী হোৱা, অর্থনীতিৰ সমৰ্থক হোৱা- এইবোৰ ঠিকেই আছে, কিন্তু চিনেমা এখন ৰাষ্ট্ৰই নিষিদ্ধ নকৰালৈকে মানুহে উত্থাপন কৰা বৰ্জন-আহ্বানৰ বিৰোধী হোৱাটো সঠিক নহয়।
আমি সকলোৱে নিজ নিজ পচন্দ মতেই জীয়াই থাকোঁ আৰু শিল্পীসকলো তেনেকুৱাই হ’ব লাগে৷ পাবলগীয়া স্থান আৰু গুৰুত্ববোধৰ পৰা স্থানচ্যুত হলেও তেওঁলোক ‘বিশিষ্ট নাগৰিক’- আন ধৰ্মক আঘাত কৰাৰ লগতে নিজৰ ধৰ্মৰ কাৰ্ড খেলি গণতন্ত্ৰৰ মূল্য বজাই ৰাখিবলৈ তেওঁলোক এককভাৱে দায়বদ্ধ।
মূল প্ৰবন্ধৰ ৱেব লিংক https://cutt.ly/9ZC6CvE/
বাৰ্তা এনই ৰ ৱেব লিংক https://bartane.com/2022/08/14/punishing-collective-art-like-cinema-for-an-actors-politics/
নীৰৱা মেহতা ‘ওপইণ্ডিয়া’ আলোচনীৰ ইংৰাজী শাখাৰ সম্পাদক ৷
সময় থাকিলে এটা বিজ্ঞাপন চাব পাৰে https://www.youtube.com/watch?v=jsk4aJG3aTM&ab_channel=UtpalDatta