Thursday, July 7, 2022

সৌন্দৰ্যৰ প্ৰতিজ্ঞা

পঠন কৌতুহলৰ উদ্ৰেক কৰিবলৈ কিতাপখনৰ নামটোৱেই যথেষ্ঠ ৷ আৰু যেতিয়া দেখা যায় যে কিতাপখনৰ লেখক হিচাপে নাম আছে প্ৰসিদ্ধ চিত্ৰশিল্পী শক্তি মাইৰা-ৰ, তেতিয়া এই কৌতুহল দুগুণে বৃদ্ধি পায় ৷ কিতাপখন মূলতঃ সৌন্দৰ্যৰ উপলব্ধি বিষয়ক সাক্ষাৎপ্ৰসংগৰ সংকলন ৷ শক্তি মাইৰা অকল চিত্ৰকৰেই নহয়, দাৰ্শনিকো আৰু সেই দাৰ্শনিক মনটোৰে তেওঁ বিভিন্ন জনৰ পৰা জানিব বিচাৰিছে বিভিন্ন দৃষ্টিকোণেৰে কৰা সৌন্দৰ্যৰ আত্মাৰ সন্ধান ৷ 
ওঠৰ গৰাকী বিজ্ঞানী, দাৰ্শনিক, শিল্পচৰ্চাকাৰী, মন আৰু মগজুৰ বিজ্ঞানী আৰু সমাজকৰ্মীৰ পৰা শক্তি মাইৰাই জানিব  বিচৰা প্ৰশ্নৰ মাজেৰেই প্ৰকাশ পাইছে সৌন্দৰ্য প্ৰসংগটি তেওঁ কিমান গভীৰভাবে উপলব্ধি কৰে আৰু কেনেদৰে তেওঁ ইয়াক  সাধাৰণ জীৱনধাৰাৰ মাজত প্ৰাসংগিক কৰি তুলিব বিচাৰে ৷ সেই জগতৰ অধিকাংশ চৰ্চাকাৰীয়েই শিল্পৰ প্ৰসংগটিক এক ধৰণৰ বিশেষ সুবিধাভোগীৰ উপলব্ধিৰ বিষয় কৰি ৰাখিব বিচাৰে ৷ কিন্তু শক্তি মাইৰাই এই ধাৰণাৰ বিৰুদ্ধাচৰণ কৰি সৌন্দৰ্যৰ উদ্দেশ্য সহজ আৰু সৰ্বজনৰ উপলব্ধিৰ পৰিসীমালৈ টানি আনিব বিচাৰিছে ৷
প্ৰখ্যাত বিজ্ঞানী ৰূপাৰ্ট শ্বেলড্ৰেকে এটা প্ৰশ্নৰ উত্তৰত কৈছে- ‘মানব সৃষ্ট কলা প্ৰশংসাযোগ্য আৰু গুৰুত্বপূৰ্ণ, কিন্তু মোৰ বাবে এটা ফুল চোৱাটো স্বৰ্গসদৃশ সৌন্দৰ্য-অভিজ্ঞতা ৷’ এই উত্তৰ পঢ়াৰ পাচত প্ৰশ্নটো পুনৰ পঢ়িবলৈ মন যাব- ‘আপুনি লাভ কৰা মন চুই যোৱা সৌন্দৰ্য অভিজ্ঞতা এটাৰ কথা কওকচোন, আৰু কওক আপুনি কি অনুভব কৰিছিল ৷’ 
সাধাৰণতে পঢ়িবলৈ পোৱা সাক্ষাৎপ্ৰসংগৰ কিতাপৰ তুলনাত এই কিতাপখনৰ পৰিকল্পনা ভালেখিনি পৃথক ৷ ভিন্ন পেছাৰ লোকসকলৰ সাক্ষাৎপ্ৰসংগ একেলগে প্ৰকাশ কৰা হৈছে, সেইখিনিৰ আৰম্ভণিতে আছে এটা সুদীৰ্ঘ টোকা - প্ৰশ্নবোৰৰ মাজত থকা সামগ্ৰিক দৰ্শনৰ প্ৰসংগ আৰু সাক্ষাৎপ্ৰসংগকেইটিৰ পাচত উপলব্ধি শিৰোণামাৰে আন এটি দীঘল টোকা- উত্তৰবোৰৰ  এটা গভীৰ বিশ্লেষণ ৷ প্ৰশ্নবোৰৰ মাজেৰে প্ৰকাশ পোৱা শক্তি মাইৰা অকল এগৰাকী চিত্ৰকৰেই নহয়, বিজ্ঞানৰ বিভিন্ন দিশৰ মনযোগী ছাত্ৰ, সুকুমাৰ কলা আৰু প্ৰায়োগিক কলাৰ বিশ্লেষক, দাৰ্শনিক আৰু সমাজ বিজ্ঞানী ৷ বিভিন্ন বিষয়ৰ ওপৰত থকা পাণ্ডিত্যই কিতাপখনক সৌন্দৰ্য বিষয়ক এখন ‘বেদ’ৰ ৰূপ দিছে আৰু শক্তি মাইৰাক দাৰ্শনিকৰ স্তৰলৈ উন্নীত কৰিছে ৷ কিতাপ খনৰ সামৰণিত সৌন্দৰ্যৰ মেডিটেচন নামেৰ এটা সৰু টোকা লেখিছে, কিদৰে সৌন্দৰ্যৰ 'ধ্যান' কৰিব পাৰি ৷ অকল সেই টোকটোৱেই মানুহৰ সৌন্দৰ্য উপলব্ধিৰ ধাৰণা সলনি কৰি দিব পাৰে আৰু সৌন্দৰ্যৰ আৰাধনাক এটা অতিন্দ্ৰীয় পৰ্যায়লৈ লৈ যাব পাৰে ৷