Friday, December 22, 2023

‘মালতী’ ফুলৰ দৰেই সুগন্ধি বিয়পাব পৰা


এগৰাকী ত্ৰিশোৰ্ধ মহিলাই ঘৰত প্ৰবেশ কৰাৰ পৰাই ছবিখনৰ আৰম্ভ ৷ ঘৰত সজাই থোৱা দুখন ফটোৰ এখনত আছে গাভৰুৰ পিনে আগবঢ়াই দিয়া আঙুঠি এটি [বিয়াৰ প্ৰস্তাব], আনখনত আছে এগৰাকী পুৰুষৰ সতে আলিংগনাবদ্ধ [বিয়া হৈ গ’ল] ৷ মহিলাগৰাকীৰ কিছু তথ্য উপস্থাপন কৰা হৈ গ’ল ৷ কৰবাৰ পৰা ঘুৰি আহিছে তেওঁ, গা ধুইছে আৰু পিন্ধিবলৈ কাপোৰ বিচাৰিছে- আলমাৰীত ৷ হাত দিছে পুৰুষৰ চোলা এটিত, আলফুলে চোলাটি চুইছে, অনুভব কৰিব বিচাৰিছে চোলাটি নহয়, চোলাটিৰ ভিতৰত থকা মানুহজন, মুখাবয়বত সেই ভাব স্পষ্ট, গুণগুণাই থকা সুৰটিয়েও একে ভাবকেই গভীৰতা দিছে ৷ বুজি পোৱাত কষ্ট নহয়, চোলাটি তেওঁৰ প্ৰিয়জনৰ আৰু চোলাটিৰেই তেওঁ প্ৰিয়জনৰ সান্নিধ্য অনুভব কৰিছে ৷ আন এটা চোলা লয়, কিবা গোন্ধ এটা তেওঁৰ নাকত লাগে, গুণগুণণি বন্ধ হয়, মুখাবয়বত বিয়পি থকা সান্নিধ্যৰ আবেশ অন্তৰ্ধান হৈ যায়, মুখত বিয়পি পৰে এটা কষ্টকৰ প্ৰশ্নবোধক চিন ৷ এনেদৰেই ছবিখনৰ আৰম্ভণি ৷ প্ৰেমৰ অন্তত বিয়া হোৱা এগৰাকী নৱবিবাহিতা মহিলাই যেতিয়া আৱিষ্কাৰ কৰে যে তেওঁৰ স্বামী অইন এগৰাকী মহিলাৰ লগত ঘনিষ্ঠ- তেওঁৰ কেনে লাগিব- এই প্ৰশ্নটোকেই ‘মালতী’ নামৰ ষোল্ল মিনিটীয়া ছবিখনৰ লেখক-পৰিচালক মৃণাল মেস্ত্ৰীয়ে উপস্থাপন কৰিছে ৷ এই ধৰণৰ কাহিনী ছবিত নতুন নহয় ৷ কিন্তু কাহিনীটো উপস্থাপনত লেখক-পৰিচালকে যি নতুনত্ব প্ৰদৰ্শন কৰিছে সেয়াহে ছবিখনৰ আচল শক্তি ৷

ছবিখনৰ আৰম্ভণিতেই নায়িকাই গুণগুণাইছে, তাৰ পৰা ছবিখনৰ ভাষাৰ একো ইংগিত পোৱা নাযায় ৷ এবাৰ যে গুণগুণণি বন্ধ হ’ল, তাৰ পাচত ছবিখনত একো কথা নাই ৷ সম্পূৰ্ণভাবে সংলাপহীন ছবি ৷ অকল ছবিৰেই কথা ক’বলগীয়া হোৱা বাবে পৰিচালকে ইমেইজবোৰক শক্তিশালী ৰূপত নিৰ্মাণ কৰিবই লাগিব ৷ প্ৰথম দুই মিনিটতেই পৰিচালকে কাহিনীৰ মূল সংকট উপস্থাপন কৰিব পাৰিছে আৰু এয়া এগৰাকী দক্ষ নিৰ্মাতাৰ পৰিচয় ৷ ঘৰৰ ভিতৰত অকলশৰে থাকি মহিলাগৰাকীয়ে সমস্যাটিক অনুভব কৰাৰ চেষ্টা পৰিচালিকাই সফল ভাবে প্ৰকাশ কৰিছে ৷ ৰাতি ধূনীয়া মমবাতি জ্বলাই গাভৰুৱে গিৰিয়েকৰ বাবে অপেক্ষা কৰিছে, দেখিলেই ভাব হয়, তেওঁ বহু কথা পাতিবলৈ ৰৈ আছে আৰু কথাখিনি মিলামিছাৰে সম্পূৰ্ণ কৰিব, সেই ভাব অভিনেত্ৰী গৰাকীৰ দেহভংগীমাত স্পষ্ট ৷ ৰাতিৰ বিচনাত তেওঁ গিৰিয়েকৰ সতে অন্তৰংগ হৈছে, মুখত কোনো আগ্ৰহৰ চিন নাই, তেওঁৰ চকুত ভাহিছে সেই অন্য মহিলাগৰাকীহে ৷ 
ছবিখন কলা-বগা৷ ছাঁ-পোহৰৰ কৌশলী ব্যবহাৰেৰে দৃশ্যবোৰৰ ৰূপবন্ধ জটিল কৰা তোলা হৈছে ৷ জেন ডনি লি-ৰ কেমেৰাৰ কামে ছবিখনৰ বক্তব্যৰ আবেদন বৃদ্ধি কৰিছে ৷ কিছু লংশ্বটেও মহিলাগৰাকীৰ মনৰ শূণ্যতা প্ৰকাশত সহায় কৰিছে ৷ লুইচ মৰাল-ৰ আৱহসংগীতে ছবিখনৰ আবেদন বৃদ্ধিত সহায় কৰিছে ৷ আলেক্সাৰূভাকালবা-ৰ সম্পাদনাই কাহিনীৰ মুড আৰু গতিক সন্তুলিত কৰি ৰাখিছে ৷ 
ছবিখনৰ বাবে পৰিচালকে এগৰাকী দক্ষ অভিনেত্ৰী নিৰ্বাচন কৰিছে ৷ কোনো সংলাপ নোহোৱাকৈয়ে অকল মুখ আৰু দেহৰ অভিব্যক্তিৰে সকলো কথা তেওঁ বাংময় কৰি তুলিছে ৷ চোলাত গোন্ধ পোৱা সময়ত মনলৈ অহা অবিশ্বাস, আশ্বৰ্য, বিশ্বাসভংগ, বেদনা আদি সকলো সূক্ষ্ম ভাবকেই অভিনেত্ৰী কংকনা চক্ৰবৰ্তীয়ে সুন্দৰ ভাবে জীৱন্ত কৰি তুলিছে ৷ খোৱাৰ টেবিলত অকলে বহি থকা মুহূৰ্তটোও মনত ৰৈ যোৱা ৷ চৰিত্ৰটিৰ পৰা অভিনেত্ৰী গৰাকীক পৃথক কৰিব নোৱাৰি ৷ এই কৃতিত্বৰ কিছু ভাগ পৰিচালকেও পাব ৷  
পৰিচালিকাই ছবিখনৰ বাবে এটি জটিল বাকধাৰা নিৰ্বাচন কৰিছিল ৷ ছবি নিৰ্মাণৰ আটাইকেইটি উপাদানকেই দক্ষতাৰে ব্যবহাৰ কৰি ইপ্সিত লক্ষ্যত উপনীত হৈছে ৷ ইমানবোৰ দিশৰ সঠিক সমন্বয় ৰক্ষা কৰাটো কঠিন কাম৷ পৰিচালিকা মেস্ত্ৰি এই কামত উত্তীৰ্ণ হৈছে ৷ ‘মালতী’ নামটো ছবিখনৰ নায়িকা গৰাকীৰ বুলি অনুমান হয়, কিন্তু সংলাপহীন এই ছবিত নায়িকাৰ নাম উল্লেখ হোৱা নাই ৷ ছবিখন চাই শেষ কৰাৰ পাচত মনলৈ আহে, মালতী নামটো কিয় ? তেতিয়াই মনলৈ আহে ফুলবিধৰ কথা ৷ ‘মালতী’ নামৰ ছবিখনো ফুলবিধৰ দৰেই সৰু আকৃতিৰ, ছবিখনৰ আবেদনো ফুলবিধৰ সুগন্ধিৰ দৰেই বহু সময়লৈ ৰৈ যোৱা ৷

মালতী ছবিৰ ট্ৰেলৰ
https://www.youtube.com/watch?v=rs-GrS9XxkA 

Saturday, December 2, 2023

কলাত্মক স্বাধীনতাৰ নামত অৰাজকতা গ্ৰহনযোগ্য নে ? ওটিটি-ৰ মায়াজাল

দৃশ্য-শ্ৰাব্য মাধ্যমৰ নতুন সংযোজন ওটিটি প্লেটফৰ্মবোৰে চিনেমা আৰু টেলিভিচন অনুষ্ঠানবোৰৰ প্ৰতিদ্বন্দী হৈ উঠা সময়তে এটা অস্বস্তিকৰ প্ৰশ্নই ৰুচিবান দৰ্শকক চিন্তাত পেলাইছে ৷ চিনেমাত থকা চেন্সৰবোৰ্ডৰ বান্ধোন নথকা বাবে ওটিটি প্লেটফৰ্মবোৰত যি ধৰণৰ ৰুচিহীন আৰু অশালীন সামগ্ৰীৰ প্ৰদৰ্শন হ’বলৈ আৰম্ভ কৰিছে সি সমাজ আৰু সংস্কৃতিৰ বাবে এক বিপদজনক অনুশীলনৰ আৰম্ভণি কৰা নাইনে বাৰু ? ‘ওটিটি কা মায়াজাল’ নামৰ হিন্দী কিতাপখনৰ যোগেৰে এনে প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিছে সাংবাদিক লেখক অনন্ত বিজয়ে ৷ এইখন তেওঁৰ শেহতীয়া কিতাপ আৰু সম্ভবতঃ ওটিটি বিষয়ক প্ৰথম ভাৰতীয় কিতাপ ৷ অনন্ত বিজয় চলচ্চিত্ৰ সমালোচক, সাংবাদিক, সাহিত্যৰ আলোচক আৰু ৰাজনৈতিক বিশ্লেষক ৷ এই কিতাপখনৰ মাজেৰে তেওঁৰ এই আটাইকেইটি পৰিচয় প্ৰকাশিত হৈছে, কেৱল ৰচনাশৈলীত সাহিত্যিকৰ তুলনাত তেওঁৰ সাংবাদিক মানসিকতাৰ অধিক প্ৰতিফলন ঘটিছে, ফলত লেখাবোৰ হিন্দীৰ সতে পৰিচয় থকা অহিন্দীভাষী পাঠকৰ বাবেও সহজপাঠ হিচাপে প্ৰতিষ্ঠিত হৈছে ৷

ওটিটি মূলতঃ চিনেমা আৰু তাৰ লগত সাদৃশ্য থকা দৃশ্য-শ্ৰাব্য অনুষ্ঠান প্ৰচাৰৰ প্লেটফৰ্ম ৷ এই কিতাপখনত মূলতঃ আলোচনা কৰা হৈছে হিন্দী ভাষাত প্ৰচাৰিত অনুষ্ঠানৰ বিষয়ে ৷ কৰোণা কালত চিনেমা হলবোৰ বন্ধ হৈ আছিল, মানুহ গৃহবন্দী হৈ আছিল আৰু চিনেমাপ্ৰিয় দৰ্শকৰ বাবে টেলিভিচনেই হৈ উঠিছিল একমাত্ৰ বিনোদন মাধ্যম ৷ সেই সময়তে ওটিটি প্লেটফৰ্মবোৰে দৰ্শকৰ মনত ভালদৰে বাহ বান্ধিবলৈ সক্ষম হয় আৰু ওটিটিৰ পৰিচালকসকলেও দৰ্শকক নতুন সোৱাদ দিয়াৰ পৰিকল্পনা আৰম্ভ কৰে ৷ ওটিটি-ত আছিল পুৰণি জনপ্ৰিয় চিনেমা আৰু তাৰ ঠাই দখল কৰিবলৈ ল’লে নতুন চিনেমাই, বিশেষকৈ চিত্ৰগৃহত বিফল হোৱা চিনেমাবোৰে৷ এটা সময়ত চিনেমা হলবোৰ খুলিলেও দৰ্শকৰ সীমাবদ্ধতা আৰু ওটিটিৰ জনপ্ৰিয়তাৰ বাবে এই প্লেটফৰ্মতেই নতুন হিন্দী চিনেমা মুক্তি দিয়াৰ ব্যবস্থাও আৰম্ভ হ’ল ৷ একেলগে আৰম্ভ হ’ল ওটিটিৰ বাবে চিনেমা নিৰ্মাণ ৷ আৰু আৰম্ভ হ’ল টিভি ধাৰাবাহিকৰ শৈলীত ৱেব চিৰিজ ৷

বিশেষকৈ এই ৱেব চিৰিজবোৰৰ যোগেৰে দৰ্শকক আকৰ্ষণ কৰা সহজ উপাদান হিচাপে ব্যবহাৰ কৰা হ’ল অশ্ৰাব্য গালিগালাজ, হিংসাত্মক দৃশ্য আৰু অশালীন যৌন দৃশ্য ৷ চিনেমাৰ বাবে থকা চেন্সৰবোৰ্ডে এনে দৃশ্যাৱলীৰ ওপৰত নজৰ ৰাখে, কিন্তু ওটিটিৰ বাবে তেনেকুৱা একো নিয়ন্ত্ৰন ব্যবস্থা নোহোৱাৰ সুৰুঙাৰে ভালেমান নিৰ্মাতাই এক অকল্পনীয় স্বাধীনতা গ্ৰহন কৰিলে ৷ যাৰ ফল হ’ল সৃষ্টিৰ জগতত অৰাজকতা ৷ 

অনুৰাগ কাশ্যপৰ দৰে পৰিচালকে চিনেমাত বাস্তবতাৰ নামত ব্যাপক হাৰত অশ্ৰাব্য গালিগালাজৰ ব্যবহাৰ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি থৈছিল ৷ ওটিটিৰ বাধাহীন আৰু নিয়ন্ত্ৰণহীন পৰিবেশে তেওঁক দিয়া উৎসাহ প্ৰতিফলিত হ’ল ‘চেকৰেদ গেমছ’ নামৰ চিৰিজখনত ৷ অনন্ত বিজয়ে সঠিকভাবেই মন্তব্য কৰিছে -‘যেতিয়া কোনো প্ৰকাৰৰ বন্ধন নাথাকে আৰু কোনো ধৰণৰ কৈফিয়ৎ দিয়াৰ প্ৰয়োজন নাথাকে, তেতিয়াই স্বাধীনতা সলনি হৈ যায় অৰাজকতালৈ ৷’ তেখেতে আৰু লেখিছে - ‘ আচলতে এনে ধৰণৰ মানুহে নিজৰ অসমৰ্থতা ঢাকিবলৈ গালি, হিংসা আৰু যৌন দৃশ্যৰ সহায় লয় ৷’

ওটিটি প্লেটফৰ্মৰ বাবেযে অকল যৌনতা-হিংস্ৰতাৰ উপাদান থকা চিনেমা বা চিৰিজ নিৰ্মাণ কৰা হৈছে তেনে নহয়, সুস্থ মনোৰঞ্জ নথকা, বাস্তবতা থকা চিৰিজো নিৰ্মাণ কৰা হৈছে ৷ লেখকে তেনে কেইবাখনো চিৰিজৰ বিস্তাৰিত আলোচনাৰে বিষয়টিৰ সন্তুলন ৰক্ষা কৰিছে, লেখক হিচাপে নিজৰ দায়িত্বও সম্পূৰ্ণভাবে পালন কৰিছে ৷ 

ওটিটিৰ অনুষ্ঠানবোৰৰ মাজেৰে কৌশলী ভাবে কৰি থকা ‘ফেক নেৰেটিভ’ নিমাৰ্ণৰ কথা লেখক অনন্ত বিজয়ে মনযোগেৰে লক্ষ্য কৰিছে আৰু বাখ্যা কৰিছে ৷ হিন্দী ছবিত হিন্দু বিৰোধী আৰু মুছলমান স্তুতিকৰণৰ যি নেৰেটিভ নিৰ্মাণ কৰা হৈছিল সেই একেই নেৰেটিভ পৃথক ধৰণে ওটিটিৰ মাজতো দেখা গৈছে ৷ বিনোদনৰ আৱৰণেৰে নিৰ্মিত এজেন্দা প্ৰচাৰৰ কৌশলবোৰ নিয়ন্ত্ৰিত হয় ৰাজনৈতিক শক্তিৰ মগজুৰ দ্বাৰা ৷ ইয়াত থাকে হয় নিৰ্মাতাজনৰ ৰাজনৈতিক বিশ্বাস বা লাভৰ অংক অথবা কোনোবা প্ৰভাবী শক্তিৰ আশীৰ্বাদ প্ৰাপ্তিৰ লক্ষ্য ৷ ৰাজনৈতিক দৃষ্টিকোণেৰে বৰ্তমানক বিশ্লেষণ কৰা সময়ত দুটি বস্তুৰ প্ৰয়োজন- অতীতৰ ৰাজনৈতিক জ্ঞান আৰু তাৰ পোহৰত ভবিষ্যতৰ কথা অনুমান কৰিব পৰা শক্তি৷ এসময়ৰ প্ৰখ্যাত চিত্ৰ নিৰ্মাতা দীপা মেহতাৰ ৱেব চিৰিজ ‘লেইলা’ৰ আলোচনাৰ সময়ত লেখকে ৰাজনৈতিক পৃষ্ঠভূমি ঠিক ভাবেই বিচাৰ কৰিছে ৷ ‘কলাক ৰাজনীতিৰ আখৰাথলীলৈ ৰূপান্তৰ কৰা হৈছিল৷ এয়া কৰা হৈছিল ২০১৪ আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পাচত ৷ সমগ্ৰ দেশৰ ৰাইজে দেখা পাইছিল কেনেদৰে সাহিত্য-সংস্কৃতিজগতৰ কিছু সংখ্যক লেখক, শিল্পী, চিত্ৰ নিৰ্মাতা আদিয়ে নিজৰ সৃজনাত্মক কামৰ লগত ৰাজনীতিক সাঙুৰি দিছিল ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু একেগোত্ৰীয় কিছুমান সংগঠনক অত্যন্ত গোড়া হিচাপে চিহ্নিত কৰি এখন ভয়াবহ চিত্ৰ প্ৰস্তুত আৰু প্ৰচাৰ কৰা হৈছিল ৷’ সেই এজেন্দাৰ অংশ আছিল দীপা মেহতাৰ ‘লেইলা’৷ ‘লেইলা’ক কাল্পনিক কাহিনী হিচাপে কোৱা হলেও তাত অংকণ কৰা ভবিষ্যতৰ ভয়াবহ ৰূপৰ লগত সংঘক কেন্দ্ৰ কৰি প্ৰচাৰ কৰা এজেন্দাৰ চিত্ৰ সংযোগ কৰা হৈছিল ৷ এই ধৰণৰ আৰু ভালেমান এজেন্দাৰ কথা অনন্ত বিজয়ে তথ্যসহকাৰে বিশ্লেষণ কৰিছে ৷ তেনেদৰে ৰুচ কমিউনিষ্টৰ দলে ভাৰতীয় ছবিক নিজৰ এজেন্দাৰ অংশ হিচাপে ব্যবহাৰ কৰা কাহিনী কেনেদৰে ‘জুবিলী’ নামৰ ৱেব চিৰিজত প্ৰকাশ পাইছে তাকো সুন্দৰকৈ বৰ্ণনা কৰিছে ৷ লেখকে দেবানন্দৰ আত্মজীৱনী ‘ৰোমান্সিং উইথ লাইফ’ৰ প্ৰসংগও এই কথাৰ সমৰ্থনত ব্যবহাৰ কৰিছে ৷ 

সামগ্ৰিক ভাবে এই কিতাপখনে নৱতম বিনোদন মাধ্যমটিৰ যোগেৰে হ’ব পৰা কলাত্মক কাম আৰু এজেন্দা নিৰ্মাণৰ প্ৰক্ৰিয়া দুয়োটাকে গভীৰ ভাবে বিশ্লেষণ কৰিছে আৰু পাঠকক চিন্তাৰ খোৰাক যোগাবলৈ সক্ষম হৈছে ৷ শিল্পৰ লগত ৰাজনীতিৰ সম্বন্ধ ইমানদিনে একপক্ষীয় ধৰণে বিচাৰ কৰা হৈছিল ৷ অনন্ত বিজয়ে সেই সীমাবদ্ধতাৰ বেৰ ভাঙি দিছে ৷ ইয়াতেই কিতাপখনৰ সাৰ্থকতা ৷ 

প্ৰভাত প্ৰকাশনে প্ৰকাশ কৰা এই কিতাপখনৰ মূল্য তিনিশ টকা ৷ আঞ্চলিক ভাষাসমূহলৈ কিতাপখন অনুবাদ হোৱাটো জৰুৰী ৷ 

পুনশ্চ ঃ এটা কথা এইখিনিতে উল্লেখ কৰিব পাৰি যে লেখকে কিতাপখন মা কামাখ্যা মন্দিৰত সমৰ্পণ কৰিহে বিক্ৰিৰ বাবে মুকলি কৰি দিছিল ৷ 

প্ৰথম প্ৰকাশ দৈনিক জনমভূমি ২/১২/২৩