Sunday, February 26, 2023

ব্লেক এণ্ড হোৱাইটে বহন কৰা ৰংবোৰ

 


ব্লেক এণ্ড হোৱাইট চালোঁ ৷ চালোঁ মানে টিকট কাটি চালোঁ, প্ৰিমিয়াৰ বা বিশেষ দৰ্শণী নহয় ৷ পৰিচালক শ্ৰীযুত ধনজিৎ দাসৰ প্ৰথমখন ছবিও টিকট কাটিয়েই চাইছিলোঁ ৷ কথাটো  এইকাৰণেই উল্লেখ কৰা হ'ল যে বহুতৰে ধাৰণা অাছে অামি বিনা পইচাতে চিনেমা চাওঁ অাৰু ভাল বুলি কওঁ ৷ কষ্ট উপাৰ্জিত ধন অাৰু মূল্যবান সময় খৰচ কৰি চিনেমা চাও - ভাল হলে অানন্দ পাওঁ, বেলেগেও চাওক বুলি ফেচবুকত অাপদেট দিওঁ ৷ চাই  ভাল নাপালে পালে মনে মনে থাকোঁ ৷ 

ব্লেক এণ্ড হোৱাইট চাই ভাল পালোঁ ৷ কিয় ভাল পালোঁ -

১. পৰিচালকে জানে চিনেমা কি ৷ তেখেতে নাটকৰ ফটো তোলা নাই, চিনেমা কৰিছে ৷  ছবিখনৰ ৰং ৷ খুব সুন্দৰ ৷ কিছুমান দৃশ্যৰ লোকেচন নিৰ্বাচন মনত ৰৈ যোৱা ৷  

২. ৰাজু ৰয়ৰ নিৰ্বাচন ৷ তেখেত সঁচাকৈয়ে ডাৰ্ক হৰ্চ ৷ খুব ভাল পালোঁ তেখেতৰ অভিনয় ৷ সিদিনা এখন নাটকত তেখেতৰ অভিনয় চাইছিলোঁ, সেই অভিনয় অাৰু অাজিৰ অভিনয় বহুত বেলেগ ৷ ইমান বেলেগ বেলেগ ধৰণে নিজকে থিয় কৰাব পৰা অভিনেতা অসমত খুব কম ৷ অভিনন্দন জনাও বুলি ফোন কৰিছিলোঁ, তেখেতে ফোনটো নধৰিলে, অচিনাকি নম্বৰ বুলি ফোন নধৰাটো অতি স্বাভাবিক ৷ (সংযোজন - এই লেখাখিনি পোষ্ট কৰিবলৈ লোৱা সময়তে তেখেতে ফোন কৰিলে -)

৩. ৰবি শৰ্মা ৷ ৰবিৰ প্ৰতি মোৰ বিশেষ মৰম অাছে ৷ তেওঁক মই বহু বছৰ অাগৰ পৰাই জানো, এল পি স্কুলত পঢ়া দিনৰ পৰাই জানো ৷ তেওঁক দেখি খুব ভাল লাগিল ৷

৪. ডৰথি অাৰু স্বাগতা - দুয়োকে ভাল লাগিল ৷  অসমীয়া চিনেমাৰ নতুন ধাৰাটোৰ দুগৰাকী প্ৰধান অভিনেত্ৰী হ'ল এই দুগৰাকী ৷ দুয়ো মুখামুখি হোৱা দৃশ্যটি অাৰু অধিক প্ৰভাবশালী হোৱা হ'লে মোৰ ভাল লাগিলহেতেন ৷ কিন্তু চিনেমাখনতো মই কৰা নাই, মোৰ ভাবৰ কি মূল্য ৷ বিনোদনধৰ্মী ছবি এখন দৰ্শকৰ ওচৰলৈ নিবলৈ হাতত থকা সকলো অস্ত্ৰ পৰিচালকে ব্যবহাৰ কৰে ৷ 'সৌদাগৰ' ছবিত দিলীপ  কুমাৰ অাৰু ৰাজকুমাৰৰ মুখামুখিৰ দৃশ্যটো কিমান ধৰণে প্ৰচাৰ কৰিব পৰা যায় - কথাটো সুভাষ ঘায়ে ভাবিছিল, অামি প্ৰভাবিত হৈছিলোঁ ৷ এই কথাটো শ্ৰীযুত ধনজিত দাসে নাভাবিও পাৰে ৷

এয়া ছবিখনৰ সমালোচনা নহয়, মোৰ প্ৰথম প্ৰতিক্ৰয়াহে ৷ সমালোচনা পাচত লেখিম ৷ 

Friday, February 24, 2023

ৰামায়ণৰ ভূগোল

‘ৰামায়ণৰ ভূগোল’ (মূল ইংৰাজী কিতাপখনৰ নাম জিওগ্ৰাফি অব ৰামায়ণ’) ৷ বিষয়টো কৌতুহলউদ্দীপক ৷ বহুদিনৰ অাগতে নগাঁওৰ অধ্যাপক শ্ৰীযুত জ্যোতিৰ্ময় জানাৰ সতে কালিদাসৰ মেঘদূতখনৰ কথা অালোচনা কৰোতে এখন পুৰণি কিতাপ দেখুৱাই মেঘ যোৱা পথটিৰ অৱস্থিতি দেখুৱাইছিল ৷ সেই কিতাপখনৰ লেখকে ভূগোল সংক্ৰান্তীয় তথ্য লৈছিল অানন্দৰাম বৰুৱাৰ ১৮৮০ চনত প্ৰকাশিত ‘এনচিয়েন্ট জিও’গ্ৰাফি অব ইণ্ডিয়া’ গ্ৰন্থৰ পৰা ৷ সেই কথাটোৱে বহুদিনলৈ চিন্তাৰ খোৰাক যোগাই অাছিল ৷ লাহে লাহে বিষয়টিৰ লগত সম্বন্ধ হেৰাই গৈছিল ৷

অাজি হঠাতে জিজিত নাদুমুৰি ৰবিৰ ‘জিওগ্ৰাফি অব ৰামায়ণ’ গ্ৰন্থখন হাতত পৰাৰ লগে লগে লেখকগৰাকীৰ বিষয়ে জানিবলৈ মন গ’ল ৷ জিজিৎ হ’ল মহাকাশ বিজ্ঞানী, ইছৰো অাছিল তেওঁৰ কৰ্মস্থল ৷ ইয়াৰ অাগতে তেওঁ লেখিছিল ‘ৰিভাৰছ অব ঋক্‌বেদ’ নামৰ বাখ্যামূলক এখন গ্ৰন্থ ৷ ‘মহাভাৰত’ অন্যতম অথৰিটি হিচাপে প্ৰতিস্থিত পণ্ডিত বিবেক দেবৰয়ে কিতাপ খনৰ উচ্চ প্ৰশংসা কৰিছিল ৷

প্ৰাচীন ভাৰত বিষয়টিয়ে তেওঁক সদায়েই অাকৰ্ষণ কৰি অাহিছে অাৰু প্ৰাচীন ভাৰতৰ বিভিন্ন কথা অাধুনিক দৃষ্টিৰে বাখ্যা কৰাত নিজকে নিমগ্ন ৰাখিছে ৷ তেওঁএনচিয়েন্টভইচ’ (এনচিয়েন্টভইচ(ডট)উইকিডট(ডট)কম নামেৰে এটা ৱেবছাইট মুকলি কৰিছিল। এই ৱেবছাইটত  মহাভাৰত, ৰামায়ণ, বেদ আৰু পুৰাণৰ অাদিৰ বিভিন্ন দিশৰ ওপৰত অালোচনা কৰা প্ৰবন্ধ অাছে  ৷ সেই প্ৰবন্ধখিনিয়ে লৈছে এফ’ৰ অাকৃতিৰ মুঠ ২৫,৩৭৬ পৃষ্ঠা ৷

জিজিথে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় সন্মিলনত বক্তা হিচাপে অংশগ্ৰহন কৰিছিল আৰু মহাভাৰত ভূগোলৰ বিষয়ে ৭খনতকৈও অধিক গৱেষণা পত্ৰ পাঠ কৰিছিল ৷ কুৰুক্ষেত্ৰ যুদ্ধৰ সময় নিৰ্ধাৰণৰ  গবেষক অাৰু বাখ্যাকাৰ হিচাপেও তেওঁ বিশ্বৰ বিভিন্ন বিশ্ববিদ্যালয়ত ভাষণ দি অাহিছে ৷ জিজিথে ভাৰ্চুৱেল ৰিয়েলিটি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰি ধৰ্ম ডিজিটেল (ডট) ইন নামৰ এখন প্লেটফৰ্ম প্ৰতিষ্ঠা কৰিছিল। এই ৱেবছাইটটিয়েও বিভিন্ন চিন্তাৰ খোৰাক অাগবঢ়াইছে ৷

ৰামায়ণ অধ্যয়ন  কৰি জিজিতে উলিয়াই লৈছে ৰাম কেতিয়া কোন ঠাইৰ পৰা কলৈ গৈছিল ৷ তাৰ পাচত সেই ঠাইবোৰ সংযোগ কৰি চাইছিল ৷ কেতিয়াবা দেখিছে দুখন ঠাইৰ মাজত বহু ঠাইৰ উল্লেখ নাই যাৰ বাবে তেওঁ ঠাই দুখন সংযোগ কৰাত ভালেখিনি অসুবিধাৰ সম্মুখীন হৈছিল ৷ কেতিয়াবা একে নামৰ একাধিক ঠাইৰ নামো তেওঁ বিচাৰি পাইছিল ,এই একাধিক নামেও তেওঁৰ অধ্যয়ন জটিল কৰি তুলিছিল ৷

‘ৰামায়ণ’ৰ লেখক বাল্মীকি হলেও এই মহাকাব্যখনৰ ভালেমান সংস্কৰণৰ প্ৰচলন অাছে যিবোৰত বাল্মীকিৰ ৰামায়ণত নথকা তথ্যৰ সংযোজন ঘটিছে অথবা তথ্য বাদ দিয়া হৈছে ৷ ঠিক তেনেদৰে বিভিন্ন অাঞ্চলিক ভাষাতো ৰামায়ণ পুনৰ কথিত হৈছে অাৰু তেনে সংস্কৰণবোৰত স্থানীয় তথ্যৰো প্ৰবেশ ঘটিছে ৷ এই তথ্যবোৰেও জিজিতৰ অধ্যয়নক প্ৰভাবিত কৰিছিল ৷ শেষত জিজিতে অৱলম্বন হিচাপে লৈছিল বৰোডাৰ অৰিয়েন্টেল ইন্সটিটিউটে ৰামায়ণ অধ্যয়ণৰ বাবে প্ৰস্তুত কৰা মেথদ’লজি ৷

জিজিতৰ এই ধাৰাবাহিক অধ্যয়ন হ’ল ভাৰতৰ ইতিহাস অাৰু ভূগোলৰ পুনৰ অধ্যয়ণ ৷ এই অধ্যয়ণে সামগ্ৰিক ভাবে পাঠকৰ চিন্তা অাৰু বিশ্লেষণ শক্তিক ধাৰ দিব ৷     

 https://cutt.ly/G8yIJOX

Monday, February 20, 2023

এখন কিতাপৰ কুৰি বছৰ

ভবেন্দ্ৰ নাথ শইকীয়া ঃ জীৱন অাৰু কৃতি ৷ এই শিৰোণামাৰে চাৰৰ বিষয়ে এলানি প্ৰবন্ধ প্ৰকাশ কৰা হৈছিল অধুনালুপ্ত 'ৰংঘৰ' অালোচনীত ৷ মূল পৰিকল্পনা অাছিল সম্পাদক শশী ফুকনদাৰ ৷ এই লানি প্ৰবন্ধৰ এটা লেখিছিল শ্ৰীযুতা নিৰুপমা বৰগোহাঁই বাইদেৱে ৷ তেখেতৰ প্ৰবন্ধত এটা অাকৰ্ষণীয় তথ্য পালোঁ ৷ চাৰে নীলাচলত 'ৰাজনীতি' নামেৰে কলম এটা লিখিছিল ৷ সেই সময়ত জ্যোতি প্ৰকাশনে চাৰৰ কিছু কিতাপ নতুনকৈ ছপাই অাছিল ৷  এদিন পানবজাৰলৈ যাওতে জ্যোতিত সোমালো, নগেনদাক কলোঁ - চাৰৰ এই প্ৰবন্ধকেইটি ছপাই দিয়ক ৷ দাদাই কলে - হয়, ভাল হ'ব ৷ অাপুনিয়ে সংগ্ৰহ কৰি ঠিক-ঠাক কৰি দিয়ক ৷ কথামতেই কাম ৷ প্ৰবন্ধকেইটি উলিয়লোঁ ৷ শিৰোণামা 'ৰাজনীতি' নহয় ,'দেশ কাল পাত্ৰ' ৷ লেখা মাত্ৰ পাঁচটা ৷ এইকেইটাৰে কিতাপ এখন নহয় ৷ দাদাই ক'লে - কিবা কৰক ৷ ভাবিলোঁ , চাৰৰ এতিয়ালৈকে কোনো কিতাপত সংকলিত নোহোৱা ৰচনা কিছু একত্ৰ কৰা যাওক ৷ চাৰক কলোঁ, চাৰে সন্মতি দিলে ৷ এটা সময়ত সংকলন কৰা হ'ল, পাতনি লেখিলোঁ, দাদাক জমা দিলোঁ ৷ 

সেই সময়ত মই উইলিয়াম নগৰত থাকোঁ ৷ এবাৰ গুৱাহাটীলৈ অাহোতে দাদাক কিতাপখনৰ খবৰ সুধিলোঁ, দাদাই অানুমানিক সময় এটা ক'লে ৷ দাদাক কলোঁ - ২০ ফেব্ৰুৱাৰি চাৰৰ জন্মদিন ৷ সিদিনা চাৰক কিতাপখন দিলে কেনে হয় ? দাদাই কেলেণ্ডাৰখনত চকু দিলে, ভুৰু কোঁচ খাই অাহিল, - হাতত সময় নায়েই, চাওচোন ৷ 

পাচদিনা দাদাৰ ফোন ৷ দত্ত এবাৰ অাহি লে-অাউটখিনি চাই দিবচোন  ৷ চাৰৰ লগত এদিন কিতাপখনৰ কথা পাতোতে কৈছিলোঁ যে কিতাপখনৰ লে-অাউট অলপ চৌখিন, ফিল্মি হ'ব লাগে ৷ কিতাপখনৰ কন্টেন্ট মিশ্ৰিত, ৰসাল, অামোদজনক, কিতাপখনৰ দৃশ্যৰূপটোত সেই কথাৰ প্ৰতিফলন থাকিব লাগে ৷ চাৰে কৈছিল - কৰা, যি ভাবিছা তাকেই ৷ 
জ্যোতি প্ৰকাশনৰ কম্প'জ বিভাগত এটা দিন খৰচ কৰি লে-অাউট কৰিলোঁ - ফিল্মি লে-অাউট ৷ তাৰ পাচত মই  উইলিয়াম নগৰলৈ উভতিলোঁ ৷ এদিন দাদাই ফোন কৰিলে, কিতাপখন ২০ তাৰিখে ওলাব, অামি গৈ চাৰক দি অাহিম ৷ মই সেইমতে অাহি গুৱাহাটী পালোঁ, অাবেলি  ৫মান বজাত দাদাৰ লগত গৈ চাৰৰ ঘৰ পালোঁ, চাৰক উপহাৰ দিলোঁ ৷ কিতাপখন হাতত লৈ চাৰ বহু সময় মনে মনে অাছিল  ৷তাৰ পাচত কৈছিল- জন্মদিনত ভাল উপহাৰ দিলা ৷ 
কিতাপখন মই দেখাস নাছিলোঁ, চাৰৰ হাতৰ পৰা লৈ মই ছপা কিতাপখন চালোঁ ৷ অাচৰিত ৷ মই যি লে-অাউট কৰিছিলো, সেয়া নাই ৷ সম্পূৰ্ণ বেলেগ, একেবাৰে চিধা-চাধা ৷ উভতি অাহোতে নগেনদাক সুধিলোঁ ৷ দাদাই ক'লে, ময়ে চেঞ্জ কৰিলোঁ ৷ ইমান জাক-জমক চাৰে ভাল নাপাব বুলি ভাবিলোঁ ৷ দাদাক কলোঁ - চাৰৰ লগত কথা পাতিয়েই তেনেকৈ কৰিছিলোঁ ৷ নগেনদাই দুখ  প্ৰকাশ কৰিলে ৷ 'হব দিয়ক পাচৰ সংস্কৰণত তেনেকৈ কৰিম ৷' কিতাপখনৰ বিষয়ে এটা সুন্দৰ নিউজ কৰিছিল অসমীয়া প্ৰতিদিনৰ অচ্যুত কুমাৰ পাটোৱাৰীয়ে ৷ ২০১৫ৰ শেষৰ ফালে এদিন নগেনদাই মাতিলে- ক'লে, কিতাপখন শেষ, অাৰু এটা এডিচন কৰোঁ, কিবা যোগ-বিয়োগ কৰিব নেকি ? ইতিমধ্যে অাৰু কিছু বস্তু মোৰ হাতত গোট খাইছিল ৷ অাটাইখিনি গোটাই দাদাক দি অাহিলোঁ ৷ 

২০১৬ মানত ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ গৈছিলোঁ ৷ তাত গবেষণা কৰি থকা ছাত্ৰী এগৰাকী মোক লগ পাবলৈ অাহিল অাৰু কিতাপখনৰ খুব প্ৰশংসা কৰিলে ৷ কিতাপখন প্ৰকাশৰ ১৩ বছৰ পাচত প্ৰথমবাৰৰ বাবে কিতাপখনৰ বিষয়ে মন্তব্য এটা শুনিলোঁ ৷ তেখেত অাছিল পাপৰি বৰা, এতিয়া ডক্টৰেট ডিগ্ৰি লাভ কৰিলে ৷   
২০১৬ ৰ শেষৰ পিনে কিতাপখন সাজু হ'ল ৷  দাদাক কলোঁ - দুদিনমান ৰ'ব পাৰি নেকি? ২০ ফেব্ৰুৱাৰিত প্ৰকাশ হওক ৷ কম কথাৰ মানুহ দাদাই মূল দুপিয়ালে ৷
১৮ ফেব্ৰুৱাৰিত কটন কলেজৰ কফি হাউচত এটি সৰু অনুষ্ঠান কৰা হ'ল- কিতাপখনৰ বিষয়ে কথোপকথন ৷ তেতিয়াৰ কটনৰ ছাত্ৰী স্তুতিবন্দনাই কামটোত অাগভাগ লৈছিল ৷ বিদ্যুত কুমাৰ ভূঞাৰ প্ৰশ্ন, মোৰ উত্তৰ  ৷  সংবাদপত্ৰই অনুষ্ঠানটিৰ ভাল প্ৰচাৰ কৰিছিল ৷  
 এই কিতাপখনৰ কাম কৰি মই খুব অানন্দ লাভ কৰিছিলোঁ ৷ পাপৰি বৰাৰ মন্তব্যখিনি মোৰ বাবে উৎসাহজনক অাছিল ৷ কাৰণ তেখেতে খুব মনযোগেৰে কিতাপখন পঢ়িছিল ৷ গ্ৰন্থমেলাত লগ পোৱা এগৰাকী অচিনাকি মহিলাৰ মন্তব্যও অাছিল প্ৰেৰণাদায়ক ৷  ২য় সংস্কৰণৰ পাতনিত এই কথা ভালদৰে লেখিছোঁ, কিন্তু পাপৰি বৰাৰ কথা লেখা নাই, কাৰণ ছপাশালত কিতাপ যোৱাৰ পাচতহে তেখেতক লগ পাইছিলোঁ ৷ 
হয়তো কিতাপখনৰ তৃতীয় সংস্কৰণ প্ৰকাশ পাব ৷ তেতিয়া কিতাপখনত অাৰু অলপ ৰহন সনাৰ ব্যবস্থা কৰিম ৷ 

Sunday, February 12, 2023

চম্পাৱতীৰ সাধুকথা



চলচ্চিত্ৰমৰ ফিল্ম ফেষ্টিভেললৈ অহা সময়তে উপহাৰ দি গৈছিল, পঢ়িবলৈ তেতিয়া সময়হে পোৱা নাছিলোঁ ৷ সাধুকথা পঢ়ি ভাল পাও, সেয়ে দেওবাৰৰ দুপৰীয়া সাধুকথাখন উলিয়াই ললোঁ ৷ সূচীপত্ৰৰ পাচতেই একেকোবে সাধুটি অাৰম্ভ হৈছে, বৰ্তমান সময়ৰ এটা সাধুকথা, সাধুটিৰ চেহেৰা নতুন ধৰণৰ, ভাল লগা, শেষ বাক্যৰ 'চেকভিয়ান' খুন্দাটোৱেই হ'ল সাধুকথাটিৰ প্ৰাণ ৷ সাধুকথাটি কবিতাৰ শৈলীত লেখা ৷

পুৱা অানদিনাৰ দৰেই
'দিদি' সোমাই অাহিল ৷
অাৰু
অানদিনাৰ দৰেই দিদিয়ে পাতনি মেলিলে-
চাহ একাপ খুৱাওক বাইদেউ
ৰাতিটো পেটত একো নাই - ভাত বাঢ়ি দিছোঁ,
থাল দলিয়াই মোৰ পেটতে সি দুগোৰ-
তৰকাৰীত নিমখ কম হ'ল হেনো !

কিতাপখনৰ কবিতাবোৰত কবিয়ে নতুন দেহ নিৰ্মানৰ চেষ্টা চলাইছে, সফলতা-বিফলতাৰ কথা বেলেগ, স্ৰষ্টাৰ অাৱিষ্কাৰধৰ্মী অাচৰণেহে পঠন অভিজ্ঞতা সম্বৃদ্ধ ক ৰে, অন্ততঃ মোৰ ৷ এটা কথা ক'বলৈ মন গৈছে - 'কবিয়ে শব্দ খৰচ কৰিব লাগে কৃপণৰ দৰে ৷' কিতাপখনৰ অংগসজ্জা, (কবিৰ ফটোখন ভাল নহয়) বেটুপাত অাদি ভাল, কিন্তু নীলাভ সৌৰভ-ৰ দৰে প্ৰকাশক-শিল্পীৰ পৰা অধিক ভাল অাৰু পেছাদাৰী ৰূপ অাশা
কৰাটো ভুল নহয় চাগে ৷ কবিতাবোৰৰ দেহ নিৰ্মাণৰ ক্ষেত্ৰত কবিয়ে কৰা চেষ্টাই সংকলনটিক এটা বিশেষ মৰ্যদা দিব ৷ অসমীয়া সাহিত্যত এতিয়া সবল ভাবে থিয় অাৰু প্ৰশংসিত হৈ থকা 'মানুহক দেখুওৱা' (ইংৰাজী শব্দটো প্ৰিটেনছাছ) বাকধাৰাৰ বিপৰীতে এই সংকলনটি হৃদয় চুব পৰাকৈ সৰল ৷ সৰলতাক এতিয়া দুৰ্বলতা বুলি ভবাৰ সময় চলি অাছে - কিন্তু সৰলতা চিৰন্তন ৷



Friday, February 3, 2023

সংঘ অজুহাত মাথোন, মূল লক্ষ্য নৰেন্দ্ৰ মোডীহে

মূল অনন্ত বিজয়

নিয়মীয়া বাৰ্তাৰ সম্পাদকীয় পৃষ্ঠাত প্ৰথম প্ৰকাশ / ২-২-২৩
এই সময়ত সমগ্ৰ দেশ দুটা আলোচনাৰে মুখৰ এটা বিবিচিৰ তথ্যচিত্ৰইণ্ডিয়া - দা মোডী কুৱেছনআৰু আনটো শ্বাহৰুখ খান অভিনীত ছবিপাঠান বাওঁপন্থী ছাত্ৰ সংগঠনসমূহে বিবিচিৰ তথ্যচিত্ৰখনৰ ৰাজহুৱা প্ৰদৰ্শন বিচাৰে ৷ এই সন্দৰ্ভত বিভিন্ন ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছে৷ একেটা পৰিৱেশতন্ত্ৰৰ কৰ্মীয়েপাঠানছবিখন সফল হোৱা বুলি কৈ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থকসকলক শলঠেকত পেলোৱাৰ চেষ্টা কৰিছে ৷ বিবিচিৰ তথ্যচিত্ৰৰ আৱৰণত থাকি সেই দলসমূহেও আক্ৰমণকাৰীৰ ৰূপ লৈছে, যি দলৰ নেতাই ঐশ্বৰ্য ৰায়ৰ পৰা আৰম্ভ কৰি ক্ৰিকেটৰ অধিক আলোচনাৰ প্ৰসংগেৰে সংবাদ মাধ্যমক সমালোচনা কৰি আহিছে ৷ কেৱল তথ্যচিত্ৰৰ আলোচনা লেঅল ডেট ব্ৰেথছআৰুদ্য এলিফেণ্ট হুইছপাৰছ বিষয়ে আলোচনা কৰিলেহেতেন ৷ সেই ছবি দুখনো ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰাৰ দাবী তুলিলেহেতেন ৷ এই দুয়োখন ছবিকেই অস্কাৰ বঁটাৰ বাবে চৰ্টলিষ্ট কৰা হৈছে ৷ এই কথাবোৰ আলোচনা নকৰি বাওঁপন্থী পৰিৱেশ তন্ত্ৰই এনে এখন তথ্যচিত্ৰৰ আলোচনাত ব্যস্ত হৈ পৰিছে যিখনৰ গৱেষণাত ত্ৰুটি আছে আৰু যিখনৰ উদ্দেশ্যও প্ৰশ্নবোধক ৷ দা মোডী কুৱেছনত গুজৰাটৰ হিংসাৰ প্ৰসংগ টানি আনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাঙুৰি লোৱা হৈছে যিটো বিষয়ত ইতিমধ্যে উচ্ছতম ন্যায়ালয়ৰ সিদ্ধান্ত প্ৰকাশ হৈ গৈছে ৷

বিবিচিৰ তথ্যচিত্ৰখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ ভাবমূৰ্তিক কুৎসিত কৰাৰ এটা প্ৰয়াস ৷ এনেকুৱা নহয় যে এনে প্ৰচেষ্টা এয়াই প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে ৷ যোৱা মাহতদ্য ইকনমিষ্টপত্ৰিকাত এটা লেখা প্ৰকাশ পাইছিল, ‘দা মিথ অৱ লি কাউ’    এই লেখাটোত গৰু আৰু হিন্দু জাতিক প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োধৰণে সাঙুৰি লোৱা হৈছিল ৷ সেই লেখাৰ লেখকে হিচাপ কৰি উলিয়াইছিল যে ঋগবেদৰ ৭০০ ঠাইত গৰুৰ কথা উল্লেখ আছে যদিও তো গোমাংস নোখোৱাৰ কথা উল্লেখ নাই ৷ প্ৰাচীন কালত গোমাংস খোৱাৰ কথা প্ৰাচীন গ্ৰন্থত উল্লেখ আছে বুলিও লেখকে প্ৰকাশ কৰিছে প্ৰবন্ধটোত আৰ্য সমাজক হিন্দু মৌলবাদী গোট হিচাপে বৰ্ণনা কৰা হৈছে ৷ আৰ্যসকলে ভাৰতৰ হিন্দু পৰিচয় পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে গো সুৰক্ষাক এক আহিলা হিচাপে গঢ়ি তুলিছিল ৷ মুছলমান আক্ৰমণকাৰীৰ কাৰণে সেই হিন্দু পৰিচয় আছিল উৎপীড়ণৰ লক্ষ্য   প্ৰবন্ধটোত দেশৰ স্বাধীনতাৰ বাবে গো সুৰক্ষাৰ ব্যৱহাৰৰ যুক্তিও দিয়া হৈছে ৷ এই প্ৰসংগত গান্ধীৰ কথাৰ উদ্ধৃতিও সন্নিবিষ্ট হৈছে ৷ গান্ধীয়ে গোৰক্ষাক বিশ্ববাসীৰ বাবে হিন্দুত্বৰ উপহাৰ বুলি গণ্য কৰি কৈছিল যে গোৰক্ষকসকল হিন্দু হৈ থকালৈকে হিন্দুত্বৰ অস্তিত্ব থাকিব ৷ কোৱা বাহুল্য যে প্ৰবন্ধটোৰ লেখকে গৰু সুৰক্ষাক হিন্দুত্ববাদৰ সৈতে সংযোগ কৰি তাৰ ওপৰত ৰাজনীতি কৰা ঘটনা আৰু ৰাজনীতিবিদসকলে কৰা কৌশলৰ হিচাপ কৰিছিল ৷ তাৰ পিছত তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পটভূমিৰ লগত মোডীক সাঙুৰি দিলে ৷ এই লেখাটোত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক সোঁপন্থী অৰ্ধসামৰিক সংগঠন হিচাপে বৰ্ণনা কৰা হৈছে ৷ এইটো এটা উদাহৰণ মাত্ৰ দ্য ইকনমিষ্ট দৰে আলোচনীত এনে ধৰণৰ বহু লেখাই প্ৰকাশ পাইছে  আৰু এনেবোৰ প্ৰবন্ধৰ আধাৰতেই বাওঁপন্থী পৰিৱেশতন্ত্ৰই বুকুত চপৰিয়াবলৈ আৰম্ভ কৰে ৷

            অহা বছৰ দেশত অনুষ্ঠিত লোকসভা নিৰ্বাচন ৷ বৰ্তমান দেশত বিৰাজ কৰা পৰিবেশ আৰু নিৰ্বাচনী সমীক্ষা আৰু নিৰ্বাচনী পণ্ডিতসকলে দিয়া ইংগিত মতে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিব ৷ এফালে বিৰোধী দলসমূহে যাত্ৰা আদিৰ জৰিয়তে চৰকাৰক আক্ৰমণ কৰিছে আৰু আনফালে পৰিৱেশতন্ত্ৰক কামত লগাইছে ৷ শেহতীয়াকৈ কানাড়া সাহিত্যিক দেৱানুৰু মহাদেৱৰ এখন পুস্তিকাৰ প্ৰকাশ এনে ধৰণৰ পৰিকল্পনাৰ অংশ হিচাপে প্ৰমাণিত ল ৷ এই পুস্তিকাখনৰ নামআৰ এছ এছদা লং এণ্ড ছৰ্ট অফ ইট   কিতাপখন আছিল কানাড়া ভাষাৰ কিতাপখনৰ কথা কোৱাৰ আগতে জনাই থওঁ দেৱানুৰু মহাদেৱ কোন ৷ কিতাপখনতেই লিখা আছে যে ২০১৫ চনত বঁটা ওভোটাই দিয়া অভিযানৰ সময়ত তেওঁ সাহিত্য অকাডেমি আৰু পদ্মশ্ৰী বঁটা ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছিল ৷ দেৱানুৰু মহাদেৱ ছাত্ৰ অৱস্থাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰভাৱত আছিল বুলিও জনা যায়৷ পিছলৈ বিভিন্ন কাৰণত তেওঁৰ  মোহভংগ হৈছিল ৷ এই সৰু কিতাপখনৰ প্ৰস্তাৱনা লেখিছে ৰামচন্দ্ৰ গুহই আৰু শেষত সংযোজিত হৈছে যোগেন্দ্ৰ যাদৱৰ এটা দীঘলীয়া টীকা ৷ কোৱা বাহুল্য যে এটা দীঘলীয়া লেখা এখন প্ৰচাৰপুস্তিকালৈ ৰূপান্তৰিত ল ৷ এই প্ৰচাৰপুস্তিকাখন বহু ভাষালৈ অনুবাদ হৈছে আৰু  প্ৰকাশো হৈছে ৷

            এই পুস্তিকাখনত দেৱানুৰু মহাদেৱে প্ৰতিষ্ঠা কৰিছে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই মনুস্মৃতিৰ চতুবৰ্ণৰ আধাৰত সমাজখনক বিভক্ত কৰি ৰাখিব বিচাৰে৷ সংঘই ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ বিৰোধিতা কৰে কাৰণ এই দুয়োটা ধৰ্মতে চতুবৰ্ণৰ নিষেধাজ্ঞা আছে ৷ সংঘই এই নিষেধাজ্ঞা মানি লোৱা নাছিল ৷ সংঘই বিচাৰে জাতি ব্যৱস্থা সমাজত থাকিব৷ দেৱানুৰু মহাদেৱে তেওঁৰ দাবী সমৰ্থনৰ বাবে গুৰুজী গোলৱালকাৰ আৰু বীৰ চাভৰকাৰৰ ৰচনা আৰু গ্ৰন্থৰ উদ্ধৃতি দিছে৷ তেওঁ দাবী কৰিছে যে মিছা কথাই সংঘৰ কুলদেৱতা ৷ সুৰুচি প্ৰকাশনৰ দ্বাৰা ১৯৯৭ চনত প্ৰকাশিতঅন দ্য পাথ অৱ আলটিমেট বৈভৱনামৰ গ্ৰন্থখনৰ উদ্ধৃতি দি তেওঁ কয় যে সংঘৰ সৈতে জড়িত ৪০টা সংগঠনৰ কথা এই কিতাপখনত উল্লেখ আছে ৷  কোৱা হৈছিল যে সেই সময়তেই যদি এনেকুৱাই আছিল  এতিয়া এই ছত্ৰছায়াত কিমান সংগঠন গঢ় লৈ উঠিলহেঁতেন ৷ সংগতিহীন কিবা এটা কথা প্ৰচাৰ কৰিবলগীয়া লেই এনেদৰেই তথ্যক লৈ হেতালি খেলা হয় ৷ ° সদানন্দ দামোদৰ চাপ্ৰেৰ এই কিতাপখনত ৩১টা সংগঠনৰ সবিশেষ আছেv তাকে দেৱানুৰু মহাদেৱে ৪০টা হিচাপে লেখিছে   আনকি তেওঁ ধৰ্ম সংসদক সংঘৰ প্ৰতিষ্ঠান বুলিও উল্লেখ কৰিছে ৷ এঠাইত লেখকে বিৰোধী নেতাৰ দৰে প্ৰতিজন ভাৰতীয়ক ১৫ লাখ টকাৰ প্ৰতিশ্ৰুতি দিয়া আৰু কোটি কোটিজনৰ বাবে চাকৰি আদি দিয়াৰ কথাও প্ৰশ্নৰ ৰূপত উত্থাপন কৰিছে ৷ গুহ আৰু যাদৱৰ দৰে লেখকৰ সমৰ্থকে স্পষ্ট কৰি দিয়া উচিত আচলতে তেওঁলোকৰ ৰাজনীতি কি ৷

            এই পুস্তিকাখনত লেখক চতুৰ্বৰ্ণ  সম্পৰ্কেও বিভ্ৰান্ত হৈছে ৷ বৃত্তি ভিত্তিক জাতি ব্যৱস্থা আৰু জন্মভিত্তিক জাতি ব্যৱস্থা মিহলাই  লেখকে ভুল সিদ্ধান্ত গ্ৰহন কৰে ৷ ভাৰতৰত্নৰে সন্মানিত  ডঃ পাণ্ডুৰাং বামন কেনে তেওঁৰ বিখ্যাত গ্ৰন্থধৰ্মশাস্ত্ৰ কা ইতিহাস প্ৰথম খণ্ডত বৰ্ণৰ বিষয়ে বিতংভাৱে আলোচনা কৰিছে ৷ তেওঁ এঠাইত কৈছে যেজন্ম আৰু বৃত্তিৰ ওপৰত ভিত্তি কৰি জাতি ব্যৱস্থা প্ৰাচীন কালত পাৰস্য, ৰোম আৰু জাপানতো প্ৰচলিত আছিল ৷ কিন্তু ভাৰতত যি ধৰণৰ পৰম্পৰাই বিকাশ লাভ কৰিছিল ইয়াৰ ব্যৱহাৰিক ৰূপটি গ্ৰহনীয় হৈ উঠিছিল সেই ধৰণৰ পৰম্পৰা আন ঠাইত বিৰল আছিল আৰু এই কাৰণেই আন দেশত এই ব্যৱস্থাটোৱে বিকাশ লাভ কৰিব নোৱাৰিলে আৰু শেষত সময়ৰ সোঁতত নোহোৱা হৈ পৰিল ৷দেৱানুৰn¸ কোনখন মনুস্মৃতি আৰু মহাদেৱে কোনটো অনুবাদ পঢ়িছিল সেই কথা  উল্লেখ কৰা লে বক্তব্য স্পষ্ট লহেঁতেন ৷ মনুস্মৃতিৰ কেইবাটিও ইংৰাজী অনুবাদ পোৱা যায় ৷ ডঃ বুহলাৰৰ অনুবাদেকই  আটাইতকৈ ভাল হিচাপে গণ্য কৰা হয় ৷ কেনে বুহলাৰৰ গবেষণাপত্ৰকো সমালোচনা কৰি কয় যে মনুস্মৃতি আছিল মানৱধৰ্মসূত্ৰৰ এটা ভিন্নতা ৷ কেনে মানৱধৰ্মসূত্ৰক শূন্য কল্পনা বুলি কয়৷ বিভ্ৰান্তিকৰ অনুবাদ পঢ়িয়েই দেৱানুৰুৱে হয়তো নিজৰ মতামত গঠন কৰিছে ৷

            আচলতে অহা বছৰৰ লোকসভা নিৰ্বাচনলৈকে এনে ধৰণৰ বহু গ্ৰন্থ আৰু প্ৰচাৰ পুস্তিকা প্ৰকাশ পাব, এনে বিভ্ৰান্তিকৰ কথাৰ আৱৰণত ৰাজনীতি কৰা ব ৷ কিছুমান ছবিও আহিব যিবোৰত থকা সংলাপত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু নৰেন্দ্ৰ মোদীৰ নীতিৰ বিৰুদ্ধে পৰোক্ষভাৱে ভাবে কোৱা ব ৷ এখন চিনেমা ওলাইছিল -মিছন মজনু ৷ এইখনত এটা দীঘলীয়া সংলাপ আছে নায়কে কয় যে আমি ভাৰত, আমি ঘৃণাৰ ওপৰত নহয় প্ৰেমৰ ওপৰতহে বিকাশ লাভ কৰোঁ ৷ এই কথা শুনি মানুহৰ মনত পৰে ৰাহুল গান্ধীয়ে ভ্ৰমণৰ সময়ত দিয়া ভাষণৰ কথা ৷ আচলতে পৰিৱেশতন্ত্ৰই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰা যেন লাগে যদিও এই আক্ৰমণবোৰৰ প্ৰকৃত লক্ষ্য হৈছে নৰেন্দ্ৰ মোডী ৷ 
....................

‘অাইলৈ চিঠি’ 
নৰেন্দ্ৰ মোডীৰ কাব্যগ্ৰন্থৰ অসমীয়া অনুবাদ  এতিয়া অনলাইনত পোৱা যায়