Friday, April 19, 2024

ঢোলৰ শব্দই যেতিয়া গাত জুই জ্বলায়

তিনি বজাৰ পাছত সাধাৰণতে একো মিটিং নাথাকে বাবে গুৱাহাটী প্ৰেছ ক্লাবটো তেতিয়া শান্ত হৈ পৰে ৷ সিদিনাও শান্ত হৈ পৰাৰ উপক্ৰম হৈছিল ৷ সভাখন শেষ হৈছিল, অভ্যাগতসকল প্ৰায় গৈছিল, ৰৈ যোৱা আমি দুজনমান আৰুআয়োজকসকলে বহি চাহ খাইছিলোঁ আৰু আড্ডা মাৰিছিলোঁ ৷ সভাখন কাৰ আছিল পাহৰিলোঁ, হয়তো গ্ৰন্থ উন্মোচনজাতীয় সভা আছিল ৷ আমাৰ তেতিয়াৰ সহকৰ্মী ঋতুপৰ্ণ দাসৰ আমন্ত্ৰণত তাত উপস্থিত আছিলোঁ আৰু তেওঁৰেই জোৰত সভাভংগৰ পাছৰ সভাখনত বহিছিলোঁ ৷ উপস্থিত সকলৰ কথাৰ শব্দ ঠেলি ঢোলৰ বোল আহি আমাৰ কাণত পৰিল ৷ শব্দৰ উৎসসন্ধান কৰোতে দেখা পালোঁ সৰু মঞ্চখনৰ মজিয়াতে বহি এজন ডেকাই ঢোল বজাইছে ৷ সভাখনত ঢোলৰ কিবা আছিল বুলি মনত নপৰে ৷ ক’ৰ পৰা ঢুলীয়াজন আহি ওলাল বুলি ভাবোতেই দেখো ঢোলৰ মৃদু শব্দৰ মূৰ্চ্ছনাই উপস্থিতসকলৰ মুখৰ মাত লাহে লাহে কমাই আনিছে ৷ ঢোল বাজি থাকিল ৷ লাহে লাহে তেওঁ থিয় হ’ল ৷ লগে লগে ঢোলৰ শব্দৰ তীব্ৰ আকৰ্ষণী শব্দৰ বৈচিত্ৰ্যই পৃথক ৰূপ ধাৰণ কৰিলে ৷ 

ইমান সময়ে শান্তভাবে বহি থকা এগৰাকী গাভৰু থিয় হ’ল ৷ হাতত লৈ থকা কিতাপ-বহীকেইখন চকীখনত থলে, চাদৰৰ আঁচলটি ককাঁলত খুচি ল’লে আৰু ঢোলৰ চেওঁৰ লগে লগে নাচিবলৈ আৰম্ভ কৰিলে ৷ প্ৰথমে লাহে লাহে, যেন বতাহত গছৰ পাত লৰিছে এটা দুটাকৈ, তাৰ পাচত যেন বতাহৰ গতিবেগ বাঢ়িল - ককাঁল ঘুৰিল, গাভৰু ৰূপান্তৰিত হৈ গ’ল নাচনীলৈ, বিভিন্ন ভংগীমাত ঢোলৰ চেও:বোৰক অবয়ব দি গ’ল ৷ ইমান সময়ে আত্মমগ্ন হৈ থকা ঢুলীয়াৰ হাতলৈও বিদ্যুৎ নামি আহিল ৷ 

নৃত্য বিষয়ক এক ভাষণত এগৰাকী প্ৰখ্যাত নৃত্যশিল্পীয়ে কৈছিল যে লোকবাদ্যশিল্পীসকলে প্ৰকৃতিৰ শব্দ আৰু সেই শব্দই সৃষ্টি কৰা আবেগক নিজৰ বাদ্যৰ মাজেৰে জীয়াই তুলিব বিচাৰে ৷ ম’হৰ পিঠিত উঠি অকলশৰে পেপাঁ বজাই থকা গৰখীয়াজনে কি সুৰ বজায় ? ক’ৰ পৰা আহে সেই সুৰ ? মনৰ ভিতৰত থুপ খাই থকা কিবা আবেগ বা সেই সময়খিনিয়ে মনৰ মাজলৈ অনা হেন্দোলনিকেই তেওঁ পেঁপাৰ সুৰৰে প্ৰকাশ কৰে ৷ ঢুলীয়াৰ ক্ষেত্ৰতো একেই কথা ৷ ঢোলৰ চেওঁ মনত পেলাই পেলাই তেওঁ ঢোল নবজায় ৷ প্ৰকৃতিৰ বুকুৰ নানান শব্দ, বিজুলী ঢেৰেকনিৰ শব্দ, বৰষুণৰ শব্দ, বতাহৰ শব্দ- অকল শব্দই নহয়, তাৰ গতি, সেই শব্দই সৃষ্টি কৰিব পৰা দৃশ্যৰূপ এই সকলোবোৰ ঢুলীয়াৰ ঢোলটোত পুনৰ জীৱন পাই উঠে ৷ 

সিদিনা প্ৰেছক্লাবৰ সেই ঢুলীয়াজনৰ বাদনতো অনুভব কৰিছিলোঁ লোকশিল্পৰ এই ৰহস্য ৷ একেই অভিজ্ঞতা দিছিল নাচনী গৰাকীয়েও ৷ আজিও বিহু নাচ বুলি ক’লেই সকলো ৰংচঙীয়া দৃশ্যক ম্লান কৰি সেই ছবিখন চকুৰ সন্মুখত স্পষ্ট হৈ উঠে ৷

বিহু নৃত্য আৰু গীতৰ পৰিবেশনে অৰ্থ উপাৰ্জনৰ সম্ভাৱণা বৃদ্ধি কৰাৰ সমান্তৰালভাবে বৃদ্ধি পালে বিহুক ৰঙীন আৰু চকুতলগা কৰি তোলাৰ কৌশল ৷ মুগাৰ মেখেলা চাদৰ, ৰঙা ব্লাউজ, ডিঙি আৰু হাতত পিন্ধা অলংকাৰৰ পয়োভৰ বৃদ্ধি পালে আৰু লগে লগে হেৰাই গৈ থাকিল লোকনৃত্যৰ সৰলতা ৷ এই পোচাকবোৰ দেখি ভালেই লাগে, কিন্তু এই আয়োজিত ৰঙৰ সভাই নৃত্যটিক প্ৰকৃতিৰ স্পৰ্শৰ পৰা নিলগাই নিয়ে ৷ অকল নাচনীৰ পোচাকেই নহয়, পুৰুষৰ পোচাকতো ব্যাপক পৰিবৰ্তন দেখা গ’ল ৷ গামোচা কাটি চিলাই লোৱা চোলা বা মুগাৰ কাপোৰেৰে চিলাই লোৱা চোলা, য’ত ত’ত গামোচাৰ ফুলৰ সংযোজন- এইবোৰে পুৰুষ গায়ক-বাদক কেইজনকো কৃত্ৰিম ৰূপ প্ৰদান কৰে ৷ লোককলা এবিধ জীয়াই থাকিবলৈ হ’লে তাক স্বাাভবিকভাবেই পৰিবৰ্তনৰ বতাহে স্পৰ্শ কৰি যাব ৷ কিন্তু কথা হ’ল সেই পৰিবৰ্তন স্বতঃস্ফূৰ্ত নে বাণিজ্যিক সম্ভাৱণাৰ কথাৰে পৰিবৰ্তনৰ চকাটিক আগবঢ়াই নিয়া হৈছে ৷ পৰিবৰ্তনক সমৰ্থন কৰাৰ অৰ্থ হ’ল লোককলাৰ মূল গুণ আৰু আবেদনক আঘাত নকৰাকৈ কৰা সংযোজন, যদিহে সেই সংযোজন প্ৰযোজ্য হয় ৷ বিহু নাচৰ ব্যবসায়িক দল এটি পৰিচালনা কৰা সংগঠক এজনে কোৱা কথা এটা মনত পৰে৷ তেওঁ কৈছিল- আজিকালি বহু ঠাইত বিহু নাচ প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ কৰে ৷ বিভিন্ন কোম্পানীৰ মিটিং, কিছু লোকৰ বিয়াবাৰুতো বিহু নাচ-গীতৰ প্ৰদৰ্শন হয় পেছাদাৰী ভাবে ৷ তাত কপাহী মেখেলা চাদৰ ব্যবহাৰ কৰিলে শ্বোটি ভাল নহয়, কমদামী যেন লাগে ৷ মুগাৰ ড্ৰেছ আদি থাকিলে দামী দামী যেন লাগে আৰু পইচাও বেচি পোৱা যায় ৷ এই কথাৰ প্ৰায়োগিক যুক্তি আছে ৷ এই ব্যবসায়িক সম্ভাৱণাকো বাদ দিব নোৱাৰি ৷ গতিকে এই দুইৰ মাজৰ সমন্বয় ৰক্ষা কৰি লোকনৃত্যৰ মূল আবেদন হ্ৰাস নকৰাকৈ বিহু নৃত্য-গীতক আধুনিক ৰূপত চকুত লগা কৰাটো তেনেই সহজ কাম নহয় ৷ যোগ্যজন আগবাঢ়ি নাহিলে অযোগ্যসকলেই এই কামটি কৰিব আৰু তাৰ ফল ভাল হোৱাৰ আশা নাথাকে ৷ 

বিহু নাচৰ প্ৰতিযোগিতা, তাত দিয়া ভাল অংকৰ পইচাই বিহু নৃত্যৰ ব্যবসায়টিক অন্য এটি ৰূপ দিছে ৷ প্ৰতিযোগিতাত এই লোকনৃত্যটিৰ বিচাৰ কৰিবলৈ কিছু সংখ্যক নিয়ম-কানুনৰ উদ্ভাৱণ কৰা হ’ল ৷ বিভিন্ন গুৰুই একো একোটা নিয়ম মানি চলা হ’ল আৰু ফলত লোকনৃত্যবিধ শাস্ত্ৰ নিৰ্ধাৰিত নৃত্যৰ ৰূপলৈ গতি কৰি আছে ৷ বহু দিনৰ আগতে এখন কাকতত বিহুনাচৰ নিয়ম ধাৰাবাহিক ভাবে প্ৰকাশ পাইছিল ৷ বিহুনাচৰ এটা প্ৰতিযোগিতাত এগৰাকী নাচনীয়ে হাতত এখন বাতৰি কাকত লৈ নাচি আছিল ৷ বিচাৰক কেইগৰাকী চিন্তাত পৰিল- হাতত বাতিৰ কাকত লৈ নচা এইটো কি নতুন নিয়ম ওলাল, কোনে বা উলিয়ালে ? নাচৰ পাচত বিচাৰকে প্ৰতিযোগীক যে প্ৰশ্ন সোধে- তাকে সুধিলে - তুমি যে হাতত কাগজখন লৈছা- সেইখন কি আৰু কিয়? নাচনীয়ে উত্তৰ দিলে - এইখন অমুক কাকত, ইয়াতে অমুক চাৰৰ বিহুৰ নিয়ম কানুন আছে ৷ বিচাৰক কেইজনে কি ভাবিছিল কোৱা টান ৷ এই কথাটো সাধাৰণ কৌতুক হ’ব পাৰে, কিন্তু ই প্ৰকাশ কৰা কথাখিনিয়ে প্ৰকাশ কৰিছে বিহু নৃত্যই পাৰ হৈ থকা জটিল সময়ৰ কথা ৷ 

প্ৰথম প্ৰকাশ দৈনিক জনমভূমি ১৯.০৪.২৪

Saturday, January 20, 2024

মনগীতৰ অনুৰণন

মনগীত ৷ এটা সংগীত অনুষ্ঠানৰ নাম ৷ অতি সহজভাবে ক'বলৈ হ'লে অসমৰ বিভিন্ন ঠাইৰ উদীয়মান সংগীত প্ৰতিভাক মাতি নি কেইগৰাকীমান ভাৰত বিখ্যাত সংগীত শিল্পীৰ পৰা সংগীতৰ কথা কিছু শুনাৰ অাৰু শিকাৰ সুবিধা কৰি দিয়া অনুষ্ঠানটিৰ নাম মনগীত ৷ সদায় নতুন কিবা বিচাৰি থকা কলানুৰাগী ব্যবসায়ী কৌশিক নাথৰ সপোনৰ অনুষ্ঠান এই মনগীত ৷ বিগত কেইবা বছৰো এই অনুষ্ঠান  হৈ অাছিল মাজুলীত, কৌশিকৰ অন্য ৰূপৰ ৰিজ'ৰ্ট ডেকাচাঙত, এইবাৰ সোণাপুৰৰ ডেকাচাঙত ৷ 

যোৱা ১৮ -১৯ জানুৱাৰিত অনুষ্ঠিত হোৱা 'মনগীত'ৰ অনুষ্ঠানত ১৮ তাৰিখে উপস্থিত অাছিলোঁ ৷ কৌশিকৰ ডেকাচাঙৰ চোতালত মুকলি মঞ্চ-  ঠাণ্ডাৰ প্ৰকোপ কমাবলৈ জুই, গৰম গৰম চাহ, লাৰু অাৰু পণ্ডিত বিশ্বমোহন ভাটৰ সংগীতৰ মায়াজাল ৷  

পণ্ডিতজীৰ সংগীত অাৰম্ভ হ'বলৈ অলপ সময় অাছে, সেই সময়খিনিতে অামাৰ বাবে অাৰু এটি অপূবর্ব অভিজ্ঞতাই অপেক্ষা কৰি অাছিল ৷ মিন্তু বৰুৱাই  অাঁত ধৰা অনুষ্ঠান এটিত শুনিলোঁ  মনগীতত অংশগ্ৰহন কৰা যুৱক-যুৱতীসকলৰ মনৰ কথা ৷ মনগীতে তেওঁলোকক দিছে অাত্ম বিশ্বাস, নতুন কিবা কৰাৰ উদ্যম ৷ তেওঁলোকে যে এই কেইটি দিন ভাৰতৰ বিখ্যাত বিখ্যাত শিল্পীসকলৰ লগত কটালে, দুটা কথা শিকিলে- সংগীতৰ অাৰু জীৱনৰ ,সেইখিনি তেওঁলোকৰ জীৱনৰ বাবে অমূল্য সম্পদ হৈ ৰৈ যাব ৷ কল্যাণ বৰুৱা, জয় বৰুৱা, অাদিল হুচেইন, অংগৰাগ পাপন মহন্ত অাদিৰ দৰে শিল্পীসকলক ঘৰৰ মানুহৰ দৰে লগ পাইছে যিটো তেওঁলোকৰ খুব সহজ কাম নাছিল ৷ এই অনুষ্ঠানতে  মোৰ ফেচবুক বন্ধু অাশীৰ্বানী কৰৰ কণ্ঠৰ শক্তি দেখিলোঁ- কণ্ঠৰ কি ৰেঞ্জ !

বহু বছৰ অাগতে কলকাতাৰ ষ্টেটছমেন কাকতৰ প্ৰথম পৃষ্ঠাত এখন ফটো প্ৰকাশ পাইছিল  - পণ্ডিত ৰবি শংকৰে গছৰ তলত এখন ডাঙৰ কঠৰ ওপৰত বহি যুৱক- যুৱতী কেইগৰাকীমানক চেতাৰ শিকাই অাছে- লগত চেতাৰ নবজোৱা যুৱক যুৱতীও অাছে ,ভালে কেইগৰাকীমান ৷ ফটোখন শান্তিনিকেতনৰ বিশ্বভাৰতীৰ ৷ এদিন ক্লাছ লৈ ছাত্ৰ-ছাত্ৰীসকলক  খুব বেচি একো শিকাব নোৱাৰি, কিন্তু পণ্ডিত ৰবিশংকৰৰ দৰে শিল্পী এগৰাকীৰ সান্নিধ্য- সেয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে একোটা সম্পদ ৷ সেই ফটোখন দেখিছিলো ১৯৭৮/৭৯ চন মানত ৷ তেতিয়াৰ পৰা মনত সোমাই অাছিল- এনেকুৱা ফটো এখন মই অসমত কেতিয়া দেখিবলৈ পাম !!

নাই, কোনো বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত সেই ফটোখন দেখা পোৱা নাই এতিয়াও ৷ কিন্তু, তেনে কাম এটা দেখিলোঁ- মনগীতত ৷ পণ্ডিত বিশ্বমোহন ভাট ৷ জীৱনযোৰা সাধনা অাৰু পৰিশ্ৰমৰ অন্তত অাজি এই স্থান লাভ কৰিছে ৷ পৃথিবী বিখ্যাত এটি নাম - সেই বিশ্বমোহন ভাটক লগ পাইছে ওচৰৰ পৰা, কথা পাতিছে ঘৰুৱা ভাবে ৷ এইটোটো কম কথা নহয় ! কম বয়সীয়া সংগীতশিল্পীসকলক মাতি নি এই বিৰল অভিজ্ঞতা দিয়াৰ কথা চিন্তা কৰিব পৰা শক্তিৰ বাবেই মনগীতৰ অায়োজকসকল ধন্যবাদৰ পাত্ৰ ৷  

 

Thursday, January 18, 2024

নিৰ্বাপিত নক্ষত্ৰ ওষ্টাড ৰচিদ খান

ওষ্টাড ৰচিদ খানৰ বিয়োগে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ জগতলৈ নমাই অনা বিষাদ আৰু শূণ্যতাৰ অনুৰণন বহু দিনলৈ গুঞ্জৰিত হৈ থাকিব ৷ পুৰুষসুলভ উদাত্ত কণ্ঠ আৰু সেই কণ্ঠেৰে এটা স্বৰৰ পৰা আনটো স্বৰলৈ কৰা মায়াসনা ভ্ৰমণ, সংগীতৰ পৰিভাষাত তাক যি নামেৰেই মতা নহওক কিয়, সেই শব্দমালাই সৃষ্টি কৰা ‘অন্য এক ভুবন’ৰ নামেই ৰচিদ খান ৷ ৰচিদ খান নামটো উচ্চাৰণ হোৱাৰ লগে লগেই মনলৈ আহে এখন পুৰণি ছবি ৷ বত্ৰিছ বছৰ আগৰ জানুৱাৰি মাহৰ শীতৰ আবেশ সনা আবেলি এটাত টালিগঞ্জ ৰ ষ্টুডিঅ’ৰ পৰা ওলাই ৰাস্তাৰ কাষৰ চাহদোকান এখনৰ বেন্সত বহিছিলোঁ ৷ লগত আছিল কমল নায়ক আৰু অৰুণ গুহঠাকুৰতা ৷ এজন ডেকা ল’ৰা আহি বেন্সখনৰ সিটো মূৰত বহিছিল ৷ কমল নায়কে কৈছিল- ‘তুমি নাম শুনিছানে ৰচিদ খানৰ ৷’ শুনিছিলোঁ ৷ তেতিয়া ৰচিদ খান ‘ওষ্টাড ৰচিদ খান’ হোৱা নাছিল ৷ কিন্তু বিখ্যাত হ’বলৈ আৰম্ভ কৰিছিল ৷ দেশ পত্ৰিকাৰ সংগীত সমালোচনাত তেওঁৰ নাম পঢ়িছিলোঁ, কিন্তু তেওঁৰ বহু প্ৰশংসিত কণ্ঠমাধুৰ্যৰ অভিজ্ঞতা হোৱা নাছিল, সেই সুবিধাও নাছিল ৷ ওচৰলৈ গৈ চিনাকি হলোঁ ৷ তেওঁৰ মুখত ফুটি উঠিছিল আচৰিত হোৱা ভাব ৷ কথাৰ মাজত অত্যন্ত বিনয়েৰে সেই কথা প্ৰকাশো কৰিছিল ৷ অলপ সময়ৰ চিনাকি, সামান্য কথা-বতৰা, তেওঁৰ ফালৰ পৰা একাপ চাহ তাৰ পাচত দুয়ো দুইফালে ৷ পাচত গম পাইছিলোঁ ৰাস্তাৰ সিপাৰে থকা সংগীত ৰিচাৰ্চ অকাডেমিত তেওঁ সংগীত শিকে, তাৰেই ফেকাল্টি প্ৰখ্যাত সংগীতজ্ঞ ওষ্টাড নিচাৰ হুচেইন খানৰ লগত থাকে ৷ সেই সাক্ষাতৰ কেইমাহমানৰ পাচতেই ৰচিদ খানৰ কণ্ঠসংগীতৰ কেছেট প্ৰকাশ পাইছিল, গাইছিল ৰাগ বাগেশ্ৰী আৰু দেশ ৷ সেই সাক্ষাতৰ ভাল লগা প্ৰতিক্ৰিয়া হিচাপেই কেছেটটি কিনি আনিছিলোঁ ৷ তৰুণ কণ্ঠ, নম্ৰ আৰু মায়াসনা৷ ক্ষীণ ভাবে প্ৰতিধবনিত হয় পণ্ডিত ভীমসেন যোশীৰ শক্তি আৰু ওষ্টাড আমীৰ খানৰ কণ্ঠৰ গম্ভীৰ চলন ৷ আৰু প্ৰতিধবনিত হয় ওষ্টাড নিচাৰ খানৰ তৰাণাৰ দ্ৰুত গতি ৷ এই সকলোবোৰৰ সমন্বয়ৰ পাচতো তেওঁৰ কণ্ঠৰ আছিল এক নিজস্ব পৰিচয়, নতুন শক্তি ৷

খুব কম সময়ৰ ভিতৰতে ৰচিদ খানে সংগীত জগতত এখন নিজা আসন অধিকাৰ কৰিছিল ৷ এখনৰ পাচত এখন গ্ৰামোফেন ৰেকৰ্ড, দেশে বিদেশে লাইভ কনচাৰ্ট- তেওঁৰ প্ৰজন্মৰ সংগীত শিল্পীসকলৰ ভিতৰত তেওঁৰ যোগ্য আৰু প্ৰতিভাপূৰ্ণ দেহতেই পৰিছিল স্পট লাইটৰ সৰ্বাধিক পোহৰ ৷ পণ্ডিত ভীমসেন যোশীয়ে তেওঁক চিহ্নিত কৰিছিল শাস্ত্ৰীয় সংগীতৰ ভবিষ্যত হিচাপে ৷ এইখিনিয়েই নহয়, আৰু এটা কাৰণ আছিল ৷ শাস্ত্ৰীয় সংগীতৰ পৰম্পৰাগত শিল্পীসকলৰ অধিকাংশই মানি অহা ঘৰাণাৰ বান্ধোনৰ পৰা তেওঁ মুক্ত হৈ সংগীতৰ এখনি মুকলি পৃথিবীত বিচৰণ কৰিব বিচাৰিছিল ৷ তেওঁ নিজৰ সংগীতত চুফী সংগীতৰ আংগিক প্ৰয়োগেৰে নতুন শব্দমাধুৰ্য সৃষ্টি কৰাৰ চেষ্টা কৰিছিল, চিনেমাৰ বাবে শাস্ত্ৰীয় সংগীত আধাৰিত গীতত কণ্ঠদান কৰিছিল, ইচমাইল দৰবাৰৰ পৰিচালনাত ‘কিচনা’ ছবিৰ বাবে গাইছিল সোহিনী ৰাগ আধাৰিত ‘কাহে উজাৰি মোৰি নিন্দ’৷ আৰু গাইছিল কিৰৱানি আধাৰিত ‘তোৰে বিনা মোহে চেন নাহি’ ৷ খুব জনপ্ৰিয় নহলেও গীত দুটিয়ে তেওঁক এখন পৃথক পৃথিবীৰ অস্থায়ী বাসিন্দা কৰি তুলিছিল ৷ এই গীত গাইছিল ২০০৪ চনত ৷ তাৰ পাচত ২০০৭ ত ‘জব উই মেট’ ছবিৰ ‘আৱোগে যব তুম চাজনা’৷ তাৰ পাচৰ পৰা প্ৰায় প্ৰতি বছৰেই গাই গৈছে হিন্দী আৰু কম পৰিমাণে বাংলা ছবিৰ গীত ৷ 

অকল চিনেমাৰ গীতেই নহয়, নন-ফিল্ম গীততো তেওঁ অংশগ্ৰহন কৰিছিল একেই উদ্যমেৰে ৷ বংগৰ জনপ্ৰিয় গায়ক নচিকেতাৰ সতে পৰীক্ষামূলক ভাবে গাইছিল ৰবীন্দ্ৰ সংগীত ৷ ৰাগাশ্ৰয়ী ৰবীন্দ্ৰ সংগীত বিচাৰি লৈ তাৰ ইন্টাৰল্যুড অংশত সংযোগ কৰি দিছিল ওষ্টাড ৰচিদ খানৰ একে ৰাগৰ বন্দিছ ৷ ৰাগাশ্ৰয়ী  ৰবীন্দ্ৰ সংগীতক ইতিমধ্যে পণ্ডিত অজয় চক্ৰবৰ্তী আৰু স্বাগতালক্ষ্মী দাসগুপ্তাই বেলেগ বেলেগ ধৰণে গাইছিল, প্ৰচাৰ কৰিছিল ৷ ওষ্টাড ৰচিদ খানৰ এই পৰীক্ষা আছিল সম্পূৰ্ণ পৃথক ৷

তেওঁৰ আন এটি অনিন্দ্য সুন্দৰ কীৰ্তি হ’ল টাইমছ মিউজিকৰ বাবে গোৱা কৃষ্ণ ভজন ৷ পণ্ডিত ভীমসেন যোশীৰ লগত তেওঁ বহুবাৰ যুগলবন্দীত অংশ লৈছিল, একেলগে কৃষ্ণ ভজনো গাইছিল ৷ এই ভজনকেইটিতো যোশীজীৰ প্ৰভাব অনুভূত হয় আৰু সেই প্ৰভাব ৷ স্বাভাবিক ভাবেই ধণাত্মক প্ৰভাব ৷

সংগীতৰ বাবে বহু সন্মানেৰে সন্মানিত ওষ্টাড ৰচিদ খানে চৰকাৰৰ পৰা লাভ কৰিছিল পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মান৷ কম বয়সত সাফল্য, কম বয়সত ডাঙৰ সন্মান আৰু কম বয়সতে প্ৰস্থান- শেষৰটো মানি লোৱা কঠিন হৈ পৰে ৷ 

ওষ্টাডৰ একাধিক লাইভ অনুষ্ঠান চোৱাৰ সুবিধা হৈছিল ৷ কিন্তু লগ পোৱাৰ সুবিধা নাছিলোঁ ৷ এবাৰ লগ পাইছিলোঁ কলিকতাৰ বিমানকোঠত, বিমানৰ বাবে অপেক্ষাৰত অৱস্থাত ৷ অকলশৰীয়া অৱস্থাত আছিল বাবে ওচৰলৈ গৈ কথা পাতিলোঁ ৷ প্ৰথমবাৰ লগ পোৱাৰ সময়ৰ যি সহজ সম্বোধন আছিল, এইবাৰ নাছিল, কাৰণ এতিয়া তেওঁ খ্যাতিৰ শীৰ্ষত ৷ খ্যাতি আৰু বয়সে তেওঁক গহীন কৰি তুলিলেও সেই গাম্ভীৰ্যৰ মাজত আন্তৰিকতাৰ অভাব অনুভব কৰা নাছিলোঁ ৷ মোৰ ভিজিটিং কাৰ্ডখন আগবঢ়াই দিছিলোঁ অটোগ্ৰাফৰ বাবে ৷ চহী কৰি থাকোতে কাৰ্ডখনত আকাশবাণী শব্দটো দেখি আৰু তেওঁ অলপ সহজ হৈ পৰিছিল ৷ অভিজ্ঞতাই শিকাইছে আকাশবাণী বুলিলেই শাস্ত্ৰীয় সংগীত শিল্পীসকলে অধিক আন্তৰিকতা অনুভব কৰে ৷ 

সৰুতে সংগীতৰ প্ৰতি আগ্ৰহ  নথকা ৰচিদ খানে নিজ পুত্ৰ আৰমানক  সৰুৰে পৰাই সংগীতৰ পাঠ দিছিল ৷ আৰমানে কণ্ঠ সংগীতৰ যোগেৰ নিজৰ চিনাকি দিবলৈ সক্ষম হৈছে ৷ তেওঁ এগৰাকী সুদক্ষ গীটাৰ বাদকো ৷ ইয়াতো অনুভব কৰিব পাৰি পিতৃৰ প্ৰভাব ৷ 

নক্ষত্ৰ নিৰ্বাপিত হয়, আন্ধাৰত বাঢ়ি আহে সেই নক্ষত্ৰৰ দীপ্তি ৷