Saturday, April 15, 2023

ডঃ সুনন্দন বৰুৱাৰ এটা কবিতা


ডঃ সুনন্দন বৰুৱা অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ গবেষণা অাৰু উদ্ভাৱণ বিভাগৰ সঞ্চালক ৷ মোৰ সতে চিনাকি হোৱা  খুব বেচি দিন হোৱা নাই ৷ বিশ্ববিদ্যালয়ৰ ভিতৰত বিভিন্ন সময়ত বিভিন্ন কামত তেখেতক লগ পাওঁ ৷ কেতিয়াবা কিবা উদ্ভাৱণ প্ৰক্ৰিয়াৰ লগত জড়িত প্ৰদৰ্শনী পাতিছে, তাত লগ পাইছোঁ, হয়তো কেতিয়াবা অডিঅ' ৰেকৰ্ডিং পদ্ধতিৰ কথা পাতিছোঁ ৷ টেড এক্স স্পিকাৰ মাতি অানি লেকচাৰৰ ব্যবস্থা কৰিছে, তালৈ মাতিছে, গৈছোঁ, মই কিবা সংগীতানুষ্ঠানলৈ মাতিছোঁ. তেখেত অাহিব পৰা নাই, কিন্তু সময়তকৈ অাগতেই জনাইছে - কিন্তু যেতিয়া প্ৰথমবাৰৰ বাবে বাহিৰত লগ পাওঁ - পচিছ বছৰীয়া যুৱকৰ দৰে মটৰ বাইক, তাৰ লগত মিলা ড্ৰেছ - বিশ্ববিদ্যালয়ত লগ পোৱা মানুহজনৰ লগত অকণো মিল নাই ৷ অাৰু যেতিয়া ফেচবুকত লগ পালোঁ, অাৰু এজন পৃথক মানুহ ৷ ব্যক্তিগত ভাবে মই  ৰুচিৰ বৈচিত্ৰ্য অাৰু কামৰ পৰিষৰৰ ব্যাপক পৰিধি থকা মানুহৰ লেখা পঢ়ি ভাল পাওঁ ৷ কাৰণ সেই লেখাত জীৱনৰ স্পন্দন থাকে অাৰু থাকে অাগতে নুশুনা শব্দৰ সংগীত ৷


অাজি ফেচবুকত ডঃ বৰুৱাৰ কবিতা এটা পঢ়িলোঁ, ইংৰাজীত লেখা ৷ অনুবাদ কৰিবলৈ মন গ'ল- কৰিলোঁ ৷ কবিতাটি এতিয়া পাঠকৰ বাবে মুকলি কৰি দিলোঁ-

এই বিষাদ-সম্পদ মোৰ, তেনেদৰে তোমাৰো, 
মোৰ এই উপহাৰ, তোমাৰো
দুখৰ কথাক কৰি দিয়া এটা গান,
অাৰু এটা কণ্ঠ দিয়া সেই গীতটোক

তুমি গুণগুণাই থকা এই পুৰণি সুৰটো
যিমান মোৰ, সিমানেই তোমাৰ।

তোমাক বুজাবলৈ চেষ্টা কৰাটো অৰ্থহীন,
কাৰণ মোৰ হৃদয়খনো তোমাৰ দৰেই পাগল,
আৰু আমাৰ দুয়োৰে এজনেও বুজিবলৈ সাজু নহও

এই চহৰ আৰু ইয়াৰ ৰাজপথৰ গুজববোৰত
ঘুৰি ফুৰা কাহিনীটো মোৰ, সমানেই তোমাৰো

সুৰাপানৰ পৰামৰ্শ মোক নিদিবা হে জ্ঞানদাতা,
ময়ো সেই মদ্যপায়ীৰ ঘাটিলৈ যাও, তুমি যোৱাৰ দৰেই ৷  

...........................................................

 

গুচি গ'ল এটা কিম্বদন্তী

 

১৯৭৫/৭৬ চন মানৰ কথা ৷ দৈনিক অসমৰ সাহিত্য প্ৰতিযোগিতাত প্ৰথম পুৰষ্কাৰ পোৱা গল্প এটি শাৰদীয় সংখ্যাত ছপা হৈছিল ৷ সেই সময়ত অামাক সন্মোহিত কৰি ৰাখিছিল ভবেন্দ্ৰ নাথ শইকীয়া, সৌৰভ কুমাৰ চলিহা, লক্ষীনন্দন বৰা, চন্দ্ৰপ্ৰসাদ শইকীয়া অাদিৰ দৰে লেখকৰ গল্পই, সেই পৰিসীমাত অান লেখকৰ প্ৰবেশ অাছিল খুবেই কষ্টকৰ ৷ সৌৰভ কুমাৰ চলিহাক অনুকৰণ কৰি তেতিয়া দুই একে লেখিবলৈ অাৰম্ভ কৰিছে, কিন্তু অনুকৰণে কাহানিও সন্মান লাভ নকৰে ৷ তেনে সময়তে 'মই এটা সাপ' গল্পৰ যোগেৰে কমলা বৰগোহাঁইৰ প্ৰবেশ, চমক অাৰু স্থায়িত্ব ৷ ভিনি ভিডি ভিচি ৷ 

'মই এটা সাপ' ৷ গল্পটিৰ চৰিত্ৰ,পৰিবেশ, সংঘাত এই অাটাইবোৰ অাছিল চিনাকি, এখন সৰু চহৰ ৰ মধ্যবিত্তীয় পৰিয়ালৰ যুৱক এজনৰ কষ্টৰ কাহিনী ৷ এনেকুৱা অলেখ গল্প লেখা হৈ গৈছিল, পঢ়া হৈ গৈছিল ৷ তেন্তে কি অাছিল এই গল্পটিৰ মেজিক, সন্মোহনী শক্তিৰ গুপুত ৰহস্য ৷ প্ৰথম শক্তি অাছিল গল্পটিৰ সহজ সৰল অাৰু বিশ্বাসযোগ্য বর্ণনা - মানে ভাষা অাৰু সেই ভাষাক ব্যবহাৰ কৰা দক্ষতা ৷ দ্বিতীয় শক্তি অাছিল গল্পটিৰ সামৰণিৰ চমক ৷ 

পাচত তেখেতৰ অইন গল্প পঢ়িছোঁ, কিন্তু তেখেতক মনত ৰাখিবলৈ এইটো গল্পই অামাৰ বাবে যথেষ্ঠ অাছিল ৷ 

অাকাশবাণী ডিব্ৰুগড়ত কাম কৰা সময়ত তেখেতৰ সতে প্ৰথম চিনাকি ৷ 'মই এটা সাপ' পঢ়োতেই লেখকগৰাকীৰ এখন ছবি মনত গঢ় লৈ উঠিছিল - ক্ষীণদেহী এজন যুৱক, কম কথা কোৱা, নিসংগ অাৰু হতাশ ৷ কমলা বৰগোহাঁইৰ সতে সেই ছবিখন মিলাবলৈ গৈ হতাশ হৈছিলোঁ ৷ লেখকৰ ছবি এখন কল্পনা কৰি লোৱাটো সঠিক কথা নহয়, কিন্তু সেই কাম হৈ যায় ক'ব নোৱৰাকৈয়ে  ৷ হয়তো এয়াই লেখাৰ শক্তি  ৷ এই শক্তিমান লেখক কমলা বৰগোহাঁই গুচি গ'ল ৷ কিন্তু মই এটা সাপৰ কাহিনী কাহানিও মচ খাই নাযায় - অন্ততঃ যিসকলে পঢ়িছিল তেওঁলোকৰ মনৰ পৰা ৷ 

বিদায় কিম্বদন্তী গল্পকাৰ ৷ 


        

Wednesday, April 12, 2023

Alien : Portrait of Crisis

"Alien" is a thought-provoking documentary film that explores the visa-related problems faced by talented Indians who seek to settle in the United States. The film, directed by Vidyut Latay, runs for 70 minutes and features interviews with several individuals who have gone through the visa process. Through their experiences, the film provides a realistic perspective on the challenges and obstacles encountered by Indian immigrants in the US. The documentary highlights the harsh realities of the visa process and the discrimination faced by Indians seeking to settle in the country.





The use of background music to support the film's themes is a delicate matter given the sensitivity of the subject matter. However, the director has ingeniously used environmental sounds to create an immersive experience for the audience. These sounds help to create a tense and anxious atmosphere that perfectly captures the emotions of the immigrants portrayed in the film.

The subject matter of the film is certainly intriguing and has the potential to arouse curiosity in the audience. The documentary challenges some prevalent myths about the US being a land of opportunities and provides an in-depth examination of the challenges faced by immigrants. The film reveals the intricacies and complexities of the visa process, which can often be confusing and frustrating for those seeking to settle in the US.

In photo : Filmmaker Vidyut Latay

The director's use of interviews with individuals who have gone through the visa process adds authenticity to the film. Through their personal experiences, the documentary highlights the emotional toll of the immigration process and the difficulties encountered by immigrants trying to establish themselves in a new country. The interviews provide an intimate look into the lives of immigrants and their struggles, providing a unique and personal touch to the film.

Despite its fascinating theme, the documentary feels stale in some parts due to repetitive interviews. At times, it feels like the director could have shortened the film and focused on the most essential and insightful interviews. Additionally, the film lacks visual incidents that could have enriched the content and made it more engaging. However, the documentary still manages to provide a unique and compelling perspective on the visa-related issues faced by immigrants.

In addition, the director incorporates a brief Indian vocal music piece at the end of the film to give it an Indian tone. This serves to emphasize the cultural identity of the Indian immigrants while also providing a unique and personal touch to the documentary's conclusion. The use of Indian music underscores the importance of diversity and cultural understanding and demonstrates the director's appreciation for the richness and depth of Indian culture.

Overall, "Alien" is a socially important documentary that provides a realistic perspective on the issues faced by immigrants in the US. The film highlights the challenges and obstacles encountered by Indian immigrants in their attempts to establish themselves in a new country. The documentary stands as a testament to the resilience and strength of those who seek to make a better life for themselves in a foreign land.

The film raises crucial questions about immigration policies and the harsh realities faced by immigrants in the US. It emphasizes the importance of cultural diversity and understanding and celebrates the resilience and strength of those who seek to make a better life for themselves in a new country.

The documentary's subject matter is especially relevant in today's political climate, where debates about immigration policies and the treatment of immigrants continue to dominate the news. The film provides a human angle to the immigration debate, highlighting the struggles and obstacles faced by immigrants seeking to establish themselves in the US.

In conclusion, "Alien" is a compelling documentary film that raises crucial questions about immigration policies and the harsh realities faced by immigrants in the US. Although the film could have been more visually engaging, it is still worth watching for its insightful interviews and its ability to break stereotypes. The director's use of environmental sounds and Indian music add layers of emotion and meaning to the film, making it a compelling and engaging watch. 

First Published in NE India Broadcast, 12th April 23

Link for the book Film Appreciation

https://www.amazon.in/Film-Appreciation-Utpal-Datta/dp/9354724345/ref=sr_1_2?crid=Z983IW8K6CW5&keywords=film+appreciation&qid=1681356195&s=books&sprefix=film+appreciation%2Cstripbooks%2C274&sr=1-2

Tuesday, April 4, 2023

এটা অামোদজনক কাহিনী

উধাও ৷ বাংলাদেশৰ চুটি ছবি ৷ কাহিনী অা ৰম্ভ হয় এখন বাছৰ ভিতৰত ৷ চলন্ত বাচ, বিভিন্ন যাত্ৰী ৷ এজন হ'ল কাজী, ফোনত চিঞৰি চিঞৰি কথা পাতে কাৰোবাৰ বিয়াৰ প্ৰসংগত ৷ এজন বয়স্ক লোক, লগত পুতেক, পুতেকৰ কাৰণে কইনা বিচাৰি এফালে যাব ৷ এগৰাকী বয়সিয়াল সুন্দৰী ৷ 

ছবিৰ লোকেচন চলন্ত বাছ ৷ সীমিত চৰিত্ৰ, চৰিত্ৰবোৰ বহিয়েই অাছে, মুভমেন্টৰ ঠাই নাই, গতিকে  ছবিখন সংলাপ নিৰ্ভৰ হ'বলৈ বাধ্য ৷ চৰিত্ৰবোৰৰ কথা বতৰাৰ যোগেৰেই ছবিৰ কাহিনী, ঠিক কাহিনী নহয়, চৰিত্ৰবোৰৰ পৰিচয় অাৰু সমস্যা অাগবাঢ়ে, একাধিক চৰিত্ৰৰ মাজত ঘনিষ্ঠতা গঢ় লৈ উঠে ৷ 

ৰাস্তাত বাছত উঠে এগৰাকী বয়সিয়াল অাৰু তেওঁৰ বিবাহযোগ্যা সুন্দৰী কন্যা ৷ কন্যাৰ বিবাহৰ বাবে দৰকাৰী অৰ্থ তেওঁৰ নাই, বাছৰ যাত্ৰীৰ পৰা সহায় বিচাৰে ৷ কইনা বিচাৰি যোৱা ল'ৰাজনৰ লগতেই বিয়াৰ কথা ঠিক হয়, মহিলাগৰাকী উৎসাহী, তেওঁ জোৰ দিয়ে, কথা খাটাং কৰি তেওঁ লগত নিয়া মিঠাই সকলোকে খুৱাই দিয়ে ৷

ৰাতি হয় ৷ অান্ধাৰৰ মাজে মাজে বাছ গৈ থাকে ৷  তেনে সময়তে এটা ঘটনা ঘটে, ইমান সময়ে  সৰসভাবে চলি থকা ছবিখনে অন্য এটি ৰূপ লয় ৷ দৰ্শকক অন্য এক অানন্দৰ অভিজ্ঞতা প্ৰদান কৰে ৷ এই ঘটনাটি কি কৈ দিলে ছবিখন চোৱাৰ অানন্দ নষ্ট হৈ যাব ৷ 

এটা সীমিত পৰিবেশ, চৰিত্ৰবোৰৰ সীমিত মুভমেন্ট - এই ধৰণৰ সীমাবদ্ধতাৰ মাজত ছবিখন গতিশীল অাৰু অানন্দপূৰ্ণ কৰি ৰখাত পৰিচালক সফল হৈছে ৷ অভিনেতাসকলৰ বিশ্বাসযোগ্য চেহেৰা অাৰু সুঅভিনয় ছবিখনৰ প্ৰাণ ৷ সংলাপ নিৰ্ভৰ ছবি হিচাপে সংলাপৰ বাণীবন্ধন অ ধিক উন্নত হোৱাটো উচিত অাছিল ৷

ছবিৰ বিবাহযোগ্য যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছে অনিন্দিতা অনিয়ে ৷ তেওঁ জনপ্ৰিয় মডেল, এইখন তেওঁৰ প্ৰথম ছবি ৷  তেওঁ দিয়া লিংকৰ যোগেৰেই ছবিখন চোৱাৰ সুবিধা হ'ল ৷