Tuesday, April 4, 2023

এটা অামোদজনক কাহিনী

উধাও ৷ বাংলাদেশৰ চুটি ছবি ৷ কাহিনী অা ৰম্ভ হয় এখন বাছৰ ভিতৰত ৷ চলন্ত বাচ, বিভিন্ন যাত্ৰী ৷ এজন হ'ল কাজী, ফোনত চিঞৰি চিঞৰি কথা পাতে কাৰোবাৰ বিয়াৰ প্ৰসংগত ৷ এজন বয়স্ক লোক, লগত পুতেক, পুতেকৰ কাৰণে কইনা বিচাৰি এফালে যাব ৷ এগৰাকী বয়সিয়াল সুন্দৰী ৷ 

ছবিৰ লোকেচন চলন্ত বাছ ৷ সীমিত চৰিত্ৰ, চৰিত্ৰবোৰ বহিয়েই অাছে, মুভমেন্টৰ ঠাই নাই, গতিকে  ছবিখন সংলাপ নিৰ্ভৰ হ'বলৈ বাধ্য ৷ চৰিত্ৰবোৰৰ কথা বতৰাৰ যোগেৰেই ছবিৰ কাহিনী, ঠিক কাহিনী নহয়, চৰিত্ৰবোৰৰ পৰিচয় অাৰু সমস্যা অাগবাঢ়ে, একাধিক চৰিত্ৰৰ মাজত ঘনিষ্ঠতা গঢ় লৈ উঠে ৷ 

ৰাস্তাত বাছত উঠে এগৰাকী বয়সিয়াল অাৰু তেওঁৰ বিবাহযোগ্যা সুন্দৰী কন্যা ৷ কন্যাৰ বিবাহৰ বাবে দৰকাৰী অৰ্থ তেওঁৰ নাই, বাছৰ যাত্ৰীৰ পৰা সহায় বিচাৰে ৷ কইনা বিচাৰি যোৱা ল'ৰাজনৰ লগতেই বিয়াৰ কথা ঠিক হয়, মহিলাগৰাকী উৎসাহী, তেওঁ জোৰ দিয়ে, কথা খাটাং কৰি তেওঁ লগত নিয়া মিঠাই সকলোকে খুৱাই দিয়ে ৷

ৰাতি হয় ৷ অান্ধাৰৰ মাজে মাজে বাছ গৈ থাকে ৷  তেনে সময়তে এটা ঘটনা ঘটে, ইমান সময়ে  সৰসভাবে চলি থকা ছবিখনে অন্য এটি ৰূপ লয় ৷ দৰ্শকক অন্য এক অানন্দৰ অভিজ্ঞতা প্ৰদান কৰে ৷ এই ঘটনাটি কি কৈ দিলে ছবিখন চোৱাৰ অানন্দ নষ্ট হৈ যাব ৷ 

এটা সীমিত পৰিবেশ, চৰিত্ৰবোৰৰ সীমিত মুভমেন্ট - এই ধৰণৰ সীমাবদ্ধতাৰ মাজত ছবিখন গতিশীল অাৰু অানন্দপূৰ্ণ কৰি ৰখাত পৰিচালক সফল হৈছে ৷ অভিনেতাসকলৰ বিশ্বাসযোগ্য চেহেৰা অাৰু সুঅভিনয় ছবিখনৰ প্ৰাণ ৷ সংলাপ নিৰ্ভৰ ছবি হিচাপে সংলাপৰ বাণীবন্ধন অ ধিক উন্নত হোৱাটো উচিত অাছিল ৷

ছবিৰ বিবাহযোগ্য যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছে অনিন্দিতা অনিয়ে ৷ তেওঁ জনপ্ৰিয় মডেল, এইখন তেওঁৰ প্ৰথম ছবি ৷  তেওঁ দিয়া লিংকৰ যোগেৰেই ছবিখন চোৱাৰ সুবিধা হ'ল ৷