Saturday, April 15, 2023

গুচি গ'ল এটা কিম্বদন্তী

 

১৯৭৫/৭৬ চন মানৰ কথা ৷ দৈনিক অসমৰ সাহিত্য প্ৰতিযোগিতাত প্ৰথম পুৰষ্কাৰ পোৱা গল্প এটি শাৰদীয় সংখ্যাত ছপা হৈছিল ৷ সেই সময়ত অামাক সন্মোহিত কৰি ৰাখিছিল ভবেন্দ্ৰ নাথ শইকীয়া, সৌৰভ কুমাৰ চলিহা, লক্ষীনন্দন বৰা, চন্দ্ৰপ্ৰসাদ শইকীয়া অাদিৰ দৰে লেখকৰ গল্পই, সেই পৰিসীমাত অান লেখকৰ প্ৰবেশ অাছিল খুবেই কষ্টকৰ ৷ সৌৰভ কুমাৰ চলিহাক অনুকৰণ কৰি তেতিয়া দুই একে লেখিবলৈ অাৰম্ভ কৰিছে, কিন্তু অনুকৰণে কাহানিও সন্মান লাভ নকৰে ৷ তেনে সময়তে 'মই এটা সাপ' গল্পৰ যোগেৰে কমলা বৰগোহাঁইৰ প্ৰবেশ, চমক অাৰু স্থায়িত্ব ৷ ভিনি ভিডি ভিচি ৷ 

'মই এটা সাপ' ৷ গল্পটিৰ চৰিত্ৰ,পৰিবেশ, সংঘাত এই অাটাইবোৰ অাছিল চিনাকি, এখন সৰু চহৰ ৰ মধ্যবিত্তীয় পৰিয়ালৰ যুৱক এজনৰ কষ্টৰ কাহিনী ৷ এনেকুৱা অলেখ গল্প লেখা হৈ গৈছিল, পঢ়া হৈ গৈছিল ৷ তেন্তে কি অাছিল এই গল্পটিৰ মেজিক, সন্মোহনী শক্তিৰ গুপুত ৰহস্য ৷ প্ৰথম শক্তি অাছিল গল্পটিৰ সহজ সৰল অাৰু বিশ্বাসযোগ্য বর্ণনা - মানে ভাষা অাৰু সেই ভাষাক ব্যবহাৰ কৰা দক্ষতা ৷ দ্বিতীয় শক্তি অাছিল গল্পটিৰ সামৰণিৰ চমক ৷ 

পাচত তেখেতৰ অইন গল্প পঢ়িছোঁ, কিন্তু তেখেতক মনত ৰাখিবলৈ এইটো গল্পই অামাৰ বাবে যথেষ্ঠ অাছিল ৷ 

অাকাশবাণী ডিব্ৰুগড়ত কাম কৰা সময়ত তেখেতৰ সতে প্ৰথম চিনাকি ৷ 'মই এটা সাপ' পঢ়োতেই লেখকগৰাকীৰ এখন ছবি মনত গঢ় লৈ উঠিছিল - ক্ষীণদেহী এজন যুৱক, কম কথা কোৱা, নিসংগ অাৰু হতাশ ৷ কমলা বৰগোহাঁইৰ সতে সেই ছবিখন মিলাবলৈ গৈ হতাশ হৈছিলোঁ ৷ লেখকৰ ছবি এখন কল্পনা কৰি লোৱাটো সঠিক কথা নহয়, কিন্তু সেই কাম হৈ যায় ক'ব নোৱৰাকৈয়ে  ৷ হয়তো এয়াই লেখাৰ শক্তি  ৷ এই শক্তিমান লেখক কমলা বৰগোহাঁই গুচি গ'ল ৷ কিন্তু মই এটা সাপৰ কাহিনী কাহানিও মচ খাই নাযায় - অন্ততঃ যিসকলে পঢ়িছিল তেওঁলোকৰ মনৰ পৰা ৷ 

বিদায় কিম্বদন্তী গল্পকাৰ ৷