Wednesday, May 17, 2023

4Q with Poet of Film Editing Aseem Sinha

Editing is an invisible art. In camera you can see it.In sound you can hear it, but in editing- neither you can see it nor you can hear it. From my personal point of view, good editing is that where we cannot find editing.’The poet of Film Editing Aseem Sinha.

Q .1 How your academic knowledge of management helped you in the Art of Editing?
Aseem Sinha ~ First of all, I will have to elaborate to reply this question. I was doing Post Graduate diploma in Social Services socialization in rural development from Xavier Institute of social services, Ranchi. During the course I had to go to the remote villages to understand the socio-economic structure of the society. I was also doing research and the subject was ‘Cinema as a vehicle of consciousness in rural development’. To know more about the subject I had joined Film Appreciation course conducted by National Film Archive of India in Pune. There I watched and analysed Shyam Benegal's films like Nishant, Manthan, Sushman and many more films. That helped me a lot in understanding the cinema in context to rural development and life in general. I think we should use Cinema as a change agent.
In Editing, you will have to be systematic and the same rule goes for management . One has to keep the rushes in order and in the same way society has to be understood. Thus the management helped me to understand editing, film, society and myself.
Q2 . What was your most significant experience with Shyam Benegal in terms of work?
Aseem Sinha : I passed out from FTII, Pune in 1989 and I started working with renowned film Editor Renu Saluja. At that time she was editing Ketan Mehta’s ‘Sardar’ and the film was being produced by Shyam Benegal Films. There I came in contact with Mr Benegal . He gave me the chance to edit his film ‘Mammo’ and later I edited all his film and serials.
He has a very good sense of observation and detailing. All his scripts are well researched. He is also very open minded. I remember one incident when I was editing Mammo, He came to the editing room to see the film. After seeing the complete film he asked my opinion. I was very new and young, even then I told him that these three scenes are not working. He asked me for a couple of days. After three days he told me to delete those scenes.This is the quality that makes you great. He does not like ambiguity.
Number of times he asks me why you have edited like this, and I have to give him the correct logic. He gives me total freedom. One more experience I would like to share. I was editing Zubeida. There was a lullaby song. Initially he told me to take it out. While we were remixing the film, I told him sir we must keep it, otherwise we are missing the essence of the film. Then he just stopped the mixing and the very next day he told me to add the song. This openness is required in creative field. He gave freedom and space to everyone, to the cameraman, to the writer, to the actor, to sound designer.He believed that filmmaking is a team work.
Q3. What type of experience you have got related to Assam?
Aseem Sinha : I went to Assam for number of times. I went to teach as a teacher to the Bhupen Hazarika Regional Film and Television Institute to interact with student to share experiences. The students were very inquisitive and hardworking. I went to Guwahati as Jury Chairman of Chalachitram National Film Festival. There I watched a good number of films made by Assamese young filmmakers. Those were well conceived and beautifully made. At that time, I went to visit Kaziranga, enjoyed elephant safari, watched rhino from a close distance. I would like to visit Assam again and again.
Q4. You have edited two films based on poetry. Would you love to share the experiences gathered with the films?
Aseem Sinha : One film is BOHUBRITTA in Assamese directed by Utpal Datta. It is a poem by Swapna Dutta Deka and she herself recited the poem also. It had been beautifully captured by director with the mix of traditional and modern elements, nicely played with colour and visual forms and its a spiritual experience.
The second film is ‘THE PHOPHOGRAPHER’ directed by cinematographer Mazhar Kamran. It is based on eight poems by Rumi. It was structured in a narrative form keeping in mind the character and the story in a cinematic way. This was a struggle between real and unreal world. The screenplay is very vibrant and nicely shot. I enjoyed editing both the films, both are very different in theme and essence.





Monday, May 15, 2023

মহান ব্যক্তিৰ কৰ্মৰাজিৰ স্মৃতিচাৰণ

মূল হিন্দী -অনন্ত বিজয় | অসমীয়া অনুবাদ – উৎপল দত্ত

অনন্ত বিজয় দৈনিক জাগৰণ কাকতৰ সহযোগী সম্পাদক অাৰু চলচ্চিত্ৰ সমালোচনাৰ বাবে স্বর্ণ কমলেৰে সন্মানিত ৷ ‘হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতা’ৰ বাবে তেওঁ অসমলৈ অাহিছিল অাৰু তাৰ পাচত দৈনিক জাগৰণ পত্ৰিকাত এই প্ৰবন্ধটি লেখিছিল ৷ প্ৰবন্ধটিয়ে সর্বভাৰতীয় স্তৰত গুৰুত্ব লাভ কৰিছিল ৷ অসমীয়া অনুবাদ সাদিন কাকতত প্ৰকাশ পাইছিল ৷


স্বাধীনতাৰ অমৃত মহোৎসৱৰ পিছত এতিয়া আমি অমৃত কালত প্ৰৱেশ কৰিছো। অমৃতকালত ইতিহাসৰ বুকুত বিজ্ঞানৰ সহায়ত এক শক্তিশালী আৰু সমৃদ্ধিশালী জাতি গঢ়ি তোলাৰ সংকল্প প্ৰতিজন ভাৰতীয়ৰ। এই সময়ত কিছু মহান ব্যক্তিৰ কর্মৰাজিৰ কথা মনত ৰখাটো প্ৰয়োজনীয় যিসকলে  ভাৰতত শিক্ষাৰ পৰা সংস্কৃতিলৈ শক্তি প্ৰদান কৰি জীৱন অতিবাহিত কৰিছিল ৷ অমৃত মহোৎসৱৰ সময়ত স্বাধীনতা লাভৰ বাবে সকলো হেৰুৱাই পেলোৱা সেই মহান ব্যক্তিসকলক গোটেই দেশবাসীয়ে মনত পেলাইছিল। কিন্তু ভাৰতৰ এই বিশাল ভূমিত এনে বহু পুত্ৰৰ জন্ম হৈছিল যিয়ে স্বাধীনতাৰ ভূমি প্ৰস্তুত কৰাই নহয়, ভাৰত স্বাধীন পাৰে বুলি জনসাধাৰণৰ মনত এক বিশ্বাসৰ সৃষ্টি কৰিছিল। বিদেশী আক্ৰমণকাৰীয়ে আমাৰ দেশৰ শিক্ষা ব্যৱস্থা ধ্বংস কৰি পেলাইছিল। সামাজিক চিন্তাৰ কেন্দ্ৰবিন্দু হৈ থকা মন্দিৰবোৰ ধ্বংস কৰিছিল। এনে পৰিস্থিতিত জনসাধাৰণক স্বাধীনতাৰ বাবে প্ৰস্তুত কৰিবলৈ হবলৈ তেওঁলোকৰ মনত সোমাই থকা দাসত্বৰ মনোভাৱ দমন কৰাটো প্ৰয়োজনীয় আছিল। এনে ধৰণৰ কামো সম্পাদন কৰিছিল ভালেমান মহান ব্যক্তিয়ে। স্বাধীনতাৰ পাছত ইতিহাসবিদসকলে আধুনিক ভাৰতৰ ইতিহাস লিখাৰ ধৰণটোত উত্তৰ ভাৰতৰ ঘটনা আৰু স্বাধীনতা সংগ্ৰামীসকলক অগ্ৰাধিকাৰ দিয়া হৈছিল। দক্ষিণ আৰু পশ্চিম ভাৰতৰ কথাও লিখা হৈছিল যদিও উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়ে লেখা হৈছিল অতি কম। পাৰি যে উত্তৰ-পূৰ্বাঞ্চলৰ পৰিঘটনা আৰু ইয়াৰ জনসাধাৰণৰ অৱদান ইতিহাস ৰচনাত অৱহেলিত হৈছিল।

অলপতে অসমৰ ডাউন টাউন বিশ্ববিদ্যালয়ত হৰিনাৰায়ণ দত্ত বৰুৱাৰ স্মৃতিত আয়োজন কৰা অনুষ্ঠানত অংশ লৈছিলো অাৰু বিশ্ববিধ্যালয়খন পৰিদৰ্শন কৰাৰ সুযোগ পাইছিলোঁ। অনুষ্ঠানৰ নিমন্ত্ৰণ পোৱাৰ পিছত হৰিনাৰায়ণ দত্ত বৰুৱাৰ বিষয়ে জানিবলৈ কৌতুহলৰ সৃষ্টি হৈছিল। তেওঁৰ বিষয়ে অতি কম তথ্য ইণ্টাৰনেটত পোৱা যায়। অসমলৈ গৈ কিছু গ্ৰন্থ পোৱা , তাৰ পৰাই গম পোৱা যে হৰিনাৰায়ণ দত্ত বৰুৱাই অসমীয়া সাহিত্য সংৰক্ষণ আৰু সমৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ কাম কৰিছিল। হৰিনাৰায়ণ দত্ত বৰুৱা আছিল স্কুলৰ শিক্ষক। তেওঁ সমগ্ৰ জীৱন অসমীয়া সাহিত্য সংৰক্ষণ আৰু পুনৰ প্ৰকাশৰ বাবে উৎসৰ্গা কৰিছিল। শিক্ষাৰ ক্ষেত্ৰত তেওঁ কৰা কামবোৰ অাছিল আদৰ্শগত। তেওঁৰ জন্ম হৈছিল ১৮৮৫ চনত। শিক্ষক হোৱাৰ সময়ত তেওঁ অসমীয়া ভাষাৰ পাঠ্যপুথিৰ অভাৱ অনুভৱ কৰিছিল। তেওঁ বহুতো ছাত্ৰ উপযোগী গ্ৰন্থ ৰচনা কৰিছিল। কিছুমানত নিজৰ নাম দিছিল আৰু কিছুমানত লেখকৰ নাম নিদিয়াকৈ। সেই সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ অৱস্থা বৰ ভাল নাছিল। অসমীয়াত কিতাপ আৰু বিক্ৰেতাৰ অভাৱ হৈছিল। এই অভাৱ পূৰণ কৰিবলৈ হৰিনাৰায়ণ দত্ত বৰুৱাই ভাতৃৰ সৈতে অসমৰ নলবাৰীত এখন কিতাপৰ দোকান খুলিছিল। ইয়াতো এটা সমস্যাৰ সৃষ্টি হৈছিল। খুব কম সংখ্যক কিতাপ পোৱা গৈছিল আৰু বেচিভাগ কিতাপকেই বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হৈছিল। এই কামত খৰচো হৈছিল বেছি ইফালে ১৯৩২ চনত তেওঁ পিতৃৰ নামেৰে এখন প্ৰাথমিকৰ পৰা দশম শ্ৰেণীলৈ থকা বিদ্যালয় স্থাপন কৰিছিল। ইয়াৰ বাবেও কিতাপৰ চাহিদা আৰু অধিক বৃদ্ধি পালে। কেনেবাকৈ পাঁচ-ছয় বছৰলৈকে  কিতাপৰ যোগান ধৰি অাছিল। কিন্তু যেতিয়া কিতাপৰ চাহিদা বহুত বাঢ়িবলৈ ধৰিলে আৰু বাহিৰৰ পৰা প্ৰয়োজন পূৰণ কৰিব পৰা কিতাপ পোৱা নগ, তেতিয়া তেওঁ এটা ছপাশাল স্থাপন কৰাৰ সিদ্ধান্ত লে। কিন্তু অৰ্থৰ সংকট। সেই সময়ত অসমৰ দৰে ৰাজ্যত ছপাশাল স্থাপন কৰাটো অতি কঠিন আৰু ব্যয়বহুল আছিল। উদ্দেশ্য যেতিয়া নিৰ্মল হয় তেতিয়া পথটো সহজ হৈ পৰে। ১৯৩৮ চনত তেওঁ মাতৃৰ নামেৰে স্থাপন কৰে উমা প্ৰেছ ৷ ছপাশাল প্ৰতিষ্ঠা হোৱাৰ পিছত  কি কি গ্ৰন্থ প্ৰকাশ কৰিব লাগে তাক লৈয়ো সংকটৰ সৃষ্টি ল। তেওঁ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যপুথি প্ৰকাশৰ কাম অাৰম্ভ কৰিলে অাৰু লগতে  অসমীয়া ভাষাত লিখা প্ৰাচীন গ্ৰন্থও প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে। প্ৰাচীন অসমীয়া সাহিত্য আৰু ইতিহাসৰ ভালেমান উৎস হৰিনাৰায়ণ দত্ত বৰুৱাৰ ৰচনা আৰু সংৰক্ষিত গ্ৰন্থৰ পৰাই পোৱা যায়। ভাৰতৰ লগতে অসমৰ ইতিহাসৰ বহু অকথিত কাহিনী তেওঁৰ গ্ৰন্থত লিপিবদ্ধ হৈ আছে। এনে কিছু গ্ৰন্থ বিভিন্ন ভাৰতীয় ভাষাত অনুবাদ কৰি সমগ্ৰ দেশৰ জনসাধাৰণৰ বাবে উপলব্ধ কৰা উচিত।

হৰিনাৰায়ণ দত্ত বৰুৱাই শ্ৰীমন্ত শংকৰদেৱৰ বহু গ্ৰন্থ সংৰক্ষণ কৰাই নহয়, সেইবোৰক প্ৰকাশ কৰাৰ দৰে অতি গুৰুত্বপূৰ্ণ কামো কৰিছিল। একাংশৰ মতে দত্ত বৰুৱাই শ্ৰীমন্ত শংকৰদেৱৰ ব্যক্তিত্বৰ কিছুমান দিশৰ সৈতে জনসাধাৰণক পৰিচয় কৰাই দিছিল। অসমৰ বিখ্যাত সন্তপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ চনত। তেওঁৰ বিষয়ে পোৱা তথ্যমতে মাত্ৰ ১৩ বছৰ বয়সতে তেওঁ পণ্ডিত মহেন্দ্ৰ কণ্ডলীৰ পাঠশালাত পঢ়া-শুনাৰ বাবে ভৰ্তি লৈছিল। হিন্দু ধৰ্মীয় গ্ৰন্থৰ অধ্যয়ন সম্পূৰ্ণ কৰাৰ পিছত তেওঁ ভাগৱত চিন্তাত নিয়োজিত হৈ পৰে। এই সময়ত একাংশ লোক হিন্দু ধৰ্মৰ নামত তন্ত্ৰ বিদ্যাৰ বিকৃত ৰূপ চলোৱাত নিয়োজিত হৈছিল। শংকৰদেৱে যেতিয়া উপলব্ধি কৰিলে যে ইয়াৰ দ্বাৰা হিন্দু ধৰ্মৰ বিষয়ে ভুল তথ্য প্ৰচাৰ হৈছে, তেতিয়া তেওঁ হস্তক্ষেপ কৰিলে। তেওঁ এজন ঈশ্বৰক অাৰাধনা কৰাৰ অাদর্শ প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে। জনসাধাৰণৰ মাজলৈ গৈ তেওঁকলিকালত হৰিনামেই পৰম ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিলে। তেওঁৰ বক্তৃতা আৰু যুক্তিশক্তিত আপ্লুত হৈ বহু লোক ধৰ্ম প্ৰচাৰক হৈ পৰিল ৷  শংকৰদেৱে নিজৰ নীতিত অহিংসা, অস্পৃশ্যতা, মদ নিষেধাজ্ঞা আদি অন্তৰ্ভুক্ত কৰিছিল। শ্ৰীকৃষ্ণক পৰমব্ৰহ্ম বুলি প্ৰচাৰ কৰিবলৈ ধৰিলে। তেওঁ কৈছিল যে মাত্ৰ এজন কৃষ্ণৰ আশ্ৰয় লৈ, তেওঁৰ নাম, গুণ আৰু শ্ৰাৱণ কীৰ্তন জপ কৰি সকলো সফলতা লাভ কৰিব। এই কাৰণেই তেওঁৰ প্ৰচাৰিত বিশ্বাসকএক শৰণ ধৰ্মবুলি কোৱা হৈছিল। তেওঁৰ শিষ্য শ্ৰীমন্ত মাধৱদেৱো অসমত অতি বিখ্যাত।

হৰিনাৰায়ণ দত্ত বৰুৱাই কষ্টৰে শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিসমূহ আৱিষ্কাৰ কৰি সেইবোৰ প্ৰকাশ কৰি জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ গুৰুত্বপূৰ্ণ কাম কৰিছিল। শ্ৰীমন্ত শংকৰদেৱৰচিত্ৰ ভাগৱত প্ৰকাশ এনে এক বিশাল কাৰ্য যাৰ সঠিক ব্যাখ্যা আৰু প্ৰচাৰে  চিত্ৰকলাৰ বহু ভুল ধাৰণা আঁতৰাই পেলাব। ভাৰতীয় চিত্ৰকলাৰ ক্ষেত্ৰত এক নতুন ৰূপৰ উন্মেষ ঘটিব। হৰিনাৰায়ণ দত্ত বৰুৱাই ১৯৪৬ চনত চিত্ৰ ভাগৱত প্ৰকাশৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু চাৰি বছৰৰ পিছত প্ৰকাশ পাইছিল। বৰ্তমান মূল চিত্ৰকল্পৰ প্ৰতিলিপিৰ সৈতে গ্ৰন্থখন প্ৰকাশ পাইছে। এই গ্ৰন্থখনৰ ছবিৰ লগতে টোকাবোৰ তিনিটা ভাষাত অৰ্থাৎ অসমীয়া, হিন্দী আৰু ইংৰাজীত প্ৰকাশ কৰা হৈছে। আজি তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে পেকেটত হিন্দীত লিখাক লৈ লৈ হুমুনিয়াহ কাঢ়িছে,  তেওঁ হৰিনাৰায়ণ দত্ত বৰুৱাৰ পৰা শিক্ষা লাগে। ভাষাৰ বাধা ভাঙি শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ সপোন কোনে দেখিছিল।

ৰাষ্ট্ৰীয় শিক্ষা নীতিত মাতৃভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিভিন্ন ভাৰতীয় ভাষাত বহু প্ৰকাৰৰ গ্ৰন্থ প্ৰকাশ হৈ আছে। এনে পৰিস্থিতিত অসম চৰকাৰে এক অভিযান চলাই দেশবাসীক হৰিনাৰায়ণ দত্ত বৰুৱাৰ বিষয়ে সমগ্ৰ ভাৰততে প্ৰচাৰ কৰা উচিত। ইয়াৰ লগে লগে দেশবাসীয়ে কেৱল হৰিনাৰায়ণ দত্ত বৰুৱাৰ অৱদানৰ কথাই গম পোৱাই নহয়,  তেওঁৰ গ্ৰন্থসমূহৰ অনুবাদ  হিন্দী আৰু অন্যান্য ভাৰতীয় ভাষাত  প্ৰকাশ পালে দেশখনে শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৰ সৈতেও পৰিচিত ব। অসমত মানুহে হৰিনাৰায়ণ দত্ত বৰুৱাৰ নামৰ আগতসাহিত্যৰত্ন’ শব্দৰ সংযোজনেৰে শ্ৰদ্ধা প্ৰকাশ কৰে,  কিন্তু তেওঁক কেৱল সাহিত্যত আবদ্ধ কৰি ৰখা  উচিত নহয়। সঁচা অৰ্থত তেওঁ ভাৰতৰ ভূমিৰ এনে এজন পুত্ৰ আছিল যিয়ে শিক্ষিত ভাৰতৰ সপোন দেখাই নহয়, শেষ নিশ্বাস পৰ্যন্ত কাম কৰি সেই ভাৰতবৰ্ষক বাস্তৱত পৰিণত কৰিছিল।

https://cutt.ly/p6UCgtG



x