Thursday, March 30, 2023

অনুৰাধা শৰ্মা পূজাৰী প্ৰসংগ


অনুৰাধা শৰ্মা পূজাৰীৰ  এটা মন্তব্যক কেন্দ্ৰ কৰি বিশেষকৈ ফেচবুকত এক অভাবনীয় পৰিস্থিতৰ সৃষ্টি হৈছে ৷ অনুৰাধা শৰ্মা পূজাৰীক ব্যক্তিগত ভাবে চিনি পোৱাৰ অাগৰ পৰাই মই তেখেতৰ লেখাৰ পাঠক অাৰু সমালোচক ৷ তিনি দশকৰো অধিক কাল অামি পাৰিবাৰিক বন্ধু ৷ তেনে এগৰাকী ব্যক্তিক লক্ষ্য কৰি হোৱা ৰাজহুৱা অাক্ৰমণ অাৰু বিদ্বেষ প্ৰকাশত মই প্ৰতিক্ৰিয়াহীন ভাবেই অাছিলোঁ,  কাৰণ মই জানো যে সংবাদ মাধ্যমৰ এগৰাকী ঘনিষ্ঠ কৰ্মী হিচাপে তেখেতে নিশ্চয় জানে যে এই ধৰণৰ ৰাজহুৱা প্ৰতিক্ৰয়া কেতিয়া হয় অাৰু কেনেকৈ হয় ৷ 

এটা কথাত ভাল লগা নাছিল যে অাক্ৰমণৰ ভাষাই শালীনতাৰ সীমা অতিক্ৰম কৰি গৈছিল ৷ এটা কথা  ঠিক যে অসমত মানুহক ৰাজহুৱাভাবে বেয়া ভাষাৰে কোৱা প্ৰথাটোৰ জন্ম অাৰু বিকাশ হৈছিল সংবাদপত্ৰৰ যোগেৰেই ৷ সামাজিক মাধ্যম পাচত অাহিছে, অাৰম্ভণি কিন্তু ছপা মাধ্যমত অাৰু অামাৰ তথাকথিত বিবেকবান মানুহৰ হাততেই এই সংস্কৃতিৰ জন্ম অাৰু বিকাশ ৷ তেনে মানুহক ছপা মাধ্যমেই ডাঙৰ মানুহ সজাই অাছে ৷

কিন্তু অাজি এটা প্ৰতিক্ৰয়া প্ৰকাশ কৰিবলৈ বাধ্য হলোঁ  প্ৰদীপ পূজাৰী ডাঙৰীয়াৰ পোষ্ট এটা পঢ়াৰ পাচত ৷ কোনোবাই হেনো কৈছে যে অনুৰাধা শৰ্মা পূজাৰীৰ লেখাবোৰ নিজে লেখা নহয়, তেখেতৰ স্বামীয়ে লেখি দিয়া ৷ এই কথাটোত শ্ৰীযুত পূজাৰীয়ে দুখ পোৱাটো স্বাভাবিক ৷ অামাৰ সমাজত এতিয়াও বহুতে বিশ্বাস কৰে যে মহিলাই কিবা চকুত লগা কাম কৰিলেই তেওঁৰ গিৰিয়েকে বা বন্ধু-বান্ধবে কৰি দিয়ে ৷ এইটো পূজাৰী পৰিয়ালৰ ক্ষেত্ৰতেই নহয়, অান বহুতৰ ভাগ্যতো ঘটা মই দেখা পাইছোঁ ৷ গামোচা প্ৰসংগত অনুৰাধা শৰ্মা পূজাৰীয়ে দিয়া মন্তব্যৰ লগত বহুতেই একমত নহবও পাৰে, সেইটোও স্বাভাবিক কথা ৷ শৰ্মা পূজাৰীয়ে দাবী কৰা নাই যে সকলাৱে তেখেতৰ মন্তব্য মানি লওক ৷ মত মানি নোলোৱা কথাটো প্ৰকাশ কৰিবলৈ অশালীন ভাষাৰ প্ৰয়োগৰ দৰকাৰ কি ? সাধাৰণতে দেখা যায় কাৰোবাৰ কিবা বেয়া কথা ক'ব লাগিলে দুটা অশালীন শব্দ লগাই দিলে বেয়া পোৱা কথাটোত জোৰ দিয়া যেন লাগে ৷ বহুতে কথাই প্ৰতি একোটা বিশেষ অশালীন শব্দ উচ্চাৰণ কৰি ভাল পায় ৷ এইবোৰ সামাজিক নৃতত্ব বিষয়ক কথা ৷ হয়তো শৰ্মা পূজাৰীৰ লেখাৰ জনপ্ৰিয়তাৰ এয়া অন্য এক প্ৰকাশ ৷ কোনোবাই  অনুৰাধা শৰ্মা পূজাৰীৰ কিতাপ পুৰি পেলাব খুজিছে বুলিও কোৱা শুনিছোঁ ৷ এই ধৰণৰ প্ৰতিবাদ নিজৰ সংস্কাৰৰ প্ৰকাশ, ই কিতাপ  বা সাহিত্যৰ প্ৰতি শংকাৰ কাৰণ নহয় ৷ 

পূজাৰী পৰিয়ালৰ বন্ধু হিচাপে কওঁ - এয়া অনুৰাধা শৰ্মা পূজাৰীৰ জনপ্ৰিয়তাৰ এটা পৰীক্ষা ৷ শান্ত ভাবে পৰীক্ষাত অৱতীৰ্ণ হওক ৷ মোৰ দৃঢ় বিশ্বাস, এই কঠিন ঘটনাই অনুৰাধা শৰ্মা পূজাৰীৰ কেৰিয়াৰলৈ এটা নতুন সংযোজন কঢ়িয়াই অানিব ৷ ৰাজহুৱা জীৱনত ফুলৰ মালা অাৰু ঘোলাকণী দুয়োটাকে সমানে গ্ৰহন কৰিব পৰা শক্তি লাগে ৷ মোৰ বিশ্বাস- দুয়ো এই শক্তি অাহৰণ কৰিছে ৷   

  

Tuesday, March 7, 2023

ৰাজ্যিক চলচ্চিত্ৰ বঁটা

 ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰতি বছৰে দিয়া হয় ৷ অসম চৰকাৰেও ৰাজ্যিক চলচ্চিত্ৰ বঁটা দি অাহিছে, কেতিয়াবা এক বছৰৰ ,কেতিয়াবা দুই - অাঢৈ বছৰৰ, মাজতে হয়তো দিয়াই নাই ৷ এইবাৰ পুনৰ দিবলৈ ওলাইছে ৷ এইটো ভাল খবৰ ৷ এইবাৰ ২০১৮ অাৰু ২০১৯ বৰ্ষৰ বাবে বঁটা দিয়া হ'ব ৷ বঁটা প্ৰদান অনুষ্ঠানৰ চিঠিখনত লেখা মতে এয়া অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০২৩ ৷ অৰ্থাৎ বঁটাৰ ধাৰাবাহিকতা মতে অষ্টম বাৰৰ বাবে বঁটা প্ৰদান কৰা হ'ব,  দুই বছৰৰ একেলগে- ২০২৩ চনত ৷ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ক্ষেত্ৰত নামটোত যি বছৰৰ বঁটা সেই চনটো লেখা থাকে,  ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২০ - বুজিবলৈ ভাল, ২০১৯ চনৰ ছবিবোৰৰ মাজত হোৱা প্ৰতিযোগিতাৰ বঁটা ৷ এই দৃষ্টিৰে অসম ৰাজ্যিক বঁটাৰ কথাটো বুজিবলৈ অলপ জটিল হ'ব ৷ এই কথাবোৰ সিদ্ধান্ত গ্ৰহন কৰা সকলে বুজাটোৱেই অাচল কথা ৷ অাৰু এটা কথা - এইবাৰ ২০১৮-২০১৯ চনৰ বঁটা দিয়া হ'ল, অাৰু কেইবছৰমান বাকী থাকি গ'ল ৷ চৰকাৰে ভাবিলে - অক্টোবৰ মাহত অাৰু দুবছৰৰ অৰ্থাৎ ২০২০ অাৰু ২০২১ চনৰ বঁটা দিয়া হওক ৷ তেতিয়া কি হ'ব - নৱম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০২৩ ৷ ডিচেম্বৰত ভাবিলে ২০২২ বছৰৰ বঁটা দি কথাখিনি ছিজিল কৰা হওক ৷ দশম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০২৩ ৷ মই তথ্যচিত্ৰৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলোঁ ৷ ছবিখন অাছিল ২০১৩ চনৰ ৷ ইণ্ডিয়ান পেন'ৰামা অাছিল ২০১৩ চনত ৷  অসম চৰকাৰৰ বঁটাটো পালোঁ ২০১৫ চনত ৷ অাচলতে হ'ব লাগিছিল ২০১৪ চন ৷ নহ'ল নাই ৷ কাক বুজাম, কোনে বুজিব !    

অান এটা কথা হ'ল ৰাজ্যিক বঁটাৰ প্ৰমাণ পত্ৰত চহী কৰিব কোনে ? চৰকাৰে মানি চলা কথা হ'ল চৰকাৰে দিয়া প্ৰামাণিক তথ্যপত্ৰত চহী কৰিব পাৰে ৰাজপত্ৰিত বিষয়াই ৷ একোটা বিভাগৰ পৰা দিয়া প্ৰমাণপত্ৰত বিভাগৰ উচ্চপদস্থ বিষয়াই চহী কৰে ৷ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ প্ৰমাণ পত্ৰত চহী কৰে বিভাগৰ সচিবে ৷ এই বঁটাৰ কামটো কৰে চলচ্চিত্ৰ মহোৎসৱ সঞ্চালকালয়ে, কিন্তু সঞ্চালকালয়ৰ বিষয়াই তাত চহী নকৰে ৷ এই প্ৰতিযোগিতা চলাওতে বহু বিভাগে বিভিন্ন ধৰণৰ দায়িত্ব পালন কৰে, সেই বিভাগবোৰৰ বিষয়া বা পদাধিকাৰীয়ে প্ৰমাণ পত্ৰত চহী নকৰে ৷ প্ৰমাণপত্ৰখন এখন চৰকাৰী নথি ৷ চৰকাৰী নিয়মমতেহে চৰকাৰী নথি প্ৰদান কৰা উচিত ৷ 

এদিন কথা প্ৰসংগত চলচ্চিত্ৰ বিত্ত অাৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে কৈছিল যে এই ৰাজ্যিক বঁটাক তেখেতে ৰাষ্ট্ৰীয় বঁটাৰ দৰে সন্মানীয় কৰি তুলিব, সকলো কাম কাজ-তেনেদৰে কৰিব ৷ তেখেতৰ এই সদ্ ইচ্ছাই ৰাজ্যিক বঁটাটোক উচ্চ অাসনলৈ লৈ যাব ৷ 



এটা সৰু খুদুৱনি ৷ চিঠিখনত দেখা পালোঁ বঁটাৰ ট্ৰফীটোৰ দুয়োকাষে কেনছ ফিল্ম ফেষ্টিভেলৰ গছপাত কেইটাৰ দৰে দুলানি পাতৰ সংযোজন কৰা হৈছে ৷ হয়তো কেনছ ফিল্ম ফেষ্টিভেল চাই অহা বিভাগীয় বিষয়াই এই সংযোজনটি কৰিলে ৷ এইটো চাবলৈ কেনছ-লৈ নগলেও হয়, ৱেবচাইটতে পোৱা যায় ৷ হলেও চৰকাৰী খৰচত গৈছে যেতিয়া কিবা এটা প্ৰভাবতো লৈ অাহিল ৷ 




Thursday, March 2, 2023

টোপালবোৰ

অনন্যা মুখাৰ্জীৰ কবি তা এটা পঢ়ি ভাল লাগিল, অনুবাদ কৰিলোঁ ৷ 

টোপালবোৰ
তোমাক আগতেও কৈছোনে বাৰু
টোপালবোৰে মোৰ সতে কথা পাতে
সিহঁত যেতিয়া সৰি নপৰে মেঘৰ পৰা,
তেতিয়াও ৷ 
আনকি হাতৰ তলুৱাত তুলি ল’ব নোৱাৰিলেও।

শুনাচোন, মোৰ মৌন চকুহাল জ্বলাই কি কয় কাজলে
চোৱাচোন,
হেমন্তৰ শুকান পাতত লুকাই থকা
মোৰ চকুৰ লোটক
অনুভব কৰাচোন মোৰ ডিঙিৰ ৰুদ্ধময় ভাব 
যেন মই গাই অাছোঁ ৰাষ্ট্ৰীয় সংগীত

খোজ কাঢ়া মোৰ সতে
মুকুতা খটোৱা ঘাঁহৰ ওপৰেৰে
মোক দেখুওৱা মাথোন এটা কাম
দয়া অাৰু কৰুণাৰ 
কোৱা সাহসৰ এটি কাহিনী
দুবাহু মেলি স্বাগতম জনোৱা মোক

অাৰু যেতিয়া,
মই লেখা শব্দৰ ওপৰত
সৰি পৰে এটা চিয়াঁহীৰ টোপাল
অাঁকি দিয়ে এটি অযথাৰ্থ দাগ
টোপালবোৰে আলিংগন কৰে
আৰু  কথা পাতে ইজনে সিজনৰ সতে ৷