Tuesday, March 7, 2023

ৰাজ্যিক চলচ্চিত্ৰ বঁটা

 ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰতি বছৰে দিয়া হয় ৷ অসম চৰকাৰেও ৰাজ্যিক চলচ্চিত্ৰ বঁটা দি অাহিছে, কেতিয়াবা এক বছৰৰ ,কেতিয়াবা দুই - অাঢৈ বছৰৰ, মাজতে হয়তো দিয়াই নাই ৷ এইবাৰ পুনৰ দিবলৈ ওলাইছে ৷ এইটো ভাল খবৰ ৷ এইবাৰ ২০১৮ অাৰু ২০১৯ বৰ্ষৰ বাবে বঁটা দিয়া হ'ব ৷ বঁটা প্ৰদান অনুষ্ঠানৰ চিঠিখনত লেখা মতে এয়া অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০২৩ ৷ অৰ্থাৎ বঁটাৰ ধাৰাবাহিকতা মতে অষ্টম বাৰৰ বাবে বঁটা প্ৰদান কৰা হ'ব,  দুই বছৰৰ একেলগে- ২০২৩ চনত ৷ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ক্ষেত্ৰত নামটোত যি বছৰৰ বঁটা সেই চনটো লেখা থাকে,  ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২০ - বুজিবলৈ ভাল, ২০১৯ চনৰ ছবিবোৰৰ মাজত হোৱা প্ৰতিযোগিতাৰ বঁটা ৷ এই দৃষ্টিৰে অসম ৰাজ্যিক বঁটাৰ কথাটো বুজিবলৈ অলপ জটিল হ'ব ৷ এই কথাবোৰ সিদ্ধান্ত গ্ৰহন কৰা সকলে বুজাটোৱেই অাচল কথা ৷ অাৰু এটা কথা - এইবাৰ ২০১৮-২০১৯ চনৰ বঁটা দিয়া হ'ল, অাৰু কেইবছৰমান বাকী থাকি গ'ল ৷ চৰকাৰে ভাবিলে - অক্টোবৰ মাহত অাৰু দুবছৰৰ অৰ্থাৎ ২০২০ অাৰু ২০২১ চনৰ বঁটা দিয়া হওক ৷ তেতিয়া কি হ'ব - নৱম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০২৩ ৷ ডিচেম্বৰত ভাবিলে ২০২২ বছৰৰ বঁটা দি কথাখিনি ছিজিল কৰা হওক ৷ দশম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০২৩ ৷ মই তথ্যচিত্ৰৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলোঁ ৷ ছবিখন অাছিল ২০১৩ চনৰ ৷ ইণ্ডিয়ান পেন'ৰামা অাছিল ২০১৩ চনত ৷  অসম চৰকাৰৰ বঁটাটো পালোঁ ২০১৫ চনত ৷ অাচলতে হ'ব লাগিছিল ২০১৪ চন ৷ নহ'ল নাই ৷ কাক বুজাম, কোনে বুজিব !    

অান এটা কথা হ'ল ৰাজ্যিক বঁটাৰ প্ৰমাণ পত্ৰত চহী কৰিব কোনে ? চৰকাৰে মানি চলা কথা হ'ল চৰকাৰে দিয়া প্ৰামাণিক তথ্যপত্ৰত চহী কৰিব পাৰে ৰাজপত্ৰিত বিষয়াই ৷ একোটা বিভাগৰ পৰা দিয়া প্ৰমাণপত্ৰত বিভাগৰ উচ্চপদস্থ বিষয়াই চহী কৰে ৷ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ প্ৰমাণ পত্ৰত চহী কৰে বিভাগৰ সচিবে ৷ এই বঁটাৰ কামটো কৰে চলচ্চিত্ৰ মহোৎসৱ সঞ্চালকালয়ে, কিন্তু সঞ্চালকালয়ৰ বিষয়াই তাত চহী নকৰে ৷ এই প্ৰতিযোগিতা চলাওতে বহু বিভাগে বিভিন্ন ধৰণৰ দায়িত্ব পালন কৰে, সেই বিভাগবোৰৰ বিষয়া বা পদাধিকাৰীয়ে প্ৰমাণ পত্ৰত চহী নকৰে ৷ প্ৰমাণপত্ৰখন এখন চৰকাৰী নথি ৷ চৰকাৰী নিয়মমতেহে চৰকাৰী নথি প্ৰদান কৰা উচিত ৷ 

এদিন কথা প্ৰসংগত চলচ্চিত্ৰ বিত্ত অাৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে কৈছিল যে এই ৰাজ্যিক বঁটাক তেখেতে ৰাষ্ট্ৰীয় বঁটাৰ দৰে সন্মানীয় কৰি তুলিব, সকলো কাম কাজ-তেনেদৰে কৰিব ৷ তেখেতৰ এই সদ্ ইচ্ছাই ৰাজ্যিক বঁটাটোক উচ্চ অাসনলৈ লৈ যাব ৷ 



এটা সৰু খুদুৱনি ৷ চিঠিখনত দেখা পালোঁ বঁটাৰ ট্ৰফীটোৰ দুয়োকাষে কেনছ ফিল্ম ফেষ্টিভেলৰ গছপাত কেইটাৰ দৰে দুলানি পাতৰ সংযোজন কৰা হৈছে ৷ হয়তো কেনছ ফিল্ম ফেষ্টিভেল চাই অহা বিভাগীয় বিষয়াই এই সংযোজনটি কৰিলে ৷ এইটো চাবলৈ কেনছ-লৈ নগলেও হয়, ৱেবচাইটতে পোৱা যায় ৷ হলেও চৰকাৰী খৰচত গৈছে যেতিয়া কিবা এটা প্ৰভাবতো লৈ অাহিল ৷