Thursday, March 2, 2023

টোপালবোৰ

অনন্যা মুখাৰ্জীৰ কবি তা এটা পঢ়ি ভাল লাগিল, অনুবাদ কৰিলোঁ ৷ 

টোপালবোৰ
তোমাক আগতেও কৈছোনে বাৰু
টোপালবোৰে মোৰ সতে কথা পাতে
সিহঁত যেতিয়া সৰি নপৰে মেঘৰ পৰা,
তেতিয়াও ৷ 
আনকি হাতৰ তলুৱাত তুলি ল’ব নোৱাৰিলেও।

শুনাচোন, মোৰ মৌন চকুহাল জ্বলাই কি কয় কাজলে
চোৱাচোন,
হেমন্তৰ শুকান পাতত লুকাই থকা
মোৰ চকুৰ লোটক
অনুভব কৰাচোন মোৰ ডিঙিৰ ৰুদ্ধময় ভাব 
যেন মই গাই অাছোঁ ৰাষ্ট্ৰীয় সংগীত

খোজ কাঢ়া মোৰ সতে
মুকুতা খটোৱা ঘাঁহৰ ওপৰেৰে
মোক দেখুওৱা মাথোন এটা কাম
দয়া অাৰু কৰুণাৰ 
কোৱা সাহসৰ এটি কাহিনী
দুবাহু মেলি স্বাগতম জনোৱা মোক

অাৰু যেতিয়া,
মই লেখা শব্দৰ ওপৰত
সৰি পৰে এটা চিয়াঁহীৰ টোপাল
অাঁকি দিয়ে এটি অযথাৰ্থ দাগ
টোপালবোৰে আলিংগন কৰে
আৰু  কথা পাতে ইজনে সিজনৰ সতে ৷ 

No comments:

Post a Comment

Featured Post

বিৰল ৰাগ ‘চন্দ্ৰনন্দন’ৰ শান্ত পৰিবেশন

আকাশত উজলি থকা অলেখ তৰা আৰু পূৰ্ণচন্দ্ৰৰ স্নিগ্ধতাই সৃষ্টি কৰা এক ৰহস্যময় সৌন্দৰ্যৰ সৈতে ‘চন্দ্ৰনন্দন’ ৰাগক তুলনা কৰিব পাৰি ৷ এই ৰাগটো কোনো ...