Sunday, February 26, 2023

ব্লেক এণ্ড হোৱাইটে বহন কৰা ৰংবোৰ

 


ব্লেক এণ্ড হোৱাইট চালোঁ ৷ চালোঁ মানে টিকট কাটি চালোঁ, প্ৰিমিয়াৰ বা বিশেষ দৰ্শণী নহয় ৷ পৰিচালক শ্ৰীযুত ধনজিৎ দাসৰ প্ৰথমখন ছবিও টিকট কাটিয়েই চাইছিলোঁ ৷ কথাটো  এইকাৰণেই উল্লেখ কৰা হ'ল যে বহুতৰে ধাৰণা অাছে অামি বিনা পইচাতে চিনেমা চাওঁ অাৰু ভাল বুলি কওঁ ৷ কষ্ট উপাৰ্জিত ধন অাৰু মূল্যবান সময় খৰচ কৰি চিনেমা চাও - ভাল হলে অানন্দ পাওঁ, বেলেগেও চাওক বুলি ফেচবুকত অাপদেট দিওঁ ৷ চাই  ভাল নাপালে পালে মনে মনে থাকোঁ ৷ 

ব্লেক এণ্ড হোৱাইট চাই ভাল পালোঁ ৷ কিয় ভাল পালোঁ -

১. পৰিচালকে জানে চিনেমা কি ৷ তেখেতে নাটকৰ ফটো তোলা নাই, চিনেমা কৰিছে ৷  ছবিখনৰ ৰং ৷ খুব সুন্দৰ ৷ কিছুমান দৃশ্যৰ লোকেচন নিৰ্বাচন মনত ৰৈ যোৱা ৷  

২. ৰাজু ৰয়ৰ নিৰ্বাচন ৷ তেখেত সঁচাকৈয়ে ডাৰ্ক হৰ্চ ৷ খুব ভাল পালোঁ তেখেতৰ অভিনয় ৷ সিদিনা এখন নাটকত তেখেতৰ অভিনয় চাইছিলোঁ, সেই অভিনয় অাৰু অাজিৰ অভিনয় বহুত বেলেগ ৷ ইমান বেলেগ বেলেগ ধৰণে নিজকে থিয় কৰাব পৰা অভিনেতা অসমত খুব কম ৷ অভিনন্দন জনাও বুলি ফোন কৰিছিলোঁ, তেখেতে ফোনটো নধৰিলে, অচিনাকি নম্বৰ বুলি ফোন নধৰাটো অতি স্বাভাবিক ৷ (সংযোজন - এই লেখাখিনি পোষ্ট কৰিবলৈ লোৱা সময়তে তেখেতে ফোন কৰিলে -)

৩. ৰবি শৰ্মা ৷ ৰবিৰ প্ৰতি মোৰ বিশেষ মৰম অাছে ৷ তেওঁক মই বহু বছৰ অাগৰ পৰাই জানো, এল পি স্কুলত পঢ়া দিনৰ পৰাই জানো ৷ তেওঁক দেখি খুব ভাল লাগিল ৷

৪. ডৰথি অাৰু স্বাগতা - দুয়োকে ভাল লাগিল ৷  অসমীয়া চিনেমাৰ নতুন ধাৰাটোৰ দুগৰাকী প্ৰধান অভিনেত্ৰী হ'ল এই দুগৰাকী ৷ দুয়ো মুখামুখি হোৱা দৃশ্যটি অাৰু অধিক প্ৰভাবশালী হোৱা হ'লে মোৰ ভাল লাগিলহেতেন ৷ কিন্তু চিনেমাখনতো মই কৰা নাই, মোৰ ভাবৰ কি মূল্য ৷ বিনোদনধৰ্মী ছবি এখন দৰ্শকৰ ওচৰলৈ নিবলৈ হাতত থকা সকলো অস্ত্ৰ পৰিচালকে ব্যবহাৰ কৰে ৷ 'সৌদাগৰ' ছবিত দিলীপ  কুমাৰ অাৰু ৰাজকুমাৰৰ মুখামুখিৰ দৃশ্যটো কিমান ধৰণে প্ৰচাৰ কৰিব পৰা যায় - কথাটো সুভাষ ঘায়ে ভাবিছিল, অামি প্ৰভাবিত হৈছিলোঁ ৷ এই কথাটো শ্ৰীযুত ধনজিত দাসে নাভাবিও পাৰে ৷

এয়া ছবিখনৰ সমালোচনা নহয়, মোৰ প্ৰথম প্ৰতিক্ৰয়াহে ৷ সমালোচনা পাচত লেখিম ৷