Friday, February 24, 2023

ৰামায়ণৰ ভূগোল

‘ৰামায়ণৰ ভূগোল’ (মূল ইংৰাজী কিতাপখনৰ নাম জিওগ্ৰাফি অব ৰামায়ণ’) ৷ বিষয়টো কৌতুহলউদ্দীপক ৷ বহুদিনৰ অাগতে নগাঁওৰ অধ্যাপক শ্ৰীযুত জ্যোতিৰ্ময় জানাৰ সতে কালিদাসৰ মেঘদূতখনৰ কথা অালোচনা কৰোতে এখন পুৰণি কিতাপ দেখুৱাই মেঘ যোৱা পথটিৰ অৱস্থিতি দেখুৱাইছিল ৷ সেই কিতাপখনৰ লেখকে ভূগোল সংক্ৰান্তীয় তথ্য লৈছিল অানন্দৰাম বৰুৱাৰ ১৮৮০ চনত প্ৰকাশিত ‘এনচিয়েন্ট জিও’গ্ৰাফি অব ইণ্ডিয়া’ গ্ৰন্থৰ পৰা ৷ সেই কথাটোৱে বহুদিনলৈ চিন্তাৰ খোৰাক যোগাই অাছিল ৷ লাহে লাহে বিষয়টিৰ লগত সম্বন্ধ হেৰাই গৈছিল ৷

অাজি হঠাতে জিজিত নাদুমুৰি ৰবিৰ ‘জিওগ্ৰাফি অব ৰামায়ণ’ গ্ৰন্থখন হাতত পৰাৰ লগে লগে লেখকগৰাকীৰ বিষয়ে জানিবলৈ মন গ’ল ৷ জিজিৎ হ’ল মহাকাশ বিজ্ঞানী, ইছৰো অাছিল তেওঁৰ কৰ্মস্থল ৷ ইয়াৰ অাগতে তেওঁ লেখিছিল ‘ৰিভাৰছ অব ঋক্‌বেদ’ নামৰ বাখ্যামূলক এখন গ্ৰন্থ ৷ ‘মহাভাৰত’ অন্যতম অথৰিটি হিচাপে প্ৰতিস্থিত পণ্ডিত বিবেক দেবৰয়ে কিতাপ খনৰ উচ্চ প্ৰশংসা কৰিছিল ৷

প্ৰাচীন ভাৰত বিষয়টিয়ে তেওঁক সদায়েই অাকৰ্ষণ কৰি অাহিছে অাৰু প্ৰাচীন ভাৰতৰ বিভিন্ন কথা অাধুনিক দৃষ্টিৰে বাখ্যা কৰাত নিজকে নিমগ্ন ৰাখিছে ৷ তেওঁএনচিয়েন্টভইচ’ (এনচিয়েন্টভইচ(ডট)উইকিডট(ডট)কম নামেৰে এটা ৱেবছাইট মুকলি কৰিছিল। এই ৱেবছাইটত  মহাভাৰত, ৰামায়ণ, বেদ আৰু পুৰাণৰ অাদিৰ বিভিন্ন দিশৰ ওপৰত অালোচনা কৰা প্ৰবন্ধ অাছে  ৷ সেই প্ৰবন্ধখিনিয়ে লৈছে এফ’ৰ অাকৃতিৰ মুঠ ২৫,৩৭৬ পৃষ্ঠা ৷

জিজিথে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় সন্মিলনত বক্তা হিচাপে অংশগ্ৰহন কৰিছিল আৰু মহাভাৰত ভূগোলৰ বিষয়ে ৭খনতকৈও অধিক গৱেষণা পত্ৰ পাঠ কৰিছিল ৷ কুৰুক্ষেত্ৰ যুদ্ধৰ সময় নিৰ্ধাৰণৰ  গবেষক অাৰু বাখ্যাকাৰ হিচাপেও তেওঁ বিশ্বৰ বিভিন্ন বিশ্ববিদ্যালয়ত ভাষণ দি অাহিছে ৷ জিজিথে ভাৰ্চুৱেল ৰিয়েলিটি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰি ধৰ্ম ডিজিটেল (ডট) ইন নামৰ এখন প্লেটফৰ্ম প্ৰতিষ্ঠা কৰিছিল। এই ৱেবছাইটটিয়েও বিভিন্ন চিন্তাৰ খোৰাক অাগবঢ়াইছে ৷

ৰামায়ণ অধ্যয়ন  কৰি জিজিতে উলিয়াই লৈছে ৰাম কেতিয়া কোন ঠাইৰ পৰা কলৈ গৈছিল ৷ তাৰ পাচত সেই ঠাইবোৰ সংযোগ কৰি চাইছিল ৷ কেতিয়াবা দেখিছে দুখন ঠাইৰ মাজত বহু ঠাইৰ উল্লেখ নাই যাৰ বাবে তেওঁ ঠাই দুখন সংযোগ কৰাত ভালেখিনি অসুবিধাৰ সম্মুখীন হৈছিল ৷ কেতিয়াবা একে নামৰ একাধিক ঠাইৰ নামো তেওঁ বিচাৰি পাইছিল ,এই একাধিক নামেও তেওঁৰ অধ্যয়ন জটিল কৰি তুলিছিল ৷

‘ৰামায়ণ’ৰ লেখক বাল্মীকি হলেও এই মহাকাব্যখনৰ ভালেমান সংস্কৰণৰ প্ৰচলন অাছে যিবোৰত বাল্মীকিৰ ৰামায়ণত নথকা তথ্যৰ সংযোজন ঘটিছে অথবা তথ্য বাদ দিয়া হৈছে ৷ ঠিক তেনেদৰে বিভিন্ন অাঞ্চলিক ভাষাতো ৰামায়ণ পুনৰ কথিত হৈছে অাৰু তেনে সংস্কৰণবোৰত স্থানীয় তথ্যৰো প্ৰবেশ ঘটিছে ৷ এই তথ্যবোৰেও জিজিতৰ অধ্যয়নক প্ৰভাবিত কৰিছিল ৷ শেষত জিজিতে অৱলম্বন হিচাপে লৈছিল বৰোডাৰ অৰিয়েন্টেল ইন্সটিটিউটে ৰামায়ণ অধ্যয়ণৰ বাবে প্ৰস্তুত কৰা মেথদ’লজি ৷

জিজিতৰ এই ধাৰাবাহিক অধ্যয়ন হ’ল ভাৰতৰ ইতিহাস অাৰু ভূগোলৰ পুনৰ অধ্যয়ণ ৷ এই অধ্যয়ণে সামগ্ৰিক ভাবে পাঠকৰ চিন্তা অাৰু বিশ্লেষণ শক্তিক ধাৰ দিব ৷     

 https://cutt.ly/G8yIJOX