Tuesday, October 25, 2022

সম্পাদকৰ অনুৰোধ লেখকে নুুশুনে কিয়?

নিয়মীয়া বাৰ্তাৰ ২৬ অক্টোবৰ সংখ্যাত প্ৰকাশিত

আলোচনী আৰু বাতৰি কাকত দুয়োখনতেই সম্পাদক আৰু লেখকৰ সম্বন্ধ এটাই আনটোক এৰাব নোৱৰা ৷ বাতৰি কাকতত খবৰ দিয়াৰ বাবে বিভিন্ন এজেন্সি, সাংবাদিক আদি থাকে, তেওঁলোকে বৃত্তিগত কাৰণতেই খবৰ পঠিয়াই থাকিব, সেই খবৰেই কাকত এখনৰ মূল শক্তি ৷ কিন্তু তাৰ লগতো কাকত একোখনে আন কিছু লেখা প্ৰকাশ কৰাৰ প্ৰয়োজন হয় যিবোৰ কাকতখনত নিয়োজিত সাংবাদিক অথবা বিশেষভাবে বন্দবস্ত কৰি থোৱা লেখকে লেখে ৷ তাৰ বাহিৰেও কাকত একোখনক কিছু লেখাৰ দৰকাৰ হয় ৷ বাহিৰৰ পৰা লেখকে আগ্ৰহেৰে পঠোৱা লেখাৰে এই প্ৰয়োজন পূৰণ কৰা হয় ৷ ঠিক তেনেদৰে আলোচনীবোৰ মূলতঃ বাহিৰৰ পৰা লেখকে আগ্ৰহেৰে পঠোৱা লেখাৰ ওপৰত নিৰ্ভৰশীল ৷ বাতৰি কাকত আলোচনী আদি নহ’লে যেনেদৰে বহু লেখকৰ বাবে প্ৰকাশৰ সুবিধা নাথাকে তেনেদৰে লেখকৰ স্বতঃস্ফূৰ্ত সহযোগৰ অবিহনে কাকত আলোচনীৰো অসুবিধা হয় ৷ এক কথাত নিজৰ নিজৰ স্বাৰ্থ বা প্ৰয়োজনত উভয়ে উভয়ৰ ওপৰত নিৰ্ভৰশীল ৷ 
প্ৰায় চাৰি দশক আগৰ পৰাই আলোচনী আৰু কিছুমান কাকততো দেখিবলৈ পোৱা গৈছিল যে সম্পাদকে লেখকসকলক অনুৰোধ কৰি কিছুমান কথা কয় ৷ সেই কথাবোৰৰ ভিতৰৰ কেইটামান আছিল আখৰবোৰ স্পষ্টকৈ লেখিব লাগে, বাক্যবোৰৰ মাজত যথেষ্ঠ ফাঁক ৰাখিব লাগে, এপিঠিত লেখিব লাগে, পৃষ্ঠা নম্বৰ দিব লাগে ইত্যাদি ৷ এই নিৰ্দেশনাবোৰ লেখকৰ চিন্তা-ভাবনাক কেন্দ্ৰ কৰি নাছিল, আছিল মুদ্ৰনৰ সুবিধাৰ দিশৰ পৰা ৷ কিন্তু একেই কথা যুগ যুগ ধৰি কৈ থকাৰ পৰা এটা কথাকেই অনুমান কৰিব পাৰি যে কথাবোৰ লেখকসকলে শুনা নাই বা শুনিবলৈ মন কৰা নাই ৷ কিয় নুশুনে ? ব্যক্তিগত অভিজ্ঞতাৰ পৰা অনুমান কৰিব পাৰো যে এই কথাবোৰ মানি লেখিবলৈ বহিলে কিছুমান লেখকে নিজৰ সৃষ্টিশীলতাত বাধা পৰিব বুলি ভাবে ৷ লেখিবলৈ বহি যদি আখৰৰ আকৃতি, বাক্যৰ মাজৰ ফাঁক, কাগজৰ আকৃতি [কিছুমান পান্ডু লিপি দেখাৰ সুবিধা হৈছিল য’ত প্ৰথম পৃষ্ঠাটো এ ফ’ৰ আকৃতিৰ, দ্বিতীয়টো ফুলস্কেপ, তৃতীয়টো কেনোবা নোটবুকৰ পৰা বেয়াকৈ ফালি দিয়া ৰুল টনা কাগজ ইত্যাদি] এইবোৰ কথা ভাবি থাকিলে লেখাৰ গতিয়ে বাধা পাব বুলি লেখকগৰাকীয়ে ভাবে ৷ ইমানখিনিলৈকে ঠিকেই আছে ৷ কিন্তু একে গৰাকী লেখকে জানো চুবুৰীৰ সাহিত্য আলোচনা সভালৈ যাওতে ঘৰতে আৰমদায়ক ভাবে পিন্ধি  থকা লুঙী আৰু গেঞ্জী অথবা বিবৰ্ণ হৈ পৰা নাইটি এটা অন্তৰ্বাস নিপিন্ধাকৈ পিন্ধি ওলাই যাব ৷ নিশ্চয় নাযায় ৷ কাৰণ ঘৰৰ ৰূপেৰে সামাজিক স্থানলৈ সকলো সময়তে যাব নোৱাৰি [ভূমিকম্পৰ সময়ত দৌৰ মৰা কথাটো বেলেগ] ৷ একে কথা নিজৰ লেখাটোৰ লগতো প্ৰযোজ্য ৷ নিজে বেয়া হাতৰ আখৰেৰে লেতেৰা পেতেৰা কাগজত ৰং বিৰঙৰ চিয়াহীৰে লেখিব পাৰে, কিন্তু তাক এগৰাকী সম্পাদকৰ টেবিললৈ পঠোৱাৰ সময়ত ভালদৰে পঠোৱা উচিত, অকল সম্পাদকে কোৱা বাবে নহয়, নিজৰ লেখাটোৰ প্ৰতি থাকিবলগীয়া মৰমৰ বাবেও ৷ লেখাটি এজনে পঢ়িব, কিবা ভুল-ভ্ৰান্তি থাকিলে শুদ্ধ কৰিব, তাৰ বাবে লেখাটোৰ শব্দবোৰৰ লগতে ঠাই থাকিব লাগিব, সেই লেখাটো এজনে কম্প’জ কৰিব,  সৰু সৰু আখৰ কম্প’জ কৰাটো কিমান কষ্টকৰ সেই বিষয়ে লেখক এজনৰ সাধাৰণ ধাৰণা থকা বুলিয়েই ভাব হয় ৷ কিন্তু বহু লেখকে নিজৰ সৃষ্টিক লৈ ইমানেই উচ্ছ ধাৰণা পোষণ কৰি থাকে যে সেই লেখাটো আখৰ-কাগজ আদিৰ বাবেই অপাঠ্যত পৰিণত হৈছে সেই কথাটো উপলব্ধি নকৰে ৷ এবাৰ এগৰাকী অভিজ্ঞ কম্প’জিটৰে কৈছিল ‘যিজন লেখকে নিজৰ লেখাটোৰ চেহেৰাৰ দুৰ্বলতাকেই ধৰিব নোৱাৰে সেইজন লেখকে আৰু কি ডাঙৰ কথা চিন্তা কৰিবহে ৷’ কথাটো শুনাত বেয়া লাগিব পাৰে, কিন্তু সত্য ৷ 
শেহতীয়াভাবে দেখা গৈছে এই নিয়মীয়া বাৰ্তা কাকতখনতেই বাৰে বাৰে ঘোষণা দি থকা হৈছে যে বাৰশ শব্দৰ অধিক হলে লেখাবোৰ কঠোৰ ধৰণে সম্পাদনা কৰা হ’ব ৷ কিন্তু  এই ঘোষণাৰ ওচৰতেই তাতকৈ অধিক শব্দৰ ৰচনা প্ৰকাশ পোৱা দেখা যায় ৷ ফলত পাঠকসকলে ভাবে এনেকুৱা ঘোষণা এটা এনেয়ে দি থকা হয় ৷ 
লেখা এটা কঠোৰ ভাবে সম্পাদনা কৰা কামটো সম্পাদকৰ বাবে থৈ দিয়াৰ পৰিবৰ্তে আমাৰ লেখকসকলে কামটো নিজেই কৰিব নোৱাৰে নেকি ? কিছুমান লেখকে কয় ‘মোৰ লেখাৰ বিয়বস্তুটো ইমানেই ব্যাপক যে তাক চুটিকৈ লেখিব নোৱাৰি’ ৷ সন্দেহ নাই, একোটা বিষয়ত দীঘল প্ৰবন্ধ একোটা অনায়াসে লেখি দিব পাৰি আনকি একোখন কিতাপো লেখি দিব পাৰি ৷ কিন্তু সেই একেটা বিষয় বাতৰি কাকতৰ সীমিত ঠাইত বা তাতকৈ অলপ বেচি ঠাই দিয়া আলোচনীত লেখিবলৈ হ’লে লেখকজনে সেই ধৰণে নিজকে সাজু কৰিব লাগিব ৷ কোনো বুদ্ধিমান লেখকে এটা দৰকাৰী বিষয়ৰ কিতাপ এখন বাতৰি কাকতৰ প্ৰবন্ধ হিচাপে ছপাবলৈ নিশ্চয় নিদিয়ে ৷ সাধাৰণতে দৈনিক কাতৰি কাকত একোখনৰ এটা পৃষ্ঠাৰ চাৰিভাগৰ এভাগেই একোটা লেখনিৰ  বাবে দিব পৰা সৰ্বাধিক ঠাই ৷ এই ঠাইডোখৰতে লেখকজনে তেখেতৰ পাণ্ডিত্য আৰু ৰচনা দক্ষতা প্ৰকাশ কৰিব লাগিব ৷
আমাৰ বাতৰি কাকতত প্ৰকাশিত অধিকাংশ ৰচনা অদৰকাৰী অলংকাৰ, পাতনি আৰু বহ ক্ষেত্ৰত নিজৰ প্ৰশংসা বা দক্ষতাৰ কথাৰে ভাৰাক্ৰান্ত ৷ এইটো ঠিক যে বিশেষ কোনো পৰিকল্পনা নোহোৱাকৈ লেখি যোৱা লেখকসকলৰ বহুতে নিজৰ আবেগময় লেখাটি পুণৰবাৰ পঢ়ি চোৱা বুলি ধাৰণা নহয় ৷ এবাৰ লেখাৰ পাচত মনযোগেৰে পঢ়ি অদৰকাৰী কথাবোৰ কাটি দিলে আৰু পুণৰুক্তি থকা কথাবোৰ বাদ দিলে লেখাবোৰ নিজেই চুটি হৈ পৰিব আৰু সম্পাদকৰ বোজাও কম হৈ পৰিব ৷ কঠোৰ হাতেৰে সম্পাদনা কৰা হ’ব বুলি বাৰে বাৰে ঘোষণা কৰাৰ পাচতো সম্পাদকে কিয় অদৰকাৰী ভাবে দীঘল লেখাবোৰ প্ৰকাশ কৰে ধৰা টান, লেখক আৰু সম্পাদকৰ এই বুজাবুজিৰ কাৰণো অনুমান কৰা টান ৷ কিন্তু ইয়াৰ ফল ভোগ কৰে পাঠকে আৰু সামগ্ৰিকভাবে সংবাদ আৰু সাহিত্যৰ জগতখনে ৷ 
লেখক এগৰাকীয়ে নিজে যদি নাজানে তেখেতে প্ৰকাশৰ বাবে পঠোৱা লেখাটি সেই কাকত খনৰ বাবে যুক্তিপূৰ্ণ দৈৰ্ঘ্যৰ হৈছে নে নাই,তেনেহলে তেখেতে কিছুদিন অনুশীলন কৰাটো উচিত ৷ এই কামটো বাধ্য কৰাব পাৰে সম্পাদকে ৷ কিন্তু দুখ লাগে লেখক-সম্পাদক কোনেও লেখাৰ বা প্ৰকাশৰ সময়ত পাঠকৰ কথা মনত নাৰাখে ৷ সাধাৰণতে মাহেকীয়া বন্দবস্তত দৈনিক কাকত এখন লোৱা হয় বাবে এটা বিৰক্তিকৰ ভাবে দীঘল প্ৰবন্ধৰ বাবে কোনেও কাকতখন বাদ দিয়াৰ কথা নাভাবে ৷ এই সুযোগটোকে সম্পাদক আৰু লেখকে গ্ৰহন কৰে ৷ লেখা চুটি কৰিব পৰা দক্ষ সহকাৰী নিৰ্বাচন আৰু লেখক চুটি লেখিবলৈ অনুপ্ৰাণিত কৰা মানুহজন কিন্তু সম্পাদক গৰাকীয়েই ৷ এটা কথা ঠিক যে বহু লেখকে সম্পাদনা কক্ষত এটা শব্দ কাটিলেও বেয়া পায় ৷ তেনে লেখকৰ আবেগৰ লগতে এটাও অদৰকাৰী শব্দ নিলিখাৰ যোগ্যতাও থাকিব লাগে ৷ অদৰকাৰী শব্দ নিলিখাটো টান কাম নহয়, অলপ অনুশীলনীৰে সেই দক্ষতা অৰ্জন কৰিব পাৰি৷ এই কামত কিন্তু প্ৰথম দায়িত্ব সম্পাদকৰেই ৷ 
ছবিখন প্ৰস্তুত কৰি দিছে ডঃ বুলজিৎ বুঢ়াগোহাঁঞিয়ে, তেখেতলৈ ধন্যবাদ ৷
 

Saturday, October 15, 2022

কথোপকথনত প্ৰবাল বৰুৱা

এই চিনেমাখন আমাৰ বাবে এটা এডভান্সাৰৰ দৰে আছিল

‘মোৰ শেষ গান ....’ ছবিখনৰ প্ৰযোজক বিজয় দুৱৰা, পৰিচালক প্ৰবাল বৰুৱা৷ বিজয় দুৱৰা কটন কলেজৰ ছাত্ৰ নেতা আছিল, তাৰ পাচত মুম্বাস পালেগৈ, নতুন চিনাকিৰে অসমীয়া মানুহৰ মাজলৈ আহিল- গীতিকাৰৰ চিনাকি ৷ জীতুল সোণোৱালৰ আত্মপ্ৰকাশৰ সময়ৰ গীতবোৰৰ গীতিকাৰ ৷ এতিয়া তেওঁ মুম্বাইত প্ৰতিষ্ঠিত বিজ্ঞাপন ছবি নিৰ্মাতা ৷ প্ৰবাল বৰুৱা গুৱাহাটীৰে ল’ৰা, এতিয়া মুম্বাইত প্ৰতিষ্ঠিত টিভি চিৰিয়েলৰ পৰিচালক ৷ ‘চি আই ডি’ নামৰ ধাৰাবাহিকখনৰ দেৰ শৰো অধিক খণ্ড তেওঁ পৰিচালনা কৰিছে৷ এই দুগৰাকী লোকে নিৰ্মাণ কৰিবলৈ লোৱা চিনেমাখনৰ প্ৰতি আগ্ৰহ থকাটোৱেই স্বাভাবিক ৷ 
গুৱাহাটীৰ এখন ৰেষ্ট’ৰাত আমাৰ প্ৰথম চিনাকি ৷ প্ৰযোজক পক্ষই আয়োজন কৰিছিল সেই বৈঠকৰ ৷ 
মোৰ প্ৰথম প্ৰশ্নটি আছিল [সাধাৰণতে এনে এটা প্ৰশ্নৰেই মই কথোপকথন আৰম্ভ কৰোঁ৷ প্ৰশ্নকৰ্তাই  সহজ অনুভব কৰে আৰু কথা-বতৰাও সুন্দৰকৈ আগবাঢ়ে] এনে ধৰণৰ ঃ কি প্ৰশ্ন সুধিলে আপুনি ভাল পাব?
বৰুৱা ক্ষন্তেক সময় মনে মনে ৰ’ল ৷  তাৰ পাচত আৰম্ভ কৰিলে - মোক চিনেমাখনৰ বিষয়ে যদি সোধে আৰু যিটো প্ৰশ্ন বহুত মানুহে সুধিছে - ইমান বছৰ কিয় লাগিল অসমলৈ আহি চিনেমা এখন পৰিচালনা কৰিবলৈ - এইটো প্ৰশ্ন ৷
ঃ ঠিক আছে, এইটো প্ৰশ্নৰেই উত্তৰ দিয়ক ৷
ঃ তাৰ মানে কথাটো হ’ল - বিজয়দা আৰু মোৰ - দুয়োৰে কাহিনী প্ৰায় একেই৷ আমি বহুদিন মুম্বাইতে আছোঁ৷ মই ৯৪-৯৫১ পৰাই আছোঁ ৷ আমি মুম্বাইৰ মেইনষ্ট্ৰিম ইণ্ডাষ্ট্ৰিতেই কাম কৰি আছিলোঁ ৷ তথাপিতো অসমীয়া হিচাপে মন যায় অসমীয়া চিনেমা এখন কৰিবলৈ, নিজৰ ঠাইত আহি কাম কৰিবলৈ সকলোৰে মন যায় ৷ একেই ইচ্ছা দাদাৰো আছিল ৷ কথাটো হ’ল মই এই ইণ্ডাষ্ট্ৰিৰ কাকো নাজানো, কাকো চিনি নাপাও ৷ কিন্তু কাম কৰিবলৈকে মানুহটো চিনি পাব লাগিব ৷ তাতে মুম্বাইত কাম কৰা ধৰণ বেলেগ, ইয়াত কাম কৰা ধৰণ বেলেগ, ইয়াত বাজেট সৰু - নিজৰে খুব এটা স্পষ্ট ধাৰণা বা সাহস নাছিল- অসমলৈ গৈ চিনেমা এখন কৰিব পাৰিম নে নোৱাৰিম৷ কিন্তু ইচ্ছাটো সদায়েই আছিল ৷ যোৱা বছৰ পেনডেমিকৰ সময়ত মই এখন স্ক্ৰিনপ্লে লেখি আছিলোঁ ৷ লেখি থাকোতে প্ৰথমৰে পৰাই মোৰ ভাব হৈছিল যে এইখনেৰে অসমীয়া চিনেমাহে নিৰ্মাণ কৰিব পাৰি ৷ হিন্দী হ’ব নোৱাৰে ৷ এইখন খুব ৰুটেড ফিল্ম ৷ আৰু  ইনচিডেন্টলি মই দাদাক লগ পালোঁ ওভাৰ এ কাপ অব কফি, স্ক্ৰিপ্টখন শুনালোঁ, দাদাৰ চাগে দহ মিনিটো লগা নাই - ক’লে - আই লাভড দা স্ক্ৰিপ্ট, কিমান খৰচ পৰিব? তুমি অসমত কাম কৰিছানে নাই?
-মই অসমত একো কাম কৰা নাই৷ মোৰ ভন্টী এজনী আছে- কাজিন- তাই যিখিনি জানে তাৰেই কৰিম ৷ মুম্বাইত বহুদিন একেলগে কাম কৰি থকাৰ পাচত তাত এটা কমফৰ্ট জোন এটা কমফ’ৰ্ট লেভেলৰ সৃষ্টি হয় ৷ সেইটো আচলতে বৰ ভাল কথা নহয় ৷ সেইবাবেই এই চিনেমাখন আমাৰ বাবে এটা এডভান্সাৰৰ দৰে আছিল ৷
যিদিনা দাদা আৰু মই ঠিক কৰিলোঁ যে আমি চিনেমাখন কৰিম, ইমিডিয়েটলি মানুহবোৰ গোট খাই গ’ল ৷ ক’ৰ পৰা আহিল নাজানো, কিন্তু আমি বিচৰা মানুহবোৰ পাবলৈ আৰম্ভ কৰিলোঁ ৷ ফাইনেনচিয়েলি হেল্প কৰিবলৈ মোৰো মানুহ আছে, দাদাৰো চিনাকি আছে বন্ধু-বান্ধব আছে- কোনেও আমাক না কৰা নাই, সকলোৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছে ৷ মই ভাবো প্ৰতিটো প্ৰজেক্টতে একোটা পজিটিভ ভাইব থাকে৷ এইটোতো আছিল, মই প্ৰথমৰে পৰা অনুভব কৰিছিলোঁ৷ নাজানো ক’ৰ পৰা এই ভাইব আহিছিল ৷ ভাবি ভাবি পালোঁ- আমাৰ ছবিৰ কাহিনীটো এটা পজিটিভ কাহিনী আৰু কাহিনীটোৰ লগত সকলোৱে ৰিলেট কৰিব পাৰে ৷ আৰু মই ভাবো, বিশ্বাস কৰোঁ, কাহিনীটোৰ সেই পজিটিভ ধৰণটোৱেই সকলোৰে মনলৈ পজিটিভ ভাব এটা আনি দিছিল ৷ আৰু কোৱা হয় যে কিছুমান কামৰ ভাগ্য আগতেই ঠিক কৰি থোৱা থাকে, তেনেদৰে এই ছবিখনো আছিল ‘ডেচটাইন্দ টু হেপেন’৷  
এইবাৰ মোৰ প্ৰশ্ন ৷ কাহিনীটোৰ বিষয়ে অলপ কওকচোন- অন্ততঃ স্পইলাৰ নিদিয়াকৈ যিমানখিনি ক’ব পাৰি ৷
ঃ হয় হয় ৷ কাহিনীটোৰ জনৰ ড্ৰামা ৷ তাত এটা চাচপেন্স আছে ৷ সেই কাৰণে মই কওঁ চাচপেন্স ড্ৰামা ষ্টৰি৷ ওৱান লাইনাৰ এনেকুৱা হ’ব- ষ্টৰি অব এ মেন লংগিং ফৰ হিজ হোম ৷ এজন মানুহ - যিকোনো মানুহ এজন হ’ব পাৰে- আপুনিও হ’ব পাৰে, ময়ো হ’ব পাৰোঁ - আমি কেতিয়াবাই ঘৰ এৰি আহিছোঁ৷ ঘৰ এৰা মানে এইটো নহ’য় যে ঠাইখন এৰি বিদেশৰ কৰবালৈ গুচি গ’ল৷ পঢ়িবলৈ, চাকৰি কৰিবলৈ, ব্যবসায় কৰিবলৈ - বিভিন্ন কাৰণত ঘৰ এৰি মানুহ বেলেগ ঠাই পায়গৈ ৷ তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে ঘৰখন পাহৰি গৈছে৷ নাযায়, কোনেও যাব নোৱাৰে৷ মই নিজেই সপোনতো সেই ঘৰখনকেই দেখো যিখনত মই ডাঙৰ হৈছোঁ ৷ ছবিখন তেনেকুৱা মানুহ এজনৰেই কাহিনী যিজনে পচিছ বছৰ আগতে অসম এৰি মুম্বাইলৈ গুচি গৈছিল ৷ কিন্তু তেওঁ ঘৰলৈ উভতি নাহিলে ৷ তেওঁ ঘৰখনৰ লগত নিজকে ডিচকানেক্ট কৰি দিলে ৷ কিন্তু তেওঁৰ পুতেকে সুধি থাকে- দেউতা তুমি অসমৰ কথা ইমান কোৱা কিন্তু - মানুহজনে অসমৰ সকলো বস্তুৰ প্ৰতিয়েই আগ্ৰহ প্ৰকাশ কৰে, টেইপ ৰেকৰ্ডাৰত অসমীয়া গীত শুনে, জ্যোতি সংগীত শুনে, বিষ্ণু ৰাভাৰ গান শুনে,  অসমীয়া খাদ্য খায়, বিচাৰি বিচাৰি কাজি নেমু নিয়ে - পুতেকে সোধে - দেউতা তুমি কিয় ঘৰলৈ নগ’লা ৷ দেউতাকেও কথাটি কোনোদিনেই নকলে৷ দেউতাক ঘৰলৈ নোযোৱাৰ এটা কাহিনী এটা কাৰণ আছিল- বহু ডাঙৰ কাহিনী, বহু ডাঙৰ কাৰণ ৷ পাচত পুতেকে দেউতাকৰ সেই কাহিনীৰ সন্ধান কৰে, সেয়াই ছবিখনৰ কাহিনী ৷ 
ছবিখনৰ বিষয়ে আৰু বহু প্ৰশ্ন আছিল ৷ আচলতে ছবি এখনৰ কাহিনীটোৰ বাহিৰেও ছবিখনৰ নিৰ্মাণ কালত আৰু বহু কাহিনীৰ জন্ম হয় ৷ সেই কাহিনীবোৰ খুব আমোদজনক ৷ ছবিখনে মুক্তিলাভ কৰক, আশাকৰা ধৰণে সফল হওক ৷ তাৰ পাচত আমি সেই কাহিনীবোৰ শুনিম ৷ 
আৰু এটা কথা এইখিনিতে কৈ থোৱা ভাল - মোৰ চিত্ৰ সাংবাদিক জীৱনত এয়াই প্ৰথম বাৰৰ বাবে অসমীয়া ছবিৰ প্ৰযোজকে পৰিচালকৰ লগত কথোপকথনৰ ব্যবস্থা কৰি দিছে ৷ প্ৰযোজকলৈ ধন্যবাদ ৷ 

Friday, October 14, 2022

মুহূৰৎ ৰিপ’ৰ্ট 'ৰাঘব'

যতীন বৰা – নৱনীতা বৰা শৰ্মাৰ নতুন ছবি ‘ৰাঘব’ৰ মুহূৰৎ সম্পন্ন কৰা হ’ল অাজি দুপৰীয়া ৷ জ্যোতি চিত্ৰবনৰ দৃশ্যগ্ৰহন মজিয়াত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত থাাকি ভাল লাগিল ৷ জামজমকতাপূৰ্ণ অনুষ্ঠান, ব্যবসায়িক লক্ষ্য অাগত ৰাখি নিৰ্মান কৰা ছবি, একে ধৰণৰ বিলাসী অায়োজনৰ মুহূৰৎ ৷ অসমীয়া ছবি জগতৰ বহু বিখ্যাত লোকৰ সমাবেশ হোৱা এই অনুষ্ঠানটিৰ শেষলৈকে থাকিব নোৱাৰিলোঁ, কিন্তু যিখিনি সময় অাছিলোঁ, তাত কেইবাটিও ভাল লগা কথাৰ অভিজ্ঞতা হ’ল ৷ সেইখিনিকে লেখোঁ ৷

সফল হোৱাৰ  পাচত বহু মানুহে অাৰম্ভণিৰ সময়ৰ সহায় কৰা বহু মানুহক পাহৰি যায় ৷ বহু অভিজ্ঞতাৰ পাচত এতিয়া এইটোকেই নিয়ম যেন লগা হ’ল ৷ পাহৰি যোৱাটো ঠিকেই, কিন্তু অপকাৰ কৰিব খোজাটোহে যেন সঠিক প্ৰতিদান ৷ কাকতালীয় হলেও, যতীনৰ সভাৰ পাচতেই লগ পাইছিলোঁ অসমৰ এগৰাকী প্ৰসিদ্ধ ব্যক্তিক ৷ কথা প্ৰসংগত তেখেতে ক’লে – ‘অমুকক মই গাঁৱৰ পৰা অানিছিলোঁ, বহু মাহ মোৰ লগত থাকিল, পান দোকান এখন দি দিছিলোঁ, এতিয়া সি বহু টকাৰ মালিক ৷ ভাল পাইছোঁ তাৰ উন্নতিত, কেৱল তাৰ সময়হে নাই, কলবেক কৰাৰো সময় নাই ৷’

এতিয়া যতীনৰ কথা ৷ বহুদিনৰ অাগতে ৰবীন্দ্ৰ ভৱনত এখন নাটক চাইছিলোঁ, ৰফিকুল হুচেইনৰ – ‘ধোঁৱা’৷ মোৰ সম্মুখৰ অাসনত অাছিল  পুলকগগৈদা ৷ কেইটামান দৃশ্য চোৱাৰ পাচত দাদাক কৈছিলোঁ- দাদা ,এই দুজনক চিনেমাত বৰ ভাল লাগিব, লবচোন ৷ সেই দুজনৰ এজন অাছিল অকালতে গুচি যোৱা ক্ষীৰোদ শৰ্মা অাৰু বাকীজন অাজিৰ যতীন বৰা ৷ ‘ধোঁৱা’ নাটকখনক চিনেমা কৰাৰ কাম অাৰম্ভ হৈছিল, দৃশ্যগ্ৰহনো হৈছিল, কিন্তু শেষ নহ’ল ৷ এখন  ছবিৰ বাবে যতীনক গুৱাহাটীলৈ মাতি পঠোৱা হৈছিল, যতীন অাহি উপস্থিত হৈছিল, কিন্তু যতীনত ঘুৰাই পঠোৱা হৈছিল ৷ এজন তৰুণ অভিনেতাৰ বাবে কিমান হৃদয়বিদাৰক অভিজ্ঞতা- তাক অানে সহজে অনুভব কৰিব নোৱাৰিব ৷ তাৰ পাচত যতীনৰ জীৱনলৈ অাহিল অাব্দুল মজিদ, লৈ অাহিছিল ‘উত্তৰকাল’ ৷

বিজু ফুকনৰ ‘দেউতা’ ধাৰাবাহিক, ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘কালসন্ধ্যা’ (সভাখনত ঘোষকে কোৱাৰ দৰে হিন্দী-অসমীয়া ছবি নহয়, হিন্দী ছবিহে) যতীনৰ প্ৰথম হিন্দী ছবি, অাৰু তাৰ পাচত মুনিন বৰুৱা ৷ যতীনৰ অভিনয় জীৱনৰ উত্তৰণত এই কেইগৰাকীৰ অৱদানৰ কথা যতীনে বহু ঠাইত অকপটে প্ৰকাশ কৰিছে ৷ অাজি এই চাৰিওগৰাকী নাই, কিন্তু যতীনে সেই চাৰিগৰাকীৰ সহধৰ্মীণীক মাতি অানি তেখেতসকলৰ পৰা অাশীষ লৈ ছবিৰ কাম অাৰম্ভ কৰিছে ৷ যতীনৰ কৃতজ্ঞতা প্ৰকাশৰ এই ৰূপ ভাল লাগিল ৷

অাব্দুল মজিদকাৰ পত্নীক অসুস্থ যেন লাগিল, তেখেতক মঞ্চলৈ মাতি নিয়া হ’ল, থিয় হৈ থকাত তেখেতে অলপ কষ্ট পোৱা যেন লাগিল ৷ ঠিক সেই সময়তে মঞ্চৰ ওচৰতে বহি থকা নিশিতা গোস্বামীয়ে বহাৰ পৰা উঠি চকী এখন মঞ্চৰ পিনে অাগবঢ়াই দিলে ৷ নিশিতাৰ এই কথাটোও ভাল লাগিল ৷

মুঠতে অাজিৰ অনুষ্ঠানটিয়ে মন ভাল লগাই দিলে ৷ বহু অনুষ্ঠানত উপস্থিত থাকোঁ, বহু অনুষ্ঠান নিয়মমতে হৈ  গৈ থাকে, তাৰ মাজত কিছু ব্যতিক্ৰম দেখা পালে অাৰু সেই ব্যতিক্ৰমে মন ভাল লগা অভিজ্ঞতা দিলে সময়খিনি সাৰ্থক হোৱা যেন অনুভব হয় ৷    
ধন্যবাদ নৱনীতা অাৰু যতীন ৷ 

বাওঁপালৰ পৰা - মাধুৰিমা চৌধুৰী, অৰুণ হাজৰিকা,প্ৰফেচৰ ডঃ প্ৰদ্যুম্ন গোস্বামী ,প্ৰণয় বৰদলৈ মই, নয়ন প্ৰসাদ, ডাঃ জয়ন্ত কুমাৰ দাস অাৰু ডাঃ হিতেশ বৰুৱা ৷ 

Thursday, October 13, 2022

আদিপুৰুষ’ ছবিখনত কলাত্মক বিশৃংখলতা

মূল অনন্ত বিজয় | অসমীয়া অনুবাদ উৎপল দত্ত
লেখক অনন্ত বিজয় আৰু অনুবাদক দত্ত দুয়াজনেই চলচ্চিত্ৰ সমালোচনাৰ বাবে ৰাষ্ট্ৰীয় পুৰষ্কাৰ বিজয়ী
প্ৰথম প্ৰকাশ BartaNE 12.10.2022

শেহতীয়াকৈ ৰামনগৰী অযোধ্যাত পৰিচালক ওম ৰাউতৰ ছবি ‘আদিপুৰুষ’ৰ এটি টিজাৰ (ছবিৰ প্ৰচাৰৰ বাবে প্ৰস্তুত কৰা চুটি ভিডিঅ’) ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰা হৈছিল। এই টিজাৰটোত ছবিখনৰ মূল চৰিত্ৰকেইটিমানক দেখুওৱা হৈছে। ইয়াত ৰাম, সীতা, ৰাৱণ, হনুমান আদি চৰিত্ৰ আৰু তেওঁলোকৰ সাজ-পোছাক, সংলাপ আৰু দৃশ্যৰূপৰ একোটা আভাস পোৱা যায়। এই ছবিখনত ভগৱান শ্ৰী ৰাম, হনুমান আৰু ৰাৱণৰ সাজ-পোছাকক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। প্ৰভু শ্ৰীৰামৰ ৰূপ যিদৰে প্ৰস্তুত কৰা হৈছে তাৰ পৰা স্পষ্ট হৈ উঠিছে যে ছবি নিৰ্মাতা গৰাকীয়ে তেওঁক জনসাধাৰণৰ মাজত প্ৰচলিত ভাবমূৰ্তিৰ পৰা বেলেগ ধৰণেৰে চিত্ৰিত কৰিছে।

ভাৰতীয় জনসাধাৰণৰ মনত খোদিত হৈ থকা শ্ৰীৰামৰ প্ৰতিচ্ছবি অতি কোমল, মৰমলগা আৰু উদাৰ। তুলসীদাসে ৰামৰ এই ছবিখনৰ বিষয়ে লেখিছিল “নৱকঞ্জ-লোচন কঞ্জ-মুখ, কৰ-কঞ্জ, পদ কঞ্জৰুনাম/কন্দৰ্প অগণন অমিত প্ৰতিচ্ছবি, নৱনীল নীৰদ সুন্দৰম, পট পিট মানৱ তদিত ৰুচি শুচি নৱমী জনক সুতৱৰম৷” অৰ্থাৎ তেওঁৰ চকু এটা ফুলি থকা পদুমৰ দৰে। মুখ, হাত ভৰিও ৰঙা পদুমৰ দৰে। তেওঁৰ সৌন্দৰ্যৰ অদ্ভুত মায়া কামদেৱতকৈও বহু বেছি। নতুন নীলা আকাশৰ ডাৱৰৰ দৰেই ধুনীয়া তেওঁৰ শৰীৰৰ ৰং। হালধীয়া জলকীয়াৰে আবৃত ডাৱৰৰ দৰে এটা শৰীৰ, বিদ্যুতৰ দৰেই আলোকময়।

কবি তুলসীদাসে শ্ৰী ৰামচৰিতমানস আৰু তেওঁৰ আন আন গ্ৰন্থসমূহতো শ্ৰী ৰামক এই ৰূপত উপস্থাপন কৰিছে। বাল্মিকীয়েও। এইবোৰৰ আধাৰত ৰাজা ৰবি বাৰ্মাই শ্ৰীৰামৰ এখন ছবি অংকন কৰিছিল, যিখন ছবি সমগ্ৰ বিশ্বতে জনপ্ৰিয়। ইয়াৰ বাহিৰেও গোৰখপুৰৰ গীতা প্ৰেছৰ পৰা প্ৰকাশিত কল্যাণ পত্ৰিকাত শ্ৰীৰাম আৰু ৰাম দৰবাৰৰ ছবি প্ৰকাশ হৈছিল। আলোচনীখনৰ বেটুপাতৰ ভিতৰৰ পৃষ্ঠাত প্ৰকাশিত এই ছবিসমূহ আঁকিছিল বি কে মিত্ৰ, জগন্নাথ প্ৰসাদ আৰু ভগৱান নামৰ তিনিজন চিত্ৰশিল্পীয়ে। মানুহে এই ছবিবোৰ ইমানেই ভাল পাইছিল যে সেই পৃষ্ঠাটো কাটি ফ্ৰেম কৰি ঘৰত ৰাখিছিল। ৰামানন্দ সাগৰে ‘ৰামায়ণ’ টিভি ধাৰাবাহিকখন প্ৰযোজনা কৰা সময়ত পণ্ডিত নৰেন্দ্ৰ শৰ্মাৰ পৰামৰ্শ মতে তেওঁ নিজৰ চৰিত্ৰসমূহৰ সাজ-পোছাকৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এই ছবিসমূহ ভালদৰে অধ্যয়ন কৰিছিল। এইবাবেই ৰামায়ণ ধাৰাবাহিকখনত এই চৰিত্ৰবোৰে টিভিৰ পৰ্দাত দেখা দিওঁতে জনসাধাৰণৰ মাজত প্ৰচলিত ভাবমূৰ্তিৰ লগত মিলি গৈছিল। এনে লাগে যেন ‘আদিপুৰুষ’ ছবিখনৰ পৰিচালক ঔম ৰাউতে এই কথাবোৰ অধ্যয়ন কৰা নাছিল। তেওঁৰ ছবিত প্ৰযুক্তিৰ সহায়েৰে শ্ৰী ৰামক ছুপাৰমেন কৰি তোলা হৈছে। কোমল ভাবৰ ঠাইত শ্ৰীৰামক আক্ৰমণাত্মক ৰূপত উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে।

অযোধ্যাত মুক্তি পোৱা টিজাৰত ৰামসেতুৰ দিনা শ্ৰী ৰামক লংকাৰ পিনে আগবাঢ়ি যোৱা দেখা গৈছে। নেপথ্যৰ পৰা কণ্ঠস্বৰ ভাহি আহে, ‘মই আহিছোঁ, আহিছোঁ, ন্যায়ৰ দুই ভৰিৰে অন্যায়ৰ দহ মূৰ থেতেলিয়াই পেলাবলৈ৷’ ৰামায়ণত তেনে কোনো আগ্ৰাসন নাই। তাৰ পিছত শ্ৰীৰাম লংকাৰ ভূমিত উপস্থিত হৈ তেওঁৰ সহকৰ্মীসকলক সুধিছে- ‘এতিয়া কি কৰা উচিত?’ শ্ৰীৰাম ইমান গণতান্ত্ৰিক ৷ তুলসীদাসে লিখিছে যে অংগদে ৰাৱণৰ দৰবাৰলৈ দূত হিচাপে যাব লাগিব বুলি সিদ্ধান্ত লোৱাৰ সময়ত শ্ৰীৰামে এনেদৰে যোগাযোগ কৰিবলৈ কয় যে যাতে ‘মোৰ আৰু ৰাৱণৰো কল্যাণ হয়’। বাল্মিকীয়ে লিখিছে যে শ্ৰীৰামে লংকা ভূমিত ভৰি থোৱাৰ সময়ত ৰাৱণে তেওঁৰ চোৰাংচোৱাসকলক ৰামৰ শিবিৰলৈ পঠিয়াই দিয়ে। শ্ৰীৰামৰ সঙ্গীসকলে ৰাৱণৰ সেই চোৰাংচোৱাসকলক বন্দী কৰি মাৰপিট কৰে। শ্ৰীৰামে কথাটো গম পাই তেওঁলোকক মুক্ত কৰি পুনৰ ৰাৱণৰ ওচৰলৈ পঠিয়াই দিয়ে। এই চোৰাংচোৱা সকলেও ৰাৱণৰ সন্মুখত ভগৱান শ্ৰীৰামৰ দয়াৰ কথা বৰ্ণনা কৰে।

‘আদিপুৰুষ’ত ৰামৰ চৰিত্ৰটোত আক্ৰমণাত্মক ভাব যোগ কৰি ছুপাৰমেন কৰাৰ প্ৰয়াস কৰা হৈছে৷ ৰাম হৈছে মৰ্যদা পুৰুষোত্তম- আফগানিস্তানৰ পৰা অহা আক্ৰমণকাৰী নহয় যিয়ে যুদ্ধৰ বাবে চিঞৰি ফুৰিছে। চিত্ৰনাট্য আৰু সংলাপ লিখাৰ সময়ত ৰামৰ চৰিত্ৰৰ উচ্চতাক মনত ৰাখিব লাগে। এনে লাগে যেন লেখক-পৰিচালকে দৃশ্যবোৰ অত্যধিক নাটকীয় কৰি তোলাৰ আকাংক্ষাত শ্ৰীৰামৰ বৈশিষ্ট্য আৰু গুণৰ কথাবোৰ মনত পেলোৱা নাছিল। ইয়াৰ কাৰণ অজ্ঞতা নহয়, কাৰণ হ’ল বিদেশী ছবিৰ প্ৰযুক্তিক অনুকৰণ কৰি চৰিত্ৰবোৰক আক্ৰমণাত্মক আৰু পৰাক্ৰমী ৰূপত দেখুওৱাৰ ইচ্ছা৷

দ্বিতীয় চৰিত্ৰটো হৈছে ৰাৱণ। চৰিত্ৰটোত অভিনয় কৰিছে ছইফ আলী খানে। ‘আদিপুৰুষ’ ছবিৰ টিজাৰটোত ৰাৱণক দেখি একাংশই কৈছে যে এই ৰাৱণক খিলজীৰ দৰে দেখা গৈছে। শ্ৰীতুলসীদাস, বাল্মিকী বা আন লেখকৰ সৃষ্ট আৰু পৃথিবীত প্ৰচলিত প্ৰতিচ্ছবিৰ পৰা এই ছবি সম্পূৰ্ণ পৃথক। বাল্মিকী আৰু তুলসীদাস দুয়োজনে ৰাৱণৰ গুণৰ বিষয়ে বিস্তৃতভাৱে লিখিছিল। লংকেশ ইমান ডাঙৰ আৰু শক্তিশালী ৰজা আছিল যে তেওঁ তিনিওখন জগত জয় কৰিছিল। তেওঁ আছিল এজন মহান শিৱভক্ত, এজন তাপস, কিন্তু অহংকাৰী। ‘আদিপুৰুষ’ ছবিখনৰ ৰাৱণক একেবাৰেই অহংকাৰী যেন দেখা নাযায় ৷ তেওঁৰ মুখত, তেওঁৰ সংলাপ প্ৰক্ষেপন আৰু ভংগিমাত নিশ্চিতভাৱে এটা ‘হাৰামি’ৰ ভাব দেখা যায়। ৰাৱণ অহংকাৰী আছিল কিন্তু তেওঁৰ ‘হাৰামি’ ৰূপটোক বাল্মিকী বা তুলসীদাসৰ দ্বাৰাও চিত্ৰিত কৰা হোৱা নাই। ‘আদিপুৰুষ’ ছবিখনৰ পৰিচালকে কেনেকৈ ৰাৱণৰ চৰিত্ৰটো ৰচনা কৰিছে, তেওঁৰ চিন্তাধাৰা কি আছিল, কেৱল তেওঁহে ক’ব পাৰিব। চিনেমাখনৰ সৈতে জড়িত লোকসকলে এনেদৰে ৰাজহুৱাভাবে লংকেশৰ ভাবমূর্তি বিকৃত কৰি তাৰ পাছত হাস্যকৰভাৱে ৰক্ষা কৰাৰ চেষ্টাৰে নিজৰ অযোগ্যতাক ঢাকিবলৈ চেষ্টা কৰিছে৷ ভগৱান শ্ৰীৰাম আৰু ৰামকথাৰ চৰিত্ৰ বা আনকি তুলসীদাস বা বাল্মিকীৰ চিন্তাধাৰা এইখন ছবিত দেখা নাযায়। ছবিখনত হনুমানৰ সাজ-পোছাকক আধুনিকীকৰণৰ প্ৰক্ৰিয়াত প্ৰযোজক-পৰিচালকজনে কি কি অন্যায় কৰিছে, সেই কথা চিনেমাখন মুক্তি পোৱাৰ পিছতেই গম পোৱা যাব। আপাততঃ দৃশ্যটো যিয়েই নহওক কিয়, অনুমান কৰিব পাৰি যে তাতো বহুত গোলমাল হৈছে৷

কলাত্মক প্ৰকাশৰ নামত পৌৰাণিক কাহিনীৰ চৰিত্ৰবোৰক এনেদৰে প্ৰদৰ্শন কৰি অপমান কৰিবলৈ দিব নোৱাৰি। জনসাধাৰণৰ মাজত প্ৰচলিত ভাবমূৰ্তিৰ লগত খেলা কৰি চিনেমা সফল হ’ব নোৱাৰে। কিছুদিন পূৰ্বে মুক্তি পোৱা সম্ৰাট পৃথ্বীৰাজ নামৰ ছবিখনতো তেওঁক জনসাধাৰণৰ মাজত জনপ্ৰিয় ভাবমূৰ্তিৰ পৰা পৃথক ৰূপত দেখুওৱা হৈছিল। ফলাফল সকলোৰে সন্মুখত। সেইখন ছবিত চন্দ্ৰপ্ৰকাশ দ্বিবেদীয়ে যদি লোকসকলৰ মাজত প্ৰচলিত গল্পবোৰৰ আধাৰত পৃথ্বীৰাজৰ চৰিত্ৰটো সৃষ্টি কৰিলেহেঁতেন, তেন্তে তেওঁ সফল হ’ব পাৰিলেহেঁতেন। চন্দ্ৰপ্ৰকাশ দ্বিবেদীয়ে পৃথ্বীৰাজৰ চৰিত্ৰটোত মনোনিৱেশ কৰিছিল যদিও আদিপুৰুষৰ লেখক আৰু পৰিচালকজনে বাল্মিকী বা তুলসীদাসৰ ওচৰ চাপিব পৰা নাছিল। এনে হ’ব পাৰে যে তেওঁ ইংৰাজী এখন চিনেমা চাই ভাবিছিল যে প্ৰযুক্তিৰ সহায়ত এনে এখন ছবি হিন্দীতো নিৰ্মাণ কৰিব লাগে।

আজিকালি হিন্দু পৌৰাণিক কাহিনীৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰ দৰ্শকে ভাল পাবলৈ আৰম্ভ কৰিছে। নিৰ্মাতাসকলে নিশ্চয় ভাবিছিল যে যদি প্ৰযুক্তিৰ সহায়ত ৰাম কথা কোৱা হয়, তেন্তে সফলতাৰ সকলো অভিলেখ ভংগ কৰিব পৰা যাব। এই ছবিখনৰ লগত জড়িত লোকসকলে পাহৰি গ’ল যে ভাৰতীয় জনসাধাৰণৰ মনৰ গভীৰত খোদিত হৈ থকা ৰামৰ উচ্চ চৰিত্ৰটোৰ বিপৰীতে গৈ আশা কৰা ফল পোৱা নাযাব৷ ছিৰিয়াছ চলচ্চিত্ৰ নিৰ্মাতাসকলে কাম কৰিব বিচাৰিলে গোৰখপুৰৰ গীতা প্ৰেছৰ লীলা চিত্ৰ মন্দিৰলৈ গৈ তাত থকা ছবিবোৰ চাব লাগে৷ এই অধ্যয়নে তেওঁলোকৰ ছবিৰ চৰিত্ৰবোৰক প্ৰামাণ্য প্ৰদান কৰি ৰাইজক সন্তুষ্ট কৰিব আৰু ছবিখনলৈ অধিক সফলতা কঢ়িয়াই আনিব।

Wednesday, October 12, 2022

Mor Ses Gaan ... (My Last Song)

Just watched the latest Assamese film MOR SES GAAN (my last song) and returned with a great deal of satisfaction.

Bijoy Duwara, a famous lyricist from the eighties, made a comeback as a producer and dialogue writer. A strong sense of natural, good, dramatic dialogue is blended with unpolluted emotion, smart wit, and a touch of humour.

The visuals are complemented by music. I am impressed by the creative and respectful presentation of Jyotiprasad's songs.  

Integrated cinematography and editing created the desired look and impact. Often, the camera behaves like the protagonist's eyes and this results in an organic and natural image that reflects the soul of the story.

Acting - Arun Nath, Mridula Baruah, Kamal Lochan, Bibhuti Bhushan and Achinta - all are seasoned actors and the director gave them ample scope to flourish with their natural talent and the director's imagination. It is Arghadeep's innocent look that makes his acting so captivating. In spite of the low-key nature of his character, he is the film's lead actor. Srijani Bhaswa Mahanta is in the surprise pack. It was a role she lived in. For Assamese youth, she will be the next heartthrob.    

As well as Prabal Baruah, who wrote the story and directed the film. He released something from his heart with profound respect for the land, people, and the art he believed in.

Outside Anuradha : Namrata Datta, Bijoy Duwara, his better-half Bhanti Duwara and Prabal Baruah






Inside Anuradha : Sibanu Bora, Namrata Datta, Utpal Datta, Bibhuti Bhushan Hazarika, Pradip Puzari (in red) standing. 

Tuesday, October 11, 2022

মাইখুলিৰ ভূত

‘ঘোষ্ট  অব মাইখুলি’ ছবিখনে অলপতে মুক্তি লাভ কৰিব ৷ ছবিখনৰ এটা বিশেষ প্ৰদৰ্শনীলৈ অামন্ত্ৰণ লাভ কৰিছিলোঁ ৷ ছবিখন চালোঁ ৷ মই ইয়াত স্পইলাৰ নিদিও,  ভাল পোৱা কথা দুটামান কওঁ  - ছবিখনত সামৰিক কলাই বহু  ঠাই অধিকাৰ কৰিছে, কাহিনীটো তেনেদৰেই সজোৱা হৈছে ৷ ফাইটিঙৰ দৃশ্য চিত্ৰায়ণ কৰা, সম্পাদনা কৰা বৰ জটিল কাম ৷ বলিউদৰ বিগ বাজেটৰ ছবিবোৰত দেখা এনে দৃশ্যবোৰ চিত্ৰায়ণ কৰোতে বহু ধৰণৰ সৰঞ্জাম থাকে, ঘুচিয়াঘুচিত মাটিত পৰি যাওতে যাতে দুখ নাপায়, তাৰ বাবে বহু ধৰণৰ ব্যবস্থা গ্ৰহন কৰা হয়,সেইবোৰ বৰ খৰচী ৷ অসমীয়া ছবি এখনে ইমান খৰচ কৰিব পাৰিব বুলি ভাব নহয় ৷ খৰচ কৰিব পাৰিলেও অাৰু এটা বস্তুৰ খুবেই প্ৰয়োজন- মাৰপিটৰ দৃশ্যবোৰ উপযুক্ত গতি অাৰু উত্তেজনা ৰাখি দৃশ্যগ্ৰহন কৰিব পৰা কল্পনা অাৰু সেই উত্তেজনাৰ ছন্দ ৰক্ষা কৰি সম্পূৰ্ণ কৰিব পৰা সম্পাদনা ৷ ‘ঘোষ্ট অব মাইখুলি’ৰ ফাইটৰ দৃশ্যবোৰে এই অাটাইবোৰ প্ৰয়োজন ৰক্ষা কৰিব পাৰিছে ৷ কেমেৰামেন, মাৰপিট কৰা মানুহকেইজন, সম্পাদনা, শব্দ সংযোজন – এই অাটাইবোৰ ভাল লাগিছে ৷ এটা দৃশ্যত দেখা গৈছিল, বাথৰুমৰ ভিতৰত মাৰপিট ৷ ইমান ঠেক ঠাইত এনেকুৱা জটিল দৃশ্য এটা পৰিকল্পনা কৰা অাৰু তাক সম্পূৰ্ণ কৰা কামটো চাই অাটাইকেইজনৰ দক্ষতাক মুক্তকণ্ঠে প্ৰশংসা কৰিছোঁ ৷

মাৰপিটৰ এটা দৃশ্যত এগৰাকী গাভৰুকো দেখা গৈছিল ৷ অসমীয়া ছবিত এইটো নতুন সংযোজন ৷ গাভৰু গৰাকীয়ে মনত পেলাই দিছিল কুইন্টিন টৰান্টিন’ৰ ‘কিলবিল’ ছবিৰ কথা ৷ কিন্তু, মাৰপিটৰ দৃশ্যটিৰ সময়খিনি ৰাতি বাবে ছোৱালীজনীক ভালদৰে দেখাই নাপালোঁ ৷

ছবিখনত বাহাৰুল ইছলাম, জ্বলি লস্কৰ,  কমললোচন অাদিৰ দৰে অভিনেতা অাছে, সন্ধ্যা হাজৰিকা অাৰু ডৰথী ভৰদ্বাজৰ দৰে ভাল অভিনেত্ৰী অাছে ৷ তেওঁলোকৰ সুযোগ সীমিত, কিন্তু সেইখিনিৰ ভাল ব্যবহাৰ কৰিছে ৷ কেইদিনমানৰ অাগতে এতিয়াও মুক্তি লাভ নকৰা ছবি এখনত সন্ধ্যাক সম্পূৰ্ণ বিপৰীত ধৰণৰ চৰিত্ৰ এটাত দেখা পাইছিলোঁ অাৰু ভাল পাইছিলোঁ ৷ এওঁলোকে অাৰু ভাল ভাল চৰিত্ৰত অভিনয় কৰাৰ সুবিধা পাব বুলি অাশা থাকিল ৷

এই লেখাটো সমালোচনা নহয়, ছবিখনৰ লগত জড়িত দলটোৰ প্ৰতি শুভেচ্ছাহে ৷ 



ফটোখন সন্ধ্যা হাজৰিকাৰ

Sunday, October 9, 2022

Fifty Golden Years of Dr. Bezbaruah


Few films have the magical power to revolutionize and  Dr.Bezbaruah by Brajen Baruah was one such film that transformed the then-existing film production system in Assam.

The first Assamese film Joimoti, released in 1935, was produced in a studio model when Producer/Director J P Agarwala, established his studio set up for the shooting and sound recording of the film in a tea-estate godown. After that system not working up to the expected standards, J P Agarwala went on to produce his second film in the studio of Kolkata and that process of filmmaking, in a Kolkata Studio, continued till 1969. So basically in those days the Filmmakers had to set up a base at the nearest convenient place in Kolkata, camp there and had to make their films there- right from the song recording to the final print.

Even Brajen Baruah, one of the leading Music directors with the credit of eight successful films, made his first film Eto Sito Bahuto at the Kolkata Studio. He had captured the outdoor scenes, mostly in Guwahati transporting all the equipment and technicians from Kolkata. And as for the producer making a film on a shoe-string budget, this transportation, indeed became a Hercules task for him. Film-making in such a way was cumbersome! So Brajen Baruah shot his second film Dr. Bezbaruah entirely in Assam and even shot the indoor scenes not in a studio, but rather in a normal location. And this time instead of hiring technicians from Kolkata, he trained some local youths to handle the camera and sound recording work. He later took help from the studios of Kolkata only for song recording and post-production works. And on 9th Nov 1969, this film was released on the silver screen. The film was a great commercial success and most importantly the film inspired a good number of aspiring producers to make films in Assam along-with Assamese technicians.

Thus, beaconing hope for film-makers of Assam to make films in their home ground. Dr.Bezbaruah was a big hit; be the screenplay, the essence of the story, the use of music or the success story of the film-making at the base- all these aspects might be some inspirational topic of discourse among film students today.

However, like many films, Dr.Bezbaruah too was scrutinized, criticized and insulted as a copy of a third-rate Hindi masala film. Most Hindi films use the same kind of masala, but some films turn out to be hit and others are a flop. So the question is - Does the masala make a film HIT? A mere copy of a Hindi film cannot be transformed into a hit movie in the Assamese language. But how did Brajen Baruah make the film a hit? 

The general conception that the Film industry holds is that Hit films have no logic, only flop film has. So the inclusion of a local technician and shooting in a normal space outside a studio floor is no doubt an example of his creative imagination supported by his technical outlook or might be some reflection of his passion for film, but this cannot be a reason of the phenomenal success of the film!

The success of Dr.Bezbaruah lies in the dramatic and emotional fundamentals presented in a most enchanting approach. The very first sequence was constructed in a very high dramatic note blended with suspense and curiosity and maintained the required pace till the last sequence of the film and this worked its magic! And not just that, this fast-paced story gradually transformed into a multilayered story spreading out from an urban setting to a rural backdrop. And projecting this distinctive feature wasn’t easy then!

This film had so much of intriguing aspects that kept the audiences hooked like….a hard-core criminal putting up a façade of a gentle, young, successful doctor and the original Doctor being imprisoned in a dark cell, another rich man losing his child in an accident and he fills the void of his wife’s lap with a child stolen from a hospital….. the child’s name Dip being tattooed on his arm and a word PRA prefixed to the word Dip to change the identity of the child, and as time elapsed PraDip becaming a graduate, thereafter travelling to a far off village to meet one of his old friends, strange co-incidences of the meeting a random lady on the way who was his original mother... etc. etc.

The striking attribute of this film was that the characters did not know, but the audience of the film already realized that the lady was the biological mother and the youth was her child that got lost in a hospital. The such situation created a strong sense of curiosity among the audience, gripping their emotions.

And the amalgamation of all these gripping aspects and their construction into a screenplay that plays with the emotional intelligence of the audience is not an easy task. Besides, the story of the criminal-turned-doctor also created mystery and suspense to another level. The principal structural format of this screenplay was - the audience knew the secrets but the characters did not. All these features kept the audience on tenterhooks waiting in anticipation for the mysteries unfold and the criminals to be caught. Another vital question that perhaps keeps the audience alert is whether will both the parallel stories meet at one point.

The film is rare as it juxtaposes two different genres, on one hand, it is a fast-paced thriller and on the other, it is a simple, soft emotional story. The screenplay writer who is also the director shows his excellent command over the structure of the screenplay by combining two reverse plots in the same platform maintaining the required pace of the entire movement of the all-absorbing plot. The dialogues were short, crisp, razor-sharp and suggestive, remarkably different from the existing trend of poetic or literary dialogues of Assamese films, highly prejudiced by Bangla film and literature. Those dialogues were popular as songs which can be compared with the dialogues of Ramesh Sippy’s Sholay which was released after six years of Dr.Bezbaruah. Short-n-sharp dialogues in Hindi film had its commencement with Vijay Anand’s Johny Mera Naam, released after one year of Dr.Bezbaruah.

It is worth a mention that, besides dialogue and screenplay, Brajen Baruah paid due attention to the lyrics and the music of the film. As a recognized Music director and innovative composer, he was always prone to acing the quality of the lyrics and most of the leading poets of Assam had penned songs for him. He was a lyricist par excellence. For this film he had himself penned two songs and collaborated with two upcoming lyricists namely; Dr. Nirmal Prava Bardaloi (who had retired from Guwahati University as a professor) and Eli Ahmed (a recent Padmashree awardee). He is also credited to have introduced to the Assamese film industry, the music director Ramen Baruah and the singer Dwipen Baruah, both of whom have completed fifty glorious years in the Assamese film industry as renowned Music Director and Singer respectively, creating records in terms of numbers in their respective fields.

As a Music director, Brajen Baruah had the power to always combine melody with the situational Dramatic mood of the scene. This blend made the playback look like an extension of dialogue projecting the songs closer to the film visuals. In the masterpiece Dr.Bezbaruah too, Ramen Baruah (Music Director of the film) followed the same pattern and also added his personal touch that gave a distinctive personality to the minor sounds resulting in songs that breathed freshness and felt unheard before.

Dr Bezbaruah, incomplete footage

Dr. Bhupen Hazarika was the first music director of Assam who turned to a film director with Brajen Baruah being the second in the list. Till the making of ‘Dr. Bezbaruah’,  Brajen Baruah was involved in music composing for film, stage and All India Radio. During this time he gave a massive number of everlasting melodies to Assamese listeners and it was with Dr. Bezbarua that he took retirement from the music world. Albeit the success of Dr. Bezbaruah glorified him as a Director and gave an elevation to the Assamese Film industry, however, this achievement paved a departure for Brajen Baruah from the Music world. So, be it the introduction of music genius like Ramen Baruah and stalwart Dwipen Baruah or the first of its kind masterpiece Dr Bezbaruah or the countless melodies.

The Assamese film took a huge leap forward with the innovative and challenging contributions of Brajen Baruah.