Tuesday, October 11, 2022

মাইখুলিৰ ভূত

‘ঘোষ্ট  অব মাইখুলি’ ছবিখনে অলপতে মুক্তি লাভ কৰিব ৷ ছবিখনৰ এটা বিশেষ প্ৰদৰ্শনীলৈ অামন্ত্ৰণ লাভ কৰিছিলোঁ ৷ ছবিখন চালোঁ ৷ মই ইয়াত স্পইলাৰ নিদিও,  ভাল পোৱা কথা দুটামান কওঁ  - ছবিখনত সামৰিক কলাই বহু  ঠাই অধিকাৰ কৰিছে, কাহিনীটো তেনেদৰেই সজোৱা হৈছে ৷ ফাইটিঙৰ দৃশ্য চিত্ৰায়ণ কৰা, সম্পাদনা কৰা বৰ জটিল কাম ৷ বলিউদৰ বিগ বাজেটৰ ছবিবোৰত দেখা এনে দৃশ্যবোৰ চিত্ৰায়ণ কৰোতে বহু ধৰণৰ সৰঞ্জাম থাকে, ঘুচিয়াঘুচিত মাটিত পৰি যাওতে যাতে দুখ নাপায়, তাৰ বাবে বহু ধৰণৰ ব্যবস্থা গ্ৰহন কৰা হয়,সেইবোৰ বৰ খৰচী ৷ অসমীয়া ছবি এখনে ইমান খৰচ কৰিব পাৰিব বুলি ভাব নহয় ৷ খৰচ কৰিব পাৰিলেও অাৰু এটা বস্তুৰ খুবেই প্ৰয়োজন- মাৰপিটৰ দৃশ্যবোৰ উপযুক্ত গতি অাৰু উত্তেজনা ৰাখি দৃশ্যগ্ৰহন কৰিব পৰা কল্পনা অাৰু সেই উত্তেজনাৰ ছন্দ ৰক্ষা কৰি সম্পূৰ্ণ কৰিব পৰা সম্পাদনা ৷ ‘ঘোষ্ট অব মাইখুলি’ৰ ফাইটৰ দৃশ্যবোৰে এই অাটাইবোৰ প্ৰয়োজন ৰক্ষা কৰিব পাৰিছে ৷ কেমেৰামেন, মাৰপিট কৰা মানুহকেইজন, সম্পাদনা, শব্দ সংযোজন – এই অাটাইবোৰ ভাল লাগিছে ৷ এটা দৃশ্যত দেখা গৈছিল, বাথৰুমৰ ভিতৰত মাৰপিট ৷ ইমান ঠেক ঠাইত এনেকুৱা জটিল দৃশ্য এটা পৰিকল্পনা কৰা অাৰু তাক সম্পূৰ্ণ কৰা কামটো চাই অাটাইকেইজনৰ দক্ষতাক মুক্তকণ্ঠে প্ৰশংসা কৰিছোঁ ৷

মাৰপিটৰ এটা দৃশ্যত এগৰাকী গাভৰুকো দেখা গৈছিল ৷ অসমীয়া ছবিত এইটো নতুন সংযোজন ৷ গাভৰু গৰাকীয়ে মনত পেলাই দিছিল কুইন্টিন টৰান্টিন’ৰ ‘কিলবিল’ ছবিৰ কথা ৷ কিন্তু, মাৰপিটৰ দৃশ্যটিৰ সময়খিনি ৰাতি বাবে ছোৱালীজনীক ভালদৰে দেখাই নাপালোঁ ৷

ছবিখনত বাহাৰুল ইছলাম, জ্বলি লস্কৰ,  কমললোচন অাদিৰ দৰে অভিনেতা অাছে, সন্ধ্যা হাজৰিকা অাৰু ডৰথী ভৰদ্বাজৰ দৰে ভাল অভিনেত্ৰী অাছে ৷ তেওঁলোকৰ সুযোগ সীমিত, কিন্তু সেইখিনিৰ ভাল ব্যবহাৰ কৰিছে ৷ কেইদিনমানৰ অাগতে এতিয়াও মুক্তি লাভ নকৰা ছবি এখনত সন্ধ্যাক সম্পূৰ্ণ বিপৰীত ধৰণৰ চৰিত্ৰ এটাত দেখা পাইছিলোঁ অাৰু ভাল পাইছিলোঁ ৷ এওঁলোকে অাৰু ভাল ভাল চৰিত্ৰত অভিনয় কৰাৰ সুবিধা পাব বুলি অাশা থাকিল ৷

এই লেখাটো সমালোচনা নহয়, ছবিখনৰ লগত জড়িত দলটোৰ প্ৰতি শুভেচ্ছাহে ৷ 



ফটোখন সন্ধ্যা হাজৰিকাৰ