Friday, October 14, 2022

মুহূৰৎ ৰিপ’ৰ্ট 'ৰাঘব'

যতীন বৰা – নৱনীতা বৰা শৰ্মাৰ নতুন ছবি ‘ৰাঘব’ৰ মুহূৰৎ সম্পন্ন কৰা হ’ল অাজি দুপৰীয়া ৷ জ্যোতি চিত্ৰবনৰ দৃশ্যগ্ৰহন মজিয়াত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত থাাকি ভাল লাগিল ৷ জামজমকতাপূৰ্ণ অনুষ্ঠান, ব্যবসায়িক লক্ষ্য অাগত ৰাখি নিৰ্মান কৰা ছবি, একে ধৰণৰ বিলাসী অায়োজনৰ মুহূৰৎ ৷ অসমীয়া ছবি জগতৰ বহু বিখ্যাত লোকৰ সমাবেশ হোৱা এই অনুষ্ঠানটিৰ শেষলৈকে থাকিব নোৱাৰিলোঁ, কিন্তু যিখিনি সময় অাছিলোঁ, তাত কেইবাটিও ভাল লগা কথাৰ অভিজ্ঞতা হ’ল ৷ সেইখিনিকে লেখোঁ ৷

সফল হোৱাৰ  পাচত বহু মানুহে অাৰম্ভণিৰ সময়ৰ সহায় কৰা বহু মানুহক পাহৰি যায় ৷ বহু অভিজ্ঞতাৰ পাচত এতিয়া এইটোকেই নিয়ম যেন লগা হ’ল ৷ পাহৰি যোৱাটো ঠিকেই, কিন্তু অপকাৰ কৰিব খোজাটোহে যেন সঠিক প্ৰতিদান ৷ কাকতালীয় হলেও, যতীনৰ সভাৰ পাচতেই লগ পাইছিলোঁ অসমৰ এগৰাকী প্ৰসিদ্ধ ব্যক্তিক ৷ কথা প্ৰসংগত তেখেতে ক’লে – ‘অমুকক মই গাঁৱৰ পৰা অানিছিলোঁ, বহু মাহ মোৰ লগত থাকিল, পান দোকান এখন দি দিছিলোঁ, এতিয়া সি বহু টকাৰ মালিক ৷ ভাল পাইছোঁ তাৰ উন্নতিত, কেৱল তাৰ সময়হে নাই, কলবেক কৰাৰো সময় নাই ৷’

এতিয়া যতীনৰ কথা ৷ বহুদিনৰ অাগতে ৰবীন্দ্ৰ ভৱনত এখন নাটক চাইছিলোঁ, ৰফিকুল হুচেইনৰ – ‘ধোঁৱা’৷ মোৰ সম্মুখৰ অাসনত অাছিল  পুলকগগৈদা ৷ কেইটামান দৃশ্য চোৱাৰ পাচত দাদাক কৈছিলোঁ- দাদা ,এই দুজনক চিনেমাত বৰ ভাল লাগিব, লবচোন ৷ সেই দুজনৰ এজন অাছিল অকালতে গুচি যোৱা ক্ষীৰোদ শৰ্মা অাৰু বাকীজন অাজিৰ যতীন বৰা ৷ ‘ধোঁৱা’ নাটকখনক চিনেমা কৰাৰ কাম অাৰম্ভ হৈছিল, দৃশ্যগ্ৰহনো হৈছিল, কিন্তু শেষ নহ’ল ৷ এখন  ছবিৰ বাবে যতীনক গুৱাহাটীলৈ মাতি পঠোৱা হৈছিল, যতীন অাহি উপস্থিত হৈছিল, কিন্তু যতীনত ঘুৰাই পঠোৱা হৈছিল ৷ এজন তৰুণ অভিনেতাৰ বাবে কিমান হৃদয়বিদাৰক অভিজ্ঞতা- তাক অানে সহজে অনুভব কৰিব নোৱাৰিব ৷ তাৰ পাচত যতীনৰ জীৱনলৈ অাহিল অাব্দুল মজিদ, লৈ অাহিছিল ‘উত্তৰকাল’ ৷

বিজু ফুকনৰ ‘দেউতা’ ধাৰাবাহিক, ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘কালসন্ধ্যা’ (সভাখনত ঘোষকে কোৱাৰ দৰে হিন্দী-অসমীয়া ছবি নহয়, হিন্দী ছবিহে) যতীনৰ প্ৰথম হিন্দী ছবি, অাৰু তাৰ পাচত মুনিন বৰুৱা ৷ যতীনৰ অভিনয় জীৱনৰ উত্তৰণত এই কেইগৰাকীৰ অৱদানৰ কথা যতীনে বহু ঠাইত অকপটে প্ৰকাশ কৰিছে ৷ অাজি এই চাৰিওগৰাকী নাই, কিন্তু যতীনে সেই চাৰিগৰাকীৰ সহধৰ্মীণীক মাতি অানি তেখেতসকলৰ পৰা অাশীষ লৈ ছবিৰ কাম অাৰম্ভ কৰিছে ৷ যতীনৰ কৃতজ্ঞতা প্ৰকাশৰ এই ৰূপ ভাল লাগিল ৷

অাব্দুল মজিদকাৰ পত্নীক অসুস্থ যেন লাগিল, তেখেতক মঞ্চলৈ মাতি নিয়া হ’ল, থিয় হৈ থকাত তেখেতে অলপ কষ্ট পোৱা যেন লাগিল ৷ ঠিক সেই সময়তে মঞ্চৰ ওচৰতে বহি থকা নিশিতা গোস্বামীয়ে বহাৰ পৰা উঠি চকী এখন মঞ্চৰ পিনে অাগবঢ়াই দিলে ৷ নিশিতাৰ এই কথাটোও ভাল লাগিল ৷

মুঠতে অাজিৰ অনুষ্ঠানটিয়ে মন ভাল লগাই দিলে ৷ বহু অনুষ্ঠানত উপস্থিত থাকোঁ, বহু অনুষ্ঠান নিয়মমতে হৈ  গৈ থাকে, তাৰ মাজত কিছু ব্যতিক্ৰম দেখা পালে অাৰু সেই ব্যতিক্ৰমে মন ভাল লগা অভিজ্ঞতা দিলে সময়খিনি সাৰ্থক হোৱা যেন অনুভব হয় ৷    
ধন্যবাদ নৱনীতা অাৰু যতীন ৷ 

বাওঁপালৰ পৰা - মাধুৰিমা চৌধুৰী, অৰুণ হাজৰিকা,প্ৰফেচৰ ডঃ প্ৰদ্যুম্ন গোস্বামী ,প্ৰণয় বৰদলৈ মই, নয়ন প্ৰসাদ, ডাঃ জয়ন্ত কুমাৰ দাস অাৰু ডাঃ হিতেশ বৰুৱা ৷