Friday, December 22, 2023

‘মালতী’ ফুলৰ দৰেই সুগন্ধি বিয়পাব পৰা


এগৰাকী ত্ৰিশোৰ্ধ মহিলাই ঘৰত প্ৰবেশ কৰাৰ পৰাই ছবিখনৰ আৰম্ভ ৷ ঘৰত সজাই থোৱা দুখন ফটোৰ এখনত আছে গাভৰুৰ পিনে আগবঢ়াই দিয়া আঙুঠি এটি [বিয়াৰ প্ৰস্তাব], আনখনত আছে এগৰাকী পুৰুষৰ সতে আলিংগনাবদ্ধ [বিয়া হৈ গ’ল] ৷ মহিলাগৰাকীৰ কিছু তথ্য উপস্থাপন কৰা হৈ গ’ল ৷ কৰবাৰ পৰা ঘুৰি আহিছে তেওঁ, গা ধুইছে আৰু পিন্ধিবলৈ কাপোৰ বিচাৰিছে- আলমাৰীত ৷ হাত দিছে পুৰুষৰ চোলা এটিত, আলফুলে চোলাটি চুইছে, অনুভব কৰিব বিচাৰিছে চোলাটি নহয়, চোলাটিৰ ভিতৰত থকা মানুহজন, মুখাবয়বত সেই ভাব স্পষ্ট, গুণগুণাই থকা সুৰটিয়েও একে ভাবকেই গভীৰতা দিছে ৷ বুজি পোৱাত কষ্ট নহয়, চোলাটি তেওঁৰ প্ৰিয়জনৰ আৰু চোলাটিৰেই তেওঁ প্ৰিয়জনৰ সান্নিধ্য অনুভব কৰিছে ৷ আন এটা চোলা লয়, কিবা গোন্ধ এটা তেওঁৰ নাকত লাগে, গুণগুণণি বন্ধ হয়, মুখাবয়বত বিয়পি থকা সান্নিধ্যৰ আবেশ অন্তৰ্ধান হৈ যায়, মুখত বিয়পি পৰে এটা কষ্টকৰ প্ৰশ্নবোধক চিন ৷ এনেদৰেই ছবিখনৰ আৰম্ভণি ৷ প্ৰেমৰ অন্তত বিয়া হোৱা এগৰাকী নৱবিবাহিতা মহিলাই যেতিয়া আৱিষ্কাৰ কৰে যে তেওঁৰ স্বামী অইন এগৰাকী মহিলাৰ লগত ঘনিষ্ঠ- তেওঁৰ কেনে লাগিব- এই প্ৰশ্নটোকেই ‘মালতী’ নামৰ ষোল্ল মিনিটীয়া ছবিখনৰ লেখক-পৰিচালক মৃণাল মেস্ত্ৰীয়ে উপস্থাপন কৰিছে ৷ এই ধৰণৰ কাহিনী ছবিত নতুন নহয় ৷ কিন্তু কাহিনীটো উপস্থাপনত লেখক-পৰিচালকে যি নতুনত্ব প্ৰদৰ্শন কৰিছে সেয়াহে ছবিখনৰ আচল শক্তি ৷

ছবিখনৰ আৰম্ভণিতেই নায়িকাই গুণগুণাইছে, তাৰ পৰা ছবিখনৰ ভাষাৰ একো ইংগিত পোৱা নাযায় ৷ এবাৰ যে গুণগুণণি বন্ধ হ’ল, তাৰ পাচত ছবিখনত একো কথা নাই ৷ সম্পূৰ্ণভাবে সংলাপহীন ছবি ৷ অকল ছবিৰেই কথা ক’বলগীয়া হোৱা বাবে পৰিচালকে ইমেইজবোৰক শক্তিশালী ৰূপত নিৰ্মাণ কৰিবই লাগিব ৷ প্ৰথম দুই মিনিটতেই পৰিচালকে কাহিনীৰ মূল সংকট উপস্থাপন কৰিব পাৰিছে আৰু এয়া এগৰাকী দক্ষ নিৰ্মাতাৰ পৰিচয় ৷ ঘৰৰ ভিতৰত অকলশৰে থাকি মহিলাগৰাকীয়ে সমস্যাটিক অনুভব কৰাৰ চেষ্টা পৰিচালিকাই সফল ভাবে প্ৰকাশ কৰিছে ৷ ৰাতি ধূনীয়া মমবাতি জ্বলাই গাভৰুৱে গিৰিয়েকৰ বাবে অপেক্ষা কৰিছে, দেখিলেই ভাব হয়, তেওঁ বহু কথা পাতিবলৈ ৰৈ আছে আৰু কথাখিনি মিলামিছাৰে সম্পূৰ্ণ কৰিব, সেই ভাব অভিনেত্ৰী গৰাকীৰ দেহভংগীমাত স্পষ্ট ৷ ৰাতিৰ বিচনাত তেওঁ গিৰিয়েকৰ সতে অন্তৰংগ হৈছে, মুখত কোনো আগ্ৰহৰ চিন নাই, তেওঁৰ চকুত ভাহিছে সেই অন্য মহিলাগৰাকীহে ৷ 
ছবিখন কলা-বগা৷ ছাঁ-পোহৰৰ কৌশলী ব্যবহাৰেৰে দৃশ্যবোৰৰ ৰূপবন্ধ জটিল কৰা তোলা হৈছে ৷ জেন ডনি লি-ৰ কেমেৰাৰ কামে ছবিখনৰ বক্তব্যৰ আবেদন বৃদ্ধি কৰিছে ৷ কিছু লংশ্বটেও মহিলাগৰাকীৰ মনৰ শূণ্যতা প্ৰকাশত সহায় কৰিছে ৷ লুইচ মৰাল-ৰ আৱহসংগীতে ছবিখনৰ আবেদন বৃদ্ধিত সহায় কৰিছে ৷ আলেক্সাৰূভাকালবা-ৰ সম্পাদনাই কাহিনীৰ মুড আৰু গতিক সন্তুলিত কৰি ৰাখিছে ৷ 
ছবিখনৰ বাবে পৰিচালকে এগৰাকী দক্ষ অভিনেত্ৰী নিৰ্বাচন কৰিছে ৷ কোনো সংলাপ নোহোৱাকৈয়ে অকল মুখ আৰু দেহৰ অভিব্যক্তিৰে সকলো কথা তেওঁ বাংময় কৰি তুলিছে ৷ চোলাত গোন্ধ পোৱা সময়ত মনলৈ অহা অবিশ্বাস, আশ্বৰ্য, বিশ্বাসভংগ, বেদনা আদি সকলো সূক্ষ্ম ভাবকেই অভিনেত্ৰী কংকনা চক্ৰবৰ্তীয়ে সুন্দৰ ভাবে জীৱন্ত কৰি তুলিছে ৷ খোৱাৰ টেবিলত অকলে বহি থকা মুহূৰ্তটোও মনত ৰৈ যোৱা ৷ চৰিত্ৰটিৰ পৰা অভিনেত্ৰী গৰাকীক পৃথক কৰিব নোৱাৰি ৷ এই কৃতিত্বৰ কিছু ভাগ পৰিচালকেও পাব ৷  
পৰিচালিকাই ছবিখনৰ বাবে এটি জটিল বাকধাৰা নিৰ্বাচন কৰিছিল ৷ ছবি নিৰ্মাণৰ আটাইকেইটি উপাদানকেই দক্ষতাৰে ব্যবহাৰ কৰি ইপ্সিত লক্ষ্যত উপনীত হৈছে ৷ ইমানবোৰ দিশৰ সঠিক সমন্বয় ৰক্ষা কৰাটো কঠিন কাম৷ পৰিচালিকা মেস্ত্ৰি এই কামত উত্তীৰ্ণ হৈছে ৷ ‘মালতী’ নামটো ছবিখনৰ নায়িকা গৰাকীৰ বুলি অনুমান হয়, কিন্তু সংলাপহীন এই ছবিত নায়িকাৰ নাম উল্লেখ হোৱা নাই ৷ ছবিখন চাই শেষ কৰাৰ পাচত মনলৈ আহে, মালতী নামটো কিয় ? তেতিয়াই মনলৈ আহে ফুলবিধৰ কথা ৷ ‘মালতী’ নামৰ ছবিখনো ফুলবিধৰ দৰেই সৰু আকৃতিৰ, ছবিখনৰ আবেদনো ফুলবিধৰ সুগন্ধিৰ দৰেই বহু সময়লৈ ৰৈ যোৱা ৷

মালতী ছবিৰ ট্ৰেলৰ
https://www.youtube.com/watch?v=rs-GrS9XxkA