Monday, July 25, 2022

ইন্দিৰা, ইমাৰ্জেন্সি আৰু কংগনা

BartaNE | Sunday | 24 July 2022

মূলঃ অনন্ত বিজয়, অনুবাদ উৎপল দত্ত

কংগনা ৰানাউট এগৰাকী অতি প্ৰতিভাৱান অভিনেত্ৰী। তেওঁৰ অসাধাৰণ অভিনয় বহুকেইখন ছবিত দেখিবলৈ পোৱা গৈছে। বাণিজ্যিক ছবিত তেওঁৰ সফলতাৰ কাহিনীও সকলোৱে জানে। বহু সময়ত তেওঁ ‘আউট অৱ দ্য বক্স’ ছবি কৰে আৰু সেই ছবিত কৰা অভিনয়েৰে দৰ্শকক মোহিত কৰে। শেহতীয়াকৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হৈ থকা জয়ললিতাৰ জীৱনক লৈ তেওঁ অভিনয় কৰা  ছবি ‘থালাইৱী’ প্ৰদশির্ত হৈছিল। সেই ছবিত কংগনাই অভিনয়ৰ দক্ষতাৰে জয়ললিতাৰ চৰিত্ৰটোক জীৱন্ত কৰি তুলিছিল।

এতিয়া কংগনাই আন এটা অতি প্ৰত্যাহ্বানমূলক বিষয় আৰু চৰিত্ৰ বাছি লৈছে। এতিয়া তেওঁ ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ ওপৰত এখন ছবি নিৰ্মাণ কৰি আছে। এই ছবিখনত তেওঁ ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিব। কংগনাই এই ছবিখনৰ এটা চুটি ভিডিঅ’ ইণ্টাৰনেট মিডিয়াত শ্বেয়াৰ কৰিছে। সেইটো চালে এনে লাগে যেন কংগনাই এই চৰিত্ৰটোত অভিনয় কৰিবলৈ বহুত কষ্ট কৰিছে। চুটি ভিডিঅ’টোত কংগনাই ইন্দিৰা গান্ধীৰ অভিব্যক্তি আৰু তেওঁৰ কথা কোৱাৰ শৈলীক সম্পূৰ্ণৰূপে চিত্ৰিত কৰিছে। ছবিখন তেওঁ পৰিচালনাও কৰিছে৷

( এই প্ৰবন্ধৰ মূল লেখক অনন্ত বিজয় পেছাত সাংবাদিক, চলচ্চিত্ৰ সমালোচনাৰ বাবে ৰাষ্ট্ৰীয় বঁটা বিজয়ী৷ )

জৰুৰীকালীন অৱস্থা হৈছে ভাৰতীয় গণতন্ত্ৰৰ সেই অন্ধকাৰ অধ্যায় যিয়ে সমাজৰ প্ৰতিটো শ্ৰেণীক প্ৰভাৱিত কৰিছিল। সেই যুগৰ বহু কাহিনী আজিও ৰাইজৰ স্মৃতিত ৰৈ গৈছে। ইমাৰ্জেন্সীত যি ঘটিছিল বা ইন্দিৰা গান্ধীৰ সিদ্ধান্ত আৰু সঞ্জয় গান্ধীৰ একনায়কত্ববাদী মনোভাৱে জনসাধাৰণক যিদৰে বিচলিত কৰিছিল সেই অনুপাতে ছবি নিৰ্মাণ কৰা হোৱা নাছিল। এই বিষয়ত সৃষ্টিশীল লেখাৰো অস্তিত্ব নাছিল। প্ৰবন্ধ আদি নিশ্চিতভাৱে লিখা হৈছিল, সাংবাদিক আৰু ৰাজনীতিবিদৰ কিতাপো প্ৰকাশ হৈছিল যদিও ইমাৰ্জেন্সীক বিষয় কৰি উপন্যাস বা গল্প লিখিছিল অতি কম সংখ্যক সাহিত্যিকে।

যদি আমি হিন্দী ছবিৰ কথা কওঁ, তেন্তে মই মিছ কৰা এখন ছবি হ’ল ‘কিচ্ছা কুৰ্ছি কা’। ইমাৰ্জেন্সিৰ পূৰ্বে নিৰ্মাণ কৰা এই অমৃত নাহতাৰ ছবিখন চাৰ্টিফিকেচনৰ বাবে চেঞ্চৰ ব’ৰ্ডলৈ গৈছিল। চেন্সৰ ব’ৰ্ডৰ পৰা প্ৰমাণ পত্ৰ লাভ কৰালৈকে দেশত জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছিল। ছবিখনে সঞ্জয় গান্ধী আৰু ইন্দিৰা গান্ধীৰ কাৰ্যকলাপ সন্দৰ্ভত এক খলকনি তুলিছিল। সঞ্জয় গান্ধীৰ গাড়ী কাৰখানা স্থাপনৰ পৰিকল্পনাক লৈও ব্যংগ কৰা হৈছিল। সঞ্জয় গান্ধীয়ে এই বিষয়ে জানিব পাৰি ক্ষুব্ধ হৈ উঠিছিল। তাৰ পিছত কি হৈছিল সেয়া ইতিহাস৷

তদানীন্তন তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী বিদ্যা চৰণ শুক্লাৰ নিৰ্দেশত চেন্সৰ ব’ৰ্ডত জমা কৰা ছবিখনৰ প্ৰিন্ট জব্দ হোৱা বুলি বহু ঠাইত উল্লেখ আছে। সঞ্জয় গান্ধী এই কথাত সন্তুষ্ট নাছিল। তেওঁ বিচাৰিছিল ছবিখনৰ সকলো প্ৰিন্ট নষ্ট হওক। তেওঁৰ ইচ্ছা পূৰণৰ বাবে দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে বোম্বাইৰ (বৰ্তমানৰ মুম্বাই) প্ৰভাদেৱী অঞ্চলৰ এটা ফিল্ম প্ৰচেছিং লেবত অভিযান চলায়। অভিযানত ছবিখনৰ নিগেটিভকে ধৰি আটাইকেইটা প্ৰিন্ট জব্দ কৰি পুলিচ কেইজনে লগত লৈ দিল্লীলৈ আহে। লগতে উল্লেখ কৰা হৈছে যে সমগ্ৰ সামগ্ৰী মাৰুতি গাড়ী কাৰখানাৰ চৌহদলৈ আনি জ্বলাই দিয়া হৈছিল। এই ছবিত মনোহৰ সিং, শ্বাবানা আজমী আৰু সুৰেখা ছিক্ৰিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। পিছলৈ সেই ছবিখন পুনৰ নিৰ্মাণ কৰি মুক্তি দিয়া হয় যদিও মূল ছবিখন নষ্ট কৰা হয়। এই ছবিখন সন্দৰ্ভত এটা কেছ লিটিগেচনো হৈছিল।

এয়া জৰুৰীকালীন অৱস্থাৰ কথা৷ কিন্তু তাৰ কেইমাহমান আগতে ১৯৭৫ চনত ‘আন্ধী’ নামৰ চিনেমা এখনে মুক্তি লাভ কৰিছিল। ইয়াৰ পিছতে বিয়পি পৰিল যে এইখন ছবি ইন্দিৰা গান্ধীৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা। তাৰ পিছত ছবিখন নিষিদ্ধ কৰা হৈছিল। আই এছ জোহৰৰ ‘ভেচেক্টমী’ নামৰ এখন ছবিও আছিল, য’ত জৰুৰীকালীন যুগত বীজাণুমুক্তকৰণৰ অতিমাত্ৰা প্ৰদৰ্শন কৰা হৈছিল। এই ছবিখনো বহু বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই ছবিখন ইমাৰ্জেন্সিৰ পিছত নিৰ্মাণ কৰা হৈছিল।

২০১৭ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পৰিচালক মধুৰ ভাণ্ডাৰকাৰে ‘ইন্দু সৰকাৰ’ নামেৰে এখন ছবি নিৰ্মাণ কৰিছিল। এই ছবিখনৰ বিৰুদ্ধে সমগ্ৰ দেশতে কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। আচৰিত কথাটো হ’ল, সেই সময়ত চেঞ্চৰ ব’ৰ্ডেও এই ছবিখন মুক্তিৰ পথত বাধাৰ সৃষ্টি কৰিছিল। এই ছবিবোৰৰ ভাগ্য দেখি কম সংখ্যক চলচ্চিত্ৰ নিৰ্মাতাইহে ইমাৰ্জেন্সী বিষয়ত এখন ছবি নিৰ্মাণৰ সাহস কৰিছিল বুলি বিশ্বাস কৰিব পাৰি, নে ইয়াৰ আন কিবা কাৰণ আছে? আচলতে আমি যদি সম্পূৰ্ণৰূপে চাওঁ তেন্তে ইয়াৰ আন বহুতো কাৰণো আছে। এটা হ’ল বেছিভাগ ছবি নিৰ্মাতাই হ’ল ব্যৱসায়ী, আৰু তেওঁলোকে নিজৰ ব্যৱসায়ত কোনো ধৰণৰ হেঁচা নিবিচাৰে। তেওঁলোকে ছবিখনত বিনিয়োগ কৰি লাভ অৰ্জন কৰিব বিচাৰে। এই ধাৰাটোৱে চলচ্চিত্ৰ নিৰ্মাতাসকলক কোনো ধৰণৰ ৰিস্ক লোৱাত বাধা প্ৰদান কৰে। এইখন দেশত গান্ধীক লৈ অতি কম সংখ্যক ছবি নিৰ্মাণ হোৱাটো আকস্মিক কথা নহয়। স্বাধীনতাৰ পঁয়ত্ৰিশ বছৰৰ পাছতহে নিৰ্মাণ হল এখন সম্পূৰ্ণ ছবি। সেইখন নিৰ্মাণ কৰিছিল এজন বিদেশী ৰিচাৰ্ড এটেনব’ৰ’ই।

এই প্ৰসংগত আলোকপাত কৰিবলগীয়া আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল হিন্দীত ৰাজনৈতিক বিষয় সন্দৰ্ভত গল্প লিখা হৈছিল  কম। উপন্যাস আৰু কম। স্বাধীনতাৰ পিছত ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ ওপৰত এখন কাল্ট ছবি হিচাপে গণ্য কৰা ছবি হ’ল ‘গৰম হাৱা’। ইছমত চুঘতাইৰ কাহিনী আধাৰিত আছিল এই ছবি। হিন্দী লেখকতকৈ অধিক সংখ্যক পাঞ্জাবী লেখকে বিভাজনৰ ট্ৰেজেডীক লৈ লিখিছিল৷ কাৰণ ভাৰত-পাকিস্তান বিভাজনৰ দ্বাৰা তেওঁলোক অধিক প্ৰভাৱিত হৈছিল৷ ট্ৰেজেডীক তীক্ষ্ণ দৃষ্টিৰে চোৱা হৈছিল আৰু অনুভৱ কৰা হৈছিল। স্বাধীন ভাৰতৰ ইতিহাসত এনে বহুতো ৰাজনৈতিক ঘটনা ঘটিছে যিবোৰৰ ছবি নিৰ্মাণ কৰিব পৰা যায়।

আমি যদি স্বাধীনতাৰ পিছত হোৱা ৰাজনৈতিক ঘটনাৰ কথা কওঁ, তেন্তে ক’ব লাগিব ভাষা আন্দোলন আৰু প্ৰদেশ বিভাজনৰ কথা আৰু হিংসা। কংগ্ৰেছত বিভাজন আৰু ইন্দিৰা গান্ধীৰ উত্থান। ইন্দিৰা গান্ধীৰ হত্যাৰ পাছত অনুষ্ঠিত নিৰ্বাচনত ৰাজীৱ গান্ধীয়ে পাঁচ বছৰৰ ভিতৰতে অকল্পনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু জনসাধাৰণৰ মোহভংগ ঘটাইছিল। বিশ্বনাথ প্ৰতাপ সিং প্ৰধানমন্ত্ৰী হোৱাৰ ঘটনা আৰু সংসদীয় দলৰ বৈঠকৰ পূৰ্বে সংঘটিত হোৱা ষড়যন্ত্ৰ আৰু বৈঠকৰ সময়ত সংঘটিত হোৱা নাটকীয় ঘটনা। এনেদৰে বহু ৰাজনৈতিক বিষয়ত চিনেমা নিৰ্মাণ কৰিব পাৰি। প্ৰযোজক-পৰিচালকসকলে যদি ৰিস্ক লয় তেন্তে তেওঁলোকেও সফলতা লাভ কৰিব পাৰে। লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যু আৰু কাশ্মীৰৰ গণহত্যাক লৈ এখন ছবি নিৰ্মাণৰ ৰিস্ক লৈছিল বিবেক অগ্নিহোত্ৰীয়ে। এখনত তেওঁ তুলনামূলকভাৱে কম সফলতা লাভ কৰিছিল যদিও দ্বিতীয়খন ছবিত জনসাধাৰণে তেওঁক ইমান মৰম দিছিল যিটো তেওঁ কল্পনাও কৰিব পৰা নাছিল।

এতিয়া যেতিয়া কংগনাই ৰানাউটে ইমাৰ্জেন্সীক লৈ এখন ছবি নিৰ্মাণ কৰি আছে, আশা কৰিব পাৰি যে কংগনাই তেওঁৰ পূৰ্বৰ ছবি নিৰ্মাতাসকলে সন্মুখীন হোৱা বাধাৰ সন্মুখীন হ’ব নালাগিব। ইমাৰ্জেন্সীৰ সময়ত গ্ৰেপ্তাৰ, নিষেধাজ্ঞা আৰু অত্যাচাৰ চলি থকাৰ মাজতো সেই সময়ছোৱাত সঞ্জয় গান্ধী আৰু তেওঁৰ মহিলা বন্ধুসকলৰ বহু কাহিনী কিতাপ-আলোচনীত আদিত সিঁচৰতি হৈ আছে। যদি কংগনাৰ দলটোৱে সেই কাহিনীবোৰ চিনেমাখনৰ কাহিনীৰ মাজত ভৰাই দিয়ে, তেন্তে ছবিখনৰ সফলতাত কোনো সন্দেহ নাথাকিব। কল্পনা কৰিব পাৰি এই সফলতাই ৰাজনৈতিক ছবি নিৰ্মাণৰ বাবে অধিক চলচ্চিত্ৰ নিৰ্মাতাক অনুপ্ৰাণিত কৰিব৷