Tuesday, July 12, 2022

হেঙুলী বেলি

 
'হেঙুলী বেলি' এটা  মিউজিক ভিডিঅ' ৷ ৰূপম ভূঞাৰ কন্ঠৰ এটি অাবেগিক গীত ৷ ভিডিঅ'টি কেইবাটিও কাৰণত ভাল লাগিল ৷ প্ৰথম - ৰূপম ভূঞাৰ কন্ঠ ৷ দ্বিতীয় - মিউজিক ভিডিঅ'টিয়ে পৰম্পৰাগত ভিডিঅ'ৰ ধাৰণা সলনি কৰি দিছে ৷ পুৰুষ কন্ঠৰ গীত - পৰ্দাত দেখি অাছোঁ এগৰাকী নাৰী চৰিত্ৰ ৷ গায়ক গৰাকী পৰ্দাত ওলোৱা নাই ৷ এই সাহস অাৰু শক্তিক ধন্যবাদ ৷ তৃতীয় - সুন্দৰ দৃশ্যগ্ৰহন ৷ দুটা বা তিনিটা শ্বট বাদ দি বাকী অাটাইকেইটি শ্বটেই  বৈয়াকৰণিক দিশৰ পৰা শুদ্ধ অাৰু ছবিৰ বক্তব্যৰ অাবেগক সংযত অাৰু সংবেদনশীল ৰূপত প্ৰকাশ কৰাত সক্ষম ৷ অসমীয়া গীতৰ মিউজিক ভিডিঅ' জগতত ইমান কলাত্মক অাৰু অনুভব সম্বৃদ্ধ কাম অাগতে মই দেখা নাই ৷ পৰিচালক মানবজ্যোতি বৰুৱালৈ অভিনন্দন ৷ 

No comments:

Post a Comment

Featured Post

বিৰল ৰাগ ‘চন্দ্ৰনন্দন’ৰ শান্ত পৰিবেশন

আকাশত উজলি থকা অলেখ তৰা আৰু পূৰ্ণচন্দ্ৰৰ স্নিগ্ধতাই সৃষ্টি কৰা এক ৰহস্যময় সৌন্দৰ্যৰ সৈতে ‘চন্দ্ৰনন্দন’ ৰাগক তুলনা কৰিব পাৰি ৷ এই ৰাগটো কোনো ...