প্ৰথম প্ৰকাশ দৈনিক জনমভূমি ১০.৬.২৩
কিতাপখনৰ নামটোৱে ইংগিত দিয়ে যে ফাইলত লুকাই থকা বা লুকুৱাই ৰখা ইন্দিৰা গান্ধী বিষয়ক কিছুমান কথাই এই হিন্দী কিতাপখনত স্থান পাইছে ৷ ইন্দিৰা গান্ধীয়ে ইহলীলা সম্বৰণ কৰা কেইবা দশকো হ’ল৷ জনপ্ৰিয়তাৰ দিশৰ পৰা তেওঁৰ জড়িত থকা একাধিক কংগ্ৰেছ দলৰ এতিয়াৰ অৱস্থা শোচনীয় ৷ তেনে এগৰাকী নেত্ৰীৰ বিষয়ে এখন নতুন কিতাপৰ প্ৰয়োজন কি ? ৰাচিয়াৰ গুপ্তচৰ সংস্থা কেজিবিৰ আৰ্কাইভত সোমাই থকা অলেখ ফাইলৰ পৰা তুলি অনা কিছু তথ্যৰ প্ৰকাশ ঘটিছিল মিত্ৰোখিন ফাইলছ নামেৰে ৷ এই ‘মিত্ৰোখিন ফাইলছ’ নামৰ লগত থকা সাদৃশ্যই এটা পূৰ্ব ধাৰণাৰ সৃষ্টি কৰে যে কিতাপখনত প্ৰকাশ কৰা হৈছে কিছু গোপন অথবা লুকাই থকা তথ্য যিখিনিয়ে ইন্দিৰা গান্ধী বিৰোধীসকলক কিছু খোৰাক একত্ৰিত কৰি দিব পাৰিব ৷লেখক বিষ্ণু শৰ্মাই পাতনিত স্পষ্ট ভাবে কৈছে যে পাকিস্থানক দুটুকুৰা কৰা ইন্দিৰা গান্ধীৰ প্ৰশাসনীয় দক্ষতাক তেওঁ যেনেদৰে প্ৰশংসা কৰে তেনেদৰে পুত্ৰ স্নেহত অন্ধ হৈ বংশবাদৰ ৰাজনীতিক খামুচি ধৰি থকা নেত্ৰী গৰাকীৰ প্ৰতি তেওঁ একেই ধাৰণা প্ৰকাশ কৰিব নোৱাৰে ৷ লেখকে উল্লেখ নকৰিলেও এইটো সত্য যে ইন্দিৰা গান্ধী নিজেই বংশবাদৰ এটা ভাল উদাহৰণ আৰু ইয়াৰ ধাৰাবাহিকতাই ভাৰতীয় ৰাজনীতিৰ জগতখনক আমোদজনক কৰি ৰাখিছে ৷ নেহৰু-গান্ধী পৰিয়ালৰ প্ৰাইভটে লিমিটেড কোম্পানী হিচাপে প্ৰখ্যাত কংগ্ৰেছত বিভিন্ন সময়ত হোৱা বিসম্বাদৰ কাৰণ মূলতঃ এই বংশবাদৰ প্ৰভাব ৷ ৰাজনৈতিক নেতাৰ বিষয়ে লেখা কিতাপৰ আকষৰ্ণ তেতিয়াই বাঢ়ে যেতিয়া তাক কিছু ব্যক্তিগত কথা থাকে অথবা উত্তেজক সমালোচনামূলক কথাই স্থান লাভ কৰে৷ কেলেংকাৰী জাতীয় কথা থাকিলেতো আৰু কোনো কথাই নাই ৷ কিন্তু এই কিতাপৰ লেখকে সেই সহজ পথত ভৰি দিয়া নাই ৷ তেওঁ একোটা বিষয় বাচি লৈছে আৰু সেই প্ৰসংগত থকা বিভিন্ন তথ্যপাতিৰে কথাটো উপস্থাপন কৰিছে ৷ নিজৰ ফালৰ পৰা বিশেষণীয় বিশেষণ থকা মন্তব্য প্ৰদান কৰা নাই ৷ ইয়ৰ অৰ্থ এইটো নহয় যে তেওঁ তথ্যসূত্ৰৰ সংগ্ৰাহকহে মাথোন ৷ বিষয়বোৰৰ নিৰ্বাচন, তথ্যৰ উপস্থাপন আৰু ৰুচিসম্পন্ন ৰচনাই তেওঁৰ ৰাজনৈতিক বিশ্লেষণৰ ক্ষমতা আৰু দায়িত্ববোধৰ পৰিচয় দিয়ে ৷ ইতিহাসে একো একোটা সময়ত খলনায়িকাৰ স্থানলৈ লৈ যোৱা এই নেত্ৰীগৰাকীৰ বিষয়ে লেখোতে, বিশেষকৈ উত্তেজনাৰ ইংগিত দিয়া শিৰোণামাৰ কিতাপখন লেখোতে লেখকে উত্তেজক শব্দমালা ব্যবহাৰৰ সুবিধা পাইছিল ৷ কিন্তু সেই প্ৰলোভনৰ ফান্দত তেওঁ ভৰি দিয়া নাই, তেওঁ তথ্যৰ পৰিসীমাৰ ভিতৰতে ৰৈ গৈছে আৰু পাঠকক প্ৰদান কৰিছে এক পৰিপক্ক ৰচনাৰ স্বাদ ৷
ইন্দিৰা গান্ধীৰ ৰাজত্বকালত সঘনাই উত্থাপিত প্ৰশ্ন এটিৰ বিষয় আছিল- ইন্দিৰা গান্ধী কাৰ অধিক ওচৰ চপা - চিআইএ-ৰ নে কেজিবিৰ? লেখক বিষ্ণু শৰ্মাই কিতাখনৰ এটা অধ্যায়ৰ শিৰোণামাত সেই প্ৰশ্নৰ স্পষ্ট উত্তৰ দিছে ৷ তেওঁৰ অধ্যায়টিৰ শিৰোণামা - ‘কভী চিআইএ তো কভী কেজিবি কে হাথ কী পুতলী’৷ ভাৰতত এসময়ত থকা আমেৰিকান ৰাষ্ট্ৰদূত ডেনিয়েল পেট্ৰিক মোইনিহানে লেখা ‘এ ডেনজাৰাচ প্লেচ’ গ্ৰন্থৰ উদ্ধৃতিৰে লেখকে কেৰেলা আৰু পশ্চিমবংগত কমিউনিষ্টৰ উত্থান প্ৰতিহত কৰাৰ বাবে চিআইয়ে ইন্দিৰা গান্ধীক দুবাৰ পইচা দিছিল ৷ এই কথাৰ সূত্ৰ ধৰিয়েই কেৰেলাৰ বিত্তমন্ত্ৰী থমাছ ইজাকে দুই হেজাৰ আঠচনত কৰা অনুসন্ধানত কলম্বিয়া বিশ্বাবিদ্যালয়ৰ ‘অৰেল হিষ্টৰি আৰ্কাইভ’ৰ পৰা চিআইএ-কংগ্ৰেছৰ সম্বন্ধৰ তথ্য উদঘাটন কৰে ৷ ১৯৫৭-৫৯ চনত ভাৰতত থকা আমেৰিকান ৰাষ্ট্ৰদূত এলছৱৰ্থ বেংকাৰে দিয়া এটা সাক্ষাৎকাৰত কৈছিল যে ৰাচিয়াই কমিউনিষ্ট পাৰ্টিক টকা দিয়াৰ কথা জনাৰ পাচত চিআইয়ে কংগ্ৰেছ দলক অৰ্থ সাহায্য দিছিল ৷ লেখক বিষ্ণু শৰ্মাই এই কথাবোৰ বিভিন্ন ধৰণৰ তথ্যৰ ওপৰত ভিত্তি কৰি কৈছে আৰু প্ৰতিটো লেখাৰ লগতেই তথ্যসূত্ৰও উল্লেখ কৰিছে ৷ইন্দিৰা গান্ধীৰ জীৱন আৰু কামৰ বিষয়ে ইমান আলোচনা-কিতাপ-পত্ৰ প্ৰকাশ হৈ গৈছে যে প্ৰশ্ন উত্থাপন হোৱাৰ সম্ভাবনা ৰৈ যায়- ইন্দিৰা গান্ধীৰ জানিবলৈ আৰু কি বাকী আছে যিখিনি মানুহে জনাটো প্ৰয়োজন ? এইটো এটা স্বাভাবিক প্ৰশ্ন ৷ কিন্তু গভীৰভাৱে চিন্তা কৰিলে দেখা যায় যে ঘটনাবোৰ বস্তুনিষ্ঠ প্ৰকৃতিৰ, ৰাজনৈতিক আৰু সামাজিক জীৱনৰ লগত সেই ঘটনাবোৰ বিভিন্ন ধৰণে সংযুক্ত ৷ পৰিবৰ্তিত সময়ৰ লগে লগে সেইবোৰে পৃথক পৃথক অৰ্থ প্ৰকাশ কৰিব পাৰে, বিভিন্ন ঘটনাৰ প্ৰতিক্ৰিয়া বহু দিন পাচত প্ৰকাশ হ’ব পাৰে আৰু এইবোৰ কাৰণতেই একোগৰাকী প্ৰভাবশালী ৰাজনৈতিক নেতাৰ কামৰ বাৰাম্বাৰ বিশ্লেষণ প্ৰয়োজন হৈ পৰে ৷ ইন্দিৰা গান্ধীয়ে প্ৰধানমন্ত্ৰী হৈ থকা সময়ত কৰা কামবোৰ এটা নিৰ্দিষ্ট সময়ৰ কাম নহয়, ই ভাৰতৰ প্ৰবহমান গতিৰ লগত সম্পৰ্কিত আৰু সেইবাবেই ইন্দিৰা গান্ধীয়ে কৰি যোৱা কামবোৰৰ নতুন নতুন বাখ্যা সংযোজিত হৈ থাকিব৷ ৰাজনৈতিক কাৰণত, বিশেষকৈ নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলবোৰে এটাই আনটোৰ দোষ খোচৰাটি স্বাভাবিক কথা ৷ কিন্তু সেইবোৰ কথাক মানুহে নিৰ্বাচনী সময়ৰ স্ফূৰ্তি হিচাপেই গণ্য কৰে ৷ কিন্তু ৰাজনৈতিক আদৰ্শ, উদ্দেশ্য আৰু কৰ্মপন্থাৰ বিশ্লেষণৰ সময়ত অতীতৰ তথ্যবোৰৰ বিশ্লেষণ হৈ পৰে গভীৰভাবে প্ৰয়োজনীয় ৷
‘বৰুৱা মডেল: ভাৰতীয় ৰাজনীতিলৈ ইন্দিৰাৰ উপহাৰ’ শীৰ্ষক অধ্যায়টিত লেখকে ভাৰতৰ এচোৱা জটিল সময় জৰুৰীকালীন অৱস্থাত কংগ্ৰেছ সভাপতি হোৱা দেৱকান্ত বৰুৱাৰ উত্থান আৰু কামৰ বৰ্ণনা দিয়া হৈছে ৷ ভাৰতীয় ৰাজনীতিৰ গতি প্ৰকৃতি অধ্যয়ণ কৰিলে দেখা যায় কংগ্ৰেছ দলত দেৱকান্ত বৰুৱা এজন আদৰ্শ সভাপতি হিচাপে গণ্য কৰা হৈ আহিছে আৰু পৰবৰ্তী কালত কংগ্ৰেছে সেই ধৰণৰ সভাপতিকেই নিৰ্বাচন কৰি আহিছে ৷ আজিৰ দিন এই কথাবোৰ অধ্যয়ণৰ কৰাৰ বাবেই অতীতৰ কথাৰ প্ৰয়োজন ৷ ‘বৰুৱা মডেল’ শব্দটি লেখকৰ সৃষ্টি, কিন্তু বৰুৱা সম্পৰ্কত যিবোৰ তথ্য সংগ্ৰহ কৰিছে সেই আটাইবোৰৰ উৎস উল্লেখে প্ৰৱন্ধটিক ৰাজনৈতিক মতামতৰ উৰ্ধলৈ লৈ গৈছে ৷
এই সুলিখিত হিন্দী গ্ৰন্থখনত ৫০টা অধ্যায় আছে আৰু প্ৰতিটো অধ্যায়য়েই স্বয়ংসম্পূৰ্ণ ৷ এই কিতাপখনৰ সৌন্দৰ্য হ’ল ইয়াৰ সুখপাঠ্য গুণ আৰু বিশ্বাসযোগ্যতা ৷ লেখকৰ অসীম প্ৰণালীবদ্ধ অধ্যয়ণ প্ৰতিটো অধ্যায়তে প্ৰকাশিত ৷ কিতাপখনত এনেভালেমান তথ্য আছে যিবোৰে পাঠকক বিস্ময়াভিভূত কৰিব, নতুন কথা জনাৰ আনন্দ দিব ৷ দেৱকান্ত বৰুৱাই যে এসময়ত প্ৰধানমন্ত্ৰী হ’বলৈ ইচ্ছা কৰি আগবাঢ়িছিল সেই কথাৰ প্ৰাপ্তিয়ে কিতাপখনৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰে ৷ লেখকে সকলো কথাৰে তথ্য উৎস দিছে যদিও কৈছে “সকলো প্ৰচেষ্টাৰ পিছতো প্ৰতিটো ঘটনাৰ কোনোবা নহয় কোনোবা এটা দিশ হেৰুৱাই পেলোৱাৰ সম্ভাৱনা থাকে, কিছুমান ভুলো হ’ব পাৰে... গতিকে সময়ত সেইবোৰৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰক, যাতে পৰৱৰ্তী সংস্কৰণত সেইবোৰ শুধৰাই দিব পৰা যায় ৷’
মতাদৰ্শৰ সংঘাতৰ এই যুগত এই গ্ৰন্থখন হয়তো এটা চুকত থিয় হৈ থকা যেন লাগিব পাৰে, কিন্তু এজন পাঠক হিচাপে এই কিতাপখনক ইতিহাস চোৱাৰ আন এক দৃষ্টিভংগী হিচাপে গণ্য কৰিব পাৰি ৷ গ্ৰন্থখনত এফালে ইন্দিৰা গান্ধীৰ বিৰোধীসকলৰ বাবে তথ্য দাঙি ধৰা হৈছে যদিও আনফালে তেওঁৰ প্ৰশংসকৰ বাবে ইয়াত বহুতো নতুন চাঞ্চল্যকৰ তথ্যও আছে ৷
ইতিহাস আৰু ৰাজনীতিৰ প্ৰতি আগ্ৰহী লোকসকলৰ লগতে এই কিতাপখন সাংবাদিক, টেলিভিচন টক শ্ব’ৰ প্ৰযোজক আৰু অংশগ্ৰহনকাৰী সকলোৰে বাবে উপযোগী৷ ছ’চিয়েল মিডিয়াৰ ছাটিৰ তলত ডাঙৰ-দীঘল হোৱা নতুন প্ৰজন্মই কম শব্দত, স্পষ্ট আৰু পোনপতীয়া তথ্য বিচাৰে৷ এই কিতাপখনে এই নতুন প্ৰজন্মৰ অধ্যয়ণ-মানসিকতাক প্ৰতিফলিত কৰিছে ৷