Saturday, June 17, 2023

নাছিৰুদ্দিন শ্বাহৰ বাৰ্ধক্য আৰু এজেন্দা

মূল অনন্ত বিজয় > অনুবাদ উৎপল দত্ত > প্ৰথম প্ৰকাশ ১৮জুনৰ সাদিন

প্ৰায় তিনি-চাৰি বছৰ আগৰ কথা ৷ এখন সাহিত্য মহোৎসৱত অংশ লৈ চলচ্ছিত্ৰ অভিনেতা নাছিৰুদ্দিন শ্বাহে কৈছিল যে তেওঁ জনপ্ৰিয় বিচাৰে আৰু সেইবাবেই চিনেমাত প্ৰৱেশ কৰিছে ৷ নাছিৰুদ্দিন শ্বাহে অকল এই কথা কৈয়েই শেষ কৰা নাছিল, তেওঁ লগতে ইয়াকো কৈছিল যে চিনেমাৰ জৰিয়তে শিল্পৰ সেৱা কৰাৰ লক্ষ্যৰে তেওঁ চিনেমালৈ অহা নাই, তেওঁ কেৱল জনপ্ৰিয়তাহে পাব বিচাৰিছিল ৷চিনেমালৈ অহাৰ কাৰণশিল্পৰ সেৱাবুলি কোৱা সকলে মিছা কথা কয় ৷ সত্যটো হ’ল মানুহে টকা উপাৰ্জন কৰি বিখ্যাত বলৈ ছবিৰ জগতলৈ আহে-‘ এই কথাখিনি এনে এজন ব্যক্তিয়ে কৈছিল যিজনক শ্ৰেষ্ঠ শিল্পী বুলি কোৱা হৈছিল ৷ কোৱা হৈছিল - তেওঁ এনে এজন অভিনেতা যিয়ে অভিনয় শিল্পক নতুন উচ্চতালৈ লৈ গৈছিল, ইত্যাদি ৷ এই বক্তব্য প্ৰকাশৰ কেইমাহমানৰ আগতে নাছিৰুদ্দিন শ্বাহৰ কিতাপখন বজাৰলৈ আহিছিল ৷ দৰাচলতে যোৱা কেইবাবছৰ ধৰি দেশত এটা ধাৰা চলি আহিছে যে যিসকল চলচ্চিত্ৰ শিল্পীয়ে কাম নাপায় বা কাম কমকৈ পায় তেওঁলোকে কিতাপ লিখে ৷ কিতাপ লিখাৰ এটা সুবিধা তেওঁলোকক বুদ্ধিজীৱী বুলি গণ্য কৰা হয় আৰু দ্বিতীয়তে তেওঁলোকক সাহিত্য উৎসৱলৈ নিমন্ত্ৰণ কৰা হয় ৷ সাহিত্য উৎসৱৰ পৰা এক বেলেগ ধৰণৰ জনপ্ৰিয়তা আহে ৷ গতিকে নাছিৰুদ্দিন শ্বাহৰ কাম কমি যাবলৈ ধৰাৰ সময়তে তেওঁ এখন কিতাপো লিখি উলিয়ালে ৷ বহু সাহিত্য উৎসৱলৈ তেওঁ আমন্ত্ৰিত ল ৷ সেইবোৰত বিতৰ্কিত বক্তব্য দি তেওঁ বিখ্যাত হৈ পৰিল ৷ কিতাপখনৰ বিক্ৰি ভাল হৈছিল ৷ তাৰ পিছত কেইবাটাও বছৰ পাৰ হৈ গ’ল ৷ এই সময়চোৱাত তেওঁৰ আন কোনো কিতাপ ওলোৱা নাছিল, গতিকে সাহিত্য উৎসৱৰ পৰা অহা নিমন্ত্ৰণ বন্ধ হৈ গ’ল ৷ এতিয়া তেওঁ জনপ্ৰিয় হোৱাৰ নতুন পথ বিচাৰি উলিয়াইছে ৷ সময়ে সময়ে বিতৰ্কিত বক্তব্য দিবলৈ আৰম্ভ কৰিলে ৷ কেতিয়াবা দেশৰ ভয়ৰ পৰিবেশৰ কথা ক’বলৈ ধৰিলে আৰু কেতিয়াবা এই ভয়ৰ পৰিৱেশৰ বাবেই সন্তানৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিবলৈ ধৰিলে ৷ কেতিয়াবা অনুপম খেৰকজোকাৰ’ বুলি কয় আৰু কেতিয়াবা আন সতীৰ্থ শিল্পীৰ বিষয়ে বেয়া মন্তব্য কৰে ৷ ইণ্টাৰনেট মিডিয়াৰ এই যুগত এনে বিতৰ্কিত বক্তব্য জনপ্ৰিয়    বলৈ বেছি সময় নালাগে ৷  ছবিত নাচিৰৰ কাম কমি আহিবলৈ ধৰাত তেওঁ অভাৰ টপ প্লেটফৰ্মৰ ফালে মুখ কৰিলে ৷ তেওঁৰ কিবা ৱেব ছিৰিজ মুক্তি পোৱা সময়ত তেওঁ সন্মুখলৈ আহি বিতৰ্কিত কথা কৈ চৰ্চাত থাকিবলৈ চেষ্টা কৰিছিল ৷ এতিয়া তেওঁৰ ৱেব চিৰিজ তাজ, ৰেইন অৱ ৰিভেঞ্জ আহি উপস্থিত হোৱাত তেওঁ আকৌ এবাৰ সাক্ষাৎকাৰ আদি দিয়াৰ সুযোগ পালে ৷ এইবাৰ নাছিৰুদ্দিন শ্বাহে ভয় কৰা নাছিল যদিও হিন্দী ছবিৰ ডাঙৰ ডাঙৰ অভিনেতাসকলে ভয় খাইছে বুলিহে কোৱা দেখা ল ৷ ইয়াৰ উপৰিও তেওঁ নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানকো উপহাস কৰা দেখা গৈছিল ৷ নতুন সংসদ উদ্বোধনৰ সময়ত এনে এক বৃহৎ অনুষ্ঠানৰ কি প্ৰয়োজন আছিল বুলি নাছিৰে প্ৰশ্ন উত্থাপন কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম নোলোৱাকৈয়ে দেশৰ সৰ্বোচ্চ নেতাজনে নিজৰ বাবে এটা স্মৃতিসৌধ নিৰ্মাণ কৰি আছে বুলিও তেওঁ কয় ৷ সংসদৰ মুকলি সভাত নৰেন্দ্ৰ মোডীক কিয় হাততধৰ্মদণ্ডলৈ পূজাৰীয়ে ঘেৰি অাছিল, সেই বিষয়তো তেওঁৰ আপত্তি আছে ৷ বিদ্ৰুপৰ সুৰত তেওঁ কৈছিল- এনে লাগিছিল যেন ব্ৰিটেইনৰ ৰজাই বিচপসকলৰ লগত খোজ কাঢ়িছে ৷ এতিয়া কোনে নাছিৰুদ্দিন শ্বাহক ভাৰতীয় পৰম্পৰাৰ বিষয়ে বুজাব ৷ যেতিয়া তেওঁলোকৰ প্ৰচাৰ লাভ কৰাটোৱেই মূল উদ্দেশ্য হয়, তেতিয়া তেওঁলোকে কেৱল শিৰোনাম হৈ ইণ্টাৰনেট মিডিয়াত জনপ্ৰিয় হৈ পৰিব পৰা এই ধৰণৰ কামহে কৰে ৷ তেওঁলোকে হয়তো নাজানে যে দেশখনে স্বাধীনতা লাভ কৰাৰ সময়ত জৱাহৰলাল নেহৰুৱেও ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ ঘৰত পূজা কৰিছিল ৷ দেশৰ বিভিন্ন প্ৰান্তৰ নদীৰ পানী ছটিয়াই দিয়া হৈছিল ৷ সেই পূজা কাৰ্যসূচীৰ অন্তত জৱাহৰলাল নেহৰুৱে ডঃ ৰাজেন্দ্ৰ প্ৰসাদ আৰু অন্যান্য স্বাধীনতা সংগ্ৰামীৰ সৈতে সংবিধান বিষয়ৰ সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল ৷ যেতিয়া এজনে নিজ দেশৰ পৰম্পৰা বুজি নাপায় আৰু লক্ষ্য হৈছে সমালোচনা কৰি খ্যাতি অৰ্জন কৰা, তেতিয়াই তেওঁ এনে অসংযত কাম কৰিব পাৰে৷ শ্বাহৰুখ খানে সংসদ ভৱন আৰু ইয়াৰ ভৱিষ্যৎ প্ৰশংসা কৰিছে বুলি সোধাত তেওঁ মৌন হৈ ৰৈছিল ৷

নাছিৰুদ্দিন শ্বাহে এতিয়া চিঞৰি ভয়ৰ কথা কোৱা সম্ভৱ নহয় ৷ শ্বাহৰুখ আৰু আমিৰৰ দৰে অভিনেতাইও ২০১৪ চনৰ পিছত এই দেশত ভয় খাইছিল যদিও এতিয়া তেওঁলোকে নিৰ্ভয়ে কাম কৰি আছে৷ নৰেন্দ্ৰ মোদীৰ বিৰোধিতা কৰা আমিৰ খানে কেৱল প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাই নহয়, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তাক সাক্ষাৎ কৰিবলৈও কুণ্ঠাবোধ কৰা নাই ৷ এজন নাছিৰুদ্দিন শ্বাহ বাকী আছে যিয়ে এতিয়াও অনুভৱ কৰে যে হিন্দী ছবিৰ যিসকল মানুহৰ কথাৰ ওজন আছে, তেওঁলোক ভয়তে নিমাত হৈ আছে ৷ এই সময়ত দেশত যে এজেণ্ডা আৰু অপপ্ৰচাৰৰ চিনেমা নিৰ্মাণ হৈ আছে ৷ অজান ভয়ৰ বাবেই হিন্দী ছবিৰ বিখ্যাত ব্যক্তিত্বসকলে ইয়াৰ বিৰুদ্ধে মৌনতা অৱলম্বন কৰিছে বুলি ভাবি নাছিৰুদ্দিন শ্বাহ চিন্তাত পৰা যেন লাগে ৷ নাছিৰুদ্দিনে পাহৰি গ’ল যে সমান্তৰাল চিনেমাৰ যুগত যেতিয়া তেওঁ খ্যাতি লাভ কৰিছিল তেতিয়া সেই ছবিবোৰত কি মতাদৰ্শৰ এজেণ্ডা চলি আছিল ৷ সেই সময়ত তেওঁ সফল হৈছিল, তেওঁৰ কথাৰ ওজন আছিল আৰু প্ৰভাবো পৰিছিল ৷ তেতিয়া তেওঁলোকে এজেণ্ডাও দেখা নাপালে, অপপ্ৰচাৰো দেখা নাপালে ৷ সেই সময়ছোৱালৈ উভতি যাওক যেতিয়া খাজা আহমদ আব্বাছৰ নেতৃত্বত অভিনেতাৰ দলটোৱে ছোভিয়েট ৰাছিয়ালৈ গৈ তাত অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৷ তাত চৰকাৰৰ আতিথ্য উপভোগ কৰি উভতি আহি নিজৰ মতাদৰ্শৰ আধাৰত ছবি নিৰ্মাণ কৰিছিল ৷ নাছিৰুদ্দিন শ্বাহে কেতিয়াও তেওঁৰ বিষয়ে একো কোৱা নাছিল ৷ ইয়াক নিৰ্বাচিত মৌনতা বা নিৰ্বাচিত সঁহাৰি বোলা হয় ৷ দেশৰ মানুহে এতিয়া এনেবোৰ কথা বুজিবলৈ আৰম্ভ কৰিছে ৷ তেওঁলোকৰ এজেণ্ডাও বুজিবলৈ সক্ষম হৈছে ৷

নাছিৰুদ্দিন শ্বাহক লৈ জাভেদ আখতাৰ আৰু চেলিম খানৰ মতামত একে৷ দুয়োৰে বিশ্বাস যে নাছিৰে হতাশাৰ বাবেই এনে বক্তব্য দিয়ে ৷ দৰাচলতে কেইবছৰমান আগতে নাছিৰুদ্দিন শ্বাহে ৰাজেশ খান্নাক মূৰ্খ অভিনেতা আখ্যা দি ঠাট্টা-মস্কৰা কৰিছিল ৷ তেতিয়া জাভেদ আখতাৰে স্পষ্টকৈ কৈছিল যেনাছিৰ চাহাবে কোনো সফল মানুহকে ভাল নাপায় ৷ যদি কাৰোবাক ভাল পায় তেন্তে নামটো কওক যে মই এই মানুহজনক ভাল পাওঁ কাৰণ তেওঁ সফল ৷ আজিলৈকে শুনা নাই ৷ দিলীপ কুমাৰক সমালোচনা কৰে, অমিতাভ বচ্ছনক সমালোচনা কৰে, সফল হোৱা প্ৰতিজন পুৰুষকে ভাল নাপায় ৷প্ৰায় একে সময়তে চেলিম খানেও নাছিৰুদ্দিন শ্বাহক হতাশ আৰু তিক্ত মানুহ বুলি অভিহিত কৰিছিল ৷ দেখা যায় যে নাছিৰুদ্দিন শ্বাহক লৈ চেলিম খান আৰু জাভেদ আখতাৰে দিয়া বক্তব্য শুদ্ধ আছিল ৷ নিজৰ বয়সৰ অনুপম খেৰেও বেলেগ বেলেগ চৰিত্ৰত অভিনয় কৰি ব্যস্ত হৈ থকা দেখি তেওঁ হয়তো হতাশ ব ৷ তেওঁতকৈ ডাঙৰ অমিতাভ বচ্ছনে এতিয়াও কাম পাই আছে ৷ আনহাতে নাছিৰুদ্দিন শ্বাহক ছবি জগতৰ অতি কম সংখ্যক লোকেহে ছবিৰ বাবে বিচাৰে ৷ হিন্দী ছবিৰ জগতখন এই অৰ্থত অতি নিষ্ঠুৰ যে যদি দৰ্শকে কোনোবা এজন অভিনেতাক ভাল নাপায় বা তেওঁলোকৰ ছবি সফল নহয়, তেন্তে তেওঁলোকে সেইবোৰলৈও নাচায়, তেওঁলোকৰ লগত ছবি এখন কৰাটো দূৰৰ কথা ৷ এই কথা নাছিৰে বুজিব লাগিব ৷

https://cutt.ly/WwwQlXxh

No comments:

Post a Comment

Featured Post

Dipankar Kashyap is Redefining Men's Fashion with an Assamese Soul

Dipankar Kashyap is a celebrated pioneer in Assam’s fashion landscape. Long before the wave of contemporary fashion designing truly swept th...