Saturday, April 15, 2023

ডঃ সুনন্দন বৰুৱাৰ এটা কবিতা


ডঃ সুনন্দন বৰুৱা অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ গবেষণা অাৰু উদ্ভাৱণ বিভাগৰ সঞ্চালক ৷ মোৰ সতে চিনাকি হোৱা  খুব বেচি দিন হোৱা নাই ৷ বিশ্ববিদ্যালয়ৰ ভিতৰত বিভিন্ন সময়ত বিভিন্ন কামত তেখেতক লগ পাওঁ ৷ কেতিয়াবা কিবা উদ্ভাৱণ প্ৰক্ৰিয়াৰ লগত জড়িত প্ৰদৰ্শনী পাতিছে, তাত লগ পাইছোঁ, হয়তো কেতিয়াবা অডিঅ' ৰেকৰ্ডিং পদ্ধতিৰ কথা পাতিছোঁ ৷ টেড এক্স স্পিকাৰ মাতি অানি লেকচাৰৰ ব্যবস্থা কৰিছে, তালৈ মাতিছে, গৈছোঁ, মই কিবা সংগীতানুষ্ঠানলৈ মাতিছোঁ. তেখেত অাহিব পৰা নাই, কিন্তু সময়তকৈ অাগতেই জনাইছে - কিন্তু যেতিয়া প্ৰথমবাৰৰ বাবে বাহিৰত লগ পাওঁ - পচিছ বছৰীয়া যুৱকৰ দৰে মটৰ বাইক, তাৰ লগত মিলা ড্ৰেছ - বিশ্ববিদ্যালয়ত লগ পোৱা মানুহজনৰ লগত অকণো মিল নাই ৷ অাৰু যেতিয়া ফেচবুকত লগ পালোঁ, অাৰু এজন পৃথক মানুহ ৷ ব্যক্তিগত ভাবে মই  ৰুচিৰ বৈচিত্ৰ্য অাৰু কামৰ পৰিষৰৰ ব্যাপক পৰিধি থকা মানুহৰ লেখা পঢ়ি ভাল পাওঁ ৷ কাৰণ সেই লেখাত জীৱনৰ স্পন্দন থাকে অাৰু থাকে অাগতে নুশুনা শব্দৰ সংগীত ৷


অাজি ফেচবুকত ডঃ বৰুৱাৰ কবিতা এটা পঢ়িলোঁ, ইংৰাজীত লেখা ৷ অনুবাদ কৰিবলৈ মন গ'ল- কৰিলোঁ ৷ কবিতাটি এতিয়া পাঠকৰ বাবে মুকলি কৰি দিলোঁ-

এই বিষাদ-সম্পদ মোৰ, তেনেদৰে তোমাৰো, 
মোৰ এই উপহাৰ, তোমাৰো
দুখৰ কথাক কৰি দিয়া এটা গান,
অাৰু এটা কণ্ঠ দিয়া সেই গীতটোক

তুমি গুণগুণাই থকা এই পুৰণি সুৰটো
যিমান মোৰ, সিমানেই তোমাৰ।

তোমাক বুজাবলৈ চেষ্টা কৰাটো অৰ্থহীন,
কাৰণ মোৰ হৃদয়খনো তোমাৰ দৰেই পাগল,
আৰু আমাৰ দুয়োৰে এজনেও বুজিবলৈ সাজু নহও

এই চহৰ আৰু ইয়াৰ ৰাজপথৰ গুজববোৰত
ঘুৰি ফুৰা কাহিনীটো মোৰ, সমানেই তোমাৰো

সুৰাপানৰ পৰামৰ্শ মোক নিদিবা হে জ্ঞানদাতা,
ময়ো সেই মদ্যপায়ীৰ ঘাটিলৈ যাও, তুমি যোৱাৰ দৰেই ৷  

...........................................................

 

No comments:

Post a Comment

Featured Post

Dipankar Kashyap is Redefining Men's Fashion with an Assamese Soul

Dipankar Kashyap is a celebrated pioneer in Assam’s fashion landscape. Long before the wave of contemporary fashion designing truly swept th...