Thursday, March 30, 2023

অনুৰাধা শৰ্মা পূজাৰী প্ৰসংগ


অনুৰাধা শৰ্মা পূজাৰীৰ  এটা মন্তব্যক কেন্দ্ৰ কৰি বিশেষকৈ ফেচবুকত এক অভাবনীয় পৰিস্থিতৰ সৃষ্টি হৈছে ৷ অনুৰাধা শৰ্মা পূজাৰীক ব্যক্তিগত ভাবে চিনি পোৱাৰ অাগৰ পৰাই মই তেখেতৰ লেখাৰ পাঠক অাৰু সমালোচক ৷ তিনি দশকৰো অধিক কাল অামি পাৰিবাৰিক বন্ধু ৷ তেনে এগৰাকী ব্যক্তিক লক্ষ্য কৰি হোৱা ৰাজহুৱা অাক্ৰমণ অাৰু বিদ্বেষ প্ৰকাশত মই প্ৰতিক্ৰিয়াহীন ভাবেই অাছিলোঁ,  কাৰণ মই জানো যে সংবাদ মাধ্যমৰ এগৰাকী ঘনিষ্ঠ কৰ্মী হিচাপে তেখেতে নিশ্চয় জানে যে এই ধৰণৰ ৰাজহুৱা প্ৰতিক্ৰয়া কেতিয়া হয় অাৰু কেনেকৈ হয় ৷ 

এটা কথাত ভাল লগা নাছিল যে অাক্ৰমণৰ ভাষাই শালীনতাৰ সীমা অতিক্ৰম কৰি গৈছিল ৷ এটা কথা  ঠিক যে অসমত মানুহক ৰাজহুৱাভাবে বেয়া ভাষাৰে কোৱা প্ৰথাটোৰ জন্ম অাৰু বিকাশ হৈছিল সংবাদপত্ৰৰ যোগেৰেই ৷ সামাজিক মাধ্যম পাচত অাহিছে, অাৰম্ভণি কিন্তু ছপা মাধ্যমত অাৰু অামাৰ তথাকথিত বিবেকবান মানুহৰ হাততেই এই সংস্কৃতিৰ জন্ম অাৰু বিকাশ ৷ তেনে মানুহক ছপা মাধ্যমেই ডাঙৰ মানুহ সজাই অাছে ৷

কিন্তু অাজি এটা প্ৰতিক্ৰয়া প্ৰকাশ কৰিবলৈ বাধ্য হলোঁ  প্ৰদীপ পূজাৰী ডাঙৰীয়াৰ পোষ্ট এটা পঢ়াৰ পাচত ৷ কোনোবাই হেনো কৈছে যে অনুৰাধা শৰ্মা পূজাৰীৰ লেখাবোৰ নিজে লেখা নহয়, তেখেতৰ স্বামীয়ে লেখি দিয়া ৷ এই কথাটোত শ্ৰীযুত পূজাৰীয়ে দুখ পোৱাটো স্বাভাবিক ৷ অামাৰ সমাজত এতিয়াও বহুতে বিশ্বাস কৰে যে মহিলাই কিবা চকুত লগা কাম কৰিলেই তেওঁৰ গিৰিয়েকে বা বন্ধু-বান্ধবে কৰি দিয়ে ৷ এইটো পূজাৰী পৰিয়ালৰ ক্ষেত্ৰতেই নহয়, অান বহুতৰ ভাগ্যতো ঘটা মই দেখা পাইছোঁ ৷ গামোচা প্ৰসংগত অনুৰাধা শৰ্মা পূজাৰীয়ে দিয়া মন্তব্যৰ লগত বহুতেই একমত নহবও পাৰে, সেইটোও স্বাভাবিক কথা ৷ শৰ্মা পূজাৰীয়ে দাবী কৰা নাই যে সকলাৱে তেখেতৰ মন্তব্য মানি লওক ৷ মত মানি নোলোৱা কথাটো প্ৰকাশ কৰিবলৈ অশালীন ভাষাৰ প্ৰয়োগৰ দৰকাৰ কি ? সাধাৰণতে দেখা যায় কাৰোবাৰ কিবা বেয়া কথা ক'ব লাগিলে দুটা অশালীন শব্দ লগাই দিলে বেয়া পোৱা কথাটোত জোৰ দিয়া যেন লাগে ৷ বহুতে কথাই প্ৰতি একোটা বিশেষ অশালীন শব্দ উচ্চাৰণ কৰি ভাল পায় ৷ এইবোৰ সামাজিক নৃতত্ব বিষয়ক কথা ৷ হয়তো শৰ্মা পূজাৰীৰ লেখাৰ জনপ্ৰিয়তাৰ এয়া অন্য এক প্ৰকাশ ৷ কোনোবাই  অনুৰাধা শৰ্মা পূজাৰীৰ কিতাপ পুৰি পেলাব খুজিছে বুলিও কোৱা শুনিছোঁ ৷ এই ধৰণৰ প্ৰতিবাদ নিজৰ সংস্কাৰৰ প্ৰকাশ, ই কিতাপ  বা সাহিত্যৰ প্ৰতি শংকাৰ কাৰণ নহয় ৷ 

পূজাৰী পৰিয়ালৰ বন্ধু হিচাপে কওঁ - এয়া অনুৰাধা শৰ্মা পূজাৰীৰ জনপ্ৰিয়তাৰ এটা পৰীক্ষা ৷ শান্ত ভাবে পৰীক্ষাত অৱতীৰ্ণ হওক ৷ মোৰ দৃঢ় বিশ্বাস, এই কঠিন ঘটনাই অনুৰাধা শৰ্মা পূজাৰীৰ কেৰিয়াৰলৈ এটা নতুন সংযোজন কঢ়িয়াই অানিব ৷ ৰাজহুৱা জীৱনত ফুলৰ মালা অাৰু ঘোলাকণী দুয়োটাকে সমানে গ্ৰহন কৰিব পৰা শক্তি লাগে ৷ মোৰ বিশ্বাস- দুয়ো এই শক্তি অাহৰণ কৰিছে ৷   

  

No comments:

Post a Comment

Featured Post

Dipankar Kashyap is Redefining Men's Fashion with an Assamese Soul

Dipankar Kashyap is a celebrated pioneer in Assam’s fashion landscape. Long before the wave of contemporary fashion designing truly swept th...