এখন চিনেমাক কেতিয়া ভাল চিনেমা বুলি কোৱা হয় ?
প্ৰশ্নটো সঁচাকৈয়ে জটিল ৷ এই কথাটো সৰল ভাষাৰে বুজাই প্ৰবন্ধ এটি লেখিছিল পদুম বৰুৱাই, অধুনালুপ্ত, পৱন বুঢ়াগোহাঁই সম্পাদিত 'কোৰাচ' অালোচনীত ৷ চিনেমাৰ সকলো দৰ্শকৰ বাবে এই প্ৰবন্ধটি অতি গুৰুত্বপূৰ্ণ বুলি ভাবি প্ৰচাৰ কৰিলোঁ ৷
যিকোনো কলা বস্তুৰ গুণাগুণ বিচাৰ কৰা হয় ইয়াৰ মাধ্যমগত বৈশিষ্টসমূহৰ পৰিপ্ৰেক্ষিতত৷ চিনেমা এবিধ কলা; গতিকে সবাটোকৈ আগতে এখন ছবিৰ সাৰ্থকতা নিৰ্ভৰ কৰে ইয়াৰ চিনেমাসূলভ গুণসমূহৰ ওপৰত৷ চিনেমাসুলভ অৰ্থাৎ চিনেমাধৰ্মী গুণ বুলিলে প্ৰধানকৈ তিনিটা গুণ বুজায়– দৃশ্যধৰ্মীতা, গতিশীলতা আৰু বাস্তৱধৰ্মীতা ৷
প্ৰথম কলা হ’ল, চিনেমাৰ ভাষা দৃশ্যমৰ্ধী৷ চিত্ৰশিল্পীৰ হাতৰ ভূমিকা আৰু ভাস্কৰৰ হাতৰ বাচুলাৰ দৰে কেমেৰা চলচ্চিত্ৰ-পৰিচালকৰ শিল্প সৃষ্টিৰ প্ৰধান হাথিয়াৰ৷ কেমেৰাৰ অৰ্থপূৰ্ণ উপস্থাপন আৰু আলোক সম্পাতৰ যোগেদি পৰিচালকে চলচ্চিত্ৰৰ মুখত ভাষা দিয়ে ৷ কলাধৰ্মী ছবিত সংলাপ, সংগীত আৰু আন সকলো প্ৰকাৰৰ শব্দ ছবিৰ দৃশ্যক অধিক কাৰ্যক্ষম কৰিবৰ বাবেহে ব্যৱহাৰ কৰা হয় ৷ দৃশ্যৰ ভূমিকা গৌণ পৰ্য্যয়লৈ নমাই সংলাপৰ যোগেৰে কাহিনী বৰ্ণনা কৰিলে চলচ্চিত্ৰৰ ধৰ্ম ক্ষতিগ্ৰস্ত হয়, ছবি হৈ পৰে মঞ্চধৰ্মী ৷ দ্বিতীয়তে, ‘চলচ্চিত্ৰ একেৰাহে স্থানাশ্ৰয়ী আৰু কালাশ্ৰয়ী কলা (Art of Space and time)৷ দৃশ্যমান নমনীয়তা ইয়াৰ বৈশিষ্ট্য ৷’ চিত্ৰশিল্পীয়ে কাগজ বা কেনভাচৰ বুকুত আয়তক্ষেত্ৰৰ চাৰিসীমাৰ মাজত ছবি অকাৰ দৰে চলচ্চিত্ৰৰ দৃশ্য ৰচনা কৰা হয় ফিল্মৰ একো একোটা ফ্ৰেম (Frame) ত আৰু তাৰ পৰা ৰূপালী পৰ্দাৰ চাৰিসীমাৰ মাজত ৷ আনহাতে সংগীতৰ সুৰ আৰু শব্দৰদৰে এই দৃশ্যবোৰ হ’ল গতিশীল৷ সেইবাবেই, কেমেৰাৰ প্ৰয়োজনীয় উপস্থাপন আৰু ইয়াৰ দৃশ্যটো কিমান সময় দেখুৱা হ’ব এই দুয়োটাই সমানে গুৰুত্বপূৰ্ণ কথা৷ বিভিন্ন দূৰত্বৰ পৰা গ্ৰহণ কৰা লং শ্বট, মিড শ্বট, ক্ল’জ শ্বট, ক্ল’জআপ আদি দৃশ্যসমূহৰ সৃষ্টিমূলক সম্পাদনাই এখন ছবিক চিনেমাধৰ্মী গুণৰ অধিকাৰী কৰে ৷ চলচ্চিত্ৰ এটা বাস্তৱধৰ্মী কলা ৷ ই ফটোগ্ৰাফীৰ পৰা উদ্ভৱ আৰু সেইবাবেই ফটোগ্ৰাফীৰ দৰেই ইয়াৰ উদ্দেশ্য হোৱা উচিত - বাস্তৱ জগতৰ বিশ্বাসযোগ্য প্ৰতিকৃতি নিৰ্মাণ কৰা ৷ [কাৰ্টুন আৰু পাপেট ফিল্মৰ কথা সুকীয়া; সেইবোৰ এবিধ বিশেষ প্ৰকাৰৰ ছবি যিবোৰক আজি কালি Expanded Cinema অৰ্থাৎ সম্প্ৰসাৰিত চিনেমা বোলা হয় ৷] চিনেমাৰ অভিনয় আৰু দৃশ্যসজ্জা সেইহেতুকে স্বাভাৱিক হোৱাটো প্ৰয়োজনীয় ৷ এই ক্ষেত্ৰত চিনেমা মঞ্চাভিনয়তকৈ বিশেষভাৱে পৃথক ৷ অভিনয় বাস্তৱধৰ্মী হ’বলৈ হ’লে অৱশ্যে ছবিৰ সংলাপ বা ৰচনা বাস্তৱধৰ্মী হোৱা উচিত ৷ সেইবাবেই সাৰ্থক ছবিত সংলাপক বাস্তৱতাৰ অংশ ৰূপেহে ব্যৱহাৰ কৰা হয়; কলাৰ ৰূপ (Art Form) হিচাপে নহয় ৷ চিনেমাৰ সংলাপ আৰু মঞ্চ-নাটৰ সংলাপৰ মাজত থকা পাৰ্থক্যও এইখিনিতেই ৷
সৰ্বশেষত, এখন ছবিৰ কলাগত মূল্যাংকনৰ বাবে ইয়াক সকলো কলাৰ এটা অতি প্ৰয়োজনীয় আৰু উমৈহতীয়া গুণৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰা উচিত ৷ প্ৰত্যেক কলা বস্তুৰ এটা অপৰিহাৰ্য্য গুণ হ’ল ইয়াৰ সামগ্ৰিকতা (Totality) ৷ তদুপৰি উপন্যাস নাটক আদিৰ দৰে চলচ্চিত্ৰ এটা প্ৰতিনিধিত্বকাৰী কলা (Representative art) ; সংগীতৰ দৰে ই বিমূৰ্ত কলা নহয় ৷ সেইবাবেই কলাধৰ্মী ছবি সদায় কোনো এক সামাজিক বা মানবীয় বিষয়বস্তুৰ ওপৰত প্ৰতিষ্ঠিত ৷ বিষয়বস্তু বা মূল বক্তব্যৰ লগত সম্পৰ্ক নথকা বা তাৰপৰা দৰ্শকৰ মন আতৰাই নিব পৰা আন যি কোনো কথা বা ঘটনাৰ অৱতাৰণাই ছবিৰ সামগ্ৰিকতাৰ ওপৰত আঘাত হানে ৷ সাৰ্থক ছবি সদায় একক ঘটনাৰ বিন্যাস ৷ বিষয়বস্তুৰদৰে ছবিত আংগিকগত সামগ্ৰিকতাও বিশেষভাবে গুৰুত্বপূৰ্ণ; কাৰণ আংগিক আৰু বিষয়বস্তুৰ সামাঞ্জস্যৰ অবিহনে সাৰ্থক কলা সৃষ্টি সম্ভৱপৰ নহয় ৷