প্ৰথম প্ৰকাশ NEBARTA.COM 26/11/22
বৈষয়িক বৈপৰীত্যৰ মাজেৰে জীৱন অতিবাহিত কৰা পুলকদাৰ মুখৰ পৰা হাঁহিটো কেতিয়াও ম্লান হোৱা নাছিল ৷ অকল হাঁহিয়েই নহয়, কিছুমান এনেকুৱা কাম কৰিছিল, যিবোৰে আনক চমকৃত কৰিছিল ৷
সেন্দুৰ ছবিৰ দৃশ্য গ্ৰহণৰ সময়ৰ কথা ৷ সেই সময়ত গণেশগুৰিৰ পৰা জ্যোতি চিত্ৰবনলৈ অটোৰ ভাৰা দহ আৰু পোন্ধৰ টকা ৷ দুটা ভাৰা হোৱাৰ কাৰণ হ’ল সন্মুখৰ ফৰেনচিক লেবৰটৰিলৈ গ’লে দহ– পুলিচৰ মানুহ তালৈ বেচি যায়, ভাৰা জোখত থাকে, জ্যোতি চিত্ৰবনলৈ পোন্ধৰ– চিনেমা কৰা মানুহ যায়, টকা বেচি থাকে তেওঁলোকৰ ৷ এটা সময়ত গুৱাহাটীৰ অটোৱালাৰ ‘পায়তাৰা’ বহুত বেচি আছিল ৷ ভাৰা যাবই নোখোজে, এটিটিউদ দেখুৱায় ৷ পুলকদা অটো এখনৰ ওচৰলৈ যায় আৰু সোধে, মালিকে চলোৱা অটো কোনখন? অটোৱালাবোৰ হতভম্ব হয়, কি বা মতলব ? তেওঁলোকে কিবা উত্তৰ দিয়াৰ আগতেই পুলকদাই দ্বিতীয় অস্ত্ৰপাত মাৰে– মই চাকৰ-বাকৰে চলোৱা অটোত নাযাওঁ, ব্যবহাৰ নাজানে, অভদ্ৰ ৷ লগে লগে আটাইকেইজন অটোৱালা মালিক আৰু ভদ্ৰ হৈ যায় ৷
তেনেকুৱা অটো এখনত উঠি পুলকদা গণেশগুৰিৰ পৰা জ্যোতি চিত্ৰবন পালে ৷ অটোৰ পৰা নামি সুধিলে- ভাৰা কিমান ?
ঃ দাদা, পোন্ধৰ টকা দিয়ক ৷
পুলকদাই জেপৰ পৰা পোন্ধৰ টকা উলিয়ালে, দিব আৰু, ঠিক তেনেতে আকৌ এবাৰ সুধিলে – কওক কিমান দিও ?
ঃ দাদা, আপুনি বাৰ টকাকে দিয়ক ৷
পুলকদাই বাৰ টকা গণি উলিয়ালে আৰু সুধিলে, আপুনি কিয় বাৰু পোন্ধৰ টকা কৈছিল ?
ঃ দাদা কৈছিলোঁ আৰু – অভ্যাস ৷
শ্বুটিং আৰম্ভ হোৱাৰ সময়, কোনোবা এজনে আহি পুলকদাক কিবা কলে, পুলকদা অলপ ব্যস্ত হৈ উঠিল, অটোৱালাক পইচা দিয়া হোৱা নাই ৷
ঃ দাদা, অকনমান শ্বুটিং চাব পাৰিম নেকি ?
ঃ পাৰিব পাৰিব ৷ –পুলকদাই তেওঁক লগত লৈ ফ্লোৰত সোমাল, তেওঁক বহাৰ ব্যবস্থা কৰি দিলে আৰু শ্বুটিঙত ব্যস্ত হ’ল ৷ এটা শ্বট হৈ গ’ল, লাইটিং সলনি হ’ব, অলপ সময় লাগিব, পুলকদা অটোৱালাজনৰ ওচৰ পালে ৷
ঃ চাইছে ?
ঃ হয় দাদা, বৰ ভাল লাগিছে ৷ প্ৰথম দেখিছোতো ৷
ঃ চাওক চাওক৷ যিমান সময় মন যায়, চাব ৷ আচ্চা কওকচোন, আপুনি বাৰু ভাৰা পোন্ধৰ টকা বুলি কিয় কৈছিল ?
ঃ দাদা, বাদ দিয়ক, দহ টকাকে দিয়ক আৰু ৷
টকা দিয়া নহ’ল, পুলকদা শ্বট ল’বলৈ গ’ল ৷ ঘুৰি আহি অটোৱালাক পুনৰ একেটা প্ৰশ্ন – পোন্ধৰ টকা কিয় কৈছিলনো ?
আকৌ শ্বট ল’বলৈ গ’ল ৷ পুনৰ অটোৱালা বহি থকা ঠাইখিনি পালেহি ৷ তেওঁ নাই ৷ তেওঁক আৰু বিচাৰি পোৱা নগ’ল ৷

এই কথাটো মোক কৈছিল অজান বৰুৱাই ৷ তেওঁ ছবিখনত বিভিন্ন ধৰণে জড়িত আছিল, গাত জুই লগাই ষ্টান্ট কৰিছিল ৷ অজানে এই সমগ্ৰ ঘটনাটি মন কৰি আছিল আৰু যোৱাৰ সময়ত অটৱালাক ভাৰাটো দি দিছিল, বাৰ টকা ৷