.jpeg)
প্ৰেক্ষাগৃহত প্ৰবেশ কৰোতে অলপ পলম হৈছিল, সেয়ে প্ৰথম খিনি চাবলৈ নাপালোঁ৷ কিন্তু যিখিনিৰ পৰা আৰম্ভ কৰিছোঁ, মঞ্চৰ পৰা মুহূৰ্তৰ বাবে চকু আঁতৰ কৰিব পৰা নাই ৷ নাটকৰ সংলাপৰ ভাষা বুজা নাই, কিন্তু অনুভব কৰিব পাৰিছোঁ অভিনেত্ৰীগৰাকীয়ে কেনেকুৱা ধৰণৰ আবেগ-অনুভব প্ৰকাশ কৰিব খুজিছে ৷
মঞ্চৰ পিচভাগত থকা এল ই ডি স্ক্ৰিণখনত ভাহি উঠিছে অভিনেত্ৰীগৰাকীৰ পশ্চাদাংশ ৷ মঞ্চত আমি তেওঁক সম্মুখৰ পৰা চাইছো, পৰ্দাখনত তেওঁক পিচ পিনৰ পৰা চাইছোঁ ৷ মঞ্চত এক সম্পূৰ্ণ নতুন অভিজ্ঞতা ৷ এয়া কোনো সাধাৰণ ষ্টাণ্ট নহয়, উদ্দাম সৃজনীশীলতাৰ তীক্ষ্ণ প্ৰকাশ ৷ কেতিয়াবা মঞ্চৰ মজিয়াখনকো ব্যবহাৰ কৰা হৈছে অভিনব ধৰণে ৷ এল ই ডি পৰ্দাত মজিয়াখন ৰাস্তাৰ দৰে হৈ পৰিছে, অভিনেত্ৰীয়ে সেই ৰাস্তাত দৌৰিছে, আমি তেওঁৰ পিচে পিচে গৈ আছোঁ ৷ কেতিয়াবা মজিয়াখন সাগৰৰ তীৰ, ফেনবোৰ আহি আছে, সাগৰতীৰত বহি থকা অভিনেত্ৰীক তিয়াই দিছে ৷ এইবোৰ কৈ আছোঁ যদিও, মই দৃশ্যৰ বৰ্ণনা সঠিকভাবে দিব পৰা নাই ৷ নাচালে এই দৃশ্য ৰচনাৰ কৌশল উপলব্ধি কৰা সম্ভব নহয় ৷ লগত আছে এই দৃশ্যবোৰৰ দেহত প্ৰাণ সঞ্চাৰ কৰা সংগীত ৷
মই দৰ্শকৰ মাজত কেইবাগৰাকীও নাট্যঅন্তপ্ৰাণক আশা কৰিছিলোঁ- অন্ততঃ তেওঁলোকে নাটকখন চালে দুটা সৃজনীশীল কৌশল আয়ত্ব কৰাৰ সুবিধা লাভ কৰিলেহেতেন ৷
নাটকখনৰ নাম ‘নট মি’ ৷ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা ভূলুং বুথুৰ ইণ্টাৰনেচনেল থিয়েটাৰ ফেষ্টিভেলত এই ৰোমানিয়াৰ নাট্যদল এটিয়ে মঞ্চস্থ কৰিছে ৷
.jpeg)