কোৰিয়ান নাট পৰিচালিকা কিম চো জুং পৰিচালিত ‘আফটাৰ’ নামৰ সংলাপহীন নাটকখন চালোঁ৷ চালোঁ বুলি ক’লে কম কোৱা হয়, সঠিক অৰ্থত নাটকৰ এক নতুন অভিজ্ঞতা অৰ্জন কৰিলোঁ৷ নাটক আৰম্ভ হোৱাৰ অলপ পাচতেই মঞ্চত বৰষুণ দিয়ে৷ বৰষুণ মানে- মই প্ৰেক্ষাগৃহৰ প্ৰায় মাজত বহি আছিলোঁ- শব্দ, ছবি আৰু পোহেৰৰে সৃষ্টি কৰা সেই বৰষুণ ইমানেই জীৱন্ত আছিল যে মোৰ গাত বৰষুণৰ চিটিকণি আহি পৰা যেন অনুভব হৈছিল৷ বৰষুণ এবাৰ নহয়, একাধিকবাৰ আহিছিল, প্ৰতিবাৰেই আহিছিল বেলেগ বেলেগ ছন্দত, বেলেগ বেলেগ অৰ্থ বুকুত বান্ধি ৷ বৰষুণজাকে লৈ গৈছিল হেমিংৱেৰ ‘এ ফেয়াৰৱেল টু আৰ্মছ’লৈ ৷
বৰষুণজাকে মোক লৈ গৈছিল প্ৰায় বাইছ বছৰ আগতে লেখা ‘গডমাদাৰ’ নামৰ নাটকখনলৈ৷ হেঙুল থিয়েটাৰে মঞ্চস্থ কৰা সেই নাটকখনত এটা ধুমুহা-গাজনি-বৰষুণৰ দৃশ্য আছিল- সেই বৰষুণৰ মাজতে এজন মানুহক হত্যা কৰা হৈছিল৷ বাতৰি কাকতত প্ৰকাশিত এটা সত্য ঘটনাৰ ভেটিত সেই দৃশ্যটি ৰচনা কৰিছিলোঁ৷ আজি ভাব হৈছে সিদিনা মঞ্চত যদি আজিৰ দৰে বৰষুণ এজাক দেখিলোঁহেতেন -
‘আফটাৰ’ নাটকখনত যে অকল টেকনিকেই আছে সেয়া নহয়, আছে সৃজনীশীল কল্পনাৰ উজ্বল দৃষ্টান্ত আৰু সঠিক পৰিমাণত আবেগ সৃষ্টিৰ দক্ষতা ৷ সাধাৰণতে দেখা যায় যে টেকনিক বা আংগিক সৰ্বস্ব নাটকত আবেগৰ প্ৰকাশ হয় শুকান ৷ এইখন নাটকৰ টেকনিকৰ তীক্ষ্ণতাক ঠেলি দি মানবীয় আবেদন সম্মুখলৈ ওলাই আহিছে- চাইকেল এখনত এটি পৰিয়ালৰ যাত্ৰা, খেলনা গাড়ী এখন আৰু বহু দিনৰ মূৰত মাকে তাৰ পৰা ধূলি গুচোৱা দৃশ্য - পুতেকজন নাই, পুতেকৰ স্মৃতিত ধূলিৰ চামনি - আৰু কিমান উদাহৰণ দিম /
প্ৰযোজকৰ তৰফৰ পৰা কোৱা হৈছে- ‘নাটকখনৰ মূল লক্ষ্য হ’ল- পৰম্পৰাগত নাট্যশৈলীৰ পৰা আঁতৰলৈ গৈ অভিনেতাৰ শৰীৰী বিভংগৰ দ্বাৰা চৰিত্ৰৰ চিন্তা, আবেগ, পৰিবেশ, মানসিকতা আৰু কাহিনীৰ প্ৰকাশ৷’ পুনৰ কৈছে- ‘এয়া একো বিমূৰ্ত প্ৰকাশ নহয়, স্পষ্ট নাটক আৰু চৰিত্ৰৰে এইখন এখন ‘ফিজিকেল প্লে’৷যি কৈছে তাকেই দেখুৱাইছে- বুদ্ধিদীপ্তভাবে, আবেগৰ তন্ত্ৰীবোৰত সঠিক কম্পনৰ সৃষ্টি কৰি ৷ ভুলুংবুথুৰ আন্তৰ্জাতিক নাট মহোৎসবক ধন্যবাদ নিদি উপায় নাই ৷
নাটকৰ শেষত নাট্যদলটিক সম্বদ্ধৰ্না জনোৱাৰ সুবিধাও পালোঁ, ধন্যবাদ মৃণালজ্যোতি গোস্বামী \

