Thursday, June 19, 2025

বিষ্ণুৰাভাৰ প্ৰতিকৃতিখন

বৰ্তমান সময়ত বিষ্ণুৰাভাৰ এখন বিশেষ ছবি বিভিন্ন ঠাইত প্ৰচাৰ আৰু প্ৰকাশ হৈ থাকে৷ অলপ বেঁকাকৈ ওপৰৰ পিনে চাই থকা অৱস্থাৰ বিষ্ণুৰাভাৰ মুখাবয়বৰ ছবি ৷ আজিকালি ফটোশ্বপৰ সহায়ত কোনো চিত্ৰশিল্পী বা মুদ্ৰন কাৰিকৰে ছবিখন নিজৰ প্ৰয়োজন মতে ঘুৰাই  দিয়ে ৷ এগৰাকী শিল্পীৰ সৃষ্টিক এনেদৰে ব্যবহাৰ কৰাটো অমাৰ্জিত, অশোভনীয় আৰু¸ নীতিবিৰুদ্ধ৷ কিন্তু বহুতেই কৰি আছে ৷ এই কাম শীঘ্ৰেই বন্ধ হ’ব লাগে ৷ 

অমূল্য মান্নাই তোলা ফটো এখনৰ পৰা এই ছবিখন আঁকিছিল শিল্পী যোগেন দাসে ৷  ডট ব্যবহাৰ তেওঁ এই ছবিখন আঁকিছিল৷ আমাৰ প্ৰতিনিধিৰ এটা সংখ্যাত এই ছবিখন প্ৰকাশ পাইছিল৷ সম্পূৰ্ণ এটা পৃষ্ঠা জোৰাকৈ ছবিখন প্ৰকাশ কৰা হৈছিল, সেই পৃষ্ঠাটো বিশেষভাবে ছপা কৰিছিল আৰ্ট পেপাৰত৷ ‘ডট’ প্ৰয়োগেৰে অঁকা সেই ছবিখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷ লাহে লাহে সেই ছবিখনে জনপ্ৰিয়তা অৰ্জন কৰিলে আবþু বিষ্ণু ৰাভাৰ ছবি বুলিলেই মানুহে সেইখনকেই চিনি পোৱা হ’ল৷ পাচত, ফটোশ্বপ অহাৰ পাচত ছবিখন কোনোবাই ৰঙীন কৰিলে, কোনোবাই মুখখন সোঁফালৰ পৰা বাওঁফাল কৰি দিলে৷ অমূল্য মান্নাৰ মূল ফটোখনৰ কথা মানুহে পাহৰি গ’ল৷ বহু জনপ্ৰিয় ফটোৰ মূল মানুহজনক বহুতে নাজানে, জানিবলৈকেও ইচ্ছা নকৰে- আমাৰ ইয়াত এইটো এটা স্বাভাবিক কথা ৷

আজিৰ এই পবিত্ৰ দিনটোত এই ফটো আৰু¸ ছবিৰ মূল মানুহ দুগৰাকীৰ স্মৰণেৰে কলাগুৰুলৈ শ্ৰদ্ধা জনালোঁ ৷ 

পুনঃ বিষ্ণু ৰাভাৰ বাবে 'কলাগুৰু' অভিধাটি প্ৰথম ব্যবহাৰ কৰিছিল তেজপুৰৰ সাংবাদিক বিবুধ কলিতাই ৷  ইয়াক সমৰ্থন কৰিছিল দৈনিক অসমে ৷ এতিয়া এই কথাটো নানানজনে নানান ভাবে কৈ থাকে ৷  ফণী শৰ্মাক ‘নটসূৰ্য’ উপাধি দিয়াটোও বিবুধ কলিতাৰে অৱদান ৷   

সময় আৰু সাহিত্যৰ বুৰঞ্জী

কিতাপখন কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন মনত ৰাখি ৰচনা কৰা যদিও ইয়াক পোনপতীয়াকৈ পাঠ্যপুথি বুলি ক’ব নোৱাৰি ৷ ক’ব পাৰি ছাত্ৰ-ছাত্ৰীৰ কামত অহা এখন বুৰঞ্জী ৷ কিতাপখন চতুৰ্দশ শতিকাৰ পৰা সপ্তদশ শতিকাৰ  ইংৰাজী সাহিত্য আৰু¸ সেইখন সমাজৰ বুৰঞ্জী৷ আমি কলেজত পঢ়া সময়ত ইংৰাজী সাহিত্যৰ বুৰঞ্জী পঢ়িছিলোঁ কেৱল বিদেশী লেখকে লেখা৷ ভাৰতীয় লেখকে লেখা কেৱল নোট বা সহায়িকাহে আমাৰ হাতত পবিþছিল ৷ ‘লিটাৰেৰি এণ্ড ছছিয়েল হিষ্টৰি [চতুৰ্দশ শতিকাৰ পৰা সপ্তদশ শতিকা]’ নামৰ এই কিতাপখনৰ লেখক ডঃ অনিন্দিতা দে গোলাঘাটৰ দেবৰাজ ৰয় কলেজৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ৷ অসমৰে, তাকো গোলাঘাটৰ দবেþ প্ৰান্তীয় ঠাইৰ কলেজ এগৰাকী অধ্যাপকে ইংৰাজী সাহিত্যৰ বুৰঞ্জী লেখিছে - এই কথাটোও পৰম আনন্দদায়ক ৷ সহজ সৰল আৰু আকৰ্ষণীয় ভাষাত লেখা এই কিতাপখন অকল সাহিত্যৰ ছাত্ৰৰে নহয়, সাহিত্য আৰু সামাজিক ইতিহাসৰ স্পষ্ট আৰু অনুচ্ছাৰিত সম্বন্ধ জানিব বিচৰা সকলো পাঠকৰ বাবে এক চিন্তাউদ্ৰেককাৰী পঠন অভিজ্ঞতা হ’ব ৷ আমি কলেজত পঢ়ি থকা সময়ত এনেকুৱা কিতাপ এখন পোৱা হ’লে ইংৰাজী সাহিত্যৰ সোৱাদ আৰু বহু ব্যাপকভাবে উপভোগ কৰিব পাৰিলোঁহেতেন ৷ অকল ছাত্ৰই নহয়, কলেজত এই বিষয়টো পঢ়োৱা শিক্ষকেও এই কিতাপখন পঢ়ি ভাল পাব ৷ 

কিতাপখনৰ এটি আকৰ্ষণীয় দিশ হ’ল পাঠৰ লগত সংগতি ৰাখি দিয়া বিভিন্ন ছবি ৷ ছবিয়ে লেখা একোটাক আকৰ্ষণীয় কৰি তোলে, পাঠকৰ জ্ঞানপিপাসা বৃদ্ধিত সহায় কৰে৷ সাধাৰণতে বহু অসমীয়া লেখক-প্ৰকাশকে সাহিত্য প্ৰসংগৰ কিতাপত ছবি দিয়াটো ভাল কথা বুলি নাভাবে ৷ কিতাপখনৰ গাম্ভীৰ্য কমি যায় বুলি ভাবে চাগে ৷ এবাৰ শ্ৰদ্ধেয় সত্যেন্দ্ৰ নাথ শৰ্মা চাৰক লগ পাই তেখেতৰ সাহিত্যৰ বুৰঞ্জীখনৰ নতুন মুদ্ৰনত ছবি সংযোজন কৰা কথা কৈছিলোঁ ৷ চাৰে কথাটো ভাল পোৱা বুলি কৈছিল ৷ ‘এবিলাক’ৰ পৰা প্ৰকাশ হোৱা অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ এটা খণ্ড সম্পাদনা কৰিছিল হোমেন বৰগোহাঞিয়ে ৷ তেখেতকো কৈছিলোঁ একেটা কথাকে, তেখেতে শলাগিছিল, কিন্তু কিতাপখনত সেই শলাগনিৰ কোনো প্ৰতিফলন নাছিল ৷ অনিন্দিতা দেৰ এই কিতাপখনৰ কথা মই আগতে নাজানো, প্ৰকাশ হোৱাৰ পাচতহে দেখা পাইছোঁ আৰু তাত মই বহু দিনৰ পৰা ভাবি অহা কথা এটিৰ প্ৰতিফলন দেখি খুব আনন্দিত হৈছোঁ ৷      

Tuesday, June 17, 2025

আদিবাসী.org

 

জামছেদপুৰত এটা এন জি ও আছে, নাম আদিবাসী ৷ তেওঁলোকে স্থানীয় লোক শিল্পীৰ কলা সামগ্ৰী বিক্ৰি কৰে আৰু তাৰ কিছু অংশ বিভিন্ন উন্নয়ণমূলক কামত ব্যবহাৰ কৰে ৷ তেনেকুৱা এটা কাম হ’ল জনজাতীয় মহিলাক চেনিটেৰি নেপকিন দিয়া ব্যবস্থা ৷ মই এন জি ও-টিৰ পৰা অলপ কলাসামগ্ৰী কিনিছিলোঁ৷ তাৰ পৰা তেওঁলোকে জনজাতীয় মহিলাক চেনিটেৰি নেপকিন দিছে ৷ মোক দিছে এখন সুন্দৰ প্ৰশংসা পত্ৰ ৷ এই প্ৰশংসা পত্ৰখন মোৰ বাবে এটা মূল্যবান সম্পদ ৷ আপোনালোকে ইচ্ছা কৰিলে তেওঁলোকৰ ৱেব চাইটটি চাব পাৰে ৷ সুন্দৰ সামগ্ৰী কিছুমান পাব, যিবোৰ কিনিবলৈ আপোনাৰ মন যাবই ৷ আৰু আপোনাৰ পৰা পোৱা পইচাৰে তেওঁলোকে দুখীয়া মানুহক সহায় কৰিব- এই কথাটোও আপোনাৰ ভাল লাগিব৷  এগৰাকী কম বয়সীয়া ছোৱালীৰ সতে মোৰ যোগাযোগ হৈছিল ৷ তেওঁৰ কাম-কাজ-কথা-বতৰাই মোক বুজাই দিছিল নিজৰ কামত তেওঁলোক কিমান নিষ্ঠাবান ৷  ৱেব চাইটটি হ’ল aadivasi.org

Sunday, June 15, 2025

অতুলৰ হেৰিটেজ খৰিকা


অতুল লহকৰ মানেই সোৱাদ আৰু পুষ্টিৰ সমাহাৰ, আন্তৰিক আতিথ্য আৰু কিছু আনন্দময় সময় ৷ আমাৰ বন্ধু-বান্ধব বাহিৰৰ পৰা আহিলে তেওঁৰ গুৱাহাটীৰ গোস্বামী চাৰভিচত থকা  হেৰিটেজ খৰিকালৈ লৈ যাও ৷ মুম্বাইৰ প্ৰসিদ্ধ সংগীত সমালোচক চিৰাগ সুতৰক তালৈ নিছিলোঁ- তেওঁ কৈছিল - কি মেল’ডিয়াচ/ খাদ্য আৰু পৰিবেশ /  কলকাতাৰ অভিনেত্ৰী ইন্দ্ৰানীয়ে কৈছিল- ইম্মান সোৱাদলগা মাছ আগতে খাই পোৱা নাই ৷ চিত্ৰ সমালোচক ডেলটনে কৈছিল- খাদ্য কেনেকৈ ইমান টেষ্টি হ’ব পাৰে / নেক্সট টাইম, মই কেৱল ইয়াতেই খাম ৷ ষ্টাৰডাষ্ট আলোচনীৰ প্ৰাক্তন সম্পাদক ডঃ পীযুশ ৰায়ে কৈছিল- চিম্পল এণ্ড ক্লাচিক ৷ আৰু কিমানকযে নিছিলোঁ // সকলোৰে মন্তব্য একেটাই ৷ 

আমাৰ ভাল লাগে-  গৌৰবেৰে অসমীয়া খাদ্যক বাহিৰৰ মানুহৰ সম্মুখত পৰিবেশন কৰিব পাৰো- সহজতে ৷  

তাৰ পাচত আহিল সোণাপুৰৰ ওচৰত ‘হুৰুম’ ৷ সেইফালেৰে অহাযোৱা কৰিলেই তাত সোমাও ৷ বাহিৰৰ পৰা বন্ধু-বান্ধব আহিলেই চিধাই তালৈ উৰি যাওঁ ৷ এদিন মোৰ মা আৰু  ভণ্টীক লৈ গৈছিলোঁ, মাই অতুলৰ আপ্যায়ন খুব ভাল পাইছিল ৷ এবাৰ কংকনা চক্ৰবৰ্তীক লৈ গৈছিলোঁ- তেওঁ এতিয়াও কয়- এইবাৰ গুৱাহাটীলৈ গ’লে হুৰুমলৈ যাম ৷ অকল খাদ্যৰ বাবেই নহয়- আতিথ্য আৰু আত্মীয়তাৰ বাবেও ৷ 

আজি অতুল লহকৰৰ হেৰিটেজ খৰিকাৰ আৰু এটি শাখাৰ উম্মোচন হ’ল ৷ সোণাপুৰৰ কিডনি হস্পিটালৰ ওচৰতে ৷ আতিথ্য আৰু আত্মীয়তা আৰু অধিক গাঢ় ৷ মই ভাবি আছিলোঁ এইখন ৰেষ্টোৰাঁত মোৰ চুটি ছবি এখনৰ দুটি দৃশ্য গ্ৰহন কৰাৰ কথা ৷  মই নিশ্চিত অতুলে আপত্তি নকৰিব ৷  আশা কৰিছোঁ সোনকালেই মোৰ সেই ছবিৰ দৃশ্যগ্ৰহন আৰম্ভ হ’ব ৷

ওপৰৰ ছবিত অতুলৰ সতে আমি ৷  আহিবৰ সময়ত দিয়া উপহাৰ ৷  নম্ৰতা আৰু কেমেৰামেন ৰাতুল বৰ্মণ ৷  আমাৰ ফটোখন তুলিছে অড্ৰি হাতীবৰুৱাই ৷