Thursday, October 30, 2025

বাটে বাটে সুৰ সিঁচি থৈ . . .

'মোৰ ফোন নম্বৰটো ডিলিট কৰিলে নেকি ?'- চাদুল্লাই ফোনত খঙেৰে সোধে ৷
'হাৰে কিয় কৰিম ? মৰি যোৱা মানুহৰে নম্বৰ মই ডিলিট নকৰোঁ ৷'
'অ’, ঠিক আছে৷ বহুদিন ফোন কৰা নাই যে, সেই কাৰণে সুধিলোঁ ৷' 

চাদুল্লাৰ লগত মোৰ কথা বতৰা তেনেদৰেই আৰম্ভ হয়, মাজত বহু সময় বিভিন্ন বিষয়, শেষ পৰিয়ালৰ কুশল বাৰ্তাৰে ৷ আজিৰ পৰা এনেদৰে ফোন নাবাজিব, ফোন নম্বৰ ডিলিট কৰা বুলি খঙৰ সুৰেৰে মৰমৰ অভিযোগ নকৰিব ৷ ফোন নম্বৰটি কনটেক্ট লিষ্টত ৰৈ যাব, কেতিয়াবা কাৰোবাৰ ফোন নম্বৰ বিচাৰিলে চাদুল্লাৰ নম্বৰটি ওলাব, কিছু সময় ৰৈ যাম, অলেখ শব্দ আৰু ছবিয়ে চাৰিওফালে ভিৰ কৰিব ৷

সেই ব্ৰক্ষ্মপুত্ৰৰ পাৰত তোলা ফটোখন ৷ সেইখন উৰি আহিব ৷ চাদুল্লাক কায়িকভাবে লগ পাইছিলোঁ আকাশবাণী ডিব্ৰুগড়ত ৷ তাৰ আগতে তেওঁৰ সুৰৰ বিখ্যাত গীতটি শুনিছিলোঁ - অহাৰ দৰে উভতি আঁতৰি গ’লা..৷ ওচৰৰ পৰা লগ পোৱাৰ পাচত অনুভব কৰিছিলোঁ, এই সুৰ তেওঁৰ বাবেই হে সম্ভব ৷ কিয় এই ভাব হৈছিল তাৰ কোনো যুক্তি মোৰ হাতত নাই, কিন্তু ভাবটো হৈছিল ৷

আকাশবাণী ডিব্ৰুগড়ৰ অফিচত খালী হৈ থকা এখন টেবিলত মোৰ ভাগ পৰিছিল ৷  খালী টেবিল, ড্ৰয়াৰত একো নাই ৷ আগতে তাত জ্যোতিষ¸ ভট্টাচাৰ্য বহিছিল, তেখেতৰ বিয়োগৰ পাচত সেইখন খালী হৈ আছিল ৷ টেবিলখনৰ ড্ৰয়াৰবোৰ পৰিষ্কাৰ কৰি থাকোতে এটা টেইপ হাতত পৰিল ৷ আকাশবাণীত বাণীবন্ধনৰ বাবে সেই টেপ ব্যবহাৰ কৰা হৈছিল ৷ টেপটোত কি আছে সেই কথা লেখা কাগত তাত নাছিল ৷ মই ষ্টুডিঅ’লৈ গৈ টেপটো শুনি চালোঁ ৷ ‘যোৱাৰ পৰত সৰা শেৱালী বুটলি কি হ’ব কোৱা’- আকাশবাণীৰ বাবে জ্যোতিষ¸ ভট্টৰ অন্তিমটি গান ৷ গানটি শেষ হ’ল৷ টেপটি ঘুৰি থাকিল ৷ পুনৰ বাজি উঠিল একেটাই গান ৷ একেটি গান, তিনিবাৰ ৰেকৰ্ডিং কৰা ৷ শেষ হোৱাৰ ঠিক আগে আগে চাদুল্লা সোমাল ৷ তেওঁক সুধিলোঁ - তিনিটা টেক কিয় ? নে এটা টেক তিনিবাৰ কপি কৰা হৈছে ৷ 
'তিনিটা বেলেগ বেলেগ ৷ আপোনাৰ কোনটো টেক ভাল লাগিছে ?'
'মইতো একে পাইছোঁ তিনিওটি গীত ৷' 
'নহয়, পাৰ্থক্য আছে ৷ এবাৰ জ্যোতিষ¸দাই ভাল পোৱা নাছিল, এবাৰ মই ৷ তৃতীয় কাটটি ফাইনেল ৷'
এইবাৰ মই আচৰিত হোৱাৰ পাল ৷ 'কওকচোন তিনিওটাৰ কি পাৰ্থক্য ?'
চাদুল্লাই টেপটো ৰিউইণ্ড কৰিলে, অলপ বিচাৰি এটা শব্দ উলিয়ালে, ‘এইটো জ্যোতিষদাই গাওঁতে ভাল হোৱা নাই বুলি ভাবিছিল ৷’ 
'আৰু আপুনি ভাল নোপোৱাটো ?'
টেপটো ফাষ্ট ফ’ৰৱাৰ্ড হ’ল ৷ অলপ ইফাল সিফাল কৰি মেণ্ডোলিনৰ সৰু পিচ এটা উলিয়ালে- এইটো ৷ মোৰ কাণে একো পাৰ্থক্য ধৰিব নোৱাৰিলে ৷ কেৱল এটা কথাই মোৰ ভাল লাগি থাকিল- এটা গানৰ এটি সৰু অংশ সৃষ্টিৰ বাবেও ইমান কষ্ট, ইমান মনযোগ . . . 

এতিয়াও, গানটি শুনিলে মেণ্ডোলিনৰ সেই টুকুৰাটি কেনে উজ্জ্বল হৈ গানটোৰ পৰা ওলাই আহে |
সেই সময়ত ফটোগ্ৰাফাৰ হিচাপে মোৰ অলপ খ্যাতি আছিল ৷ চাদুল্লাৰ ফটো তোলাৰ কথা ওলাল ৷ মোৰ ইচ্ছা ব্ৰক্ষ্মপুত্ৰৰ পাৰত বহি তেওঁ গীটাৰ বজাব আৰু মই ফটো তুলিম ৷ কথা মতে এদিন আবেলি ব্ৰক্ষ্মপুত্ৰৰ পাৰ পালোগৈ ৷ এটা শিলৰ ওপৰত বহি হাতত গীটাৰখন ল’লে ৷ ‘তোলক ৷’ ‘নহয়, আপুনি বজাই থাকক, মই তুলিম ৷’
'কি বজাও ?'
'যোৱাৰ পৰত -'
আকাশবাণীৰ প্ৰথম শ্ৰেণীৰ গীটাৰবাদক আৰু সুৰকাৰ চাদুল্লাই বজাই গ’ল তেওঁৰ প্ৰিয় সুৰটি- এবাৰ, দুবাৰ, বহুবাৰ ৷ মই মাথোঁ শুনি গলোঁ, ফটোখন তুলিবলৈ পাহৰি গলোঁ ৷

আকাশবাণী গুৱাহাটীত চাদুল্লাৰ এটি দীঘল সাক্ষাত গ্ৰহন কৰিছিলোঁ, ‘মোৰ সংগীত যাত্ৰা’ নামৰ অনুষ্ঠানটিৰ বাবে ৷ তাতেই সংকলিত হৈ আছে তেওঁৰ সংগীত জীৱনৰ প্ৰায় নব্বৈ শতাংশ কথা ৷ জ্যোতিষ ভট্টই আকাশবাণীৰ বাবে গোৱা শেষ গীতটিৰ লগত চাদুল্লা জড়িত ৷ ভূপেন হাজৰিকাই আকাশবাণীৰ বাবে গোৱা শেষ গানটিৰ লগতো চাদুল্লা জড়িত, লগত ময়ো ৷ সেয়া অন্য এক স্মৰণীয় অভিজ্ঞতা আমাৰ দুয়োৰে বাবে ৷ এইবোৰ গীত আৰু কাহিনীৰ মাজেৰেই চাদুল্লা জীয়াই থাকিব ৷  

Dainik Assam / 31-10-2025

Friday, October 10, 2025

নোবেলজয়ী লেখকৰ কিতাপ

 

দেউতা আছিল বিদেশী সাহিত্যৰ গভীৰ অনুৰাগী ৷ বিশেষকৈ বিদেশৰ বিভিন্ন ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ হোৱা কিতাপ পঢ়াত দেউতাৰ খুব অনুৰাগ আছিল ৷ নোবেল বঁটা ঘোষণা হোৱালৈকে আগ্ৰহেৰে অপেক্ষা কৰিছিল আৰু সেই লেখক জনৰ কিতাপ যিকোনো প্ৰকাৰে সংগ্ৰহ কৰি পঢ়িছিল ৷ বহু সময়ত তেওঁ আগতে পঢ়া কিতাপৰ লেখকেও নোবেল বঁটা পোৱা দেখিছিলোঁ ৷ গেব্ৰিয়েল মাৰ্কুইজৰ কিতাপ নোবেল ঘোষণা হোৱাৰ বহু আগতেই দেউতাই পঢ়া দেখা পাইছিলোঁ৷ শেষ বয়সত জিদ্দু কৃষ্ণমূৰ্তিৰ দৰ্শনৰ প্ৰতি আগ্ৰহী হোৱাৰ পাচত দেউতাই ফিকচন, ড্ৰামা আদি পঢ়া কমাই দিছিল ৷ দেউতাৰ টেবিলতে দেখা পাইছিলোঁ ‘চাটানটাংগো’ নামৰ কিতাপ এখন৷ নামটো অলপ ভাৰতীয় যেনো লাগিছিল, লাষ্ট টাংগোৰ লগত অলপ সাদৃশ্য থকা যেনো পাইছিলোঁ ৷ লেখকৰ নামটো পঢ়িবলৈ চেষ্টা কৰিছিলোঁ,  - ক্ৰাছজনাহৰকাই লাজলো- মোৰ নিজকে সৌৰভ কুমাৰ চলিহাৰ গল্পৰ সেই চাব-এডিটৰজন যেন লাগি গৈছিল ৷

লেখকগৰাকীয়ে নোবেল প্ৰাইজ পোৱাৰ পাচত কিতাপখন পঢ়ি চাবলৈ মন গ’ল ৷ দেউতাৰ আলমাৰী চালোঁ- কিতাপখন নাই- কোনে বা নিলে . . .


Wednesday, October 1, 2025

ৰাষ্ট্ৰীয় বঁটা গ্ৰহন কৰা সময়ত মই পিন্ধা জেকেটটো

ৰাষ্ট্ৰীয় বঁটা গ্ৰহন কৰা সময়ত মই পিন্ধা জেকেটটোৱে বহুতৰ মনযোগ আকৰ্ষণ কৰিছিল ৷ দক্ষিণ ভাৰতৰ এগৰাকী প্ৰযোজকে ভালেমান সময় জেকেটটি চুই চাইছিল, তেওঁৰ পৰিচালকৰ লগত আলোচনা কৰিছিল ৷ শেহত সুধিছিল - এই কাপোৰ কেবা মিটাৰো কিনিব পৰা যাব নেকি ? এগৰাকী কষ্টিউম ডিজাইনাৰে পিটিকি চাইছিল ৷ পুৰুষৰ কাপোৰ এনেদৰে চোৱা মই আগতে দেখা নাই ৷ পুৰষ্কাৰ ঘোষণা হোৱাৰ পাচদিনাই আহিছিল Swapna Dutta Deka IAS, যাৰ কবিতাৰে মই নিৰ্মাণ কৰিছিলোঁ বহুবৃত্ত ৷ তেওঁ উপহাৰ দিছিল জেকেটটি ৷ সেইটো মই থৈ দিছিলোঁ সেই বিশেষ মুহূৰ্তটিৰ বাবে ৷ সিদিনা ৰাতি আহিছিল মোৰ সহকৰ্মী ডঃ বিশ্বপ্ৰসূন চেটাৰ্জী আৰু ডঃ সূৰ্য লয়িং ৷ চেটাৰ্জী দুদিনমান আগতে ইউৰোপৰ পৰা আহিছিল, লৈ আহিছিল দুস্প্ৰাপ্য আৰু বিশেষত্ব থকা ৱাইন ৷ তাৰে এটা বটল মোক উপহাৰ দিছিল ৷ 

এই তালিকা বহু দীঘল, মাজে মাজে কৈ থাকিম ৷ 

Monday, September 29, 2025

Utpal Datta: From Assam’s Cinematic Heart to the National Stage

 

Subham Pancheswar, Mumbai | Published in Dailyhunt 30.09.25

The Vigyan Bhawan at New Delhi was lit with ceremony and anticipation on that September afternoon. As his name was called, Utpal Datta walked towards the dais, the hall echoing with applause. The President of India, Droupadi Murmu, handed him the Golden Lotus—the Swarna Kamal for Best Film Critic. For a brief moment, time seemed to pause: a son of Assam, carrying decades of dedication to cinema, stood in the national spotlight. It was his second award in the same category, but the emotion was no less profound.
“Any individual award is a personal award, even the Swarna Kamal. But when people celebrate it with me, it grows into something larger—almost a public award. I feel it recognises not just my work but the long and often unspoken journey of Assamese writing on cinema,” he would later reflect.

From Guwahati to the National Scene
Born and raised in Assam, Datta’s early engagement with cinema was not through the glitter of Bombay but through the quieter lanes of Guwahati, where cinema was a cultural mirror rather than mere spectacle. Over the years, he has worn many hats—critic, filmmaker, author, radio professional, and teacher—but his commitment has always been towards treating cinema as art and as a reflection of society.
In his college days, he often lamented the lack of academic resources on cinema in Assamese. This absence became a lifelong motivation. He would later go on to edit the first Assamese book on cinema, a pioneering step that signalled his larger mission: to give film appreciation a literary and academic foundation in his region.

Writing as Criticism, Criticism as Literature
Datta’s writing is where his intellectual and artistic sides meet. In August alone, he brought out two new books—one in Assamese and one in English—both reinforcing his deep engagement with film as text, as art, and as social commentary.
The Assamese book studies the screenplays of Dr. Bhabendra Nath Saikia, a filmmaker Datta feels has been unjustly underrated. “He was the only filmmaker, besides M. T. Vasudevan Nair, who consistently made films from his own stories and screenplays. Analysing his work through the three-act structure, I attempted to demonstrate how he both adhered to and defied the form. More importantly, I wanted to argue that the screenplay itself deserves recognition as a literary genre,” he explains.
His English anthology, Decoding Films, published by Tridev Publisher, ranges widely: an essay on how Satyajit Ray’s personal memories and experiences resurfaced in his films, a meditation on Wong Kar-wai’s Chungking Express, and incisive critiques of lesser-known but powerful independent films across India. “The soul of India, I believe, is best heard in regional films made out of passion,” he says. The book has drawn appreciation from across the spectrum—Polish filmmaker Ewa Bukowska penned the preface, while figures such as Rahul Rawail, Anant Mahadevan, Dr. Sanchari Basu Chaudhury, and Dr. S. J. Bhuyan praised its critical depth. The book is available in online platforms worldwide.

The Critic as Teacher
Today, Datta divides his time between writing and teaching. At Assam down town University, he teaches film appreciation to a generation of students who are discovering cinema beyond entertainment. “When I was a student, there were hardly any resources. That is why I now focus on writing books specifically for undergraduates and postgraduates. My main destination is fixed as a film-writer,” he says.
He is currently working on a new book that examines the craft of screenwriting and stage play writing—designed as a resource for postgraduate students of cinema. His academic focus is balanced by his creative pursuits: he continues to plan film projects, including one exploring Assam’s cultural traditions.
A Voice for Assamese and Indian Cinema
In discussing cinema today, Datta’s perspective is both local and global. “Digital platforms have democratised access, giving regional films a global stage. Assamese cinema, once isolated, is now reaching audiences worldwide. Rima Das’s Village Rockstars and Bhaskar Hazarika’s Aamis drew international attention largely through OTT. These platforms allow creative freedom, making room for socially relevant stories that might never have reached the big screen,” he notes.
At the national level, he sees diversity as the hallmark of 21st-century Indian cinema. “Stories from the margins are claiming visibility. This is the best moment for regional cinema to step confidently into wider cultural dialogues,” he asserts.

Beyond Criticism: A Filmmaker’s Touch
While known primarily as a critic, Datta is also a filmmaker in his own right. His directorial ventures have earned him the State Film Award for Best Director twice, establishing him not just as a commentator but as a practitioner of the medium. His dual perspective—as someone who both critiques and creates—adds a unique depth to his writings.

Anchored in Assam, Resonating Beyond
At its heart, Datta remains firmly rooted in Assam. His work, however, resonates far beyond the region, speaking to broader questions about art, culture, and society. Whether through his books, his teaching, or his films, he has consistently championed the idea that cinema is more than spectacle—it is literature, philosophy, memory, and mirror.
As he continues to write, teach, and create, one thing is clear: Utpal Datta’s journey is not only his own. It is also the story of Assamese cinema’s long march towards recognition, and of regional voices finding space on the national and global stage.
For Datta, every award, every book, and every film is part of a larger project—to keep cinema alive not just as entertainment, but as serious art and cultural reflection. And as Indian cinema diversifies in the digital age, voices like his ensure that smaller stories from the corners of the country are not just heard, but remembered.
https://amzn.in/d/f4t0GOn

Thursday, September 4, 2025

মঞ্চত এজাক বৰষুণ



কোৰিয়ান নাট পৰিচালিকা কিম চো জুং পৰিচালিত ‘আফটাৰ’ নামৰ সংলাপহীন নাটকখন চালোঁ৷ চালোঁ বুলি ক’লে কম কোৱা হয়, সঠিক অৰ্থত নাটকৰ এক নতুন অভিজ্ঞতা অৰ্জন কৰিলোঁ৷ নাটক আৰম্ভ হোৱাৰ অলপ পাচতেই মঞ্চত বৰষুণ দিয়ে৷ বৰষুণ মানে- মই প্ৰেক্ষাগৃহৰ প্ৰায় মাজত বহি আছিলোঁ- শব্দ, ছবি আৰু পোহেৰৰে সৃষ্টি কৰা সেই বৰষুণ ইমানেই জীৱন্ত আছিল যে মোৰ গাত বৰষুণৰ চিটিকণি আহি পৰা যেন অনুভব হৈছিল৷ বৰষুণ এবাৰ নহয়, একাধিকবাৰ আহিছিল, প্ৰতিবাৰেই আহিছিল বেলেগ বেলেগ ছন্দত, বেলেগ বেলেগ অৰ্থ বুকুত বান্ধি ৷ বৰষুণজাকে লৈ গৈছিল হেমিংৱেৰ ‘এ ফেয়াৰৱেল টু আৰ্মছ’লৈ ৷

বৰষুণজাকে মোক লৈ গৈছিল প্ৰায় বাইছ বছৰ আগতে লেখা ‘গডমাদাৰ’ নামৰ নাটকখনলৈ৷ হেঙুল থিয়েটাৰে মঞ্চস্থ কৰা সেই নাটকখনত এটা ধুমুহা-গাজনি-বৰষুণৰ দৃশ্য আছিল- সেই বৰষুণৰ মাজতে এজন মানুহক হত্যা কৰা হৈছিল৷ বাতৰি কাকতত প্ৰকাশিত এটা সত্য ঘটনাৰ ভেটিত সেই দৃশ্যটি ৰচনা কৰিছিলোঁ৷ আজি ভাব হৈছে সিদিনা মঞ্চত যদি আজিৰ দৰে বৰষুণ এজাক দেখিলোঁহেতেন -

‘আফটাৰ’ নাটকখনত যে অকল টেকনিকেই আছে সেয়া নহয়, আছে সৃজনীশীল কল্পনাৰ উজ্বল দৃষ্টান্ত আৰু  সঠিক পৰিমাণত আবেগ সৃষ্টিৰ দক্ষতা ৷ সাধাৰণতে দেখা যায় যে টেকনিক বা আংগিক সৰ্বস্ব নাটকত আবেগৰ প্ৰকাশ হয় শুকান ৷ এইখন নাটকৰ টেকনিকৰ তীক্ষ্ণতাক ঠেলি দি মানবীয় আবেদন সম্মুখলৈ ওলাই আহিছে- চাইকেল এখনত এটি পৰিয়ালৰ যাত্ৰা, খেলনা গাড়ী এখন আৰু বহু দিনৰ মূৰত মাকে তাৰ পৰা ধূলি গুচোৱা দৃশ্য - পুতেকজন নাই, পুতেকৰ স্মৃতিত ধূলিৰ চামনি - আৰু কিমান উদাহৰণ দিম /

প্ৰযোজকৰ তৰফৰ পৰা  কোৱা হৈছে- ‘নাটকখনৰ মূল লক্ষ্য হ’ল- পৰম্পৰাগত নাট্যশৈলীৰ পৰা আঁতৰলৈ গৈ অভিনেতাৰ শৰীৰী বিভংগৰ দ্বাৰা চৰিত্ৰৰ চিন্তা, আবেগ, পৰিবেশ, মানসিকতা আৰু কাহিনীৰ প্ৰকাশ৷’  পুনৰ কৈছে- ‘এয়া একো বিমূৰ্ত প্ৰকাশ নহয়, স্পষ্ট নাটক আৰু চৰিত্ৰৰে এইখন এখন ‘ফিজিকেল প্লে’৷যি কৈছে তাকেই দেখুৱাইছে- বুদ্ধিদীপ্তভাবে, আবেগৰ তন্ত্ৰীবোৰত সঠিক কম্পনৰ সৃষ্টি কৰি ৷ ভুলুংবুথুৰ আন্তৰ্জাতিক নাট মহোৎসবক ধন্যবাদ নিদি উপায় নাই ৷   















নাটকৰ শেষত নাট্যদলটিক সম্বদ্ধৰ্না জনোৱাৰ সুবিধাও পালোঁ, ধন্যবাদ মৃণালজ্যোতি গোস্বামী \

   



Wednesday, September 3, 2025

এক বিৰল নাট্য অভিজ্ঞতা

 
প্ৰেক্ষাগৃহত প্ৰবেশ কৰোতে অলপ পলম হৈছিল, সেয়ে প্ৰথম খিনি চাবলৈ নাপালোঁ৷ কিন্তু যিখিনিৰ পৰা আৰম্ভ কৰিছোঁ, মঞ্চৰ পৰা মুহূৰ্তৰ বাবে চকু আঁতৰ কৰিব পৰা নাই ৷ নাটকৰ সংলাপৰ ভাষা বুজা নাই, কিন্তু অনুভব কৰিব পাৰিছোঁ অভিনেত্ৰীগৰাকীয়ে কেনেকুৱা ধৰণৰ আবেগ-অনুভব প্ৰকাশ কৰিব খুজিছে ৷ 

মঞ্চৰ পিচভাগত থকা এল ই ডি স্ক্ৰিণখনত ভাহি উঠিছে অভিনেত্ৰীগৰাকীৰ পশ্চাদাংশ ৷ মঞ্চত আমি তেওঁক সম্মুখৰ পৰা চাইছো, পৰ্দাখনত তেওঁক পিচ পিনৰ পৰা চাইছোঁ ৷ মঞ্চত এক সম্পূৰ্ণ নতুন অভিজ্ঞতা ৷ এয়া কোনো সাধাৰণ ষ্টাণ্ট নহয়, উদ্দাম সৃজনীশীলতাৰ তীক্ষ্ণ প্ৰকাশ ৷ কেতিয়াবা মঞ্চৰ মজিয়াখনকো ব্যবহাৰ কৰা হৈছে অভিনব ধৰণে ৷  এল ই ডি পৰ্দাত মজিয়াখন ৰাস্তাৰ দৰে হৈ পৰিছে, অভিনেত্ৰীয়ে সেই ৰাস্তাত দৌৰিছে, আমি তেওঁৰ পিচে পিচে গৈ আছোঁ ৷ কেতিয়াবা মজিয়াখন সাগৰৰ তীৰ, ফেনবোৰ আহি আছে, সাগৰতীৰত বহি থকা অভিনেত্ৰীক তিয়াই দিছে ৷ এইবোৰ কৈ আছোঁ যদিও, মই দৃশ্যৰ বৰ্ণনা সঠিকভাবে দিব পৰা নাই ৷ নাচালে এই দৃশ্য ৰচনাৰ কৌশল উপলব্ধি কৰা সম্ভব নহয় ৷ লগত আছে এই দৃশ্যবোৰৰ দেহত প্ৰাণ সঞ্চাৰ কৰা সংগীত ৷ 

মই দৰ্শকৰ মাজত কেইবাগৰাকীও নাট্যঅন্তপ্ৰাণক আশা কৰিছিলোঁ- অন্ততঃ তেওঁলোকে নাটকখন চালে দুটা সৃজনীশীল কৌশল আয়ত্ব কৰাৰ সুবিধা লাভ কৰিলেহেতেন ৷  

নাটকখনৰ নাম ‘নট মি’ ৷ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা ভূলুং বুথুৰ ইণ্টাৰনেচনেল থিয়েটাৰ ফেষ্টিভেলত এই ৰোমানিয়াৰ নাট্যদল এটিয়ে মঞ্চস্থ কৰিছে ৷

Sunday, August 3, 2025

অভিনন্দন কামাখ্যা নাৰায়ণ সিং


 


ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ প্ৰতিযোগিতাত নন ফিচাৰ ফিল্ম শাখাত ‘টাইমলেছ তামিলনাডু’ ছবিখনেৰে সংস্কৃতি বিষয়ক শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰা কামাখ্যা নাৰায়ণ সিঙলৈ আন্তৰিক অভিনন্দন ৷ দুখৰ কথা কামাখ্যা নাৰায়ণ সিঙৰ নামটো মই অসমৰ সংবাদ মাধ্যমত দেখা নাপালোঁ৷  কামাখ্যা গুৱাহাটীৰ ল’ৰা, মডাৰ্ণ স্কুলৰ প্ৰাক্তন ছাত্ৰ ৷ জীৱিকাসূত্ৰে এতিয়া মুম্বাইৰ বাসিন্দা ৷  ভ্ৰমণ বিষয়ক তথ্যচিত্ৰৰ বাবে তেওঁ গোটেই পৃথিবীতে ঘুৰি ফুৰিছে ৷ বিহাৰৰ ভিতৰৰ গাঁৱৰ কাহিনীৰে নিৰ্মাণ কৰিছে পূৰ্ণ দৈৰ্ঘৰ ছবি ‘ভোৰ’ ৷ ছবিখন ইণ্ডিয়ান পেন’ৰামাত প্ৰদৰ্শিত হৈছিল, ভ্ৰমণ কৰিছিল বহু চলচ্ছিত্ৰ মহোৎসৱ ৷ 

অনুৰাগ কাশ্যপ, প্ৰকাশ ঝা আদিৰ দৰে পৰিচালকে যেতিয়া বিহাৰক অপৰাধীৰ স্বৰ্গৰাজ্য হিচাপে প্ৰতিষষ্ঠা কৰিছিল, সেই সময়তে কামাখ্যাই পৃথিবীক দেখুৱাই দিছিল যে বিহাৰ অকল অপৰাধীৰ দেশ নহয়, তাকো সহজ সৰল মানুহ আছে, তাৰ মানুহৰো সপোন আছে, তেওঁলোকেও এটা নতুন পুৱাৰ কামনা কৰে ৷ এই ছবিৰ বাবেই কামাখ্যা হৈ পৰিছিল ভাৰতীয় চিনেমাৰ নতুন সজীৱ কণ্ঠ ৷ চলচ্ছিত্ৰম নেচনেল ফিল্ম ফেষ্টিভেলত কামাখ্যাৰ ‘ভোৰ’ ছবিখন প্ৰদৰ্শন কৰা হৈছিল আৰু তেওঁ এই মহোৎসৱত অংশগ্ৰহন কৰিছিল ৷  ইয়াৰ আগতেও তেওঁ ‘জাষ্টিচ ডিলেইড বাট ডেলিভাৰড’ ছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল ৷  


Saturday, July 26, 2025

নীলা বাঘ আৰু অন্যান্য গল্প

ডঃ দৰ্শনা গোস্বামীৰ অনুবাদ গ্ৰন্থ ‘নীলা বাঘ আৰু অন্যান্য গল্প’ হ’ল আৰ্জেণ্টিনাৰ প্ৰসিদ্ধ সাহিত্যিক জৰ্জ লুইছ বৰ্হেছৰ কেইটিমান গল্পৰ   অনুপম অসমীয়া ৰূপান্তৰৰ সংকলন৷ নলবাৰী কলেজৰ অধ্যাপিকা, লেখিকা, অনুবাদক আৰু চিনেমাৰ সহৃদয় অনুৰাগী হিচাপে ডঃ গোস্বামীয়ে ইতিমধ্যে নিজক প্ৰতিষ্ঠা কৰিছে ৷ ইংৰাজী আৰু অসমীয়া এই দুয়োটা ভাষাৰ ভাষাৰ ওপৰত থকা দখল, দক্ষতা, সাহিত্যিক বþুচিবোধ আৰু সাহিত্যৰ প্ৰতি থকা চিৰিয়াচ মনোভাৱ এই কিতাপখনৰ মাজেৰে স্পষ্টভাবে প্ৰকাশ পাইছে ৷

ইংৰাজী আৰু অসমীয়াৰ বাক্য গঠনৰ ধৰণ একে নহয়— এই পাৰ্থক্য অনুবাদৰ ক্ষেত্ৰত এক প্ৰকাণ্ড বাধা হিচাপে উপস্থিত হয় ৷ বহু অনুবাদকেই ইংৰাজী ঠাচঁৰ বাক্য গঠন অসমীয়াত ব্যৱহাৰ কৰি পাঠৰ স্বাভাৱিক সৌন্দৰ্য হৰণ কৰে, আনহাতে কিছুমানে অতিমাত্ৰা থলুৱা শব্দ ব্যৱহাৰ কৰি মূল কাহিনীৰ পৰিবেশ সংলগ্ন আবেদন আৰু সৌন্দৰ্য হ্ৰাস কৰে৷ ফলত পাঠকে মূল পাঠৰ আবেগ আৰু পৰিবেশৰ মাধুৰ্যৰ পৰা বঞ্চিত হয় ৷  এই ক্ষেত্ৰত ডঃ গোস্বামীৰ অনুবাদ এক উৎকৃষ্ট উদাহৰণ ৷ তেওঁ বৰ্হেছৰ মৌলিক গদ্যৰ ধাৰা, চিন্তনশীলতা আৰু সাহিত্যিক সৌন্দৰ্য অনুবাদৰ জৰিয়তে সজীৱ কৰি তুলিছে ৷ তেওঁৰ ভাষা নিৰ্বাচন সুক্ষ্ম আৰু সুসংবদ্ধ ৷  তেওঁ মূল গল্পৰ ভাব, ৰীতি আৰু দৰ্শন সংযতভাৱে ৰূপান্তৰ কৰিছে ৷ তেওঁৰ অনুবাদত ইংৰাজী-অসমীয়া সংঘাত নহয়, সমন্বয় দেখা যায় ৷

‘নীলা বাঘ আৰু অন্যান্য গল্প’ কেৱল অনুবাদ নহয়, ই অসমীয়া পাঠকৰ বাবে জৰ্জ লুইছ বৰ্হেছৰ বিশ্বত প্ৰবেশ কৰা এক মনোমোহা দুৱাৰ ৷ ডঃ গোস্বামীৰ এই গ্ৰন্থ সাহিত্যিক অনুবাদৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সংযোজন ৷


Thursday, July 24, 2025

জন্ম শতবৰ্ষত নীপ বৰুৱা | ২৫ জুলাই, মৃত্যুদিন উপলক্ষে


নীপ
 বৰুৱাক (জ. ১৯২৫-মৃ.১৯৯১) অসমৰ মানুহে মনত ৰাখিব এগৰাকী সফল চিত্ৰ পৰিচালক হিচাপে । কেইবাখনো ব্যৱসায় সফল ছবি পৰিচালনা কৰি আৰু প্ৰযোজনাৰ দিশতো জড়িত থাকি অসমীয়া ছবিজগতখনক স্বনিৰ্ভৰশীল কৰি তোলাৰ চেষ্টাত নিয়োগ কৰিছিল তেওঁৰ সমগ্ৰ চিত্ৰ-ভাবনা । কোৱা হয়, চিনেমা সপোন দেখা মানুহৰ আটাইতকৈ ডাঙৰ সপোন আৰু মনৰ ভিতৰত কিছু বলিয়ালি নাথাকিলে কোনেও চিত্ৰ নিৰ্মাণৰ দৰে শংকাপূর্ণ জগতত ভৰি দিবলৈ নাযায়। নীপ বৰুৱাই প্ৰায় শূন্যৰপৰাই আৰম্ভ কৰি সেই জগতত ভৰি দিছিল আৰু সেই খোপনি ধৰি ৰখাৰ সাহস আৰু নিষ্ঠা তেওঁৰ আছিল ৷

ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত নীপ বৰুৱাৰ দৰে আৰু বহু যুৱকৰ সপোন আছিল স্বাধীনতা প্রাপ্তিৰে নতুন হৈ উঠা দেশৰ নাগৰিক হিচাপে নতুন কিবা এটা কৰা। সেই বাবেই শিল্পকলাৰ পৰম্পৰাগত দিশবোৰৰ কেইবাবিধৰো জ্ঞান থকাৰ পাছতো নীপ বৰুৱা আগবাঢ়িছিল চিনেমাৰ দৰে তুলনামূলকভাবে নতুন কলা-মাধ্যমৰ পিনে। অসমত সেই সময়ত ছবি নিৰ্মাণৰ একো সুবিধা নাছিল, সকলো কামৰ বাবেই দৌৰিব লাগিছিল কলিকতালৈ। কাৰিকৰী দিশৰ মানুহ নাছিল। এই মাধ্যমটিৰ লগত পৰিচিতি পাৰদৰ্শী অভিনেতা-অভিনেত্রী আদিও আছিল সীমিত। আৰু এই ব্যয়বহুল কলা মাধ্যমটিত বিনিয়োগ কৰা ধনৰাজি ওভতাই অনাটোও আছিল অতি জটিল আৰু কষ্টসাধ্য কাম। চিনেমা নিৰ্মাণৰ প্ৰতি তেওঁ আগবাঢ়ি গৈছিল কোনো প্রশিক্ষণ নোহোৱাকৈয়ে।

আচলতে খেলেহে তেওঁৰ চিনেমা নিৰ্মাণৰ সুবিধা দিছিল। তেওঁ আছিল কৃতী ফুটবল খেলুৱৈ, গুৱাহাটীৰ বিখ্যাত ক্লাব মহাৰাণা দলৰ হৈ তেওঁ খেলিছিল, খেলপথাৰত তেওঁৰ স্থান আছিল চেন্টাৰ ফৰৱাৰ্ডত। খেলুৱৈ হিচাপে বিখ্যাত হোৱাৰ আগৰপৰাই তেওঁৰ নিচা আছিল চিত্রকলা, সঙ্গীত, মূৰ্তি নিৰ্মাণ, থিয়েটাৰ আদিৰ প্ৰতি। ব্ৰজেন বৰুৱাৰ লগত তেওঁ বাঁহী বজাইছিল। বিচিত্র বিষয়ৰ প্ৰতি তেওঁৰ যে এই আগ্ৰহ আছিল সেই কথা সুন্দৰকৈ লিখি গৈছে সৌৰভ কুমাৰ চলিহাই তেওঁৰ 'প্ৰথম ৰচনা' শীৰ্ষক লেখাত। চলিহাই লিখিছে— “...নিপ আছিল আমাৰ সমসাময়িক, আমাৰ ভিতৰত একমাত্র উদ্যোগী ল'ৰা। ছবি আঁকাত ৰাপ, তেতিয়াই চিনেমা- থিয়েটাৰৰ কথা কয়। পাছলৈ সঁচাকৈয়ে চিনেমা কৰিছে, সেই লাইনত নাম থকা ব্যক্তি ।... স্কুলত নিপেই উদ্যোগ কৰি এখন হাতে-লিখা আলোচনী বাহিৰ কৰিছিল, নাম দিছিল বোধকৰোঁ অঞ্জলি। তাৰ ছবিবোৰ নিপেই আঁকে, গল্প-কবিতাবোৰো নিপেই কষ্ট কৰি কৰি ধুনীয়া হাতৰ আখৰেৰে লিখি উলিয়ায়...।

নীপ বৰুৱাৰ নগৰাকী ককাই ভাইৰ আঠগৰাকীৰেই নাম তিনিটা আখৰৰ, প্ৰতিটো নামেই শেষ হৈছে '' আপনটোৰে। একমাত্র ব্যতিক্রম নীপ বৰুৱা। আচলতে নীপ বৰুৱাৰ নাম আছিল নৃপেন। খেলপথাৰেই তেওঁৰ নামটো নিপ কৰি দিলে। কাৰণ নৃপেন বুলি চিঞৰ মৰাতকৈ দৰ্শকে নীপ বুলি চিঞৰ মাৰিয়েই ভাল পায়। তেনেদৰেই নাম হৈ গ'ল নীপ, সেই খেলপথাৰেই তেওঁক চিনেমাৰ পিনে টানি লৈ গৈছিল ৷ মহাৰাণা ক্লাবৰ সভাপতি গৌৰী হিমৎসিংকাই নিপ বৰুৱাৰ খেল ইমানেই ভাল পাইছিল যে নীপ বৰুৱাৰ প্ৰথমখন ছবি প্ৰযোজনাৰ বাবে আগবাঢ়ি আহিছিল। ছবিৰ নাম আছিল স্মৃতিৰ পৰশ । সঙ্গীত পৰিচালক ব্ৰজেন বৰুৱা, গায়ক ৰমেন বৰুৱা, গীতিকাৰ কেশৱ মহন্ত আৰু পৰিচালক নীপ বৰুৱা –এই আটাইকেইজনৰেই প্ৰথম ছবি আছিল স্মৃতিৰ পৰশ। ফুটবল খেলৰ বাবেই তেওঁক ৰাধাগোবিন্দ বৰুৱাই ট্ৰিবিউন প্ৰেছত চাকৰি দিছিল, আৰ্টিষ্টৰ চাকৰি। তাৰপাছত অসম চৰকাৰৰ ফিল্ম অফিচাৰৰ চাকৰি। সেই চাকৰিতেই অৱসৰ গ্ৰহণ ৷

শৈশৱৰেপৰাই তেওঁ যেনেদৰে বিচিত্ৰ বিষয়ৰ প্ৰতি আগ্ৰহী আছিল তেনেদৰে তেওঁৰ শিক্ষাজীৱনো আছিল বৈচিত্র্যময়। কটন কলেজিয়েট হাইস্কুলৰপৰা উত্তীৰ্ণ হোৱাৰ পাছত কেইদিনমান ইঞ্জিনীয়াৰিং ইন্‌ষ্টিটিউটত পঢ়িলে, তাৰপাছত বৰোদাত পঢ়িলে আর্কিটেক, কিছু দিন পঢ়ি উভতি আহিল, তাৰপাছত কটন কলেজত বিজ্ঞান । পঢ়া অৰ্ধ সমাপ্ত কৰি ৰাখিয়েই চাকৰিত যোগদান। বয়স হোৱাৰ লগে-লগে খেলৰপৰা অৱসৰ আৰু চিনেমাত মনোযোগ।

তেওঁৰ আছিল সঙ্গীতৰ জ্ঞান, নিজে বাঁহী বজাইছিল, সঙ্গীতক্ষেত্ৰত আছিল তেওঁ স্বশিক্ষিত। ছবি আঁকিছিল, নিজেই আঁকিবলৈ শিকিছিল, তেওঁ অঁকা ছবিৰ ভিতৰত বিখ্যাত আছিল— পাফু চিৰিজৰ আৰম্ভণিৰ পিনৰ সংস্কৰণৰ বেটুপাতবোৰ, এক ৰঙেৰে অঁকা সেই ৰখাচিত্ৰৰ বেটুপাতবোৰৰ এচুকত ৰোমান হৰফেৰে চহী কৰা আছিল নীপ বুলি, আৰু আঁকিছিল তেওঁৰ ঘৰৰ সন্মুখৰ লতাশিল খেলপথাৰত অনুষ্ঠিত হোৱা ৰঙালী বিহু উদযাপন সমিতিগুৱাহাটী বিহু সম্মিলনী'ৰ প্ৰতীক চিহ্ন। সমান্তৰালভাৱে চলিছিল ফুটবল খেল। সেই স্প'ৰ্টছমেন স্পিৰিট তেওঁৰ ছবিবোৰৰ মাজতো প্রতিফলিত। কোনোবাখন ছবি হিট হৈছে, কোনোবাখন ছবি ফ্লপ হৈছে, তথাপি তেওঁ চিনেমা নিৰ্মাণ কৰি গৈছে, কেতিয়াও ছবিৰ ব্যৱসায়িক বিফলতাৰ ভাৰ কাৰো ওপৰত জাপি দিয়াৰ চেষ্টা কৰা নাছিল ।

আজি নীপ বৰুৱাৰ প্ৰথম পৰিচয় চলচ্চিত্ৰ নিৰ্মাতা হিচাপে। তেওঁৰ চিনেমাৰ নিজা চিনাকি আছে। সমগ্ৰ পৰিয়ালে একেলগে উপভোগ কৰিব পৰা আবেগপূর্ণ কাহিনীৰ শালীন পৰিৱেশন তেওঁৰ ছবিৰ মূল বৈশিষ্ট্য। শ্ৰুতিমধুৰ সঙ্গীত আৰু সুলিখিত গীতৰ কথা —এই দুটি দিশত তেওঁ কাহানিও আপোচ কৰা নাছিল। তেওঁৰ ছবিৰ অধিকাংশ গীতেই কেশর মহন্তই ৰচনা কৰা ৷

ছবিৰ ব্যৱসায়িক সফলতা নিশ্চিত কৰাটো তেওঁৰ প্ৰথম দৃষ্টি আছিল। আৰু নিজৰ স্বকীয়তা বিসর্জন নিদিয়াকৈ সেই কথাটো তেওঁ প্ৰতিপন্ন কৰিছিল। প্ৰযোজকে বিনিয়োগ কৰা ধন ওভতাই আনি দিব পাৰিলেহে তেওঁৰ পৰৱৰ্তী ছবিখন নিৰ্মাণ কৰাৰ যুক্তি থাকে বুলি বিশ্বাস কৰিছিল। নীপ বৰুৱাই হ'ল অসমৰ প্ৰথমগৰাকী চিত্রনির্মাতা, যিয়ে অসমীয়া ছবিৰ বজাৰখনৰ পৰিসৰ বৃদ্ধি কৰাৰ চেষ্টা কৰিছিল। সেই চেষ্টাৰে তেওঁ প্ৰথমে নিজৰ সোণমা ছবিখন বাংলাত ডাব কৰি উলিয়াইছিল, ককাদেউতা নাতি আৰু হাতী ছবিখনৰ বাংলা সংস্কৰণ পৰিচালনা কৰিছিল। তেওঁ এখন ছবিত জনপ্রিয় হিন্দী ছবিক অনুকৰণ কৰিছিল। এন্টনী মোৰ নাম নামৰ এই ছবিখনে নীপ বৰুৱাৰ নিজ পৰিচয়ৰ বিৰোধিতা কৰে, তেওঁ নিজেও পাছত সেই ছবিখন নিৰ্মাণৰ সিদ্ধান্ত ভুল আছিল বুলি পতিয়ন গৈছিল।

https://www.youtube.com/watch?v=PfI4j8uUPmo&list=RDPfI4j8uUPmo&start_radio=1

চিনেমাজগততফিল্ম ফেমিলী' বুলি এটা সংজ্ঞাৰ প্ৰচলন আছে। নীপ বৰুৱাই অসমৰ প্ৰথমটো ফিল্ম ফেমিলীৰ জনক। এটা পৰিয়ালৰ এটা প্ৰজন্মৰ সদস্যৰ মাজতে কেইবাগৰাকীও সফল পৰিচালক, চিত্ৰনাট্যকাৰ, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতাৰ আৱিৰ্ভাৱ এক বিৰল ঘটনা। ভাৰতীয় ছবিৰ ইতিহাসত ইমান সফল চিনেমা ফেমিলীৰ উদাহৰণ কম। এই ফেমিলীৰ অগ্ৰণী হিচাপেও নীপ বৰুৱাই ভাৰতীয় চিনেমাৰ ইতিহাসত বিশেষ মর্যাদা দাবী কৰে ।

 নীপ বৰুৱাই নিজৰ নামটো ‘নীপ’ হিচাপেই লেখিছিল ৷ কথাটো মোক কৈছিল কবি কেশব মহন্তই ৷ 'মাক আৰু মৰম' ছবিৰ পোষ্টাৰতো নীপ হিচাপেই লেখা আছিল ৷  নীপ কেনেকৈ নিপ হ’ল সেই কথা নাজানিলোঁ ৷ 

এই প্ৰবন্ধটি শোনিত বিজয় দাসৰ অনুৰোধত ‘কথা’ৰ বাবে লেখিছিলোঁ ৷ ইন্দ্ৰজিত দাসে অনুৰোধ কৰিলে, ২৫ তাৰিখে মৃত্যুদিনৰ লগত সংগতি ৰাখি লেখাটি পুনৰ মুদ্ৰন কৰিব লাগে ৷ তেওঁ লেখাটি সংগ্ৰহ কৰি মোলৈ পঠিয়াই দিলে ৷   তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৷

Wednesday, July 23, 2025

বিজ্ঞান বিষয়ৰ প্ৰবন্ধৰ এখন সুখপাঠ্য কিতাপ

বিজ্ঞান বিষয়ৰ প্ৰবন্ধ আৰু কল্প-কাহিনীৰ প্ৰতি এটি বিশেষ আগ্ৰহ আছে যদিও অসমীয়া ভাষাত এনে ধৰণৰ মনোগ্ৰাহী লেখনি পঢ়াৰ সুবিধা খুব কম ৷ এটা কথা ঠিক যে শিক্ষা জীৱনত আমাৰ দৰে কলা বা বাণিজ্য পৰিচালনাৰ পাঠ লোৱা সকলৰ বাবে বিজ্ঞান ভিত্তিক সকলো লেখাৰ ভিতৰত প্ৰবেশ কৰা কঠিন হৈ পৰে ৷ বিজ্ঞানৰ বহু লেখকে পঢ়া-শুনা কৰিয়েই লেখে আৰু তেখেতসকলৰ দৰে সকলোৱে সেই বিষয়বোৰ সমানেই জানে বুলি ধৰি লয় ৷ গতিকে তেখেতসকলে লেখনিবোৰ এনেকুৱা ঠাইৰ পৰা আৰম্ভ কৰে যে সেই প্ৰবন্ধত প্ৰবেশ আমাৰ দৰে পাঠকৰ বাবে প্ৰায় অসাধ্য হৈ পৰে ৷ কিন্তু কোনো লেখকেই পাঠকৰ অধ্যয়ণৰ পৰিসীমাৰ কথা জনাটো সম্ভব নহয় আৰু সকলো পাঠকক সন্তুষ্ট কৰাও সম্ভব নহয় ৷ অসমত বিজ্ঞান বিষয়ক লেখনিৰ প্ৰসাৰ সীমিত হৈ থকাৰ এয়াও এটা কাৰণ ৷ 

এনে পৰিবেশৰ মাজতো কেতিয়াবা একোটা প্ৰবন্ধই আমাক পঠন আনন্দ প্ৰদান কৰে ৷ তেনে এটা প্ৰবন্ধ আছিল সাদিনত প্ৰকাশিত ডিজিটেল আৱৰ্জনা বিষয়ক ৷ বিষয়বস্তু নতুন, প্ৰকাশশৈলী ভাল, আমাৰ দৰে কলা আৰু মেনেজমেণ্টৰ ছাত্ৰৰ মনত সোমাব পৰা ৷ লেখক ডঃ ৰাজীৱ শইকীয়ালৈ হোৱাটছ এপত মেছেজ এটা দিলোঁ, ফোনো কৰিলোঁ ৷

তাৰ পাচত তেখেতৰ পৰা উপহাৰ হিচাপে কিতাপ এখন আহিল- ‘সেউজ বিজ্ঞান আৰু অন্যান্য’ ৷  কিতাপখনৰ বহু কেইটা প্ৰবন্ধত আমাৰ প্ৰবেশ সহজসাধ্য নাছিল ৷ কেইটিমান আছিল সহজে বুজিব পৰা ৷ সেউজ পৰিবহন, পৰিবেশৰনৈতিকতা, ফাইভ জি নেটৱৰ্ক, ডিজিটেল ৰেডিঅ’, সংগীত, এ আই আদি প্ৰবন্ধৰ লগতে বিদ্যায়তনিক প্ৰবন্ধ কেইটিও পঢ়ি ভাল পালোঁ৷ অকল ভাল পোৱাই নহয়, ভালেখিনি নতুন নতুন কথা শিকাৰ সুবিধাও লাভ কৰিলোঁ৷ লেখকক ধন্যবাদ ৷ নতুন প্ৰযুক্তি বিভাগৰ প্ৰবন্ধকেইটি বিজ্ঞানৰ ছাত্ৰৰ বাবে সহজ হ’ব, কিন্তু আমাৰ বাবে নহয় ৷ কেতিয়াবা লেখকে আমাৰ দৰে পাঠকৰ কথা ভাবিও নতুন নতুন প্ৰযুক্তিৰ কথা লেখিলে আমি উপকৃত হ’ম ৷ 

প্ৰবন্ধকেইটিৰ প্ৰসংগত দুটা কথা ক’ব লাগিব- এক বহুক্ষেত্ৰত বাক্য-গাঁঠনি  ইংৰাজী বাক্যৰ দৰে হৈছে ৷ হয়তো এয়া অধিক ইংৰাজী অধ্যয়ণৰ ফল ৷  বাতৰি কাকতৰ বাবে লেখা প্ৰবন্ধৰ কিছুমান নিজা চৰিত্ৰ থাকে, কিতাপ আকাৰে প্ৰকাশৰ সময়ত সেইবোৰত হাত ফুৰাই দিলে ভাল হয় ৷ এই কিতাপখনতো তেনেকুৱা কাম অলপ বাকী থাকি গ’ল ৷ ছবি, ফটো, ভিডিঅ’ আদিৰ বাৰকোড আদিৰে কিতাপখন পাঠকৰ বাবে অধিক আকৰ্ষণীয় কৰাৰ ঠাই আছিল ৷  আশাকৰো পৰবৰ্তী কিতাপ প্ৰকাশৰ সময়ত তেখেতে কথাটো এবাৰ ভাবি চাব ৷ এইটোও সত্য যে মই ছবি-ফটো-ভিডিঅ’ লিংক আদি থকা কিতাপ ভাল পাও বুলিয়েই যে আনেও ভাল পাব তাৰ কোনো কাৰণ নাই ৷      





 

Tuesday, July 22, 2025

বসন্ত ভট্ট চাৰ গ’লগৈ

সম্পূৰ্ণ নাম বসন্ত কুমাৰ ভট্টাচাৰ্য, কিন্তু আমি সৰুৰে পৰাই বসন্ত ভট্ট নামেৰেই জানি আহিছোঁ ৷ কলেজত চাৰে অসমীয়া পঢ়াইছিল, খুব সুন্দৰ পঢ়াইছিল, ক্লাচ কেইটা কৰিলে ঘৰত পুণৰ পঢ়াৰ প্ৰয়োজন বোধ কৰা নাছিলোঁ ৷ ক্লাচৰুমৰ বাহিৰতো চাৰ আছিল অভিভাৱক, উৎসাহদাতা ৷  এবাৰ আমাৰ বন্ধুসদৃশ দাদা ভবেন দাসৰ কিতাপ এখনৰ বেটুপাত প্ৰস্তুত কৰিছিলোঁ ৷  ৰঙীন বেটুপাতৰ যুগত এক ৰঙৰ বেটুপাত ৷ অখ্যাত লেখকৰ বেটুপাত অখ্যাত কলেজীয়া ছাত্ৰৰ দ্বাৰা ৷ বেটুপাতখনলৈ চাই   ভবেনদা আৰু মই দুয়ো আত্মহাৰা হৈ আছিলোঁ ৷ তাৰ পাচত এটা চমক- গুৱাহাটীৰ পৰা প্ৰকাশিত নবীন বৰুৱাই প্ৰকাশ কৰা সম্ভবতঃ ‘প্ৰতীতি’ নামৰ আলোচনীত সেই বেটুপাতটিৰ বিষয়ে এটা লেখা- লেখিছে সেই সময়ৰ তাৰকা গল্পকাৰ দেবব্ৰত দাসে ৷ অবাক আৰু বিস্ময়াভিভূত হোৱাৰ বাহিৰে আমাৰ কৰিবলগীয়া একো নাছিল ৷ কিতাপঘৰ নামৰ কিতাপৰ দোকান আৰু আমাৰ লাইব্ৰেৰিত আমি সেই মুহূৰ্ত উপভোগ কৰি আছিলোঁ ৷ এনেতে বসন্ত ভট্ট চাৰ আহি সোমাল ৷ চাৰে আলোচনীখন চালে আৰু¸ ক’লে-  উৎপল, মোৰ এখন গল্পৰ কিতাপ ওলাব, তুমি এনেকুৱা কোভাৰ এটা কৰি দিবা ৷ সেই আনন্দৰ মুহূৰ্তত চাৰৰ এই কথা আছিল এটা ডাঙৰ পুৰষ্কাৰৰ দৰে ৷

সেই স্মৃতিৰেই চাৰলৈ শ্ৰদ্ধা নিবেদন কৰিলোঁ ৷ 

Tuesday, July 15, 2025

বিপ্লবী ব্ৰজনাথ

কলাক্ষেত্ৰৰ সচিব শ্ৰীযুত সুদৰ্শন ঠাকুৰে পৰিচালক শ্ৰীযুত অসীম কুমাৰ নাথৰ হাতত নাটকৰ পাণ্ডুলিপি আনুষ্ঠানিক ভাবে অৰ্পণ কৰিছে ৷

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই ‘পৰাক্ৰমী পূৰ্বোত্তৰ’ শিৰোণামাৰে সাতদিনীয়া নাট মহোৎসৱ এটিৰ আয়েজন কৰিছে ৷ এই নাট মহোৎসৱৰ বাবে নিৰ্বাচিত  নাটসমূহৰ এখন হ’ল ‘বিপ্লৱী ব্ৰজনাথ’ ৷ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, অবিনাশ শৰ্মা, প্ৰদীপ পূজাৰীৰ হেঁচা আৰু ডঃ বিস্মিতা দেৱীৰ নিৰন্তৰ সঁকিয়নিত নাটখন সম্পূৰ্ণ হৈছিল ৷ প্ৰকাশন পৰিষদৰ সচিব শ্ৰী প্ৰমোদ কলিতাই প্ৰয়োজনীয় প্ৰসংগ পুথি সংগ্ৰহ কৰি দি কামটো সম্পূৰ্ণ কৰাত সহায় কৰিছিল৷ 

আজি এই নাটকখনৰ শুভ মুহূৰত অনুষ্ঠিত হয় ৷  নাটখন পৰিৱেশন কৰিব ছিপাঝাৰৰ অগ্ৰণী নাট্য গোষ্ঠী ‘চৰ্চা’ই আৰু পৰিচালনা কৰিব অসীম কুমাৰ নাথে ৷ আজিৰ শুভ মুহুৰত অনুষ্ঠানত  বিশিষ্ট অভিনেতা শ্ৰীযুত প্ৰাঞ্জল শইকীয়া, সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত নাট-পৰিচালক শ্ৰীযুত অবিনাশ শৰ্মা, অধ্যাপক ডঃ ৰামচন্দ্ৰ ডেকা, প্ৰকল্প উপদেষ্টা সমিতিৰ সন্মানীয় সদস্য শ্ৰীযুত প্ৰদীপ পূজাৰী, মোৰ দীৰ্ঘ দিনৰ বন্ধু আৰু সহকৰ্মী শ্ৰীযুত নয়ন প্ৰসাদ, মোৰ কটন কলেজৰ জুনিয়ৰ আৰু পুৰষ্কাৰ বিজয়ী শিক্ষক পৱন কলিতা, ডঃ বিস্মিতা দেৱীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু ‘চৰ্চা’ পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকল, নাটখনৰ অভিনয় শিল্পীসকল তথা ভালেসংখ্যক নাট্যানুৰাগী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

এইখিনিতে মই লেখা আৰু অনুবাদ কৰা নাটকেইখনৰ নাম মনত পেলাই চালোঁ- আমি কেনে আছোঁ [মৌলিক- মঞ্চস্থ নহলেই], ষোল্ল জানুৱাৰিৰ নিশা [অনুবাদ, পৰিচালক সঞ্জীব হাজৰিকা], নাগমণ্ডল [অনুবাদ, পৰিচালক অবিনাশ শৰ্মা], টুগলক [অনুবাদ, পৰিচালক ভাগিৰথী], গডমাদাৰ [মৌলিক, পৰিচালক তপন দাস], কাঞ্চন [উপন্যাসৰ নাট্যৰূপ, দুবাৰ কৰা হৈছে- এবাৰ ভ্ৰাম্যমান থিয়েটাৰৰ বাবে - পৰিচালক ৰবীন নেওগ আৰু মই, এবাৰ অপেছাদাৰী মঞ্চৰ বাবে, পৰিচালক বিদ্যুৎ চক্ৰবৰ্তী], মেকবেথ [অনুবাদ, পৰিচালক ভাগিৰথী] ৷ আকাশবাণীৰ যুৱবানী অনুষ্ঠানৰ বাবে কেইবাখনো লেখিছিলোঁ আৰু পৰিচালনা কৰিছিলোঁ, অভিনয়ো কৰিছিলোঁ ৷ নামবোৰ মনত নাই, কেৱল দুখনৰ কথা মনত আছে-  এখন মাখন হাজৰিকাৰ গল্পৰ নাট্যৰূপ, আনখন নাট্য কলাজ-  অৰুণ শৰ্মাৰ নিবাৰণ ভট্টাচাৰ্য নাট, ফণী শৰ্মাৰ বিষয়ে অৰুণ শৰ্মাই লেখা প্ৰবন্ধ, চিৰাজ নাটক আদিৰ অংশ আদিৰে এই নাট্য কলাজ খন ৰচনা কৰিছিলোঁ, প্ৰযোজনাও কৰিছিলোঁ, নয়ন প্ৰসাদে সহায় কৰি দিছিল ৷ 







চৰ্চাৰ শিল্পীসকলৰ সতে

Saturday, July 12, 2025

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত


বড়োলেণ্ড বিশ্ববিদ্যালয়ত এবাৰ অনুষ্ঠিত হৈছিল জ্ঞান মহোৎসৱ ৷ নোবেল জয়ী পণ্ডিতে তাত অংশ লৈছিল৷ তেতিয়াৰে পৰা এই বিশ্ববিদ্যালয়খনিলৈ যোৱাৰ ইচ্ছা এটা জন্মিছিল ৷  আজি বিশ্ববিদ্যালয়ৰ ক’ৰ্ট মিটিঙত অংশ লোৱাৰ বাবেই সেই ইচ্ছা পূৰণ হ’ল ৷

বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক ডঃ চুমী কলিতাক লগ পাইছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটি ৰিফ্ৰেচাৰচ কোৰ্চত ৷ তেতিয়াই তেখেতে আমন্ত্ৰণ জনাইছিল ৷ আজি কোৰ্টৰ সভাৰ অন্তত তেখেতৰ বিভাগ পালোগৈ ৷ প্ৰথম মহলাৰ বিভাগটিৰ অংশখিনি যিমান পাৰে সেউজীয়া কৰি ৰাখিছে ৷ চিজন ফ্লাৱাৰ শেষ হোৱাৰ পাচত সেই টাববোৰত ভেন্দিৰ পুলি লগাই দিয়া হৈছিল, এতিয়া সেইবোৰে সেউজ শোভাত অৰিহণা যোগাইছে ৷ 

ডঃ কলিতাৰ কোঠত থকা কেইবাটিও আলমাৰী ভৰ্তি কিতাপবোৰ কৌতুহল উদ্দীপক ৷ আলমাৰীৰ আইনাৰ বেৰখন ভেদ কৰি চকু ভিতৰলৈ গ’ল- দেখা পালোঁ প্ৰায় আটাইবোৰ কিতাপৰে বেটুপাত একেই ৷ অলপ পাচতহে কথাটো বুজি পালোঁ ৷ কিতাপবোৰত সুন্দৰকৈ এক ৰঙৰ বকলা লগাই থোৱা হৈছে ৷  ভালেকেইখন গবেষণা পত্ৰ দেখা পালোঁ- পঢ়িবলৈ মন যোৱা বিষয়ৰ ৷ ডঃ কলিতাই দেখুৱালে বিভাগীয় পুথিভঁড়ালটি ৷ বিভিন্ন শুভাকাংক্ষীৰ চেনেহৰ উপহাৰেৰে ভঁড়ালটি সম্বৃদ্ধ ৷ ময়ো কেইখনমান কিতাপ পুথিভঁড়ালটিলৈ আগবঢ়াম ৷ 

তাৰ পাচত চালোঁ বিভাগীয় সংগ্ৰহালয়টি ৷ অসমৰ বাৰেৰহনীয়া সংস্কৃতিৰ নানান উপাদান তাত প্ৰদৰ্শন কৰা হৈছে ৷ ইয়াত ছাত্ৰ-ছাত্ৰীসকলৰ অৱদান বহু ৷ আকৃতিত সৰু, কিন্তু তাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ আবেগৰ স্পৰ্শ অনুভব কৰিব পাৰি ৷

আৰু এবাৰ যাম, তাত বহু সময় কটাম ৷

তলৰ ফটোত ডঃ চুমী কলিতাৰ সতে



Tuesday, July 8, 2025

অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ এখন মুকলি চিঠি- প্ৰসংগ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন

ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন কৰিবলৈ আপুনি বিশেষভাবে উদ্যোগ গ্ৰহন কৰি ৰাজ্যবাসীৰ প্ৰশংসা লাভ কৰিছে ৷ ইতিমধ্যে এই বিষয়ত আপুনি কৰিবলৈ লোৱা বিভিন্ন কামৰ সংবাদ বাতৰি কাকতত প্ৰকাশ পাইছে আৰু সেইবোৰে বুজাই দিছে যে কি বিশাল আয়োজনেৰে আপুনি অসমবাসীৰ প্ৰিয় ভূপেনদাৰ জন্ম দিৱস উদযাপনৰ পৰিকল্পনা কৰিছে ৷ ভূপেনদাৰ অন্তিম বিদায়ৰ সময়ত অসমবাসীয়ে কেনেদৰে ভুপেনদাৰ প্ৰতি নিজৰ অকৃত্ৰিম ভালপোৱা উজাৰি দিছিল, ঠিক তেনেদৰে এই জন্ম শতবৰ্ষৰ বৰ্ষজোৰা কাৰ্যক্ৰমত তাৰেই অন্য এক ৰূপ দেখা যাব ৷ বিদায়ৰ সময়ত ৰাইজৰ অংশগ্ৰহন আছিল স্বতঃস্ফূৰ্ত ৷ কিন্তু এইবাৰ এই আয়োজন হ’ব আপোনাৰ নেতৃত্বত ৷ যিকোনো কাম বিশালকৈ কৰাৰ এটি স্বাভাবিক মানসিকতা আপোনাৰ আছে আৰু বিভিন্ন কামত তাৰ প্ৰতিফলন ঘটিছে ৷ ভূপেনদাৰ জন্ম শতবৰ্ষৰ কাৰ্যক্ৰমণিকাত সেই বিশালতাৰ প্ৰতিফলন ঘটিব বুলি আমাৰ বিশ্বাস ৷     

ভূপেন হাজৰিকাৰ এখন জীৱনী ৰচনা কৰাই তাক হিন্দী-ইংৰাজীত প্ৰকাশ কৰাৰ যি ব্যবস্থা কৰিছে সেয়া প্ৰশংসনীয় ৷ এই আপাহতে আমাৰ মনত উদয় হোৱা কেইটামান কামৰ কথা আপোনাৰ বিবেচনাৰ বাবে উপস্থাপন কৰিছোঁ ৷ সেইবোৰ ইতিমধ্যে আপোনাৰ কৰ্মতালিকাত অন্তৰ্ভূক্ত হোৱাৰ সম্ভাবনাও নথকা নহয় ৷ 

চিত্ৰ পৰিচালক ভূপেন হাজৰিকাৰ আটাইকেইখন চিনেমা এতিয়া পোৱা নাযায় ৷ কিন্তু যিকেইখন পোৱা যায়, সেইকেইখন আনি অসম চৰকাৰৰ চলচ্ছিত্ৰ উন্নয়ণ আৰু বিত্ত  নিগমৰ আৰ্কাইভত ৰখাৰ ব্যবস্থা কৰিব লাগে ৷ সংৰক্ষণ কৰাৰ পূৰ্বে ছবি কেইখন ডিজিটেল প্ৰক্ৰিয়াত উন্নত কৰি ল’ব লাগিব ৷ অকল সংৰক্ষণেই নহয়, ছবিবোৰ ৰাইজে সহজতে চাবলৈ পোৱাৰ ব্যবস্থাও কৰিব লাগে ৷  জন্ম শতবৰ্ষৰ সময়তে ছবিকেইখনৰ এটি ফেষ্টিভেলৰ আয়েজেনা কৰিব পৰা যাব ৷ 

ভাৰত চৰকাৰে প্ৰতি বছৰে গোৱাত আয়েlজন কৰি অহা আন্তৰ্জাতিক ফিল্ম ফেষ্টিভেলত ‘হোমেজ’ নামৰ এটা শাখাত বিশেষ কেইগৰাকীমান প্ৰয়াত চলচ্ছিত্ৰকাৰৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰা হয় ৷ এইবাৰ এই শিতানত ভূপেন হাজৰিকাৰ ছবি প্ৰদৰ্শন কৰাৰ ব্যবস্থা কৰিব লাগে ৷ এই প্ৰসংগত মই বিভাগলৈ অনুৰোধ ইতিমধ্যে পঠিয়াইছোঁ ৷ কিন্তু এজন ব্যক্তিৰ অনুৰোধতকৈ এগৰাকী মুখ্যমন্ত্ৰীৰ ইচ্ছা অধিক শক্তিশালী ৷ আশা ৰাখিছোঁ, আপোনাৰ উদ্যোগতে কামটি সফল হৈ উঠিব ৷ এই মহোৎসবত ভূপেন হাজৰিকাৰ ছবি প্ৰদৰ্শন হোৱাৰ লগে লগে দেশবিদেশৰ চলচ্ছিত্ৰ অনুৰাগীৰ মাজত নামটো পুনৰ বাৰ জিলিকি উঠিব ৷ 

শ্ৰীমন্ত শংকৰদেব কলাক্ষেত্ৰত ভূপেন হাজৰিকা বিষয়ৰ এটি সংগ্ৰহালয় আছে ৷ এই সংগ্ৰহালয়টিক আধুনিক আৰু জীৱন্ত কৰি তোলা কামটিও শতবৰ্ষ উদযাপনৰ লগতেই হ’ব পাৰে ৷ ভূপেন হাজৰিকাৰ গীত, চিনেমা, কিতাপ, ফটোগ্ৰাফ আদিক Interactive ৰূপত   উপস্থাপন কৰি এই সংগ্ৰহালয়টিক জীৱন্ত ৰূপ দিব পাৰি ৷ এই সংগ্ৰহায়লটিক প্ৰদৰ্শনৰ লগতে ভূপেন হাজৰিকা বিষয়ক গবেষণাৰ কামৰ বাবেও উপযোগী কেন্দ্ৰ হিচাপে গঢ়  দিব পাৰি ৷ গবেষণাৰ প্ৰসংগ আহোতেই ক’ব পাৰি যে যিসকলে ভূপেন হাজৰিকাৰ জীৱনৰ বিভিন্ন দিশকলৈ গবেষণা কৰি আছে, তেওঁলোকক লগতে তেওঁলোকৰ গাইডসকলক চৰকাৰৰ তৰফৰ পৰা উৎসাহমূলক অৰ্থ সাহাৰ্য দিয়াৰ কথা ভাবিব পাৰি ৷ ভূপেন হাজৰিকা মানেই গীত, গতিকে জন্ম শতবৰ্ষত গীতৰ মেলা হ’বই ৷ কিন্তু গীতকেইটি নতুন ধৰণে উপস্থাপন কৰিব পাৰিলেহে ভূপেন হাজৰিকাৰ কৰ্মৰাজিক আমি নতুন শতিকাত সম্মান প্ৰদৰ্শন কৰা হ’ব ৷ যিসকলৰ বিভিন্ন ধৰণৰ গীত শুনাৰ অভিজ্ঞতা আছে, গীত পৰবেশন পদ্ধতিক নতুন ধৰণে চোৱাৰ মানসিকতা আছে, তেনে লোকে এই কামত সহযোগ কৰিব পাৰিব ৷ 

কিছুদিনৰ আগতে শ্ৰীযুত মুকুল এম বৈশ্যয়ো ‘সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক গৱেষণা প্ৰকল্প’ শিৰোণামাৰে এটি প্ৰস্তাব দিছিল ৷ সেই কথাখিনিকো একেলগে সামৰি লৈছোঁ ৷ তেখেতে লেখিছিল- 

‘আজিৰ অসমত এটা অত্যাধুনিক, হাই-টেক, মাল্টি-ডাইমেনছনেল, মাল্টি-ফেচিলিটেড সাংস্কৃতিক গৱেষণা প্ৰকল্পৰ অতিকে প্ৰয়োজন ৷ এটা বিশাল গৱেষণা প্ৰকল্প য’ত থাকিব হাই-টেক ডিজিটেল আৰ্কাইভ, ডিজিটেল আৰু ফিজিকেল লাইব্ৰেৰী, অডিঅ’ আৰু ভিচ্যুৱেল লাইব্ৰেৰী, আলোচনা কক্ষ, প্ৰেজেনটেছন হল আৰু ফেচিলিটিচ, গৱেষণা কক্ষ, অধ্যয়ণ চক্ৰ, চিনেমা স্ক্ৰীণ আৰু ডিচকাচন লবি ৷ লগত থাকিব উচ্ছ মেধা সম্পন্ন সাংস্কৃতিক স্কলাৰচ আৰু কাৰ্যকৰী কমিটি, গৱেষণা কৰিবলৈ অহা গৱেষক আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ সুবিধা ৷ এনে এটা সাংস্কৃতিক গৱেষণা কেন্দ্ৰ অসমত আজিলৈকে গঢ় লৈ নুঠিল য’ত একেলগে ভাষা-সাহিত্যৰ পৰা আৰম্ভ কৰি সংগীত, চিত্ৰ-ভাস্কৰ্য, ইতিহাস, নৃতত্ব আৰু পুৰাতত্ব, চলচ্ছিত্ৰ, ফটোগ্ৰাফী, ছপা মিডিয়া, ডিজিটেল মিডিয়া, বিজ্ঞাপন আদিৰ গৱেষণা সম্ভৱপৰ হয় ৷ লগতে ইয়াত থাকিব লাগিব সাংস্কৃতিক সমল সমূহৰ ওপৰত প্ৰকাশিত শেহতীয়া গ্ৰন্থৰাজি, ডিজিটেল মিডিয়া, প্ৰদৰ্শনীৰ ব্যৱস্থা আৰু আন সমলসমুহ ৷ অসমীয়া গৱেষকৰ লগতে ইয়াত সুবিধা থাকিব লাগিব ভাৰতীয় তথা বিশ্ব গৱেষকৰ বাবে৷ থাকিব লাগিব ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় ফেল’শ্বিপৰ ব্যৱস্থা, যাতে বিদেশী গৱেষকে অসমীয়া আৰু ভাৰতীয় সংস্কৃতিৰ ওপৰত এই গৱেষণা প্ৰকল্পত গৱেষণা কৰাৰ দিশত আৰ্থিক সহায়ৰ লগতে  এক  অত্যাধুনিক পৰিবেশ লাভ কৰিব পাৰে ৷ এই সাংস্কৃতিক গৱেষণা প্ৰকল্পৰ নামাকৰণ হওক - ‘সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক গৱেষণা প্ৰকল্প’৷ সুধাকণ্ঠৰ প্ৰথম জন্ম শতবাৰ্ষিকীৰ সতে সংগতি ৰাখি অসম চৰকাৰে কৰিব পৰা কাম কেইটিমানৰ কথাৰে মাননীয় মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি ৷ এই প্ৰকল্প নিৰ্মাণৰ কথা বিবেচনা কৰিলে অসমীয়া জাতি যুগ যুগলৈ সমৃদ্ধ হ’ব ৷ এই প্ৰকল্পই আমাক বিশ্বদৰবাৰত চিনাকী দিব আৰু এশ বছৰৰ পিছত এদিন এই প্ৰকল্পই অসমীয়া জাতিৰ বৌদ্ধিক আৰু সাংস্কৃতিক চিন্তাৰ গৰিমা বহন কৰিব, ঐতিহ্য প্ৰতিফলিত কৰিব ৷’

এই ধৰণৰ কামৰ বাবে প্ৰয়োজন এটি বহল শিক্ষিত মন আৰু ৰাজনৈতিক সদিচ্ছা ৷ এই চৰকাৰখনৰ পৰা আমি এইখিনি আশা কৰিব পৰা পৰিবেশ এটা দেখিবলৈ পাইছোঁ ৷ 

আঠ জুলাই ২০২৫ ৰ নিয়মীয়া বাৰ্তাত প্ৰকাশিত

Monday, June 30, 2025

মালামাল বইজ

মালামাল বইজ ৷ নামটোৱে ইংগিত দিয়ে ছবিখন হাস্যৰসপূৰ্ণ হ’ব ৷ আৰু এটা ইংগিত দিয়ে ছবিৰ কাহিনী টকা পইচা উপাৰ্জন কৰা বিষয়ৰে হ’ব৷ এটা শ্বটত এই কথাটি প্ৰতিষ্ঠা কৰা হৈছে৷ ট্ৰেইলৰত দেখুওৱা দৃশ্যবোৰৰ পৰা বুজি পোৱাত অসুবিধা নহয় যে ছবিখনত হাস্যৰসৰ লগতে আবেগিক কাহিনীও আছে ৷ পঞ্চায়ত চিৰিজৰ দুজন জনপ্ৰিয় অভিনেতাই ট্ৰেইলৰত ভালেখিনি ঠাই অধিকাৰ কৰিছে ৷ সেই দুজনেও দৰ্শকক ছবিখনৰ প্ৰতি আকৰ্ষণ কৰিব ৷ অন্ততঃ মই এই ছবিখন চাবলৈ যোৱাৰ এইটো এটা প্ৰধান কাৰণ হ’ব ৷ 

কিন্তু প্ৰথম কাৰণটো হ’ল- পৰিচালক মৃণালৰ এখন চুটি ছবি চাই খুব ভাল পাইছিলোঁ, সেই ছবিখনৰ পাচত মৃণালৰ পূৰ্ণ দৈৰ্ঘৰ ছবিৰ বাবে অপেক্ষা কৰি আছিলোঁ ৷ এইবাৰ অৱশ্যে মৃণাল অকলে নহয়, লগত আছে তেওঁৰ দল ৷ ট্ৰেইলৰত দেখা মতে দৃশ্যগ্ৰহন চকুত লগা হৈছে ৷ এটা দৃশ্যত দেখুওৱা চিলিং ফেনৰ ছাঁ খুব ভাল লাগিছে ৷ এখন চকুত লগা গাড়ীও আছে ৷ সকলো মিলি ছবিখনে এক ধৰণৰ ‘লাৰ্জাৰ দেন লাইফ’ অভিজ্ঞতা দিব বুলি ভাব হয় ৷ মৃণাল আৰু তেওঁৰ দলটোলৈ আগতীয়া অভিনন্দন ৷ 

https://www.youtube.com/watch?v=Fupol0E6trM


Monday, June 23, 2025

ৰুদ্ৰলৈ শুভকামনা


আজি ছবিখনৰ প্ৰিমিয়াৰ চালোঁ ৷ ডঃ জাহানাৰা বেগমক লগ পালোঁ, চিনেমাখন চাবলৈ তেখেত তেজপুৰৰ পৰা আহিছে ৷ তেখেতৰ ল’ৰা ময়ূৰ গোপেন্দ্ৰ দাসে ছবিখনত অভিনয় কৰিছে ৷ দুয়োকে অভিনন্দন আৰু শুভেচ্ছা জনালোঁ ৷ আৰু বহুতকে লগ পালোঁ ৷ এই প্ৰিমিয়াৰবোৰ মানুহ লগ পোৱাৰ একো একোটা উৎসৱ ৷ 

ৰুদ্ৰৰ এজন মূল মানুহ- পৰিচালক ৰূপক গগৈ ৷ প্ৰথমে ভূলু, তাৰপাচত অমু, অমিতাভ আৰু এতিয়া ৰূপক ৷ কিমান সৰুৰ পৰা লগ পাইছোঁ, মোৰ বাবে ৰূপক গগৈ এতিয়াও সেই সৰু ভূলু বা অমুৱেই ৷ সেইটো ল’ৰাই ইমান ডাঙৰ আয়োজনৰ ছবি এখন কৰিছে, ভাবিয়েই ভাল লাগে ৷

ৰুদ্ৰৰ আৰু এটা পিলাৰ - ৰবি শৰ্মা ৷ ৰবিক যেতিয়া প্ৰথম লগ পাওঁ তেতিয়া তেওঁ হাইস্কুলৰ তলৰ শ্ৰেণীৰ ছাত্ৰ, কণমানি ল’ৰা এটা ৷ সেইটো কণমানি ল’ৰাই এতিয়া ইমান একচন থকা ছবিত অভিনয় কৰিছে- কিবা আচৰিত যেন লাগে ৷ অভিনেতা ৰবিৰ কিছুমান কথা খুব ভাল লাগে -  যেনে স্কুল-কলেজত ছবিৰ প্ৰচাৰ কৰাৰ বিৰোধিতা কৰা ৷  বহুদিনৰ আগতে এটা মদ কোম্পানীয়ে ৰবিক বহু টকাৰ অফাৰ দিছিল- মদৰ বিজ্ঞাপনত অংশগ্ৰহন কৰাৰ বাবে ৷ সেই সময়ত টকাৰ পৰিমাণটি বহু ডাঙৰ আছিল আৰু অভিনয়ক কেৰিয়াৰ হিচাপে ল’বলৈ আগবঢ়া ৰবিৰ বাবে সেই পৰিমাণটি এৰাব পৰা বিধৰ নাছিল ৷ কিন্তু ৰবিয়ে সেই বিজ্ঞাপনটিতঅভিনয় নকৰিলে ৷ মই সোধাত কৈছিল- ‘মদ খোৱাটো মই সমৰ্থন নকৰো, গতিকে বিজ্ঞাপনটিতো অংশ নলও’ ৷ এনেবোৰ সিদ্ধান্তই অভিনেতাগৰাকীক নিজৰ চিনাকি শক্তিশালী কৰাত সহায় কৰে ৷  এই ছবিত ৰবিয়ে ভালেখিনি একচন দৃশ্যত অভিনয় কৰিছে ৷ নিয়মিতভাবে ব্যায়াম কৰি আটিল কৰি ৰখা দেহেৰে ৰবিয়ে ‘ফাইট’ কৰিলে বিশ্বাস হয়, দৃশ্যবোৰ জীৱন্ত হয় ৷ এই ছবিৰ একচন দৃশ্যবোৰত ৰবিৰ অংশগ্ৰহন পূৰ্বৰ তুলনাত অধিক পৰিপক্ক লাগিছে ৷ 

ছবিখনৰ কাৰিকৰী দিশৰ কামো ভাল লাগিছে ৷ ছবিখন সকলো ধৰণে সফল হওক- তাকেই কামনা কৰিলোঁ ৷ 





প্ৰথম ফটো- এটি দৃশ্যত ৰবি শৰ্মা
দ্বিতীয় ফটো - ৰূপক গগৈ আৰু নম্ৰতা
তৃতীয় ফটো - পাহাৰী দাস, চেতনা দাস, নম্ৰতা দত্ত, উৎপল দত্ত, অনুপম হাজৰিকা

Sunday, June 22, 2025

চিনাকি-অচিনাকি বহুত মুখ


ধ্ৰুবজ্যোতি দাসৰ লগত চিনাকি তেওঁৰ কবিতাৰ যোগে ৷ বামপন্থী চিন্তাৰে তেওঁ লেখা ভালেমান কবিতাই পাঠকৰ প্ৰশংসা লাভ কৰিছিল ৷ পৰবৰ্তী কালত তেওঁক অসমীয়া বানানৰ চৰ্চাকাৰীৰ বþূপত দেখা পালোঁ ৷ বানান সম্পৰ্কীয় এখন অভিধানো তেওঁ যুগুতাই উলিয়াইছে ৷ একাধিক সংস্কৰণ প্ৰকাশে বুজাই দিয়ে যে কিতাপখন পাঠকৰ কামত আহিছে ৷ 

দাস যে এগৰাকী চিত্ৰকৰ সেই কথাটো মই জনা নাছিলোঁ ৷ এবাৰ ফেচবুকত দেখা পালোঁ তেওঁ প্ৰণবজ্যোতি ডেকাৰ প’ট্ৰেট এখন আঁকিছে ৷ মোলৈ লিংকটো পঠিয়াই দি কৈছে- আপোনাৰ ফটো চাই অঁকা ৷ ছবিখনো ভাল পালোঁ, মোৰ ফটোখনক দিয়া স্বীকৃতিও ভাল পালোঁ ৷ তাৰ পাচৰ মই মনযোগেৰে তেওঁৰ ছবি চাবলৈ আৰম্ভ কৰিলোঁ ৷ এবাৰ মোক আচৰিত কৰি তেওঁ মোৰ ঘৰ ওলাইছিল ৷ সিদিনা মোৰ জন্মদিন আছিল ৷  তেওঁ মোক উপহাৰ দিছিল মোৰ প’ট্ৰেট এখন, তেওঁ আঁকি, ধূনীয়াকৈ বন্ধাই দিছে ৷ তেওঁ অঁকা ছবিখনে মোৰ সেই জন্মদিনটি বিশেষ কৰি তুলিছিল ৷ 

দাসে অঁকা এশ চৈধ্যখন প’ট্ৰেটৰ সংকলন এটি সুন্দৰ পৰিকল্পনাৰে প্ৰকাশ পাইছে, নাম চিত্ৰপট ৷ কিতাপখনৰ কথাংশ দুটা ভাষাত- ইংৰাজী আৰু¸ অসমীয়াত দিয়া হৈছে ৷ ছবিবোৰ কেইবাটিও ভাগত  ভগোৱা হৈছে ৷ ভাগ কেইটি হ’ল- দূৰৰ সাগৰৰ মাত, এই দেশ এই স্বদেশ, জনমভূমিৰ ফুল, সুহৃদ-বান্ধৱৰ ছবিঃ অগ্ৰজ অনুজ আৰু বুকুৰ কাষৰজন ৷ এই নামবোৰে কৈ দিয়ে প’ট্ৰেটবোৰৰ বিষয়বস্তু ৷

ছবিবোৰত এক ধৰণৰ এমেচাৰ ভংগীমা এটি প্ৰকাশ পাইছে আৰু সেইবাবেই দাসক প্ৰশিক্ষিত চিত্ৰশিল্পী যেন নালাগে ৷ প্ৰশিক্ষিত হয় নে নহয় কথাটো খুব প্ৰয়োজনীয় বুলিও ভবা নাই ৷  প্ৰতিখন ছবিতেই এটা আবেগিক বান্ধোন অনুভব কৰিব পাৰি ৷ হয়তো এই আবেগেই তেওঁক ছবিৰ বাবে ব্যক্তিকেইজনক নিৰ্বাচন কৰিছে ৷ শেষত থকা কেইবাখনো ছবি আৰু তাৰ লগত থকা কথাই কিতাপখনৰ পাঠক-দৰ্শকক নিৰ্বাক কৰি দিব পাৰে ৷ তেওঁৰ পৰিয়ালৰ মাক, দেউতাক, বাইদেউ, পত্নী, সন্তানকে ধৰি কেইবাগৰাকীও সদস্যই সংসাৰৰ পৰা বিদায় মাগিছে, কেইজনমানে অকালতে ৷ এই কথা প্ৰকাশত কিন্তু তেওঁ আবেগ বিহ৩ল হোৱা নাই, সেই ছবিকেইখনৰ প্ৰকাশ ভংগীমাও খুব নিৰ্লিপ্ত ৷ হয়তো জীৱনত পোৱা যন্ত্ৰণাই তেওঁক নিৰ্লিপ্ত হ’বলৈ বাধ্য কৰাইছে ৷

সামগ্ৰিকভাবে অসমৰ কিতাপৰ জগতত ‘চিত্ৰপট’ এটা নতুন সংযোজন ৷ কিন্তু ছবিবোৰ ছপা কৰাত আৰু¸ অধিক মনযোগ দি ছবিবোৰ স্পষ্ট কৰি প্ৰকাশ কৰা উচিত আছিল ৷ এনে ভাব হয়, নিম্ন মানৰ ৰিজলুচনত ছবিবোৰ স্কেন কৰা বাবে এই দুৰ্ঘটনাটো হ’বলৈ পালে ৷ প্ৰকাশক এই দিশত সচেতন হোৱা উচিত আছিল ৷ প্ৰায় দেৰশ পৃষ্ঠাৰ কিতাপ এখনৰ দাম পাঁচশ টকা বেচি হোৱা বুলিয়েই ক’ব লাগিব ৷  কিতাপখনত মই তোলা ফটোৰ পৰা অঁকা দুখন ছবি সন্নিবিষ্ট হৈছে, এইটোও মোৰ ভাল লগা এটা কথা ৷ 



Thursday, June 19, 2025

বিষ্ণুৰাভাৰ প্ৰতিকৃতিখন

বৰ্তমান সময়ত বিষ্ণুৰাভাৰ এখন বিশেষ ছবি বিভিন্ন ঠাইত প্ৰচাৰ আৰু প্ৰকাশ হৈ থাকে৷ অলপ বেঁকাকৈ ওপৰৰ পিনে চাই থকা অৱস্থাৰ বিষ্ণুৰাভাৰ মুখাবয়বৰ ছবি ৷ আজিকালি ফটোশ্বপৰ সহায়ত কোনো চিত্ৰশিল্পী বা মুদ্ৰন কাৰিকৰে ছবিখন নিজৰ প্ৰয়োজন মতে ঘুৰাই  দিয়ে ৷ এগৰাকী শিল্পীৰ সৃষ্টিক এনেদৰে ব্যবহাৰ কৰাটো অমাৰ্জিত, অশোভনীয় আৰু¸ নীতিবিৰুদ্ধ৷ কিন্তু বহুতেই কৰি আছে ৷ এই কাম শীঘ্ৰেই বন্ধ হ’ব লাগে ৷ 

অমূল্য মান্নাই তোলা ফটো এখনৰ পৰা এই ছবিখন আঁকিছিল শিল্পী যোগেন দাসে ৷  ডট ব্যবহাৰ তেওঁ এই ছবিখন আঁকিছিল৷ আমাৰ প্ৰতিনিধিৰ এটা সংখ্যাত এই ছবিখন প্ৰকাশ পাইছিল৷ সম্পূৰ্ণ এটা পৃষ্ঠা জোৰাকৈ ছবিখন প্ৰকাশ কৰা হৈছিল, সেই পৃষ্ঠাটো বিশেষভাবে ছপা কৰিছিল আৰ্ট পেপাৰত৷ ‘ডট’ প্ৰয়োগেৰে অঁকা সেই ছবিখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷ লাহে লাহে সেই ছবিখনে জনপ্ৰিয়তা অৰ্জন কৰিলে আবþু বিষ্ণু ৰাভাৰ ছবি বুলিলেই মানুহে সেইখনকেই চিনি পোৱা হ’ল৷ পাচত, ফটোশ্বপ অহাৰ পাচত ছবিখন কোনোবাই ৰঙীন কৰিলে, কোনোবাই মুখখন সোঁফালৰ পৰা বাওঁফাল কৰি দিলে৷ অমূল্য মান্নাৰ মূল ফটোখনৰ কথা মানুহে পাহৰি গ’ল৷ বহু জনপ্ৰিয় ফটোৰ মূল মানুহজনক বহুতে নাজানে, জানিবলৈকেও ইচ্ছা নকৰে- আমাৰ ইয়াত এইটো এটা স্বাভাবিক কথা ৷

আজিৰ এই পবিত্ৰ দিনটোত এই ফটো আৰু¸ ছবিৰ মূল মানুহ দুগৰাকীৰ স্মৰণেৰে কলাগুৰুলৈ শ্ৰদ্ধা জনালোঁ ৷ 

পুনঃ বিষ্ণু ৰাভাৰ বাবে 'কলাগুৰু' অভিধাটি প্ৰথম ব্যবহাৰ কৰিছিল তেজপুৰৰ সাংবাদিক বিবুধ কলিতাই ৷  ইয়াক সমৰ্থন কৰিছিল দৈনিক অসমে ৷ এতিয়া এই কথাটো নানানজনে নানান ভাবে কৈ থাকে ৷  ফণী শৰ্মাক ‘নটসূৰ্য’ উপাধি দিয়াটোও বিবুধ কলিতাৰে অৱদান ৷   

সময় আৰু সাহিত্যৰ বুৰঞ্জী

কিতাপখন কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন মনত ৰাখি ৰচনা কৰা যদিও ইয়াক পোনপতীয়াকৈ পাঠ্যপুথি বুলি ক’ব নোৱাৰি ৷ ক’ব পাৰি ছাত্ৰ-ছাত্ৰীৰ কামত অহা এখন বুৰঞ্জী ৷ কিতাপখন চতুৰ্দশ শতিকাৰ পৰা সপ্তদশ শতিকাৰ  ইংৰাজী সাহিত্য আৰু¸ সেইখন সমাজৰ বুৰঞ্জী৷ আমি কলেজত পঢ়া সময়ত ইংৰাজী সাহিত্যৰ বুৰঞ্জী পঢ়িছিলোঁ কেৱল বিদেশী লেখকে লেখা৷ ভাৰতীয় লেখকে লেখা কেৱল নোট বা সহায়িকাহে আমাৰ হাতত পবিþছিল ৷ ‘লিটাৰেৰি এণ্ড ছছিয়েল হিষ্টৰি [চতুৰ্দশ শতিকাৰ পৰা সপ্তদশ শতিকা]’ নামৰ এই কিতাপখনৰ লেখক ডঃ অনিন্দিতা দে গোলাঘাটৰ দেবৰাজ ৰয় কলেজৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ৷ অসমৰে, তাকো গোলাঘাটৰ দবেþ প্ৰান্তীয় ঠাইৰ কলেজ এগৰাকী অধ্যাপকে ইংৰাজী সাহিত্যৰ বুৰঞ্জী লেখিছে - এই কথাটোও পৰম আনন্দদায়ক ৷ সহজ সৰল আৰু আকৰ্ষণীয় ভাষাত লেখা এই কিতাপখন অকল সাহিত্যৰ ছাত্ৰৰে নহয়, সাহিত্য আৰু সামাজিক ইতিহাসৰ স্পষ্ট আৰু অনুচ্ছাৰিত সম্বন্ধ জানিব বিচৰা সকলো পাঠকৰ বাবে এক চিন্তাউদ্ৰেককাৰী পঠন অভিজ্ঞতা হ’ব ৷ আমি কলেজত পঢ়ি থকা সময়ত এনেকুৱা কিতাপ এখন পোৱা হ’লে ইংৰাজী সাহিত্যৰ সোৱাদ আৰু বহু ব্যাপকভাবে উপভোগ কৰিব পাৰিলোঁহেতেন ৷ অকল ছাত্ৰই নহয়, কলেজত এই বিষয়টো পঢ়োৱা শিক্ষকেও এই কিতাপখন পঢ়ি ভাল পাব ৷ 

কিতাপখনৰ এটি আকৰ্ষণীয় দিশ হ’ল পাঠৰ লগত সংগতি ৰাখি দিয়া বিভিন্ন ছবি ৷ ছবিয়ে লেখা একোটাক আকৰ্ষণীয় কৰি তোলে, পাঠকৰ জ্ঞানপিপাসা বৃদ্ধিত সহায় কৰে৷ সাধাৰণতে বহু অসমীয়া লেখক-প্ৰকাশকে সাহিত্য প্ৰসংগৰ কিতাপত ছবি দিয়াটো ভাল কথা বুলি নাভাবে ৷ কিতাপখনৰ গাম্ভীৰ্য কমি যায় বুলি ভাবে চাগে ৷ এবাৰ শ্ৰদ্ধেয় সত্যেন্দ্ৰ নাথ শৰ্মা চাৰক লগ পাই তেখেতৰ সাহিত্যৰ বুৰঞ্জীখনৰ নতুন মুদ্ৰনত ছবি সংযোজন কৰা কথা কৈছিলোঁ ৷ চাৰে কথাটো ভাল পোৱা বুলি কৈছিল ৷ ‘এবিলাক’ৰ পৰা প্ৰকাশ হোৱা অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ এটা খণ্ড সম্পাদনা কৰিছিল হোমেন বৰগোহাঞিয়ে ৷ তেখেতকো কৈছিলোঁ একেটা কথাকে, তেখেতে শলাগিছিল, কিন্তু কিতাপখনত সেই শলাগনিৰ কোনো প্ৰতিফলন নাছিল ৷ অনিন্দিতা দেৰ এই কিতাপখনৰ কথা মই আগতে নাজানো, প্ৰকাশ হোৱাৰ পাচতহে দেখা পাইছোঁ আৰু তাত মই বহু দিনৰ পৰা ভাবি অহা কথা এটিৰ প্ৰতিফলন দেখি খুব আনন্দিত হৈছোঁ ৷      

Tuesday, June 17, 2025

আদিবাসী.org

 

জামছেদপুৰত এটা এন জি ও আছে, নাম আদিবাসী ৷ তেওঁলোকে স্থানীয় লোক শিল্পীৰ কলা সামগ্ৰী বিক্ৰি কৰে আৰু তাৰ কিছু অংশ বিভিন্ন উন্নয়ণমূলক কামত ব্যবহাৰ কৰে ৷ তেনেকুৱা এটা কাম হ’ল জনজাতীয় মহিলাক চেনিটেৰি নেপকিন দিয়া ব্যবস্থা ৷ মই এন জি ও-টিৰ পৰা অলপ কলাসামগ্ৰী কিনিছিলোঁ৷ তাৰ পৰা তেওঁলোকে জনজাতীয় মহিলাক চেনিটেৰি নেপকিন দিছে ৷ মোক দিছে এখন সুন্দৰ প্ৰশংসা পত্ৰ ৷ এই প্ৰশংসা পত্ৰখন মোৰ বাবে এটা মূল্যবান সম্পদ ৷ আপোনালোকে ইচ্ছা কৰিলে তেওঁলোকৰ ৱেব চাইটটি চাব পাৰে ৷ সুন্দৰ সামগ্ৰী কিছুমান পাব, যিবোৰ কিনিবলৈ আপোনাৰ মন যাবই ৷ আৰু আপোনাৰ পৰা পোৱা পইচাৰে তেওঁলোকে দুখীয়া মানুহক সহায় কৰিব- এই কথাটোও আপোনাৰ ভাল লাগিব৷  এগৰাকী কম বয়সীয়া ছোৱালীৰ সতে মোৰ যোগাযোগ হৈছিল ৷ তেওঁৰ কাম-কাজ-কথা-বতৰাই মোক বুজাই দিছিল নিজৰ কামত তেওঁলোক কিমান নিষ্ঠাবান ৷  ৱেব চাইটটি হ’ল aadivasi.org

Sunday, June 15, 2025

অতুলৰ হেৰিটেজ খৰিকা


অতুল লহকৰ মানেই সোৱাদ আৰু পুষ্টিৰ সমাহাৰ, আন্তৰিক আতিথ্য আৰু কিছু আনন্দময় সময় ৷ আমাৰ বন্ধু-বান্ধব বাহিৰৰ পৰা আহিলে তেওঁৰ গুৱাহাটীৰ গোস্বামী চাৰভিচত থকা  হেৰিটেজ খৰিকালৈ লৈ যাও ৷ মুম্বাইৰ প্ৰসিদ্ধ সংগীত সমালোচক চিৰাগ সুতৰক তালৈ নিছিলোঁ- তেওঁ কৈছিল - কি মেল’ডিয়াচ/ খাদ্য আৰু পৰিবেশ /  কলকাতাৰ অভিনেত্ৰী ইন্দ্ৰানীয়ে কৈছিল- ইম্মান সোৱাদলগা মাছ আগতে খাই পোৱা নাই ৷ চিত্ৰ সমালোচক ডেলটনে কৈছিল- খাদ্য কেনেকৈ ইমান টেষ্টি হ’ব পাৰে / নেক্সট টাইম, মই কেৱল ইয়াতেই খাম ৷ ষ্টাৰডাষ্ট আলোচনীৰ প্ৰাক্তন সম্পাদক ডঃ পীযুশ ৰায়ে কৈছিল- চিম্পল এণ্ড ক্লাচিক ৷ আৰু কিমানকযে নিছিলোঁ // সকলোৰে মন্তব্য একেটাই ৷ 

আমাৰ ভাল লাগে-  গৌৰবেৰে অসমীয়া খাদ্যক বাহিৰৰ মানুহৰ সম্মুখত পৰিবেশন কৰিব পাৰো- সহজতে ৷  

তাৰ পাচত আহিল সোণাপুৰৰ ওচৰত ‘হুৰুম’ ৷ সেইফালেৰে অহাযোৱা কৰিলেই তাত সোমাও ৷ বাহিৰৰ পৰা বন্ধু-বান্ধব আহিলেই চিধাই তালৈ উৰি যাওঁ ৷ এদিন মোৰ মা আৰু  ভণ্টীক লৈ গৈছিলোঁ, মাই অতুলৰ আপ্যায়ন খুব ভাল পাইছিল ৷ এবাৰ কংকনা চক্ৰবৰ্তীক লৈ গৈছিলোঁ- তেওঁ এতিয়াও কয়- এইবাৰ গুৱাহাটীলৈ গ’লে হুৰুমলৈ যাম ৷ অকল খাদ্যৰ বাবেই নহয়- আতিথ্য আৰু আত্মীয়তাৰ বাবেও ৷ 

আজি অতুল লহকৰৰ হেৰিটেজ খৰিকাৰ আৰু এটি শাখাৰ উম্মোচন হ’ল ৷ সোণাপুৰৰ কিডনি হস্পিটালৰ ওচৰতে ৷ আতিথ্য আৰু আত্মীয়তা আৰু অধিক গাঢ় ৷ মই ভাবি আছিলোঁ এইখন ৰেষ্টোৰাঁত মোৰ চুটি ছবি এখনৰ দুটি দৃশ্য গ্ৰহন কৰাৰ কথা ৷  মই নিশ্চিত অতুলে আপত্তি নকৰিব ৷  আশা কৰিছোঁ সোনকালেই মোৰ সেই ছবিৰ দৃশ্যগ্ৰহন আৰম্ভ হ’ব ৷

ওপৰৰ ছবিত অতুলৰ সতে আমি ৷  আহিবৰ সময়ত দিয়া উপহাৰ ৷  নম্ৰতা আৰু কেমেৰামেন ৰাতুল বৰ্মণ ৷  আমাৰ ফটোখন তুলিছে অড্ৰি হাতীবৰুৱাই ৷ 

Wednesday, May 28, 2025

চিনেমাৰ কিতাপ

চিনেমাৰ কিতাপ হাতত পৰিলে অইন কাম পাহৰা যায় ৷ অম্বৰীশ ৰাষ্ট্ৰীয় বঁটা বিজয়ী, মই তেতিয়া তেওঁৰ এটা সাক্ষাৎ লৈছিলোঁ৷ তেওঁ গুৱাহাটীৰ কলেজত পঢ়া ৷ তেওঁৰ কিতাপখন মেলোতেই এটা প্ৰবন্ধ চকুত পৰিল- যোগীন্দৰৰ বিষয়ে ৷ যোগীন্দৰৰ বিষয়ে পঢ়িছিলোঁ কেৱল নৱাজুদ্দিন ছিদ্দিকিৰ বায়োগ্ৰাফিত ৷ মই চোৱা তেওঁৰ এখমাত্ৰ ছবি ‘ৰংগাখুচ’ ৷ কাহানিবাই চাইছিলোঁ, মনত ৰৈ গ’ল ৷ 

ন্দীপ ৰায় অসাধাৰণ চিত্ৰশিল্পী ৷ তেওঁ অঁকা ‘জয়বাবা ফেলুনাথ’ ছবিৰ ই পি গ্ৰামোফোন ৰেকৰ্ডখন অতি সুন্দৰ ৷ ফেলুনাথৰ ‘উ’কাৰটোক পিষ্টলৰ ৰূপ দিছিল ৷ জাৰ্ণাল এম্পৰিয়ামৰ সুৰেন্দ্ৰ নাথ বৈশ্য ডাঙৰীয়াৰ কথামতে সত্যজিত ৰায়ৰ জীৱনী এখন লেখিবলৈ আৰম্ভ কৰিছিলোঁ ৷ দুটামান খণ্ড বিস্ময়ৰ পাতত ছপা হৈছিল ৷ মোৰ ইচ্ছা আছিল বেটুপাত সন্দীপ ৰায়ে আঁকিব ৷  সুৰেনদাই কথাও পাতিছিল ৷ তেখেতে কৈছিল- দেউতাকৰ বিষয়ে লেখা কিতাপ কাৰণে আঁকিবলৈ ইচ্ছা কৰা নাই ৷ মোৰো কিতাপখন সম্পূৰ্ণ কৰা নহ’ল ৷ সন্দীপ ৰায়ৰ ছবিয়ে কাহানিও আকৰ্ষণ কৰা নাই, কিন্তু তেওঁৰ লেখাবোৰৰ মাজেৰে চিনেমাৰ বহু কথাই জানিব পাৰি ৷ সেই কথাবোৰ মোৰ ভাল লাগে ৷  


Thursday, May 22, 2025

শশাংক সমীৰলৈ মৰম আৰু অভিনন্দন

 
শশাংক সমীৰে লেখা আৰু পৰিচালনা কৰা ‘ভাইমনদা’ চাই ভাল পালোঁ ৷ এখন সম্পূৰ্ণ মৌলিক চিনেমা ৷ ভাইমনদা আমাৰ মাজৰ পৰা আঁতৰি যোৱা কেইদিনমানহে হৈছে ৷ এনে সময়তে এজন তৰুণ পৰিচালক আৰু প্ৰযোজকে তেনে এজন মানুহৰ প্ৰতি প্ৰদৰ্শন কৰা এই সম্মানৰ কথা অসমৰ চিনেমাপ্ৰেমী মানুহে সদায়েই মনত ৰাখিব ৷ অসমীয়া চিনেমাই ব্যবসায় কৰিবই লাগিব, তাত কোনো সন্দেহ নাই ৷ মুনিন বৰুৱাই এই কথাটো সদায়েই মনত ৰাখিছিল, বিশ্বাস কৰিছিল আৰু ব্যবসায়ৰ নামত কোনো ধৰণৰ তৰল সামগ্ৰী মেলি দিয়া নাছিল ৷ ৰুচিবোধৰ এটি স্তৰ তেওঁ সদায়েই মনত ৰাখিছিল ৷ আবেগৰ প্ৰদৰ্শনৰ সময়তো তেওঁ আছিল সথেষ্ঠ সংযমী ৷ ভাইমনদা ছবিখনত সেই আদৰ্শ সম্পূৰ্ণৰূপে প্ৰতিফলিত হৈছে ৷ কাহিনীৰ গতিৰ লগত খাপখোৱা ‘এৰা এৰি’ গীতটিৰ চিত্ৰায়ণ ভাল লাগিছে ৷ ভাইমন আৰু মঞ্জুলাৰ প্ৰথম পৰিকল্পিত মুখামুখিৰ দৃশ্যৰ সময়ত ভাইমনৰ প্ৰবেশৰ মুহূৰ্তটিয়ে ‘প্যাসা’ৰ এটি শ্বটলৈ মনত পেলাই দিয়ে ৷ এনে একোখন মৌলিক ছবিয়ে অসমীয়া ছবিৰ ইতিহাস সম্বৃদ্ধ কৰিব ৷

শশাংক সমীৰলৈ মৰম আৰু অভিনন্দন ৷ 

https://www.youtube.com/watch?v=U9dOi7wNVA8

Wednesday, March 26, 2025

বিতৰ্কত এটি গীত

নীৰজ পাণ্ডেৰ ৱেব চিৰিজ ‘খাকী-দা বেংগল চেপ্টাৰ’ত ব্যবহাৰ কৰা বাংলা গান ‘মইনা চলাৎ চলাৎ’টিৰ সুৰ ৰমেন বৰুৱা সুৰাৰোপিত ‘মইনা কোন বিধাতা’গীতৰ সুৰৰ লগত মিলি যায়৷ মই এই কথাটো উত্থাপন কৰোতে ই গৈ সংবাদ মাধ্যম পালে৷ ইংৰাজীত প্ৰকাশ হোৱা কথাখিনি ভাৰতৰ বিভিন্ন ঠাইৰ বহু লোকে পঢ়িলে আৰু বহুতে মোক অভিনন্দিতও কৰিলে ৷ 

কিন্তু অসমৰে কেইবাজনে মোক কৈছে যে ‘খাকী’ত লোৱা গীতটি আচলতে এটা বাংলা লোকগীত ৷ তেওঁলোকে স্পষ্টকৈ কোৱা নাই যদিও ইংগিত দিছে যে বাংলা লোকগীতৰ পৰাই ৰমেন বৰুৱাই সুৰটি লৈছিল৷ এজনে কৈছে গীতটি বাংলাদেশৰ লোকগীত ৷


এতিয়া মই অলপ কথা কওঁ ৷ লোকগীত এটিয়ে একোটা বিশেষ অঞ্চলৰ মানুহৰ মুখৰ মাতটিৰ প্ৰতিনিধিত্ব কৰে৷ বাংলাদেশৰ মানুহৰ মাত আৰু পশ্চিমবংগৰ মানুহৰ মাত একে নহয় ৷ গতিকে একেটাই গীত দুই ঠাইৰ লোকগীত হ’ব নোৱাৰে৷ তাতকৈ ডাঙৰ কথা হ’ল ইউটিউবত থকা ‘মইনা চলাৎ চলাৎ’ শীৰ্ষক ভিডিঅ’ত গীতটিৰ কথা আৰু সুৰ সনত বসুৰ বুলি উল্লেখ আছে ৷ এইটো স্পষ্ট যে গীতটি লোকগীত নহয়৷ কলকাতাত থকা মোৰ সংগীতজ্ঞ বন্ধুসকলেও এনেকুৱা লোকগীত এটিৰ অস্তিত্বৰ কথা নাজানে৷ এটা কথাত নিশ্চিত হ’ব পাৰি যে বাংলা গীতটি লোকগীত নহয়, আৰু সেইটো ৰমেন বৰুৱাৰে সুৰ ৷ 



Sunday, March 2, 2025

এটা সন্ধিয়াত মনজোৎস্না

সন্ধ্যাৰ বিষণ্ণ আন্ধাৰে তেতিয়া আকাশখন ঢাকি ধৰিবলৈ আৰম্ভ কৰিছিল৷ তেনে সময়তে মঞ্চত থিয় হোৱা আবৃত্তিকাৰৰ কণ্ঠৰ পৰা ভাহি আহিছিল কবিতাৰ পংক্তি৷ পোহৰ আৰু শব্দৰ এক সঠিক সমন্বয়, পৰিবেশ্য কলাৰ দৃষ্টিকোণৰ পৰা৷ ৰাউল কৌশিক নাথ ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানৰ পৰিকল্পক আছিল সংগীতপ্ৰেমী কবি বিপুলজ্যোতি শইকীয়া৷ বহু পৰিচিত কবিতাকেইটিমান শুনাৰ পাছত অপেক্ষা কৰিছিলোঁ নতুন কিবাৰ বাবে৷ আহিছিল মনজ্যোৎস্না৷ মনজ্যোৎস্না মহন্ত৷ মনজ্যোৎস্না মহন্ত গোস্বামী৷ মনজ্যোৎস্নাই গাইছিল- মই চাকিৰ তলৰ ছাঁ৷ ১৯৮৪ বা ১৯৮৫ চনৰ কথা৷ গৌৰী সদনত এখন কিতাপৰ উম্মোচনী সভা৷ প্ৰকাশক জাৰ্ণাল এম্পৰিয়াম, মোৰ চিনাকি, সেই সূত্ৰেই মই সেই সভাত৷ সভাখনৰ অইন একো কথাই মনত নাই৷ এটা কথাই মনত আছে-  সভাত মনজ্যোৎস্নাই কোনো ধৰণৰ যন্ত্ৰসংগীত নোহোৱাকৈ গীত এটি গাইছিল- মই চাকিৰ তলৰ ছাঁ৷ কি এক সম্মোহনী শক্তি আছিল সেই গীতত-

মনজ্যোৎস্নাক জানিছিলোঁ, ওখ-পাখ সুদৰ্শনা মনজ্যোৎস্নাই সন্দিকৈ কলেজৰ পৰা পানবজাৰৰ ফালে যায়, কস্মো হোষ্টেলৰ ওচৰত থকা চাহদোকানখনৰ বাৰান্দাৰ পৰা দেখা পাও৷ কেশব মহন্তৰ ঘৰলৈ মই কাম কৰি থকা আলোচনীৰ কামত অহা যোৱা আছে কিন্ত মনজ্যোৎস্নাক কেতিয়াও লগ পোৱা নাছিলোঁ৷ গান শুনাৰ পাচদিনা গৈ মই তেওঁৰ ঘৰ ওলাইছিলোঁ৷ চিনাকি হৈছিলোঁ আৰু গীতটিৰ কথা কৈছিলোঁ৷ গীতটি শুনি থাকোতেই তাত গায়নৰ নহয়, বেহালা বাদনৰ কৌশল অনুৰণিত হৈ থকা অনুভব হৈছিল৷ কথাটো তেওঁক কলোঁ৷ তেওঁ কৈছিল- গীতটিৰ সুৰকাৰ অমিয়ধৰ বৰুৱা, বেহেলাবাদক৷ সেয়াই বন্ধুত্বৰ আৰম্ভণি৷ আজি অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে তেওঁক লগ পাই কৈছিলোঁ- চাকিৰ তলৰ ছাঁ গাবা দেই- তেওঁ একো উত্তৰ দিয়া নাছিল, কিন্তু গাইছিল৷ 

অনুষ্ঠান উপভোগ কৰি আছিলোঁ, ওচৰত আছিল মৃণাল তালুকদাৰ, দীপ চৌধুৰী আৰু উৎপল বৰপূজাৰী৷ মৃণালে সুধিছিল - মনজ্যোৎস্না আপোনাৰ লগৰ নেকি? নহয়, অলপ সৰু, তাৰ পাচত আমাৰ বন্ধুত্বৰ এই কাহিনীটোক কৈছিলোঁ৷ মনজ্যোৎস্নাই গীতৰ প্ৰতিটো শব্দৰ অৰ্থ, ব্যঞ্জনা, শক্তি আৰু ওজন অনুভব কৰি গান গায়, গায় হৃদয়ৰ পৰা৷ সেয়ে মনজোৎস্না ব্যতিক্ৰম৷  মনজ্যোৎস্নাৰ লাইভ পাৰফৰমেন্সৰ দৰ্শক হ’ব পৰাটো এটা অভিজ্ঞতা৷ এই অভিজ্ঞতা উপহাৰ দিয়া বাবে আয়োজকলৈ কৃতজ্ঞতা ৷ 


Saturday, March 1, 2025

অসমীয়া চিনেমাৰ এক অন্বেষণ: উৎপল দত্তৰ শেহতীয়া গ্ৰন্থ


শিৱম পানচেশ্বৰৰ আলোচনা
| ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰখ্যাত চলচ্ছিত্ৰ সমালোচক উৎপল দত্তই তেওঁৰ শেহতীয়া গ্ৰন্থ ‘অসমীয়া চিনেমাৰ এটি অধ্যায়’ত পুনৰবাৰ অসমীয়া চিনেমাৰ জগতখনৰ ইতিহাসক চৰ্চৰ মাজলৈ লৈ আনিছে৷ মুক্তিৰ লগে লগে বহুল প্ৰশংসাধন্য এই গ্ৰন্থখনে অসমীয়া চিনেমাৰ বাবে গুৰুত্বপূৰ্ণ ১৯৭২ বৰ্ষটোক কেন্দ্ৰ কৰি অসমীয়া চিনেমাৰ এক পৰিৱৰ্তনশীল সময়ছোৱাৰ সন্ধান কৰিছে ৷ দত্তই ১৯৭২ চনটিক অসমীয়া চলচ্ছিত্ৰ নিৰ্মাণৰ পৰিবৰ্তনৰ অন্যতম মুহূৰ্ত হিচাপে চিনাক্ত কৰিছে ৷ 

ব্ৰজেন বৰুৱাৰ  ডক্তৰ বেজবৰুৱা আছিল সম্পূৰ্ণৰূপে স্থানীয় ভাবে দৃশ্যগ্ৰহন কৰা প্ৰথমখন অসমীয়া ছবি আৰু ই বহুলভাৱে স্বীকৃতি লাভ কৰিছিল৷ অভূতপূৰ্ব সফলতা লাভ কৰা ডক্তৰ বেজবৰুৱাই নতুন প্ৰজন্মৰ চলচ্ছিত্ৰ নিৰ্মাতাক অনুপ্ৰাণিত কৰিছিল আৰু ১৯৭২ চনলৈকে এই উৎসাহ ৰূপান্তৰিত হৈ উঠিছিল এক শক্তিশালী চিনেমা আন্দোলনলৈ৷ চাৰি বছৰীয়া নিখুঁত গৱেষণা আৰু আবেগিক নিষ্ঠাৰে গ্ৰন্থখনৰ ভেটি নিৰ্মাণ কৰা হৈছে৷ চলচ্ছিত্ৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ লগত জড়িত ব্যক্তিসকলৰ প্ৰত্যক্ষ বৰ্ণনা, সমসাময়িক বাতৰি কাকতৰ প্ৰতিবেদন, সেই সময়ত প্ৰকাশিত সমালোচনা, আৰু চিনেমা শিল্প আৰু অসমীয়া চিনেমাৰ ঐতিহাসিক বিৱৰ্তনৰ নিজস্ব ব্যাখ্যাকে ধৰি বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত ভেটি কৰি দত্তই নিজৰ ৰচনা সম্পূৰ্ণ কৰি তুলিছে৷ এই বহুস্তৰীয় পন্থাই গ্ৰন্থখনক সমৃদ্ধ কৰি তোলে, নিশ্চিত কৰে যে ই অসমীয়া চিনেমাৰ কলাত্মক যাত্ৰাৰ এক ঐতিহাসিক নথি আৰু অন্তৰ্দৃষ্টিসম্পন্ন ৰচনা- এই দুয়োটা ৰূপতে কাম কৰে ৷ 

‘অসমীয়া চিনেমাৰ এটি অধ্যায়’ হৈছে “বস্তু ইতিহাস”ৰ অনুপ্ৰেৰণাৰে ৰচিত এক অভিনৱ আৰু  স্পষ্ট উপাদান আৰু প্ৰামাণিক উৎসৰ জৰিয়তে শিল্পৰূপৰ বিৱৰ্তনৰ বৰ্ণনা কৰা এক অগ্ৰণী ৰচনা ৷ বিৱৰণৰ ক্ৰছ-ৰেফাৰেন্সিং আৰু বৈচিত্ৰ্যপূৰ্ণ দৃষ্টিভংগীয়ে গ্ৰন্থখনক নিৰ্ভৰযোগ্য তথ্য আৰু সাংস্কৃতিক অন্তৰ্দৃষ্টিৰ ভঁৰাল কৰি তুলিছে ৷ গ্ৰন্থখন প্ৰকাশ কৰিছে প্ৰখ্যাত প্ৰকাশক অনন্ত হাজৰিকাই আৰু ড° সঞ্জীব বৰাই ইয়াৰ ডিজাইনত অৰিহণা যোগাইছিল ৷ এই কিতাপখন এটা টাইম কেপচুল হিচাপে থিয় দি  অসমীয়া চিনেমাৰ এক পৰিৱৰ্তনশীল যুগৰ সাৰমৰ্মক ধৰি ৰাখিছে ৷ 

কেৱল এক ঐতিহাসিক বিৱৰণীৰ লগতে এই কিতাপখন অসমীয়া চলচ্ছিত্ৰ নিৰ্মাতাসকলৰ সৃষ্টিশীলতাৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি ৷ অসমীয়া চিনেমাৰ সাংস্কৃতিক আৰু কলাত্মক গতিপথৰ সংজ্ঞা নিৰূপণ কৰা সময়ৰ কাহিনী সংৰক্ষণ কৰাৰ লগতে ই ভৱিষ্যত প্ৰজন্মকো অনুপ্ৰাণিত কৰিব৷ চিনেমাপ্ৰেমী আৰু ইতিহাসবিদৰ বাবে একেদৰেই গ্ৰন্থখন অসমীয়া চলচ্ছিত্ৰ নিৰ্মাণৰ অতীত আৰু ভৱিষ্যতৰ মাজত সেতুবন্ধন কৰা এক অপৰিহাৰ্য সম্পদ ৷ [অনূদিত]

Wednesday, February 26, 2025

যন্ত্ৰণাৰ এখন ছবিৰ পুনৰ দৰ্শন


ভাৰতীয় ছবিত যৌনতাৰ প্ৰদৰ্শন কোনো নতুন কথা নহয় ৷ ব্যৱসায়ৰ কথা আগত ৰাখি নিৰ্মাণ কৰা বহু হিন্দী ছবিত যৌনতাক, বিশেষকৈ নাৰীকেন্দ্ৰিক যৌনতাক ব্যৱহাৰ কৰা কথাটো ‘ফৰ্মূলা’ ৰূপে স্বীকৃত৷ বিগত কেইটামান বছৰত নিৰ্মিত কিছু ছবিত, বিশেষকৈ আঞ্চলিক ভাষাৰ ছবিতো দেখা গৈছে যে চিত্ৰনাট্যৰ প্ৰয়োজন বুলি ক’ব পৰাকৈ নাৰীদেহৰ উত্তেজক ছবি- দৃশ্য সংযোজন কৰা হৈছে ৷ এই ধৰণৰ দৃশ্যৰ সংযোজনে ছবিৰ মূল সহায় বক্তব্যক নকৰিলেও ছবিখনৰ দেহলৈ আৰু দৰ্শকৰ মনলৈ কিছু উত্তেজনা সৰবৰাহ কৰে৷ হয়তো কিছু বিতৰ্কৰো জন্ম দিয়ে৷ এই পটভূমিত বিচাৰ কৰিলে প্ৰদীপ নায়াৰৰ ছবি ‘ওৰিডাম’ক বিশেষ প্ৰশংসাৰ দৃষ্টিৰে চাবলৈ মন যায় ৷

প্ৰদীপ নায়াৰৰ এই মালায়ালম ছবিখনৰ কেন্দ্ৰীয় বিষয় যৌনকৰ্মীৰ জীৱন, দুখ-যন্ত্ৰণা আৰু সপোন৷ এগৰাকী অনাথ যুৱতীয়ে যৌনকৰ্মী ৰূপে জীৱন নিৰ্বাহ কৰিছে, তেওঁৰ সুখ-দুখৰ সমভাগী হ’ল আন এগৰাকী যৌনকৰ্মী, তেওঁৰ এটা সন্তানো আছে— যাক ৰখা হৈছে অনাথ আশ্ৰমত৷ গাভৰু যৌনকৰ্মীজনীয়ে তেওঁৰ সেই জীৱনৰ পৰা ওলাই যাবলৈ বিভিন্ন ঠাইত বেলেগ বেলেগ বিচাৰি থাকে, কিন্তু ক’তো কাম নাপাই যৌনকৰ্মীৰ বাবে কাম কৰা এন জি অ’ এটাৰ ওচৰলৈকে যায়৷ সংগঠনটোৱে তেওঁক টিভিৰ কেমেৰাৰ সন্মুখলৈহে নিয়ে নিজৰ দুখৰ কাহিনী শুনাবলৈ, কিন্তু কাম দিয়াৰ ক্ষেত্ৰত সহায় কৰিবলৈ অপাৰগ হয়৷ শেষত তেওঁ নিজৰ সঞ্চিত আৰু সামান্য অলংকাৰ বিক্ৰী কৰি পোৱা সকলো ধন এজন দালালৰ হাতত তুলি দিয়ে মধ্যপ্ৰাচ্যত কামৰ সুযোগৰ বাবে৷ ইয়াৰ মাজতে তেওঁ  উপভোক্তাৰ হাতত প্ৰহৃত হয়, ঘুণীয়া হয়৷ তেওঁক মধ্যপ্ৰাচ্যলৈ যোৱাৰ সুবিধা দিব খোজা দালালজন পুলিচৰ হাতত ধৰা পৰে৷ তেওঁৰ সম্ভাৱনাৰ সকলো দুৱাৰ বন্ধ হৈ যায়৷ যিটো জীৱিকাৰ পৰা তেওঁ আঁতৰি যাব বিচাৰিছিল, পুনৰ তাতেই মনোনিৱেশ কৰিবলৈ বাধ্য হয়৷ তেনেতে তেওঁৰ লগৰীয়াজনীৰ মৃতদেহ উদ্ধাৰ হয় ৰাস্তাৰ দাঁতিত৷ শেষত অনাথ আশ্ৰমত থকা ছোৱালীজনীক ছোৱালীজনীক লগত লৈ তেওঁ নতুন জীৱনৰ সন্ধানত আগবাঢ়ে ৷

কম পৰিসৰৰ এই কাহিনীটোক কেমেৰাৰে কওঁতে চিত্ৰনাট্যকাৰ- কওঁতে চিত্ৰনাট্যকাৰ-পৰিচালকে প্ৰদৰ্শন কৰা নিয়ন্ত্ৰণ প্ৰশংসাৰ যোগ্য ৷ তেওঁ ক’তো অশালীন সংলাপ বা উত্তেজক দৃশ্য দেখুওৱা নাই যৌনকৰ্মীৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এই ছবিখনত তেওঁ নাৰীদেহ অথবা মিলনৰ দৃশ্য প্ৰদৰ্শন কৰাৰ বহুত সুযোগ আছিল৷ তেওঁ এই  সুযোগ ল’বলৈ ইচ্ছা কৰা নাই৷   যুৱতীকেইগৰাকীৰ দুখ-যন্ত্ৰণাৰ কাহিনী অনুভৱ আৰু প্ৰকাশতেই তেওঁৰ সমগ্ৰ দৃষ্টি কেন্দ্ৰীভূত৷

ছবিখনত সংলাপৰ পৰিমাণ তেনেই কম৷ পৰিচালকৰ ক’বলগীয়াখিনি কেমেৰাৰে কোৱাতেই তেওঁৰ যত্ন আৰু দক্ষতা প্ৰকাশ পাইছে৷  মহানগৰীৰ ভিৰৰ মাজত নায়িকাগৰাকী প্ৰায়েই  অকলশৰীয়া৷ এই ভাবটো কেমেৰাই সুন্দৰকৈ বাবে কেমেৰা মাটিৰ পৰা প্ৰকাশ কৰিছে৷ কেতিয়াবা তেওঁৰ চৌপাশ হৈ পানীলৈ নামিছে এই পৰে অস্পষ্ট— আউট অৱ ফ’কাচ— আশাৰ বৈপৰীত্যয়ো ছবিৰ বক্তব্যক সম্ভাৱনাৰ সময়ত স্পষ্ট ফ’কাচ৷ ৰাতিৰ আলোকসজ্জিত  বজাৰ অঞ্চলৰ বৃহৎ বৃহৎ হ’ৰ্ডিং, দোকান-পোহাৰ আদিৰ সন্মুখত কৰুণ মুখেৰে উপভোক্তাৰ বাবে কৰা অপেক্ষা, বিজ্ঞাপনৰ মনলোভা ছবিবোৰ দেখাৰ পিছত মনত সৃষ্টি হোৱা আশা আৰু যন্ত্ৰণা, প্ৰায় অন্ধকাৰ পৰিৱেশত উপভোক্তাৰ লগত কটোৱা সময় - এনে আটাইবোৰ দৃশ্যই সৃষ্টি কৰা বৈপৰীত্য আৰু কাৰুণ্যই ছবিখনক বাংময় কৰি তুলিছে৷ ছবিৰ শেষত নায়িকাই নতুন জীৱনৰ পিনে যাত্ৰা কৰিছে- জাহাজেৰে- প্ৰথম বাৰৰ বাবে কেমেৰা মাটিৰ পৰা পানীলৈ নামিছে, - এই বৈপৰীত্যয়ো ছবিখনৰ বক্তব্যত দৃশ্যৰূ¸পত প্ৰকাশ কৰিছে৷ 

ছবিৰ কাহিনীৰ দৰেই কেমেৰাৰ গতি ধীৰ, শীতল, কিন্তু প্ৰতিটো শ্বটেই আৱেগপূৰ্ণ৷ চিনেমেট’গ্ৰাফাৰ মনোজ মুণ্ডায়েটৰ  দৃশ্য ৰচনাত ছাঁ-পোহৰ আৰু ৰঙৰ কৌশলী প্ৰয়োগে দৃশ্যবোৰক আটিল, সৌন্দৰ্যময় আৰু বেদনাগধুৰ কৰি ৰাখিছে৷ এক কথাত ছবিখনৰ বক্তব্যৰ ফিল’ছ’ফিক কেমেৰাই সুন্দৰকৈ প্ৰকাশ কৰিছে৷ সম্পাদক ৰঞ্জন আব্ৰাহামে সৰল কাহিনীটোৰ নেপথ্যৰ জটিলতাৰ ছন্দ দক্ষতাৰে ধৰি ৰাখিছে৷ বিশেষকৈ আবেগিক দৃশ্যসমূহত শ্বটৰ দৈঘ্যৰ্ক কাৰ্যক্ষম কৰি তোলাত তেওঁৰ কুশলী হাতৰ পৰিচয় প্ৰকাশ পাইছে৷ লগত সংযোজন হৈছে টমাছ আইজাক কুটচাপল্লীৰ আৱহ সংগীত৷

মূল চৰিত্ৰত অভিনয় কৰা গীতু মোহন দাসৰ অভিনয় ছবিখনৰ অন্যতম সম্পদ৷ চৰিত্ৰটোৰ দুখ-বেদনা, আশা-হতাশা সকলোকে তেওঁ দৈহিক অভিব্যক্তিৰে সংবেদনশীলভাৱে প্ৰকাশ কৰিছে৷ উপভোক্তাৰ অপেক্ষাত থকা সময়ত তেওঁৰ বাহ্যিক আমন্ত্ৰণমূলক ভংগিমা আৰু ভিতৰৰ বেদনাৰ সংঘাত— এই দুই পৰস্পৰবিৰোধী ৰূপ তেওঁৰ অভিনয়ত সুন্দৰকৈ প্ৰকাশ পাইছে৷ আন চৰিত্ৰবোৰৰ অভিনয়ো সকলো সময়তে বক্তব্যৰ সমৰ্থনকাৰী ৷ 

এগৰাকী নাৰীৰ যন্ত্ৰণাৰ কাহিনী ৰূপে ছবিখন সফল ছবি৷ কিন্তু আৰু কিছু বহল প্ৰেক্ষাপটত কাহিনীটো উপস্থাপন কৰিলে, আৰু চৰিত্ৰটোৰ চৌপাশ আৰু কিছু বিতংকৈ উপস্থাপন কৰিলে ছবিখনৰ ওজন অধিক বৃদ্ধি পালেহেঁতেন ৷

ছবিখনৰ বাবে পৰিচালক প্ৰদীপ নায়াৰে ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ [জুৰিৰ বিশেষ] বঁটা লাভ কৰিছিল৷ কেৰেলা ৰাজ্যিক ফিল্ম পুৰষ্কাৰত পৰিচালকৰ বিশেষ বঁটা, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ সংগীত, শ্ৰেষ্ঠ সাজ-পোচাক আৰু শ্ৰেষ্ঠ প্ৰচেচিঙৰ পুৰষ্কাৰ লাভ কৰিছিল ৷ 

ছবিখনৰ মূল শক্তি নিহিত হৈ আছে বক্তব্য প্ৰকাশত পৰিচালকে প্ৰদৰ্শন কৰা মহাকাব্যিক নিলিপ্ততাত৷ মূলতঃ এইটো কাৰণতেই কুৰি বছৰ পাচতো ছবিখনে তাৰ আবেদনময়ী শক্তি হেৰুওৱা নাই ৷