Friday, October 20, 2023

শতবৰ্ষত আনন্দৰ দেৱতা

আনন্দৰ দেৱতা দেবানন্দ ৷ সম্পূৰ্ণ নাম ধৰম দেব পিছোৰীমল আনন্দ ৷ এটা নগৰীয়া চেহেৰা প্ৰকাশ কৰা চৌখিন সাজপোচাক, হেয়াৰ ষ্টাইল, পৰিচ্ছন্ন মুখমণ্ডল আদিৰে নিজস্ব স্বাক্ষৰ নিৰ্মাণ কৰা দেবানন্দে তেওঁৰ সমসাময়িক চলচ্চিত্ৰ ব্যক্তিত্বসকলৰ পৰা নিজকে পৃথক ভাবে জিলিকাই ৰাখিছিল ৷ নিজৰ এই চৌখিন ৰূপটোৰ প্ৰতি তেওঁ ইমানেই সচেতন আছিল যে তেওঁ নিজে প্ৰযোজনা কৰা, মুখ্য ভূমিকাত অভিনয় কৰা ছবি ‘গাইড’ত দাঢ়ি নুখুৰোৱা মুখ আৰু মলিয়ন কাপোৰেৰে কেমেৰাৰ সন্মুখত অভিনয় কৰিবলৈ অমান্তি হৈছিল ৷ পৰিচালক বিজয় আনন্দে তেওঁৰ চৰিত্ৰটিৰ কথা বুজাইছিল আৰু তেওঁ সেই বুজনিৰ উত্তৰ দিছিল যে তেওঁক দৰ্শকে অইন ৰূপত গ্ৰহন নকৰিব ৷ শেষত পৰিচালকৰ কথাই ৰৈছিল আৰু দৰ্শকে দেবানন্দক প্ৰথমবাৰৰ বাবে আগতে নেদেখা ৰূপত প্ৰত্যক্ষ কৰিছিল ৷ ছবিখন আছিল দেবানন্দৰ অভিনয় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ছবি৷ তেওঁৰ মতে ‘গাইদ’ আছিল ‘আত্মাক সন্তুষ্ট কৰা বিনোদন’৷

অকল অভিনেতাই নহয়, প্ৰযোজক আৰু পৰিচালক হিচাপেও ৰূপালী পৰ্দাৰ ব্যবসায়ৰ মাজত থাকিও তেওঁ হিট বা ফ্লপৰ হিচাপ কৰাৰ পৰিবৰ্তে কেৱল ছবি নিৰ্মাণ কৰি যোৱাৰ বাসনাৰেই আগবাঢ়ি গৈছিল ৷ দেবানন্দৰ জীৱনটোলৈ চালে দেখা যায় হিট বা ফ্লপ ছবিৰ কাহিনীয়ে  তেওঁৰ জীৱনক একো বিশেষ ধৰণে প্ৰভাবিত কৰা নাই ৷ তেওঁৰ জীৱনক প্ৰভাবিত কৰিছে চিনেমাৰ প্ৰতি থকা তেওঁৰ পেছন, চিনেমাৰ প্ৰতি তেওঁ জীৱনটো কেনেদৰে সমৰ্পণ কৰিছে সেই কাহিনীয়ে ৷ আৰু তেওঁৰ জীৱনটোক প্ৰভাবিত কৰিছে জীৱনত তেওঁ লগ পাই অহা বিভিন্ন মানুহে যিবোৰে তেওঁৰ মনত কিবাকৈ হলেও দাগ কাটি গৈছে ৷ 

জীৱনটো তেওঁ উপভোগ কৰিছে, উপভোগ কৰিছে নিজৰ ধৰণে, আৰু এই উপভোগক তেওঁ নাম দিছে ‘ৰোমান্স’৷ সেইবাবেই তেওঁৰ আত্মজীৱনীৰ নাম ‘ৰোমান্সিং উইথ লাইফ’৷ 

দেবানন্দৰ চলচ্চিত্ৰ জীৱনলৈ চালে দেখা যায় তেওঁ সকলো সময়তে সকলোৰে মনযোগৰ কেন্দ্ৰবিন্দু হৈ থাকিব বিচাৰে ৷ নিজে প্ৰযোজনা কৰা চিনেমাৰ কথাটো বাদেই, আনে প্ৰযোজনা কৰা চিনেমাতো তেওঁ সেই সুবিধাটো গ্ৰহণ কৰিছিল ৷ অভিনেতা জীৱনৰ আৰম্ভণিতে, যেতিয়া চিনেমা এখনত চৰিত্ৰ এটাত অভিনয় কৰা সুবিধা পোৱাটোৱেই কঠিন কাম আছিল সেই পৰিবেশতো তেওঁ নিজৰ গুৰুত্বক মুহূৰ্তৰ বাবে হলেও আনৰ চকুত কমিব দিয়া নাছিল ৷ ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰাৰ প্ৰায় লগে লগেই তেওঁ সেই সময়ৰ আটাইতকৈ নামী নায়িকাৰ বিপৰীতে যে অভিনয় কৰাৰ সুযোগ পাইিছল তাৰ কাৰণ আছিল তেওঁৰ আত্মপ্ৰেম আৰু আত্মবিশ্বাস আৰু তাক প্ৰকাশ কৰাৰ কৌশল ৷ 

অবিভক্ত ভাৰতৰ গুৰুদাসপুৰৰ পৰা আহি তেওঁ সপোন নগৰী মুম্বাই [তেতিয়াৰ] বোম্বে পাইিছল, লগত আছিল মাত্ৰ কেইিটমান টকা আৰু ৰূপালী আকাশত তৰা হৈ জিলিকি উঠাৰ মানসিক দৃঢ়তা ৷ জেপত পইচা নথকাত তেওঁ বিক্ৰি কৰি দিছিল তেওঁৰ ডাক টিকটৰ সংগ্ৰহ ৷ সেই বিক্ৰিৰ সময়তো তেওঁ কিন্তু সাহস বা নিজৰ দৃঢ়তাৰ খোপনি শিথিল হ’বলৈ দিয়া নাছিল ৷ জীৱিকাৰ বাবে তেওঁ মিলিটাৰি বিভাগৰ চিঠি চেঞ্চৰ কৰা কেৰাণীৰ কামত যোগ দিছিল ৷ কিন্তু তেওঁ সহকমীৰ্সকলৰ সন্মুখত তেওঁ বাৰে বাৰে ঘোষণা কৰিছিল যে তেওঁ এদিন তাৰকা হ’বই ৷ এফালে তাৰকা হোৱা সপোন, আনপিনে বৃটিচ চৰকাৰৰ চাকৰি, তাৰ মাজতো তেওঁ কিন্তু সমাজ আৰু সময়ৰ কথা পাহৰি যোৱা নাছিল ৷ 

দেবানন্দৰ প্ৰথম উল্লেখযোগ্য ছবি আছিল ‘হম এক হ্যেঁ’৷ হিন্দু মুছলিম সম্প্ৰীতিৰ বাণী বহন কৰা এই ছবিখনৰ মুক্তিৰ সময়তে ভাৰত দুভাগ হৈছিল ৷ ভাৰত বিভাজনৰ বেদনাই দেবানন্দক জোকাৰি গৈছিল ৷ ভাৰত বিভাজনে তেওঁক আন এখন ৰাষ্ট্ৰলৈ ঠেলি দিছিল, কিন্তু জীৱন আৰু জীৱিকাৰ বাবে তেওঁ ৰৈ গৈছিল আন এখন ৰাষ্ট্ৰত যিখন তেওঁৰ জন্মভূমি নাছিল ৷ জন্মভূমিৰ ছবি তেওঁঁৰ হৃদয়ৰ পৰা মচি দিব পৰা নাছিল ঠিকেই, কিন্তু তেওঁ কৰ্মভূমিকেই নিজৰ মাতৃভূমিৰদৰে জ্ঞান কৰিছিল ৷ তেওঁ লেখিছিল ‘জিন্নাই পাকিস্তান নামৰ এখন সুকীয়া মুছলিম দেশৰ দাবী তুলিছিল, বহুতে সেই দাবীক অবাস্তব কৌতুক হিচাপে গ্ৰহণ কৰিছিল ৷ ভাৰতৰ দৰে এখন বহু ধৰ্মৰ বহু ভাষাৰ দেশত কেনেকৈ হঠাতে কেৱল সম্প্ৰদায়ৰ ভেটিত চিনাকি  কৰি এখন ঘৰৰ পৰা কেনেকৈ কেইজনমানক উলিয়াই নি শত্ৰু চুবুৰীয়া হিচাপে চাব পাৰি ? জিন্না সফল হৈছিল ৷ আৰু আমাৰ ভাৰতীয় নেতাসকলে লৰালৰিকৈ স্বাধীনতা লাভৰ সপোনত এটা অধিক সন্তোষজনক পথৰ বাবে কেইদিনমান অপেক্ষা কৰাৰ পৰিবৰ্তে বিভাজন পথটোকে মানি ল’লে ৷ তেওঁলোকৰ মূৰত সোমোৱা নাছিল যে ইংৰাজৰ দিন প্ৰায় শেষ, কাৰণ তেওঁলোকৰ শাসনৰ দিন শেষ হৈ আহিছে, তেওঁলোকে সামান্য প্ৰতিৰোধ প্ৰদৰ্শণ কৰিলেও ‘ভাৰত ত্যাগ’ কৰিবই লাগিব কাৰণ তেওঁলোকৰ উপনিবেশৰ দিন শেষ, কাৰণ দেশৰ শক্তিশালী নৈতিক শক্তিৰ পৰাহত কৰা সামৰ্থ তেওঁলোকৰ শেষ৷ তেওঁলোকৰ নিজৰ দেশতো অস্থিৰতা ৷ দ্বিতীয় বিশ্বযুদ্ধই তেওঁলোকৰ দেশৰ আৰু নৈতিক শক্তিৰ ককাঁল ভাঙি দিছে, তেওঁলোকক বিশ্বশক্তিৰ পৰা সংকুচিত কৰি আনি বিশ্বযুদ্ধৰ পিচত প্ৰথম শক্তিমান হিচাপে চিহ্নিত হোৱা আমেৰিকাৰ দ্বিতীয় তন্ত্ৰীলৈ ৰূপান্তৰিত কৰি দিছে৷ . . . সূৰ্যই আকাশৰ পৰা দেখাপোৱা খিনি চোৱাৰ  দৃষ্টি আৰু ভবিষ্যদৃষ্টি থাকিলে ভাৰতীয় নেতৃত্বই ক্ষয়মান শক্তিৰ লগত বুজাপৰা কৰা প্ৰলোভনৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰিলেহেতেন৷ ’

অকল স্বাধীনতাৰ কথাই নহয়, ভাৰতৰ বিভিন্ন সামাজিক আৰু ৰাজনৈতিক কথাতো তেওঁৰ মত আছিল স্পষ্ট৷ ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা সময়ত তেওঁ চৰকাৰী কথাক সমৰ্থন নকৰি সংবাদ পত্ৰৰ শিৰোণামা দখল কৰিছিল ৷ তেওঁৰ এই সমাজ সচেতন মনটোৰ চিনাকি পোৱা যায় তেওঁ নিজে প্ৰযোজনা আৰু পৰিচালনা কৰা ছবিবোৰৰ বিষয়বস্তুৰ মাজত ৷ যি বিনোদন ছবিয়ে তেওঁক তাৰকাৰ মৰ্যদা দিছিল সেই বিনোদন ছবিৰ কাঠামোৰ ভিতৰত থাকিয়েই তেওঁ তেওঁৰ সমাজসচেতন মনটোৰ পৰিচয় দিছিল ৷ তেওঁৰ বিখ্যাত ছবি ‘হৰে ৰাম হৰে কৃষ্ণ’ৰ বিষয় বস্তু আছিল সেই সময়ৰ হিপ্পি কালচাৰ ৷ ‘দেশ পৰদেশ’ৰ বিষয় আছিল জীৱিকাৰ সন্ধানত বিদেশলৈ যোৱা ভাৰতীয়ৰ যন্ত্ৰণা ৷ ‘আৱাল নাম্বাৰ’ৰ বিষয় আছিল ক্ৰিকেট ৷ 

‘মই অবচেচদ ভাবে নিজকে প্ৰকাশ কিৰ ভাল পাও বুলি যিসকলে মোক সমালোচনা কৰে, সম্ভবতঃ তেওঁলোক সত্য যে মই যি কৰোঁ বা যি কওঁ সকলোতে মই কেন্দ্ৰবিন্দুত থাকিব বিচাৰোঁ ৷’ নিজকে কেন্দ্ৰবিন্দুত ৰাখিয়েই দেবানন্দ এদিন গুচি গৈছিল, কিন্তু ভাৰতীয় ছবিজগতৰ পৰা কেতিয়াও তেওঁৰ উপস্থিতি আঁতৰি নেযাব ৷

প্ৰথম প্ৰকাশ দৈনিক অসম কুৰি অক্টোবৰ ২৩  

https://cutt.ly/mwWtrX0w

No comments:

Post a Comment

Featured Post

আজি ২৭ ফেব্ৰুৱাৰী

আজি ২৭ ফেব্ৰুৱাৰী | আজিৰ পৰা ঠিক এশ এক বছৰ আগতে জন্মগ্ৰহণ কৰিছিল ব্ৰজেন বৰুৱাই | তেওঁৰ শতবৰ্ষ পাৰ হৈ গ'ল শব্দহীনভাৱে | গীত, চলচ্চিত্ৰ, অ...