Saturday, October 28, 2023

'বহাগৰ দূপৰীয়া'ৰ পৰা 'বকুলৰ গোন্ধ'লৈ

এটা সময়ত তেওঁ নতুন ধৰণৰ গীতৰ বাবে বিখ্যাত আছিল, তেতিয়া পৰিচয় আছিল ‘বীৰেন দত্ত’৷ লাহে লাহে বিদ্যায়তনিক দিশৰ অইন কৃতিত্বৰ প্ৰকাশে পূৰ্বৰ সেই পৰিচয়ৰ ওপৰত আৰোপ কৰিলে এটি নতুন মাত্ৰা, নামটোও লাহে লাহে সলনি হৈ গ’ল বীৰেন্দ্ৰ নাথ দত্তলৈ ৷ বীৰেন দত্ত যেন এজন গায়কৰ নাম, বীৰেন্দ্ৰ নাথ দত্ত এটি সন্মানীয় সাংস্কৃতিক-বিদ্যায়তনিক ব্যক্তিত্বৰ নাম ৷ নামটিৰ এই বিবৰ্তন অসমৰ ৰাইজৰ সাংস্কৃতিক শিক্ষা আৰু সংবেদনশীলতাৰ এটি অনন্য দৃষ্টান্ত ৷ 
বীৰেন দত্ত নামটোৰ লগত অবিচ্ছিন্ন ৰূপত সাঙোৰ খাই থকা গীতটি হ’ল ‘বহাগৰ দূপৰীয়া’৷ আকাশবাণী গুৱাহাটীৰ সংগীত বিভাগৰ কোঠাত থকা এটি গানৰ বহীৰ পৰা দুটিমান গীত টুকি নিছিল নিজস্ব গায়নভংগীমাৰে জনপ্ৰিয়তাৰ জখলা বগাবলৈ আৰম্ভ কৰা তৰুণ গায়ক বীৰেন দত্তই ৷ তাৰে এটা গান আছিল ‘বহাগৰ দূপৰীয়া’৷ ‘বহুদিন ৰোমান্টিক গান গোৱাৰ পাচত মই অলপ বেলেগ ধৰণৰ গান বিচাৰি আছিলোঁ৷ কথা, প্ৰকাশভংগী আৰু গানটিৰ নিৰ্মাণ কৌশলত পৰম্পৰাৰ পৰা আঁতৰি অহাৰ প্ৰচেষ্টা- এই গুণবিলাক বিচাৰিছিলোঁ ৷ সেই গান কেইটাত মই বিচৰা বস্তুবোৰ পাইছিলোঁ ৷’ - দত্তচাৰে কয়, বহুবাৰ বহু সাক্ষাৎপ্ৰসংগত এইখিনি কথা কৈছে, কেতিয়াবা শব্দৰ ইফাল সিফাল হৈছে, কিন্তু মূল বক্তব্য একেই আছে ৷ ৰোমান্টিক গানবোৰৰ অধিকাংশৰ ৰচনা আছিল তফজ্জুল আলিৰ ৷ ‘মনোৰমা মোৰ সাধু শেষ, ৰাতিনো কিমান বাকী’ -  বীৰেন দত্তৰ অতি জনপ্ৰিয় ৰোমান্টিক গীত এটি, ৰচনা আছিল তফজ্জুল আলিৰ ৷ বীৰেন দত্তৰ ৰোমান্টিক গীতমালাৰ শেষৰ ফালৰ গীত ৷ 
‘বহাগৰ দূপৰীয়া’ৰ ৰচনা আছিল পৰম্পৰাগত শৈলীৰ পৰা পৃথক ৷ ছন্দৰ নিয়ম গানটোত ৰক্ষা কৰা হোৱা নাছিল ৷ বক্তব্য প্ৰকাশৰ বাবে আছিল বহু জটিল চিত্ৰকল্প আৰু বিক্ষিপ্ত হৈ বিয়পি থকা ইমেইজৰ সহযোগেৰে অংকন কৰা ছবি এখনেই আছিল ‘বহাগৰ দূপৰীয়া’ গীতটি ৷ গীতটিৰ সুৰত এই ছবিখন সম্পূৰ্ণ হৈছিল আৰু কণ্ঠই ছবিখনক দিছিল প্ৰাণ ৷ এয়াই আছিল অসমীয়া সুগম সংগীতৰ এটি যুগৰ আৰম্ভণি ৷ বহুদিন এই যুটীৰ ধাৰাবাহিকতাই অসমীয়া সংস্কৃতিৰ ভড়াল টনকিয়াল কৰি থাকিল ৷ মনোৰমাৰ সাধুকথা শেষ হোৱাৰ দৰেএদিন এই সাধুটোৰো অন্তত পৰিল ৷ নৱকান্ত বৰুৱাই এটি গানৰ পাদটীকাত লেখিছিল - এই গানটিক সুৰেৰে বান্ধিব পৰা এজনেই আছে ৷ সেই গানটিও সুৰ নোহোৱাকৈ ৰৈ গ’ল ৷ 
তাৰ পাচত বহুদিন ব্যাপি খৰাং সৃজনীশীলতাৰ অসহ্য নিৰৱতা ৷ ইতিমধ্যে বীৰেন দত্ত অসমৰ মানুহৰ বাবে হৈ পৰিছে বীৰেন্দ্ৰ নাথ দত্ত ৷ তফজ্জুল আলিৰ লেখা কম হৈ গৈ এটা সময়ত গানৰ কলম স্তব্ধ হৈ পৰিল ৷ 
তেনে এটা সময়তে এদিন দুপৰীয়া চিটি বাছত উঠি তফজ্জুল আলি চাৰ গৈ আছিল ফাঁচী বজাৰলৈ ৷ বাৰোৱাৰীত দুজনী গাভৰু ছোৱালী উঠিল, দুয়োজনীৰ চুলিত বকুল ফুলৰ মালা৷ ঠিক পিছৰ চিটত বহা আলি চাৰক সেই বকুল ফুলৰ গোন্ধে সন্মোহিত কৰিলে, গোন্ধত তেওঁ বিলীন হৈ যাব ধৰোতেই গম পালে এটি গীতে নিজে নিজে জন্ম গ্ৰহন কৰিছে ৷ লতাশীল বাছষ্টপত তেখেত নামিল আৰু বেলেগ এখন বাচ ধৰি ঘৰলৈ উভটি আহিল ৷ লগে লগে বহি লেখি গ’ল- বহুদিন বকুলৰ গোন্ধ পোৱা নাই ৷
‘মোৰ ধাৰণা, সেইটো হয়; তেখেতে তেনে এটা অৱস্থাত গানটো লেখিছে৷ কিন্তু আচলতে তেখেতৰ এইটো চাবকনচাচ মাইণ্ডত থকা বস্তু ৷ বকুলৰ নামেৰে ওলাই আহিছে, কিন্তু সেইটো চাবকনচাচ মাইণ্ডত থকা এটা বস্তু ৷ শৈশৱৰ কথা, কৈশোৰৰ কথা, যৌৱনৰ কথা– এইবোৰ আছে’- এটা সাক্ষাৎপ্ৰসংগত ডঃ দত্তই কৈছিল ৷ এই এটা গীত- স্বতঃস্ফূৰ্তভাবে নিসৃত, ৱৰ্ডছৱৰ্থ-এ কোৱাৰ দৰে স্পনটেনিয়াচ ওভাৰফ্লো অব পাৱাৰফুল ফিলিংছ, ইম’চন ৰিকালেকটেড ইন ট্ৰাংকুৱেলিটি ৷ বহু দিনৰ নিৰব স্থবিৰতাৰ পাচত ওলাই অহা গান, হৃদয়ৰ পৰা পোনপতীয়াভাবে ওলাই অহা, গানটিৰ কতো শব্দৰ অদৰকাৰী কাৰচাজি নাই, অতি স্পষ্ট আৰু পোনপতীয়া বক্তব্য ৷ সুৰটোও তেনেকুৱা ৷ জটিলতাবিহীন, হৃদয়ৰ পৰা স্বতঃস্ফূৰ্তভাবে নিসৃত ৷ অটি জটিল সুৰৰ বাবে বিখ্যাত বীৰেন দত্তৰ অতি সৰল সুৰ ৷ বহুদিন সুৰসৃষ্টিৰ পৰা আঁতৰত থকা বীৰেন দত্তক এই গীতটিয়ে সুৰৰ জগতলৈ ওভোটাই আনিছিল ৷ এই গীতটিৰ পৰাই আৰম্ভ হৈছিল সুৰকাৰ বীৰেন দত্তৰ নতুন ৰূপ- সৰল, জীৱনৰ অভিজ্ঞতাৰ অনুভবেৰে গভীৰ-অতল ৷ 
তফজ্জুল আলিয়ে তাৰ পাচত আৰু এটা গান লেখিছিল- মই আকৌ উভটি আহিছোঁ- গীতিকাৰ হিচাপে উভতি অহাৰ কথা ৷ সুৰো কৰিছিল বীৰেন দত্তই- গীতটো যেন তেখেতৰো সৰল আত্মকথন ৷ ‘আচলতে সেইটো [এই গীতটো] অনুষংগ [বকুল গীতটিৰ] বুলি ক’ব পাৰি ৷ স্মৃতি ৷ বকুলটো স্মৃতি ৷ এই যে ‘আঙুলিৰ ফাঁকেৰে মোৰ’ [আঙুলি কেইটি বিশেষ ভংগীমাত মেলি দিয়ে, যেন ৰামকিংকৰৰ ভাস্কৰ্য] ৷ সেইটোৱেই ৷’

প্ৰথম প্ৰকাশ দৈনিক অসম ২৭.১০.২৩