Sunday, August 28, 2022

বয়কটৰ জালত বলীউড

মূল হিন্দী: অনন্ত বিজয়, অসমীয়া অনুবাদ: উৎপল দত্ত
Published in BartaNE, 28.8.22
চিনেমা বয়কট কৰা প্ৰসংগটোক লৈ শেহতীয়াভাবে বিভিন্ন মহলত বিভিন্ন ধৰণৰ আলোচনা চলি আছে ৷ ছবি বৰ্জনৰ পৰা হোৱা লাভ-লোকচানৰ প্ৰসংগক লৈ বৰ্তমানে ইণ্টাৰনেট মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ অভিনেতা আমিৰ খান প্ৰযোজিত ছবি ‘লাল সিং চাদ্দা’খনে মুক্তি লাভ কৰাৰ আগতেই তেওঁক বৰ্জনৰ আবেদনে ঢাকিবলৈ ধৰিলে ৷ ছবিখনে মুক্তি লাভ কৰিলে আৰু ফ্লপ হ’ল ৷ একেদৰে অক্ষয় কুমাৰৰ ছবি ‘ৰক্ষাবন্ধন’ বৰ্জনৰ আবেদনো ইণ্টাৰনেট মাধ্যমত সংঘটিত হৈছিল ৷ এই ছবিখনো ফ্লপ হৈছিল৷ আমি এইবোৰ ছবি বৰ্জন আৰু এইবোৰৰ বিফলতাৰ কথা ক’ম, কিন্তু তাৰ আগতে চাওঁ আহক আৰু বিশাল বাজেটৰ কোন কেইখন ছবি ফ্লপ হৈছিল ৷

য়শ ৰাজ ফিল্মছৰ দুখন অতি অভিলাসী ছবি ‘সম্ৰাট পৃথ্বীৰাজ’ আৰু ‘ছমছেৰা’৷ দুয়োখন ছবিয়েই বক্স অফিচত আশা কৰা ধৰণে প্ৰদৰ্শন কৰা নাছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি ‘সম্ৰাট পৃথ্বীৰাজ’ৰ নিৰ্মাণ ব্যয় আছিল তিনিশ কোটি টকা আৰু ছবিখনে বক্স অফিচত তিৰানব্বৈ কোটি টকাৰ ব্যৱসায় কৰিছিল ৷ একেদৰে ‘ছমছেৰা’ৰ নিৰ্মাণৰ খৰচ আছিল এশ পঞ্চাশ কোটি টকা আৰু এই ছবিখনে ব্যবসায় কৰিছিল চৌষষ্ঠি কোটি টকাৰ ৷ অক্ষয় কুমাৰ অভিনীত ছবি ‘বচ্চন পাণ্ডে’ নিৰ্মাণত খৰচ হৈছিল এশ আশী কোটি টকা আৰু বক্স অফিচৰ ব্যৱসায় আছিল তেসত্তৰ কোটি ৷ ‘বচ্চন পাণ্ডে’ সন্দৰ্ভত কোৱা হৈছিল যে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ বাবেই ছবিখন ফ্লপ হৈছিল ৷ অক্ষয় কুমাৰে ভূপালৰ ‘চিত্ৰ ভাৰতী’ৰ মঞ্চৰ পৰাই এই কথা কৈছিল ৷ ‘সম্ৰাট পৃথ্বীৰাজ’ আৰু ‘ছমছেৰা’ৰ বিৰুদ্ধে কোনো বৰ্জন আবেদন বা হেচটেগ নাছিল। এই প্ৰেক্ষাপটত বৰ্জনৰ বাবে কৰা আবেদনৰ নেপথ্যৰ কাৰণবোৰোতো চকু দিব লাগে ৷ 

প্ৰায় দুটা দশক পূৰ্বে গুজৰাটত সংঘটিত হৈছিল সাম্প্ৰদায়িক সংঘৰ্ষ ৷ তাৰ পিছত অভিনেতা আমিৰ খানে এটা সাক্ষাৎকাৰ দিলে ৷ সেই সাক্ষাৎকাৰত তেওঁ তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তীব্ৰ অভিযোগ উত্থাপন কৰিছিল ৷ গুজৰাটত সংঘটিত হিংসাত্মক ঘটনাত মৃত্যু হোৱা লোকসকলৰ বাবে জগৰীয়া কৰিছিল নৰেন্দ্ৰ মোদীক ৷ একেটা সাক্ষাৎকাৰতে আমিৰ খানে নৰেন্দ্ৰ মোদীক আমেৰিকাৰ ভিছা নোপোৱাৰ বাবেও ঠাট্টা-মস্কৰা কৰিছিল ৷ ২০০৬ চনত আমিৰ খানে মেধা পাটকাৰৰ সৈতে নৰ্মদা বাচাও আন্দোলনত যোগদান কৰিছিল আৰু তেতিয়াৰ গুজৰাট চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ নিক্ষেপ কৰিছিল ৷ ২০১৫ চনত গজেন্দ্ৰ চৌহানক ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট, পুনেৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ সময়তো তেওঁ বিৰোধিতা কৰিছিল ৷ ছাত্ৰ-ছাত্ৰীয়ে কৰা আন্দোলনত আমিৰ খানে আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকলক সমৰ্থন কৰিছিল ৷ ২০১৫ চনত  ‘এৱাৰ্ড ৱাপছি’ অভিযান চলি থকাৰ সময়ত আমিৰ খানে দেশত অসহিষ্ণুতাৰ সুৰ উত্থাপন কৰিছিল ৷ তেওঁ সেই সময়ৰ পত্নী কিৰণ ৰাওৰ সৈতে হোৱা কথা-বতৰাৰ উদ্ধৃতি দি কৈছিল যে কিৰণে দেশৰ পৰিৱেশক ভয় খাই দেশ এৰি যোৱাৰ কথা ভাবিছে ৷ আমিৰ খানৰ এই বক্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে তেওঁ ৰাজনীতিত এটা বিশেষ দলৰ বিৰোধিতা কৰিছিল আৰু পৰোক্ষভাৱে এটা পক্ষক সমৰ্থন কৰিছিল ৷ আপুনি ৰাজনৈতিক হ’ব বিচাৰিলে প্ৰতিবাদ কৰিবলৈ সাজু থাকিব লাগিব ৷ আপোনাৰ ছবিখন আহিলে মানুহে অাপোনাৰ ৰাজনৈতিক সমৰ্থনৰ কথা পাহৰি বা প্ৰতিবাদ কৰি ছবিখন চাবলৈ যোৱাটো সম্ভৱ নহয় ৷ আপুনি বিৰোধিতা কৰি থকা পক্ষৰো অধিকাৰ আছে আপোনাৰ বিৰোধিতা কৰাৰ ৷ সেই অধিকাৰৰ শিখৰত উপনীত হৈছে বৰ্জনৰ আবেদন ৷ আৰম্ভ হৈছে ‘বৰ্জন কৰক’ হেচটেগ ৷

আমিৰ খান বা ৰাজনৈতিক মন্তব্য কৰি অহা সকলো অভিনেতাৰ বিৰুদ্ধে কৰা বৰ্জনৰ আবেদনে তেওঁলোকক আমনি কৰা উচিত নহয়। ৰাজনীতিত সদায় প্ৰতিশোধ লোৱা হয়। দীপিকা পাডুকনেও ছবিখনৰ ব্যৱসায়ত নেতিবাচক প্ৰভাৱ পেলাইছিল যেতিয়া তেওঁ নিজৰ ছবি ‘ছপাক’ৰ মুক্তিৰ পূৰ্বে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিনয়ত অংশগ্ৰহণ কৰিছিল ৷ অলপতে মুক্তি পালে তাপসী পান্নু অভিনীত ছবি ‘দোবাৰা’৷ তাপসী পান্নু আৰু সেইখন ছবিৰ পৰিচালকৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত তেওঁ ছবি বৰ্জনৰ ট্ৰেণ্ডক ঠাট্টা কৰিছিল ৷ তেওঁৰ পৰিচালকেও ৰাজনৈতিক উদ্দেশ্যৰেই বক্তব্য প্ৰকাশ কৰি আছিল ৷ তেওঁ আগতেও নেতাসকলৰ বিষয়ে অৱমাননামূলক কথা কৈ আহিছে৷ সেইবাবেই তেওঁলোকক কোনেও গুৰুত্বসহকাৰে লোৱা নাই ৷ টুইটাৰতো পুনৰ ট্ৰেণ্ড হৈ পৰিল তাপসীৰ ছবিখন বৰ্জন ৷ প্ৰথম দিনাই ছবিখনে মাত্ৰ ৭২ লাখ টকাৰ ব্যৱসায় কৰিলে ৷ বহু প্ৰদৰ্শন বাতিল কৰিবলগীয়া হৈছিল ৷ থিয়েটাৰবোৰত নিস্তব্ধ হৈ পৰিছিল ৷ এই ছবিখনৰ খৰচো আছিল প্ৰায় ৩০ কোটি ৷ এতিয়া তাপসী পান্নু আৰু তেওঁৰ পৰিচালকে নিশ্চয় বুজি পাইছে যে বৰ্জনৰ আবেদনক ঠাট্টা কৰিবলৈ গৈ তেওঁলোকৰ বাবে কিমান ভৰণি হ’ল ৷ হয়তো ছবিবোৰ ফ্লপ হ’লে এই অভিনেতা-অভিনেত্ৰী-পৰিচালকসকলৰ লোকচান নহয়, তেওঁলোকে নিজৰ পাৰিশ্ৰমিক নিশ্চয় আগতেই পাইছে ৷ টকা হেৰুৱাব প্ৰযোজকে ৷ কিন্তু তেওঁলোকে ভাবিব লাগিব যে এই ফলাফলে তেওঁলোকৰ কেৰিয়াৰত প্ৰভাৱ পেলাব পাৰে ৷

বৰ্জনৰ বিষয়ে আৰু এটা কথা কোৱা হৈছে যে ইণ্টাৰনেট মিডিয়াৰ যুগত এই নতুন ধাৰা আৰম্ভ হৈছে ৷ ইণ্টাৰনেট মিডিয়া প্লেটফৰ্মত বৰ্জন নতুন যেন লাগিব পাৰে, কিন্তু আমাৰ দেশত স্বাধীনতাৰ পাছৰে পৰা বৰ্জনৰ বাবে আবেদন কৰা হৈছে ৷ গান্ধীজীয়েও নিজৰ লক্ষ্য পূৰণৰ বাবে নিজৰ অস্ত্ৰ হিচাপে বৰ্জন কৰাৰ আহ্বান জনাইছিল ৷ আনকি জৰুৰীকালীন অৱস্থাতো মানুহে বৰ্জনৰ বাবে আবেদন কৰিছিল ৷ অলপতে জগদীশচন্দ্ৰ মাথুৰৰ ‘কোনাৰ্ক’ নাটকখন পঢ়ি আছিলোঁ৷ এই গ্ৰন্থখনত ১৯৬১ চনৰ মে’ মাহত মাথুৰ চাহাবে লেখা এটা মন্তব্য আছে,—  ‘এই নাটকখন সন্দৰ্ভত  মোৰ বহুতো আমোদজনক অভিজ্ঞতা হৈছে, কিন্তু আটাইতকৈ আকৰ্ষণীয় অভিজ্ঞতা আছিল দিল্লীৰ ইংৰাজী বাতৰি কাকতত নাটকখনৰ সমালোচনা পঢ়াতো৷ এজন সমালোচক ছাৰ (বা মেডাম!)-এ লিখিছে যে এই নাটকখনৰ ভাষা ইমানেই কঠিন যে এই নাটকখন বৰ্জন কৰিব লাগে, কাৰণ লেখকে সংস্কৃতময়ী হিন্দীৰ প্ৰচাৰৰ বাবে এই নাটকখন ৰচনা কৰিছে ৷ সেয়া ১৯৬১ চন। সেই সময়ত ইণ্টাৰনেট মিডিয়া নাছিল, সেয়া বেলেগ কথা। গতিকে যিসকলে এইটো এটা নতুন ট্ৰেণ্ড বুলি কৈ আছে, তেওঁলোকে ইতিহাস অধ্যয়নেৰে কথাবোৰ বুজিবলৈ চেষ্টা কৰিব লাগিব ৷

বৰ্জন ট্ৰেণ্ডৰ লগে লগে আৰু এটা কথা চৰ্চালৈ আহিছে ৷ ইয়াৰ পূৰ্বে চিনেমাৰ বিৰুদ্ধে প্ৰতিবাদ হোৱা সময়ত চিনেমা হলৰ পোষ্টাৰ ফালিছিল, কেতিয়াবা সেইবোৰত জুই লগাই দিছিল ৷ যেতিয়া প্ৰতিবাদ তীব্ৰ আছিল, তেতিয়া চহৰবোৰতো বিক্ষোভ ইত্যাদি হৈছিল ৷ ‘পদ্মাৱত’ ছবিখন সন্দৰ্ভত বহু চহৰত প্ৰতিবাদ আৰু অগ্নিসংযোগ হোৱা বেচিদিন আগৰ কথা নহয় ৷ এনে বিক্ষোভ এতিয়া প্ৰায় বন্ধ হৈ পৰিছে আৰু ইণ্টাৰনেট মিডিয়াত প্ৰতিবাদ সংঘটিত হৈছে ৷ ইয়াক ভাৰতীয় সমাজৰ পৰিপক্কতাৰ লক্ষণ হিচাপে চাব নোৱাৰিনে ? হিংসা আৰু অগ্নিসংযোগৰ প্ৰতিবাদৰ পৰা পৃথক এই প্ৰতিবাদৰ ব্যৱস্থা, য’ত ই নিজৰ দৃষ্টিভংগীত উপনীত হয় আৰু ৰাজহুৱা সম্পত্তিৰো কোনো ক্ষতি নকৰে ৷ আৰক্ষী আৰু অন্যান্য ব্যবস্থাবোৰৰ সময় নষ্ট নকৰে৷ ফ্লপ হোৱাৰ একমাত্ৰ কাৰণ ‘বয়ক’ট’ নহয় ৷ আজিকালি প্ৰায়বোৰ ডাঙৰ বাজেটৰ হিন্দী ছবি কিয় ফ্লপ হৈছে তাক লৈ এটা সুকীয়া প্ৰবন্ধ লিখিব পাৰি ৷ কিয় ছবিবোৰে নিজৰ নিৰ্মাণ খৰচো উপাৰ্জন কৰিব নোৱাৰে ? কিন্তু হিন্দী চলচ্চিত্ৰ উদ্যোগ বৰ্জনৰ এই খেলখনত জড়িত হৈ পৰিছে আৰু এই মুহূৰ্তত ইয়াৰ পৰা ওলাই অহাৰ পথ দেখা নাই ৷

Link to the original
https://bartane.com/2022/08/28/boycott-net-bollywood/
অনন্ত বিজয় ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা বিজয়ী সমালোচক আৰু প্ৰসিদ্ধ সাংবাদিক ৷ 
অনুবাদক দত্ত খ্যাতিমান চলচ্চিত্ৰ সমালোচক, অসমীয়া সাহিত্যিক আৰু ছবি নিৰ্মাতা