Friday, August 19, 2022

চবৰীমালা মন্দিৰৰ চোতালত অসমৰ গামোচা


 
















চবৰীমালা মন্দিৰৰ চোতালত ডিঙিত অসমৰ গামোচা লোৱা এজন সুদৰ্শন যুৱক ৷ এইটো খুব অাচৰিত বা অস্বাভাৱিক কথা নহয় ৷ কিন্তু অামাৰ বাবে অানন্দৰ অভিজ্ঞতা হ'ল গামোচাখন ইমান দূৰলৈ যোৱাৰ কাহিনীটো, অাৰু মই এই কাহিনীটোৰ সতে অলপ জড়িত ৷ 
যোৱা বছৰৰ নবেম্বৰ মাহ ৷ গোৱাত অনুষ্ঠিত ভাৰতৰ অান্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ ৷ মই গৈছোঁ তথ্য অাৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ অতিথি হিচাপে ৷ মোৰ চিত্ৰনাট্যৰে পৰিচালক কিশোৰ কলিতাই নিৰ্মাণ কৰা 'বীৰাংগনা' ছবিখন অাছে ইণ্ডিয়ান পেন'ৰামাত ৷ গতিকে মোৰ অানন্দ দুগুণ ৷ ত্ৰিবান্দ্ৰমৰ তৰুণ চিত্ৰ পৰিচালক য়াদু ৷ সম্পূৰ্ণ নামটো বহু দীঘল - য়াদু বিজয়কৃষ্ণণ পৰমেশ্বৰন ৷ তেওঁ অামাৰ পুৰণি চিনাকি, চলচ্চিত্ৰমৰ মহোৎসৱত অাহি কেইদিনমান গুৱাহাটীত কটাই গৈছে ৷ কম বয়সীয়া মৰমলগা ল'ৰা, তেওঁ সংস্কৃত ভাষাত নিৰ্মাণ কৰা ছবি  'ভগবদদয্যুকম' খনো পেন'ৰামাত অাছে ৷ সদায় তেওঁক লগ পাওঁ ৷ তেওঁৰ লগত পাইছিলোঁ কিৰণ ৰাজ-ক, তেওঁৰ ছবিৰ প্ৰযোজক ৷ 
মহোৎসৱ বহু দিন চলিব, অামি উভতিম চাৰি নিশাৰ পাচত ৷ শেষৰ নিশাটোত  তাজ হোটেলৰ লবীত অাড্ডা মাৰি থাকোতে কিৰণে অাহি ফুফুচাই অনুৰোধৰ সুৰত ক'লে - মোক এটা বস্তু লাগে, অাপুনি গুৱাহাটীৰ পৰা পঠাই দিব পাৰিবনে ? মই কলোঁ- য়ু নেইম ইট এণ্ড য়ু উইল হেভ ইট ৷ অাপুনি বুজি পাইছেই, কিৰণে কি বিচাৰিছিল ! হয়, কিৰণক অসমৰ ধূন ীয়াগামোচা এখন লাগে ৷
কিশোৰ ওচৰতে অাছিল, সুধিলোঁ- গামোচা এখন অাছেনে ? ক'লে এখন অাছে ৷ 
অাড্ডাৰ পাচত কিৰণক কিশোৰৰ ৰূমলৈ নিলোঁ, লগত য়াদু থাকিবই ৷ কিশোৰে গামোচা এখন উলিয়াই কিৰণক পিন্ধাই দিলে ৷ অানন্দত কিৰণৰ মুখ উজ্জ্বল হৈ উঠিল ৷ কিৰণে উত্তেজনাত কিশোৰক সাৱটি ধৰিলে ৷ য়াদুই ক'বলৈ নাপাহৰিলে - মোৰ অাছে দুখন, গুৱাহাটীত দিছিল মোক ৷

অাজি, দহ মাহৰ পাচত কিৰণে ফটো এখন পঠিয়াই দিছে, কালি তেওঁ চবৰীমালা মন্দিৰলৈ গৈছিল, ডিঙিত লৈ গৈছিল কিশোৰে দিয়া গামোচাখন ৷