Tuesday, August 9, 2022

তৰুণ মজুমদাৰঃ বাংলা চিনেমাৰ অন্তিমগৰাকী মহান ব্যক্তি

তৰুণ মজুমদাৰ আছিল মোৰ অন্যতম প্ৰিয় অভিনেতা ৷ এবাৰ সমালোচক ৰঞ্জন বন্দ্যোপাধ্যায়ে লেখিছিল যে ছবি অাৰম্ভ হোৱাৰ কেইটিমান মুহূৰ্তৰ ভিতৰতে তেওঁ দর্শকক ছবিখনৰ লগত বান্ধি পেলাব পাৰে ৷ এই বিৰল দক্ষতা খুব কম পৰিচালকৰ ছবিতহে প্ৰকাশিত হয় ৷ এইগৰাকী তৰুণ মজুমদাৰৰ বিষয়ে এটা শ্ৰদ্ধা নিবেদক প্ৰবন্ধ লেখিছিল বংগৰ চিত্ৰনিৰ্মাতা ৰঞ্জন ঘোষে ৷ তেখেতৰ সন্মতি অনুসাৰে সেই প্ৰবন্ধৰ অসমীয়া অনুবাদ প্ৰকাশ কৰিলোঁ ৷  

মঞ্চত থিয় হৈ আছিল কিংবদন্তি তৰুণ মজুমদাৰ ৷ ক্ষন্তেক আগতে  তেওঁ গ্ৰহন কৰিছিল কৰিছিল ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট এৱাৰ্ড ২০২১ ৷ আমি তেওঁক ষ্টেণ্ডিং অভেচন দি থকা সময়ত মোৰ মনটো জীৱনৰ সেই মুহূৰ্তটোলৈ ঘূৰি গ’ল যেতিয়া এজন কিশোৰ হৈয়ো মই  তেওঁৰ কালজয়ী সৃষ্টি 'শ্ৰীমান পৃথ্বীৰাজৰ [১৯৭৩]' মুখামুখি হৈছিলোঁ ৷ মুহূৰ্ততেই নায়ক ৰসিকলাল মোৰ অলটাৰ ইগো হৈ পৰিছিল, আৰু অনুভব কৰিছিলোঁ যিমানবোৰ ছোৱালীৰ প্ৰতি ‘ক্ৰাছ’ অনুভব কৰিছিলোঁ, প্ৰতিগৰাকীৰে কেনেবাকৈ নায়িকা অমলাবালাৰ সৈতে মিল দেখা পাইছিলোঁ ৷ অয়ন বন্দ্যোপাধ্যায় আৰু মহুয়া ৰায়চৌধুৰীৰ মুখ্য যুটীটোৰ বাহিৰেও সন্ধ্যা ৰায় [পিছলৈ বাস্তৱ জীৱনত তেওঁ তৰুণ মজুমদাৰৰ পত্নী হৈছিল], উৎপল দত্ত, সত্য বন্দ্যোপাধ্যায়, ৰবি ঘোষ, সন্তোষ দত্ত, চিন্ময় ৰায় আদিৰ বাবে ৰচনা কৰা চৰিত্ৰবোৰ মোৰ মন আৰু হৃদয়ত খোদিত হৈ পৰিছিল, চিৰকালৰ বাবে ৷ 

সন্মুখত, মঞ্চত থিয় হৈ থকা মানুহজন চুটি-চাপৰ আৰু দুৰ্বলদেহী, তথাপিতো তেওঁৰ ভিতৰত এজন ওখ, তৰুণ মজুমদাৰ আছে, ক’লে যে তেওঁ নতুন চিত্ৰনাট্যৰ কাম কৰি আছে ৷ এনেকুৱাই আছিল তেওঁৰ জীৱন, তেওঁৰ শক্তি ৷ তেওঁ কয় যে তেওঁ মানৱীয় সম্পৰ্ক আৰু মূল্যবোধৰ প্ৰতি আকৰ্ষিত, আৰু এজন মানুহৰ চিৰন্তন অভিযান হ’ল এজন উন্নততৰ মানুহ হোৱা ৷ মধ্যবিত্ত শ্ৰেণীৰ শিপাৰ লগত গৌৰৱেৰে বান্ধি থোৱা মূল্যবোধ আৰু সাৰমৰ্মক ইমানেই স্পৰ্শকাতৰভাৱে বুজি পাইছিল যে তেওঁৰ ছবিসমূহ নান্দনিকভাৱে চহকী হৈয়ো লাখ লাখ লোকৰ মনৰ সৈতে অনুৰণন ঘটাইছিল, ফলত বক্স অফিচত লাভ কৰিছিল প্ৰচণ্ড সফলতা ৷  

ভাৰতীয় চলচ্চিত্ৰৰ মানচিত্ৰখনতো মজুমদাৰে বংগক গৌৰৱান্বিত কৰিছিল ৷ তেওঁ চাৰিটা ৰাষ্ট্ৰীয় বঁটা, সাতটা বিএফজেএ বঁটা, পাঁচটা ফিল্মফেয়াৰ বঁটা আৰু পদ্মশ্ৰী লাভ কৰিছিল ৷ কিন্তু আচলতে তেওঁ আৰু বেচিৰ যোগ্য আছিল ৷ যিখন দেশত সত্যজিৎ সত্যজিৎ ৰায়-মৃণাল সেন-ঋত্বিক ঘাটকৰ ‘পবিত্ৰ ত্ৰিত্ব’ই যিকোনো ব্যক্তিক আৰু সকলোকে ছাঁৰে আৱৰি পেলাইছিল, সেইখন দেশত মজুমদাৰে সতীৰ্থ পৰিচালক তপন সিনহা, অজয় কৰ আৰু অসিত সেনৰ সৈতে নিজৰ নিজৰ স্থান দখল কৰিছিল ৷

এজন চলচ্চিত্ৰ নিৰ্মাতাক প্ৰায়ে মূল্যায়ন কৰা হয় - তেওঁ উদ্যোগটোৰ সৈতে কিমান প্ৰশংসনীয় নতুন প্ৰতিভাক চিনাকি কৰাই দিব পাৰিছিল, তাৰ সংখ্যাৰে ৷ মজুমদাৰে ৰূপালী পৰ্দালৈ আনিছিল মৌসুমী চেটাৰ্জী, মহুয়া ৰায়চৌধুৰী, অয়ন, দেবশ্ৰী ৰয় আৰু তাপস পালৰ দৰে অভিনেতা অভিনেত্ৰীসকলক ৷ ইয়াৰ বাবে বঙালী দৰ্শক চিৰদিনৰ বাবে তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থাকিব ৷

আচৰিত যেন লাগিব পাৰে, কিন্তু অভিনেতাৰ সৈতে তৰুণ বাবুৰ প্ৰথম সন্ধি নৱাগত অভিনেতা-অভিনেত্ৰীৰ জৰিয়তে হোৱা নাছিল ৷ ‘যাত্ৰিক’ৰ বেনাৰত দুৰ্দমনীয় অভিনয় কৰা ‘উত্তম-সুচিত্ৰা’ যুটীৰ ‘চাওৱা পাওৱা’ [১৯৫৯]' ছবিখনৰে তেওঁৰ অভিষেক ঘটিছিল, আন দুজন পৰিচালক শচীন মুখাৰ্জী আৰু দিলীপ মুখাৰ্জীৰ সৈতে ৷ উত্তম কুমাৰ আৰু সুচিত্ৰা সেনৰ উপৰিও আন আন তাৰকা ছবি বিশ্বাস আৰু তুলসী চক্ৰৱৰ্তীয়ে ছবিখনক দুৰন্ত হিট হোৱাটো নিশ্চিত কৰিছিল ৷

তৰুণ বাবুৱে তেওঁৰ যাত্ৰিক দলৰ সৈতে পৰিচালনা কৰা পৰৱৰ্তী ছবিখনত নিজৰ কণ্ঠ বিচাৰি পাইছিল — ছবিখন আছিল ‘কাঁচেৰ স্বৰ্গ’ [১৯৬২]৷ পৰিস্থিতিয়ে কেনেকৈ প্ৰথমে এজন পুৰুষক চিকিৎসা বিজ্ঞানৰ অধ্যয়ন এৰি দিবলৈ বাধ্য কৰে আৰু পিছলৈ তেওঁক এগৰাকী যুৱতীৰ জীৱন ৰক্ষা কৰাৰ একমাত্ৰ অৱলম্বন হিচাপে উপস্থিত কৰায়- তাৰে  এটা কাহিনী ৷ সেই যুগৰ ‘হুজ হু’ অনিল চেটাৰ্জী, পাহাৰী সান্যাল, মঞ্জু দে, উৎপল দত্ত, বিকাশ ৰয়, ছায়া দেৱী, আৰু স্বয়ং দিলীপ মুখাৰ্জীয়ে নায়ক হিচাপে অভিনয় কৰা ছবিখনে তেওঁলোকক ১৯৬৩ চনত দিয়ে প্ৰথমটো ৰাষ্ট্ৰীয় বঁটা ৷ 

কিংবদন্তি অনুসৰি যাত্ৰিকৰ পৰৱৰ্তী ছবি ‘পলাতক’ [১৯৬৩]ত উত্তম কুমাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিব বিচাৰিছিল, কিন্তু মজুমদাৰৰ সিদ্ধান্ত আছিল অন্য ধৰণৰ ৷ তাৰ পিছত তেওঁ সেই সময়ৰ আইকনিক কমেডিয়ান অনুপ কুমাৰক নায়ক হিচাপে অভিনয় কৰোৱায় ৷ চৰিত্ৰটো আছিল সম্পৰ্কৰ এৰি পলাই যোৱা বসন্ত নামৰ এজন  বোহেমিয়ানৰ ৷ এজন কমেডিয়ানক নায়ক হিচাপে অভিনয় কৰোৱাটো সেই দিনত আছিল কল্পনাতীত কথা, কিন্তু তৰুণ বাবু নিজৰ দৃঢ় মতত স্থিৰ হৈ আছিল ৷ আনকি ছবিখন প্ৰযোজনা কৰিবলৈও তেওঁ ভি শান্তৰামক মান্তি কৰিবলৈ সক্ষম হৈছিল ৷

এটা সময়ত তৰুণ বাবুৱে যাত্ৰিকৰ লগত সম্বন্ধ ছিন্ন কৰি একক হৈ গ’ল ৷ তেওঁৰ প্ৰথম একক ছবি বসন্ত চৌধুৰীৰ সৈতে ‘আলোৰ পিপাচা’ (১৯৬৫) আৰু সৌমিত্ৰ চট্টোপাধ্যায়ৰ সৈতে ‘এক টুকু বাচা’ (১৯৬৫) ৷ দুয়োখন ছবিতে মহিলা মুখ্য চৰিত্ৰত আছিল সন্ধ্যা ৰায় ৷ কম দিনৰ ব্যবধানত তেওঁ ‘বালিকা বধু’ (১৯৬৭) পৰিচালনা কৰে, এগৰাকী কিশোৰী মৌচুমী চেটাৰ্জীক পৰিচয় কৰাই দিয়ে ৷ বক্স অফিচত তোলপাৰ লগোৱা সফলতা লাভ কৰিছিল ছবিখনে ৷ তেওঁক ৰাষ্ট্ৰীয় বঁটা লাভ কৰা আন ছবিসমূহ হ’ল ‘নিমন্ত্ৰণ’ (১৯৭২), ‘গণদেৱতা’ (১৯৭৯), আৰু ১৯৮৪ চনত ‘অৰণ্য আমাৰ’৷ ‘গণদেৱতা’ আছিল প্ৰথমখন বাংলা ছবি যিখনে “উত্তম মনোৰঞ্জন প্ৰদান কৰা শ্ৰেষ্ঠ জনপ্ৰিয় ছবি” শাখাত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল ৷ ‘সংসাৰ সীমান্তে’  (১৯৭৬)ই তেওঁক দিছিল শ্ৰেষ্ঠ পৰিচালকৰ বাবে বিএফজেএ বঁটা ৷ 

সমালোচকৰ প্ৰশংসাৰ সমান্তৰালভাৱে তৰুণ বাবুৱে অকল আনসকলৰ দৰেই নহয়, আনকি মহানসকলৰ দৰেও বক্স অফিচত সফলতা সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ৷ ই, সঁচাকৈয়ে, এক বিৰল কৃতিত্ব — ভাল চিনেমা আৰু হিট ছবিৰ মাজৰ ব্যৱধান দূৰ কৰা ৷ ‘শ্ৰীমান পৃথ্বীৰাজ’, ‘ফুলেশ্বৰী’ (১৯৭৪), ‘গণদেৱতা’, ‘দাদাৰ কীৰ্তি’ (১৯৮০), ‘ভালোবাস ভালোবাসা’ (১৯৮৫), ‘আপন অমৰ আপন’ (১৯৯০), আৰু ‘আলো’ (২০০৩) আছিল সেই সময়ৰ প্ৰধান হিট ছবি, যিবোৰে বাংলা ছবিৰ তহবিলত অৰিহণা যোগাইছিল ৷ মনত আছে, ‘আলো’ ছবিখনৰ প্ৰদৰ্শন চাবলৈ মই কেনেকৈ মা-দেউতাকৰ লগত নামনি কলকাতাৰ বিজুলী চিনেমালৈ গৈছিলোঁ৷ এটা সন্ধিয়াৰ দৰ্শনী, সকলো টিকট বিক্ৰী হৈ গৈছিল ৷

এজন বংগপুত্ৰলৈ শ্ৰদ্ধা নিবেদন কৰা এই লেখনি লিখি থকা সময়ত তৰুণ মজুমদাৰ চিকিৎসালয়লৈ গৈ আছে য’ত তেওঁৰ মৃতদেহ চিকিৎসা গৱেষণা আৰু শিক্ষাৰ উদ্দেশ্যে গতাই দিয়া হ’ব ৷ মৃত্যুৰ সময়ত তেওঁৰ একমাত্ৰ সংগী হৈছে ঠাকুৰৰ ‘গীতাঞ্জলি’ আৰু চি পি আই এম দলৰ পতাকা ৷ কোনো মমবাতিৰ পোহৰৰ সমদল, কোনো ফুলৰ থোপা, একোৱেই নাছিল ৷ তেওঁ সাধাৰণ মানুহ হৈ জন্ম লৈছিল, তেওঁ সাধাৰণ মানুহ হৈ মৃত্যুবৰণ কৰিছিল৷ আৰু জন্ম-মৃত্যুৰ মাজৰ  কালচোৱা তেওঁ মানৱীয় মূল্যবোধত বিশ্বাসী জীৱন যাপন কৰিছিল, মধ্যবিত্তসকলক উদযাপন কৰিছিল আৰু চেলুলয়ডক মৰ্যাদাৰে প্ৰদান কৰিছিল ৷

ঠাকুৰৰ ভাষাত, “তবু মনে ৰেখো... মোক এতিয়াও মনত ৰাখিবা, যদিও মই বহু দূৰলৈ যাওঁ... পুৰণি প্ৰেম যদি নতুন উত্তেজনাৰ তলত পোত খাই যায়... যদি চকুলো ওলাই আহে, যদি সপোনময় ৰাতিৰ খেলৰ অন্ত পৰে, মোক মনত ৰাখিবা, এতিয়াও...” বিদায়, মেষ্ট্ৰ’৷

ৰঞ্জন ঘোষ এজন বাংলা চলচ্চিত্ৰ নিৰ্মাতা, তেওঁ লেখা আৰু পৰিচালনা কৰা ছবিসমূহ হ’ল ‘হৃদ মাঝাৰে’, ৰং বেৰঙেৰ কোড়ি, ‘আহা ৰে’ আৰু ‘মহিষাসুৰমদ্দিৰ্নী’৷