Wednesday, April 29, 2026

ৰেষ্ট ইন কেমেৰা, ৰঘু ৰাই

বিমানবন্দৰৰ ভিতৰখন সেইদিনা অদ্ভুতভাৱে নিস্তব্ধ আছিল ৷ দিল্লীলৈ যোৱা ৰাতিপুৱাৰ ফ্লাইট ৷ চিকিউৰিটি চেক হৈ গৈছে ৷ এতিয়া কেৱল অপেক্ষা ৷ দীঘলকৈ পাতি থোৱা চকীবোৰৰ এখনত মই বহিছিলোঁ — আৰু  তেতিয়াই চকুত পৰিল- সম্মুখৰ আসনখনত এজন মানুহ বহি আছে ৷ ডাঙৰ বেগ এটা কাষৰ চকীখনত থৈছে ৷  চকীত আউজি মুখখন ওপৰলৈ তুলি থৈছে ৷  চকুযুৰি মুদা ৷ টোপনি যোৱা যেন লাগে ৷ সেই মুখখন মই চিনি পাইছিলোঁ ৷ ৰঘু ৰাই ৷

মনে মনে কলোঁ — মাত এষাৰ দিও, নমস্কাৰ এটা জনাই যাওঁ ৷

কৈশোৰৰ শেষৰ ফালে কেমেৰা হাতত লৈছিলোঁ ৷ আৰু তেতিয়াৰেই এই নামটো শুনিবলৈ আৰম্ভ কৰিছিলোঁ — ৰঘু ৰাই ৷ প্ৰথমবাৰ এই নাম আৰু কামৰ সতে চিনাকি হৈছিলোঁ-  উস্তাদ আমজাদ আলী খানৰ ‘দৰবাৰী’ ৰেকৰ্ডখনৰ ফটোখনৰ মাজেদি ৷ কলা-বগা ফটো ৷ পৃষ্ঠভাগত ৰাজস্থানৰ বিস্তৃত মৰুভূমি ৷ আৰু সন্মুখত এটি পুৰণি, দূৰ্গৰ মজিয়াত বহি ওষ্টাডজীয়ে চৰোদ বজাই আছে, সম্পূৰ্ণ আত্মবিভোৰ ভাব ৷  ৰাজস্থানী পোচাক পৰিহিত সাধাৰণ মানুহ কেইজনমানে অনন্ত কৌতুহলেৰে ওষ্টাডজীলৈ চাই আছে ৷ চাৰিওফালে কেৱল শূন্যতা ৷ কোনো নাটকীয়তা নাই, কোনো কৃত্ৰিমতা নাই ৷ তথাপিতো সেই ছবিখনে বুকুৰ কোনো এটা কোণ চুই যায় ৷ সেয়াই আছিল ৰঘু ৰাইৰ সৈতে মোৰ প্ৰথম চিনাকী ৷

পৰৱৰ্তী দিনবোৰত আলোকচিত্ৰৰ প্ৰতি আগ্ৰহ বাঢ়িল ৷ কেৱল তোলাই নহয়, চোৱাৰ প্ৰতিও আগ্ৰহ  বাঢ়িল ৷ আৰু ৰঘু ৰাইৰ ফটোবোৰ চাই চাই দুটা কথা বুজিবলৈ শিকিলোঁ ৷ প্ৰথমটো হ’ল — এটা সম্পূৰ্ণ ভাৰসাম্যপূৰ্ণ ফ্ৰেম ৷ আৰু দ্বিতীয়টো হ’ল — ফটোখনৰ ভিতৰত অনুভৱ কৰিব পৰা প্ৰাণস্পন্দন ৷

স্থিৰ এখন ফটোতো তেওঁ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল ৷ সেই অসহায়ভাৱে চাই থকা মানুহগৰাকীৰ মুখৰ ফটোখন-  চকুত বিৰিঙি উঠা আকুতি, নিথৰ হৈ থকা দেহৰ ভিতৰৰ উত্তাল অনুভৱ — এইবোৰেই ছবিখনক জীৱন্ত কৰি তুলিছিল৷ সেই মানুহগৰাকী কেৱল এটা বিষয় নাছিল — তেওঁ জীৱন্ত আছিল ৷

আৰু ইন্দিৰা গান্ধীৰ সেই বিখ্যাত ফটোখন — চিতাৰ ওপৰত শুই থকা মুখখনৰ পিছফালে সূৰ্য অস্ত যাব ধৰিছে৷ প্ৰাণহীন দেহৰ ফটো ৷ কিন্তু সেই ফটোখন কেৱল মৃত্যুৰ দলিল নহয় — সেইখন এটা যুগৰ সমাপ্তিৰ সাক্ষ্য ৷ আমি যেন সেই মুহূৰ্তৰ ভূমিত উপস্থিত আছোঁ — ইন্দিৰা গান্ধীক ওচৰৰ পৰা চাই আছোঁ — এই অনুভৱ দিয়াৰ ক্ষমতা কেৱল ৰঘু ৰাইৰহে আছিল ৷

তেওঁৰ প্ৰতিখন ফটোৱেই আছিল একো একোটা মাষ্টাৰক্লাছ ৷

তেওঁ তোলা তাজমহলৰ ফটোবোৰ এখন কিতাপত সংকলিত হৈছে ৷ মই তাজমহল চাই অহাৰ পিছত সেই কিতাপখন দেখা পাইছিলোঁ ৷ কিতাপখন চাই উঠি মনে মনে কৈছিলোঁ — তাজমহলৰ যি মাৰ্বলে চকু ভৰাই ৰাখে, ৰঘু ৰাইৰ কেমেৰাই সেই মাৰ্বলৰ আত্মাটো ধৰিছে৷ সৌন্দৰ্যৰ উপাসক প্ৰতিগৰাকীয়ে সেই কিতাপখন এবাৰ হ’লেও চাব লাগে ৷

এতিয়া সেই মানুহজন মোৰ সম্মুখতেই বহি আছে ৷ ইমান বছৰে মোৰ ভিতৰত সোমাই থকা ফটোগ্ৰাফাৰজনক অনুপ্ৰাণিত কৰি অহা মানুহজন ৷ নমস্কাৰ জনাবলৈ মন গ’ল ৷ কিন্তু চকু মুদি আছে বাবে মাতিম নে নামাতিম — এই ভাবি ওচৰতেই থিয় হৈ ৰলোঁ ৷

হঠাৎ তেওঁ চকু মেলি চালে ৷

মই নমস্কাৰ জনালোঁ ৷ তেওঁ হাঁহিলে ৷ কাষৰ বেগটো মজিয়ালৈ নমাই মোক বহিবলৈ আমন্ত্ৰণ জনালে ৷

শ্বিলঙৰ পৰা আহিছিল তেওঁ — ৰাতিপুৱাৰ আগতেই যাত্ৰা কৰিছিল, গতিকে চকুত টোপনিৰ ভাব আছিলেই ৷ এটা সৰু কৈফিয়ৎ দিয়াৰ ঢঙেৰে হাঁহি হাঁহি কথাটো কৈছিল ৷ সেই হাঁহিতেই বুজিলোঁ — মানুহজন যিমান ডাঙৰ শিল্পী, সিমানেই সহজ৷ মই বিনম্ৰভাৱে সুধিলোঁ — আপোনাক ফটোগ্ৰাফীৰ বিষয়ে এটা প্ৰশ্ন সুধিব পাৰোঁনে ?

তেওঁ হাঁহি হাঁহি ক’লে — এই বিষয়টোৰ বাহিৰে অন্য একো কথাই মই নাজানো ৷ এটা প্ৰশ্ন নহয়, কেইবাটাও প্ৰশ্ন কৰা ৷ কথা আৰম্ভ হ’ল ৷ তাৰপাছত বিমানৰ বিলম্বৰ ঘোষণা আহিল ৷ কথা চলিল ৷ মাজতে তেওঁ এবাৰ উঠি গ’ল ৷ অলপ পিছত ঘূৰি আহিল — হাতত দুকাপ কফি ৷

বিমানত উঠাৰ আগলৈকে আমি ভালেখিনি সময় কথা পাতিলোঁ ৷ আৰু ভালেখিনি সময় কেৱল নিস্তব্ধতাৰ মাজতেই থাকিলোঁ — সেই নিস্তব্ধতাইও কথা পাতিছিল ৷ তেখেতৰ দৰে এগৰাকী বিশাল ব্যক্তিত্বৰ মানুহে মোক যেনেদৰে আপ্যায়ন কৰিলে, সেই অভিজ্ঞতাৰে মই ঐশ্বৰ্যবান হৈ ৰলোঁ ৷

সেই কথা-বতৰাখিনিৰ পৰা মই যিখিনি শিকিলোঁ তাক কথাৰে প্ৰকাশ কৰাটো কঠিন ৷ কিছু কথা কেৱল অনুভৱতেই থাকে ৷  আজি তেওঁ নাই ৷ কিন্তু তেওঁৰ কেমেৰাৰ চকুৱে যিবোৰ মুহূৰ্ত ধৰি ৰাখিছে, সেইবোৰ চিৰকাল থাকিব ৷ মৃত্যুই এজন ফটোগ্ৰাফাৰক শেষ কৰিব পাৰে — কিন্তু তেওঁৰ ফটোবোৰক নহয় ৷

ৰেষ্ট ইন কেমেৰা, ৰঘু ৰাই ৷

No comments:

Post a Comment

Featured Post

ৰেষ্ট ইন কেমেৰা, ৰঘু ৰাই

বিমানবন্দৰৰ ভিতৰখন সেইদিনা অদ্ভুতভাৱে নিস্তব্ধ আছিল ৷ দিল্লীলৈ যোৱা ৰাতিপুৱাৰ ফ্লাইট ৷ চিকিউৰিটি চেক হৈ গৈছে ৷ এতিয়া কেৱল অপেক্ষা ৷ দীঘলকৈ প...