Sunday, July 30, 2023

হুৰুমত আজি দুপৰীয়া

সোণাপুৰৰ ওচৰৰ ‘হুৰুম’ত বহি আছোঁ - দুপৰীয়াৰ সাজৰ সোৱাদ লোৱাৰ মন৷ আগতে এদিন চাহ খাইছিলোঁ, ভাল পাইছিলোঁ ৷ 

গৰমৰ কাৰণে ভিতৰতে বহি আছিলোঁ, চাৰে এঘাৰমান বাজিছে, বেচি মানুহ নাই ৷ চেলফৰ পৰা কিতাপ এখন আনি পাত লুটিয়াই আছিলোঁ ৷ সন্মুখত অলং টি ৷ অলপ আঁতৰৰ টেবিলখনত বহি আছিল এটি পৰিয়াল, মাক, দেউতাক আৰু পোন্ধৰ বছৰমান বয়সৰ ছোৱালী ৷ মহিলা গৰাকী বহাৰ পৰা উঠিল আৰু মোৰ পিনে আগবাঢ়ি আহিল ৷ ওচৰ পোৱাত মই থিয় হলোঁ ৷ মহিলাৰ বয়স অনুমান কৰাত মই বেয়া, তথাপি মহিলাৰ বয়স চল্লিছৰ আশে-পাশে যেন লাগিল ৷ মোৰ ফালে চাই তেখেতে নমষ্কাৰ এটা দিলে ৷ ময়ো দিলোঁ ৷ 

‘আপুনি হুৰুমৰ বিষয়ে লেখিছিল, সেইটো পঢ়িয়েই আমি ইয়াত সোমালোঁ ৷ পৰিয়ালটোক চিনাকি কৰাই দিলে ৷ মই দূৰৰ পৰাই নমষ্কাৰ দিলোঁ ৷ তেখেতসকলৰ খোৱা শেষ হৈছিল, পৰিয়ালটো ওলাই গ’ল ৷ তেতিয়াহে মনত পৰিছিল যে মহিলাৰ পৰিচয় লোৱাই নহ’ল ৷ বতাহত এটা সুগন্ধি ভাহি থাকিল ৷ 

নম্ৰতা আহিল ৷ তেওঁ ওচৰৰে বজাৰত শাক-পাত বিচাৰি গৈছিল ৷ প্ৰবাল খাউণ্ডেও নম্ৰতাৰ লগত শাক বিচৰাৰ সহযোগী হৈ আছিল, তেৱো আহিল ৷ দুপৰীয়া কি খাম হিচাপ কৰিবলৈ বহিলোঁ ৷ 

মেনুখন চাই থাকোঁতে নম্ৰতাই মূল দুৱাৰৰ পিনে আঙুলিয়াই মোক ক’লে- তোমাৰ বন্ধু ৷ 

অশোক, সপত্নীক ৷ কি আচৰিত ৷ অশোক আৰু মই ক্লাছ ফাইভৰ পৰা একেলগে পঢ়া ৷ নলবাৰীৰ বিদ্যাপুৰৰ মাজেৰে যোৱা মূল ৰাস্তাটোৰ এমূৰত আমাৰ আৰু আনটো মূৰত অশোকৰ ঘৰ ৷ কৃষি বিভাগৰ পৰা চিফ ইঞ্জিনিয়াৰ হৈ ৰিটায়াৰ কৰিছে ৷ 

আহা আহা, ইয়াতে বহা ৷ 

দুয়ো আহিল ৷ চাৰিজনীয়া টেবিলখনৰ বাবে ওচৰৰ টেবিলৰ পৰা চকী এখন টানি আনিলোঁ ৷ 

অশোকে নম্ৰতাৰ পিনে চাই ক’লে - সিদিনা জাগীৰোদলৈ আহিছিলোঁ, ঘূৰি আহোঁতে লগৰজনে চাহ খোৱাৰ কথা ক’লে ৷ উৎপলৰ লেখাটি পঢ়িছিলোঁ, ভাবিলোঁ ইয়াতেই খাই যাওঁ ৷ খালোঁ, ভাল পালোঁ ৷ আজি ভাবিলোঁ ভাতৰ সোৱাদটি লোৱাও ভাল হ’ব ৷ বঢ়িয়া হ’ল, তোমালোককো পালোঁ ৷ 

কি খাম? ভাত, দাইল, মাছ, - কি মাছ? ভাঙোন ৷ গোট গোট- দুটা দুটা ৷ 

মাছ কিহেৰে খাম ? চেফ অতুল লহকৰ আহি ঠিক সেই সময়তে আমাৰ ওচৰ পাইছিল ৷ তেখেতে ক’লে- কিহেৰে খাব কওক ? ভেদাইলতাৰে ? মানিমুনি শাকেৰে ? ঔটেঙাৰে ? 

নম্ৰতাই মাত দিলে- দুপৰীয়া ঔ টেঙাই ভাল হ’ব ৷  লগত মিক্সড ভাজি অাৰু শাক ভাজি ৷ 

এইবাৰ আমি গৈ ছয়জনীয়া টেবিল এখনত বহিলোঁ ৷ খাদ্য আহিল ৷ কথা পতাৰ সময় নাই ৷ খোৱাত ব্যস্ত ৷ তেনেতে লহকৰৰ ল’ৰাজন আহিল, হাতত কিবা খাদ্য এবিধ- দেউতাই দিছে- কমপ্লিমেন্টৰি ৷ 



ভাল কথা৷ বুটৰ দাইল আৰু কিবাকিবিৰ খাৰ ৷ আহ্‌ কি সোৱাদ ৷ 

লাহে লাহে খাই আছোঁ ৷ ল’ৰাজন আকৌ আহিল ৷ দেউতাই দিছে- কমপ্লিমেন্টৰি ৷ এইবাৰ আকৌ কি ? চিকেন আৰু কলদিল ৷ কি কম্বিনেচন আৰু কি সোৱাদ ৷ শব্দৰে বুজাব নোৱাৰি ৷ নিজৰ জিভাৰে নিজে বুজাহে কথা ৷ 

এটা সময়ত খোৱা শেষ হ’ল ৷ এখন গ্ৰুপ ফটো ৷ আকৌ এদিন লগ হোৱাৰ প্ৰতিশ্ৰতিৰে অশোক গ’ল ৷ 

নম্ৰতাহঁতে বিভিন্ন চাহপাতৰ মাজৰ পৰা কি কি কিনে তাৰে আলোচনাত লাগিল ৷ মই বাৰাণ্ডাৰ বেন্সত বহি বাহিৰৰ দৃশ্য চোৱাত মন দিলোঁ ৷ অজগৰ সাপৰ দৰে পৰি থকা হাইৱেৰ সিপাৰে সেউজীয়া গছৰ মেলা, তাৰ সিপাৰে নীলা পাহাৰ, পাহাৰ খনৰ পৰাই আৰম্ভ হোৱা অন্য এক নীলা আকাশ ৷ ৰাস্তাৰে দ্ৰুতগতিত অহাযোৱা কৰি আছে বাছ-কাৰ-ট্ৰাক-মেজিক-বুলেট ইত্যাদি ৷ তাৰ মাজৰ পৰা এখন এচ ইউ ভি হুৰুমৰ পিনে ঘূৰিল ৷

 এগৰাকী বয়সীয়াল আৰু এগৰাকী কম বয়সীয়া মহিলা গাড়ীৰ পৰা নামিল ৷ মানুহদুগৰাকী আগবাঢ়ি আহিল, চালকজনে গাড়ীখন থবলৈ যোজা কৰিছে ৷ 

বয়সীয়াল মহিলা গৰাকীয়ে মোৰ পিনে চালে,  অলপ ৰ’ল - আৰে উৎপল তুমি ? লগত অহা পেন্ট পিন্ধা কম বয়সীয়া মহিলাক ক'লে  - এয়া উৎপল মামা, মই যে কওঁ - তেখেতে মোলৈ চাই আংকল বুলি কৈ হাঁহি এটা মাৰিলে ৷ এওকতো লগ পোৱা নাই তুমি - চিনাকি কৰি দিও ৰ’বা -

তেওঁ গাড়ীখন পাৰ্ক কৰি থকা গিৰিয়েকৰ পিনে চাওঁতে মই ভাবি থাকিলোঁ- কোন বাৰু এই মহিলা ! 

ফটো প্ৰবাল খাউণ্ড,  দিয়ন লহকৰ অাৰু মোৰ