Tuesday, July 4, 2023

‘হুৰুম’ত আবেলি

বাৰাণ্ডাতেই বহি আছিল অতুল লহকৰ ৷ ৰঙা-নীলা কংক্ৰিত ব্লকেৰে সজোৱা চোতালত গাড়ীখন পাৰ্ক ৰাখিলোঁ, কিনকিনিয়া বৰষুণ মূৰত নামিলোঁ- ‘আহক আহক’ শব্দকেইটাৰ লগত তাল মিলাই বাৰাণ্ডাত উঠিলোঁ ৷ 
- সিদিনা নাহিল- অকল প্ৰশ্নই নহয়, আপত্তিও ৷ 
- কিয়বা নাহিলোঁ ? - প্ৰশ্নটোৰ মুখত আৰু এটি প্ৰশ্ন এৰি দিলোঁ ৷ 
সিদিনা মানে পৰহি অতুল লহকৰৰ এই নতুন উদ্যোগৰ শুভ আৰম্ভণি আছিল, তেখেতে আমাক প্ৰতিটো অনুষ্ঠানলৈ মাতে ৷ কিবা কাৰণত এই অনুষ্ঠানটিলৈ অহাটো সম্ভব হোৱা নাছিল, গতিকে ভাবিলোঁ আজি এবাৰ দেখা দি যাওঁ ৷ 
‘হুৰুম’ ৰেষ্টুৰেন্ট আৰু কাফে ৷ চিকচিকাই থকা এটি ঘৰ, সুন্দৰ বাৰাণ্ডা, সৰু চোতাল, ফুলৰ টাব - এক কথাত এটি আবেলি বা এটা দুপৰীয়া অথবা এটা সন্ধিয়া সেই বাৰাণ্ডাতে বহি কটাই দিব পাৰি ৷ নেচনেল হাইৱেৰ কাষতে লাগি থকা হুৰুমৰ বাৰাণ্ডাৰ বেন্সত বহি ৰাস্তাৰ সিপাৰৰ পাহাৰখনলৈ চাই ৰলোঁ ৷ পাহাৰখনৰ ওপৰত বৰষুণ পৰি আছে ৷ 
আৰু সেই সময়তে মোৰ সন্মুখৰ ডেস্কত থলেহি আইনাৰ এটা টি-পট, তাত সোণালী নীলা ৰঙৰ পানীয়, লগত দুটা আইনাৰ কাপ ৷ 

- কি ? 
- চাহ ৷ ওলোং লেমন টি ৷ 
এটা চুমুক মাৰিলোঁ ৷ বৰষুণৰ মাজে মাজে এঘন্টা বন্ধ গাড়ীত অহা ক্লান্তি এটা চুমুক চাহেই আঁতৰাই দিলে ৷ 
ওচৰতে নম্ৰতাক অতুলে বুজাই আছে - কাফে খনৰ বিশেষত্ব কি কি ৷ 
চাহৰ সোৱাদ লৈ থাকোঁতেই মোৰ সন্মুখত দুখন মেনু থৈ গ’ল ৷

কিছুমান ৰেষ্টে’ৰাত দুখন দুখন মেনু দিয়ে- এখন ‘খানা’ৰ আনখন ‘পিনা’ৰ ৷ ইয়াতো তেনেকুৱা পিনাৰ ব্যবস্থা আছে নেকি ? এই আবেলিতে এইখন কিয় দিলে ? প্ৰথমে সৰুখন হাতত লৈয়েই চালোঁ ৷ ‘পিনা’ৰেই, কিন্তু চাহৰ ৷ কিচিম কিচিম চাহ ৷ সেইবোৰ পঢ়ি জ্ঞান অৰ্জন কৰি থাকোঁতেই দেখিলোঁ সন্মুখত এখন ‘এচ ইউ ভি’ ৰ’ল আৰু মোৰ কাষৰ বতাহখিনি সুবাসিত কৰি পাৰ হৈ গ’ল এটি চুৰিদাৰ, এটা জিনছ আৰু অনুচ্ছ সুৰৰ শব্দমালা ৷ 
এটা সময়ত আমি গৈ ভিতৰ সোমালোঁ ৷ পৰিচ্ছন্ন বহল কোঠাটি শুৱাই তুলিছে বগা পৰ্দা, বেতৰ ফাৰ্নিচাৰ, চিলিঙত হাতৰ কামৰ লাইটশ্বেদ, বেৰত সুন্দৰ গৃহ-অলংকাৰ আৰু প্ৰকাণ্ড মানিপ্লেন্টৰ টাব এটাই ৷ 
- সিদিনা অনুপম নাথে ইয়াত ফটো উঠিছিল ৷ টাবটোৰ ওচৰত থিয় হৈ নম্ৰতাই ক’লে ৷ 
- আহক, আপোনালোক ইয়াত থিয় হওক, মই ফটো এখন তোলোঁ ৷ 
অতুল নামী ফটোগ্ৰাফাৰ ৷ তেওঁৰ চকু আৰু হাতেৰে ফটো এখন উঠা ভাগ্যৰ কথা ৷ 

এফালে এটি কাউন্টাৰ ৷
তাত বিধে বিধে চাহ ৷ তাৰ সন্মুখতো ফটো এখন উঠিলোঁ ৷ 

এফালে এখন ছেলফ ৷ তাত বিক্ৰিৰ বাবে বিভিন্ন চাহপাত আৰু কেইখনমান কিতাপ ৷ তাৰ ওচৰতে চুৰিদাৰ পিন্ধা গাভৰু গৰাকী ৷ তেওঁৰ হাতত এখন কিতাপ ৷ কিতাপখন মই চিনি পালোঁ ৷ চিত্ৰ পৰিচালক ভবেন দাসৰ বিষয়ে এখন কিতাপ, আমি চলচ্চিত্ৰমৰ পৰা উলিওৱা ৷ অতুল লহকৰৰ হেৰিটেজ খৰিকাতো সৰু লাইব্ৰেৰি এটা আছে ৷ তাতো আমাৰ কিতাপ আছে ৷ ইয়াতো দেখি ভাল লাগিল ৷ গাভৰুৱে জীনছ পিন্ধা যুৱকজনক কিতাপখন দেখুৱাই কোৱা শুনিলোঁ- ‘মই এইখন বিচাৰি আছিলোঁ ৷’ শুনি খুব ভাল লাগিল ৷ কোনোবাইতো কিতাপখন বিচাৰিছে ৷ যুৱকজনৰ পিনে চালোঁ ৷ তেওঁৰ হাতত নম্ৰতাই অনুবাদ কৰা বাংলাদেশী বেষ্টচেলাৰ ‘ফ্ৰেম’৷ দুয়োজনে গৈ টেবিল এখনত বহিল, কিতাপৰ পাতত মূল গুজিলে ৷ দুয়ো সোমাওতেই মোৰ ওচৰৰ বতাহ সুবাসিত কৰি আহিছিল, এতিয়া সেই সুবাস তীব্ৰতৰ হৈ মোৰ চাৰিও পিনে বিয়পি পৰিল ৷ 
এইবাৰ ম’ম’ খালোঁ ৷ অতুলৰ খাদ্য, স্বাভাবিকভাবেই সুন্দৰ পৰিবেশন, সোৱাদৰ তুলনা নাই ৷ 
কিছু সময়ৰ পাচত গাখীৰ দিয়া চাহ ৷ 
আহি বাহিৰৰ বেন্সত বহিলোঁ ৷ 

বৰষুণ ঘন হৈ আহিছে ৷ 
পাহাৰটোলৈ লাহে লাহে সন্ধিয়াৰ আন্ধাৰ নামি আহিছে ৷ এনে লাগিছে ওচৰতে আহি বহিব, চৰাইৰ দৰে চকু তুলি মোৰ পিনে চাব- কোনোবা বনলতা সেন ৷  
ফটো-অতুল লহকৰ, অনমোল সিং, মই ৷

পুনশ্চ - বহি থাকোতেই এটা ফেচবুক পোষ্ট দিছিলোঁ, কেইবাজনেও সুধিলে- কোন ঠাই ৷ গুৱাহাটীৰ পৰা সোণাপুৰৰ ফালে অাহি এখন দুখন ধাবা পাৰ হোৱাৰ পাচতেই কৌশিক নাথৰ ডেকাচাঙৰ পিনে যোৱা ৰাস্তাৰ ওচৰতেই এটা ইউ টাৰ্ন ৷ সেই টাৰ্নটো লৈ অকণমান অাহিলেই  - হুৰুম ৷