Friday, February 27, 2026

আজি ২৭ ফেব্ৰুৱাৰী

আজি ২৭ ফেব্ৰুৱাৰী | আজিৰ পৰা ঠিক এশ এক বছৰ আগতে জন্মগ্ৰহণ কৰিছিল ব্ৰজেন বৰুৱাই | তেওঁৰ শতবৰ্ষ পাৰ হৈ গ'ল শব্দহীনভাৱে | গীত, চলচ্চিত্ৰ, অভিনয়, পৰিচালনা- এই আটাই কেইটি দিশেৰে অসমৰ সংস্কৃতি জগতত সশব্দে বিচৰণ কৰি থকা কৰ্মযোগীজনৰ শতবৰ্ষ নিশব্দেই পাৰ হৈ গৈছিল | আজি আৰু এটা বছৰ পাৰ হৈ গ'ল |

অসমীয়া ছবি জগতৰ কাৰণে ব্ৰজেন বৰুৱাৰ আটাইতকৈ ডাঙৰ অৱদান আছিল কলিকতা নিৰ্ভৰ অসমীয়া চলচ্চিত্ৰৰ প্ৰযোজনাৰ জগতখনক তেওঁ এককভাৱে কলিকতাৰ পৰা অসমলৈ লৈ আহিছিল | ষ্টুডিঅ'ৰ সীমাবদ্ধতা অতিক্ৰম কৰি তেওঁ আচল লোকেশ্যনত দৃশ্য গ্ৰহণ কৰি অসমত ছবি নিৰ্মাণ সহজ কৰি তুলিছিল | সংগীত হওক বা চিনেমাই হওক সকলো ক্ষেত্ৰতেই তেওঁ অকলেই নহয় লগত আৰু বহুজনক আগবঢ়াই লৈ গৈছিল | অসমীয়া ছবি জগতত থলুৱা কাৰিকৰী শিল্পীৰ সংযোজন তেওঁৰ অন্যতম অৱদান | চিনেমা জগতত এটা কথা আছে- পোহৰৰ পৰা আঁতৰ হ'লেই মানুহৰ মনৰ পৰাও আঁতৰ হয় | ব্ৰজেন বৰুৱাৰ ভাগ্যত হয়তো তাকেই লেখা আছিল | 

অসমৰ সংস্কৃতিবান সাংস্কৃতিক মন্ত্ৰী মহোদয়লৈ মোৰ অনুৰোধ ব্ৰজেন বৰুৱাৰ এটি আবক্ষ মূৰ্তি জ্যোতি চিত্ৰবন চৌহদত অথবা আইদেউ প্ৰেক্ষাগৃহৰ সন্মুখত স্থাপন কৰিব লাগে | এইটো খুব সৰু  অনুৰোধ আৰু চৰকাৰ এখনৰ বাবে এই অনুৰোধটো ৰক্ষা কৰা  অকণো কঠিন কাম নহ'ব | 

Thursday, February 26, 2026

অসমীয়া চিনেমাৰ অসমীয়া অভিনয় শিল্পী

অসমীয়া চিনেমা চোৱা বা নোচোৱা প্ৰসংগত সেইদিনা অমৰদীপ গগৈয়ে এটা ফেচবুক প'ষ্ট দিছিল |তেওঁ লিখিছিল- ‘অসমীয়া চিনেমাৰ লগত জড়িত লোকসকলে অসমীয়া চিনেমা চায় নে? উত্তৰটো নিৰাশাজনক। সৰহভাগেই টিকট কাটি অসমীয়া চিনেমা নাচায়। বিশেষ প্ৰদৰ্শনী থাকিলে, মাতিলে গৈ চাই আহে। চাই বেয়া চিনেমা একোখনকো ভাল বুলি মন্তব্য কৰে। সেয়ে সাধাৰণ দৰ্শকৰ ওচৰত তেওঁলোকৰ বিশ্বাসযোগ্যতা হ্ৰাস পায়। দীৰ্ঘদিন ধৰি দেখিছোঁ - অসমীয়া চিনেমাৰ লগত জড়িতসকলৰ বৃহৎ সংখ্যকে চিনেমা গৃহত গৈ টিকট কাটি অসমীয়া চিনেমা নাচায়।

তেওঁ আৰু লেখিছিল- শেহতীয়া দুবছৰত মুক্তি পোৱা চিনেমাৰ তালিকা এখন লৈ যদি কোনোবাই এটা জৰীপ চলাই তেতিয়া দেখিব - সৰহভাগেই সেই চিনেমা সমূহ চোৱা নাই। (আজিকালি প্ৰচাৰৰ কথাটো এটা বাহানাহে। হাততে থকা ম'বাইলত বুক মাই শ্ব' এপত শুকুৰবাৰে এটা ক্লিক কৰিলেই সকলো গম পায়। সপ্তাহত এটা দিন তেওঁলোকে এপটো খুলি চাব নোৱাৰাৰ কোনো কাৰণ নাই। অৱশ্যে এই কথাটো মই সাধাৰণ জনৰ ক্ষেত্ৰত কোৱা নাই। চিনেমাৰ লগত জড়িত সকলৰ কথা কৈছোঁ। সহযোগী নিৰ্মাতা সকলে কিনো কৰিছে তাৰ খবৰ ৰখাটো, চোৱাটো এটা দায়িত্ব) । আন এটা চাম আছে তেওঁলোকে তেওঁলোকৰ বৃত্তৰ বাহিৰৰ লোকৰ চিনেমা নোচোৱাটো এটা কৰ্তব্য বুলিয়ে ধৰে। কিন্তু তেওঁলোকে নিৰ্মাণ কৰা চিনেমা সকলোৱে চাব লাগিব বুলি এটা ফটোৱা জাৰি কৰে। তেওঁলোকৰ চিনেমা নাচালে অসমীয়া চিনেমা ৰসাতলে যাব বুলি ভাবে। ৰিমা দাসৰ ভিলেজ ৰকষ্টাৰ মুক্তিৰ সময়ত এই কথাটো মুকলিকৈ আলোচনা হৈছিল। তেওঁলোকৰ এটা চামে পুৰস্কাৰৰ বাবে বনোৱা চিনেমা নাচাওঁ বুলি ঠিক কৰি লৈছিল। আইৰণিটো হ'ল তেওঁলোকেই আকৌ পুৰস্কাৰৰ আশাত চিনেমা মহোৎসৱলৈ নিজৰ নিজৰ চিনেমা পঠায়।

এইখিনিলৈকে পঢ়ি থাকোঁতে মোৰ এটা বেলেগ কথা মনত পৰিল
| সত্যজিত ৰায়ৰ 'সীমাবদ্ধ' ছবিখনৰ কথা | ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছিল বৰুণ চন্দই | ছবিৰ প্ৰিমিয়াৰৰ সময়ত সত্যজিৎ ৰায়ে তেওঁক দুটা টিকট দিছিল | 'এটা তোমাৰ কাৰণে, বাকীটোৰে তুমি কাৰোবাক লৈ আহিবা |' বৰুণ চন্দ্ৰই এটা টিকট নিজৰ বাবে ৰাখিলে, আনটো তেওঁ মাকৰ কাৰণে ৰাখিলে |  আৰু তেওঁ নিজে ষোল্লটা টিকট কিনি ল'লে, সেই কেইটাৰে তেওঁ বন্ধু-বান্ধৱক দেখুৱালে | এই কথাটো মনত পৰিল  এইকাৰণেই যে আমি বহু চিনেমাৰ অভিনেতা-অভিনেত্ৰীৰ কথা জানো, তেওঁলোকে প্ৰিমিয়াৰৰ সময়ত প্ৰযোজক বা পৰিচালকক সোধেগৈ- মই কিমানজন আলহী আনিব পাৰিম ! চিনেমা এখনত এজন অভিনেতাই অভিনয় কৰিছে, চিনেমাখনৰ সফলতাৰ এটা অংশ তেওঁৰো | চিনেমাখন যদি সফল হয়, মানুহে যদি তেওঁৰ অভিনয় ভাল পায়, তেওঁৰ লাভ হ'|  চিনেমাখনৰ লাভ হলে তেওঁৰো লাভ | চিনেমা এখনে এটা অভিনেতাক এজন অভিনেতাক বহুত বস্তু দিয়ে, তেওঁক থিয় হ'বলৈ মাটি এডোখৰ দিয়ে, পৰিচালকে তেওঁৰ সপোনৰ চৰিত্ৰ এটা তেওঁৰ যোগেৰে জীৱন্ত কৰাব বিচাৰে, একোখন ছবিৰ একোটা চৰিত্ৰই একোজন অভিনেতাৰ অভিনয় জীৱন স্মৰণীয় কৰি তুলিব পাৰে | এখন ছবিৰ তেনেকুৱা এটা শক্তিশালী অংগ হোৱাৰ পিছতো অভিনেতাজনে ছবিখনৰ লগত কিয় আত্মীয়তা অনুভৱ নকৰে ? কিয় এজন অভিনেতাই তেওঁৰ বন্ধু-বান্ধৱক মাতি নি টিকট কাটি ছবিখন চাবলৈ অনুপ্ৰাণিত কৰিব নোৱাৰে ? এই প্ৰশ্নটোৱে মোৰ মনত বাৰে বাৰে খুন্দিয়াই থাকে |                                                                             
( বৰুণ চন্দৰ কথাখিনি Satyajit Ray- The man who knew too much গ্ৰন্থত উল্লেখ আছে )
x

Saturday, February 7, 2026

'খাকী' চিনেমাখন চাবনে

এগৰাকী চিত্ৰৰসিক আছে -  অসমীয়া চিনেমা ৰিলিজৰ  তাৰিখ ঘোষণা হ'লেই মোক ফোন কৰি সোধে - এইখন চিনেমা চাবনে ?  চাম বা নাচাম কাৰণটো কি -  'খাকী' মুক্তিলাভৰ দিন ঘোষণা কৰাৰ লগে লগে একেটা প্ৰশ্ন পুনৰ সুধিলে | মোৰ স্পষ্ট উত্তৰ আছিল -  চাম | গতিকে তাৰ পৰৱৰ্তী প্ৰশ্নটো আহিল- কিয় ? এই 'কিয়'টোৰ উত্তৰ মই অলপ দীঘলীয়াকেই দিব  লাগিব |  

১৯৯২-৯৩ চন সঠিক মনত নাই | মই আকাশবাণীৰ চাকৰিত যোগদান কৰিছোঁ আৰু সেই সময়তেই কোনোবা এখন মেগাজিনত অতনু ভূঞাৰ এখন নাটক পঢ়িছিলো | নাটকখনৰ বিষয় আছিল মহাত্মা গান্ধী | মই আকাশবাণী ডিব্ৰুগড়ত সেই নাটকখন কৰিম বুলি ঠিক কৰিলোঁ |  অনুমতিৰ কথা আহিল | অতনুলৈ ফোন কৰিলোঁ | তেতিয়া চিনাকি আছিল যদিও বিশেষ ঘনিষ্ঠতা হোৱা নাছিল | ফোন কৰিলোঁ, উদ্দেশ্য কলোঁ | তেওঁ একেষাৰে ক'লে- 'এই নাটকখন আপোনাৰ, আপোনাকে দি দিছোঁ | যি খুচি তাকে কৰিব পাৰে |' কিন্তু মোক লিখিত এটা অনুমতি লাগে | 'নালাগে মই দিছোঁ সেইখন আপোনাৰ হৈ গ'ল" |  কিবা কাৰণত নাটকখন কৰা নহ'ল সেইটো বেলেগ কথা | কিন্তু একে আষাৰে মোক নাটকখন কৰাৰ কাৰণে অনুমতি দিছিল সেইটোৱে মোৰ মনটো ভাল লগাই থাকলে | 'খাকী' চাম সেইটো কাৰণতে | সেইটো প্ৰথম কাৰণ | দ্বিতীয় কাৰণ-  অতনুৱে অলপ বেলেগ ধৰণে চিন্তা কৰিব পাৰে, চিন্তা কৰে আৰু সেইমতে কামো কৰে | সেইটোৰ বহুত উদাহৰণ আছে | কিন্তু মোক বেছিকে ইমপ্ৰেছ কৰা তেনেকুৱা এটা উদাহৰণ আছিল -  এটা গান - 'বাবু ভিক্ষা দিয়ক না' |  অনুজাই খুব সুন্দৰ গাইছিল | সেই অনুজাই এই খাকী ছবিটো গান গাইছে | এই গানটোৰ কাৰণেও মই আগ্ৰহেৰে অপেক্ষা কৰিছো | 'বাবু ভিক্ষা দিয়ক না' - বহুত বছৰ আগৰ গান, এতিয়াও মোৰ কাণত সেই গানটোৰ কেইটামান পংক্তি বাজি থাকে | 

তৃতীয় কাৰণটো হ'ল "খাকী' ছবিখন -  ছবিখন কি হৈছে মই ক'ব নোৱাৰোঁ কিন্তু ছবিখনৰ যিখিনি বস্তু দেখি আছো সেইখিনিয়ে আকৰ্ষণ কৰে | 'খাকী' নামটো যেনেকৈ লেখা হৈছে - সেই  ডিজাইনটোৱে চিনেমাৰ ফিলিংছ এটা দিয়ে, চিনেমা চিনেমা এটা অনুভৱ দিয়ে | সেই অনুভৱটো আছিল - আমি যেতিয়া চিনেমাৰ কাৰণে পাগল আছিলোঁ- আমি যেতিয়া চিনেমাৰ আকৰ্ষণত ভালদৰে নিমজ্জিত হৈছিলোঁ - কৈশোৰ আৰু যৌৱনৰ সন্ধিক্ষণৰ সেই সময়খিনিত | সেই সময়ত চিনেমাস্কোপ আহো আহো হৈছিল,  চিনেমাৰ নাম ইত্যাদি চিনেমাস্কোপৰ দৰে বহল ধৰণে লেখা হৈছিল | অতনু ভূঞাৰ 'খাকী' নামটো আৰু বিভিন্ন ঠাইত তাৰ ৰিফ্লেকশ্যন দেখা পাইছোঁ, তাৰ প্ৰতিধ্বনি শুনিবলৈ পাইছোঁ, তাৰ প্ৰতিফলন দেখা পাইছোঁ আৰু একেধৰণে কিবা চিনেমা ভাল পোৱাৰ কিবা একেডাল ষ্ট্ৰিং যেন আমাৰ দুয়োৰে মনত বাজিছে - এই ভাৱ মনলৈ আহিছে | মোৰ 'চিনে কুইজ' নামৰ কিতাপ এখন আছিল তাৰ বেটুপাতত নামটো তেনেকুৱা ডিজাইন এটাত  লিখা আছিল  | 

এখন চিনেমা চাবলৈ এই মুহূৰ্তত এইকেইটা কাৰণেই যথেষ্ট |   

Featured Post

আজি ২৭ ফেব্ৰুৱাৰী

আজি ২৭ ফেব্ৰুৱাৰী | আজিৰ পৰা ঠিক এশ এক বছৰ আগতে জন্মগ্ৰহণ কৰিছিল ব্ৰজেন বৰুৱাই | তেওঁৰ শতবৰ্ষ পাৰ হৈ গ'ল শব্দহীনভাৱে | গীত, চলচ্চিত্ৰ, অ...