Saturday, July 26, 2025

নীলা বাঘ আৰু অন্যান্য গল্প

ডঃ দৰ্শনা গোস্বামীৰ অনুবাদ গ্ৰন্থ ‘নীলা বাঘ আৰু অন্যান্য গল্প’ হ’ল আৰ্জেণ্টিনাৰ প্ৰসিদ্ধ সাহিত্যিক জৰ্জ লুইছ বৰ্হেছৰ কেইটিমান গল্পৰ   অনুপম অসমীয়া ৰূপান্তৰৰ সংকলন৷ নলবাৰী কলেজৰ অধ্যাপিকা, লেখিকা, অনুবাদক আৰু চিনেমাৰ সহৃদয় অনুৰাগী হিচাপে ডঃ গোস্বামীয়ে ইতিমধ্যে নিজক প্ৰতিষ্ঠা কৰিছে ৷ ইংৰাজী আৰু অসমীয়া এই দুয়োটা ভাষাৰ ভাষাৰ ওপৰত থকা দখল, দক্ষতা, সাহিত্যিক বþুচিবোধ আৰু সাহিত্যৰ প্ৰতি থকা চিৰিয়াচ মনোভাৱ এই কিতাপখনৰ মাজেৰে স্পষ্টভাবে প্ৰকাশ পাইছে ৷

ইংৰাজী আৰু অসমীয়াৰ বাক্য গঠনৰ ধৰণ একে নহয়— এই পাৰ্থক্য অনুবাদৰ ক্ষেত্ৰত এক প্ৰকাণ্ড বাধা হিচাপে উপস্থিত হয় ৷ বহু অনুবাদকেই ইংৰাজী ঠাচঁৰ বাক্য গঠন অসমীয়াত ব্যৱহাৰ কৰি পাঠৰ স্বাভাৱিক সৌন্দৰ্য হৰণ কৰে, আনহাতে কিছুমানে অতিমাত্ৰা থলুৱা শব্দ ব্যৱহাৰ কৰি মূল কাহিনীৰ পৰিবেশ সংলগ্ন আবেদন আৰু সৌন্দৰ্য হ্ৰাস কৰে৷ ফলত পাঠকে মূল পাঠৰ আবেগ আৰু পৰিবেশৰ মাধুৰ্যৰ পৰা বঞ্চিত হয় ৷  এই ক্ষেত্ৰত ডঃ গোস্বামীৰ অনুবাদ এক উৎকৃষ্ট উদাহৰণ ৷ তেওঁ বৰ্হেছৰ মৌলিক গদ্যৰ ধাৰা, চিন্তনশীলতা আৰু সাহিত্যিক সৌন্দৰ্য অনুবাদৰ জৰিয়তে সজীৱ কৰি তুলিছে ৷ তেওঁৰ ভাষা নিৰ্বাচন সুক্ষ্ম আৰু সুসংবদ্ধ ৷  তেওঁ মূল গল্পৰ ভাব, ৰীতি আৰু দৰ্শন সংযতভাৱে ৰূপান্তৰ কৰিছে ৷ তেওঁৰ অনুবাদত ইংৰাজী-অসমীয়া সংঘাত নহয়, সমন্বয় দেখা যায় ৷

‘নীলা বাঘ আৰু অন্যান্য গল্প’ কেৱল অনুবাদ নহয়, ই অসমীয়া পাঠকৰ বাবে জৰ্জ লুইছ বৰ্হেছৰ বিশ্বত প্ৰবেশ কৰা এক মনোমোহা দুৱাৰ ৷ ডঃ গোস্বামীৰ এই গ্ৰন্থ সাহিত্যিক অনুবাদৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সংযোজন ৷


Thursday, July 24, 2025

জন্ম শতবৰ্ষত নীপ বৰুৱা | ২৫ জুলাই, মৃত্যুদিন উপলক্ষে


নীপ
 বৰুৱাক (জ. ১৯২৫-মৃ.১৯৯১) অসমৰ মানুহে মনত ৰাখিব এগৰাকী সফল চিত্ৰ পৰিচালক হিচাপে । কেইবাখনো ব্যৱসায় সফল ছবি পৰিচালনা কৰি আৰু প্ৰযোজনাৰ দিশতো জড়িত থাকি অসমীয়া ছবিজগতখনক স্বনিৰ্ভৰশীল কৰি তোলাৰ চেষ্টাত নিয়োগ কৰিছিল তেওঁৰ সমগ্ৰ চিত্ৰ-ভাবনা । কোৱা হয়, চিনেমা সপোন দেখা মানুহৰ আটাইতকৈ ডাঙৰ সপোন আৰু মনৰ ভিতৰত কিছু বলিয়ালি নাথাকিলে কোনেও চিত্ৰ নিৰ্মাণৰ দৰে শংকাপূর্ণ জগতত ভৰি দিবলৈ নাযায়। নীপ বৰুৱাই প্ৰায় শূন্যৰপৰাই আৰম্ভ কৰি সেই জগতত ভৰি দিছিল আৰু সেই খোপনি ধৰি ৰখাৰ সাহস আৰু নিষ্ঠা তেওঁৰ আছিল ৷

ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত নীপ বৰুৱাৰ দৰে আৰু বহু যুৱকৰ সপোন আছিল স্বাধীনতা প্রাপ্তিৰে নতুন হৈ উঠা দেশৰ নাগৰিক হিচাপে নতুন কিবা এটা কৰা। সেই বাবেই শিল্পকলাৰ পৰম্পৰাগত দিশবোৰৰ কেইবাবিধৰো জ্ঞান থকাৰ পাছতো নীপ বৰুৱা আগবাঢ়িছিল চিনেমাৰ দৰে তুলনামূলকভাবে নতুন কলা-মাধ্যমৰ পিনে। অসমত সেই সময়ত ছবি নিৰ্মাণৰ একো সুবিধা নাছিল, সকলো কামৰ বাবেই দৌৰিব লাগিছিল কলিকতালৈ। কাৰিকৰী দিশৰ মানুহ নাছিল। এই মাধ্যমটিৰ লগত পৰিচিতি পাৰদৰ্শী অভিনেতা-অভিনেত্রী আদিও আছিল সীমিত। আৰু এই ব্যয়বহুল কলা মাধ্যমটিত বিনিয়োগ কৰা ধনৰাজি ওভতাই অনাটোও আছিল অতি জটিল আৰু কষ্টসাধ্য কাম। চিনেমা নিৰ্মাণৰ প্ৰতি তেওঁ আগবাঢ়ি গৈছিল কোনো প্রশিক্ষণ নোহোৱাকৈয়ে।

আচলতে খেলেহে তেওঁৰ চিনেমা নিৰ্মাণৰ সুবিধা দিছিল। তেওঁ আছিল কৃতী ফুটবল খেলুৱৈ, গুৱাহাটীৰ বিখ্যাত ক্লাব মহাৰাণা দলৰ হৈ তেওঁ খেলিছিল, খেলপথাৰত তেওঁৰ স্থান আছিল চেন্টাৰ ফৰৱাৰ্ডত। খেলুৱৈ হিচাপে বিখ্যাত হোৱাৰ আগৰপৰাই তেওঁৰ নিচা আছিল চিত্রকলা, সঙ্গীত, মূৰ্তি নিৰ্মাণ, থিয়েটাৰ আদিৰ প্ৰতি। ব্ৰজেন বৰুৱাৰ লগত তেওঁ বাঁহী বজাইছিল। বিচিত্র বিষয়ৰ প্ৰতি তেওঁৰ যে এই আগ্ৰহ আছিল সেই কথা সুন্দৰকৈ লিখি গৈছে সৌৰভ কুমাৰ চলিহাই তেওঁৰ 'প্ৰথম ৰচনা' শীৰ্ষক লেখাত। চলিহাই লিখিছে— “...নিপ আছিল আমাৰ সমসাময়িক, আমাৰ ভিতৰত একমাত্র উদ্যোগী ল'ৰা। ছবি আঁকাত ৰাপ, তেতিয়াই চিনেমা- থিয়েটাৰৰ কথা কয়। পাছলৈ সঁচাকৈয়ে চিনেমা কৰিছে, সেই লাইনত নাম থকা ব্যক্তি ।... স্কুলত নিপেই উদ্যোগ কৰি এখন হাতে-লিখা আলোচনী বাহিৰ কৰিছিল, নাম দিছিল বোধকৰোঁ অঞ্জলি। তাৰ ছবিবোৰ নিপেই আঁকে, গল্প-কবিতাবোৰো নিপেই কষ্ট কৰি কৰি ধুনীয়া হাতৰ আখৰেৰে লিখি উলিয়ায়...।

নীপ বৰুৱাৰ নগৰাকী ককাই ভাইৰ আঠগৰাকীৰেই নাম তিনিটা আখৰৰ, প্ৰতিটো নামেই শেষ হৈছে '' আপনটোৰে। একমাত্র ব্যতিক্রম নীপ বৰুৱা। আচলতে নীপ বৰুৱাৰ নাম আছিল নৃপেন। খেলপথাৰেই তেওঁৰ নামটো নিপ কৰি দিলে। কাৰণ নৃপেন বুলি চিঞৰ মৰাতকৈ দৰ্শকে নীপ বুলি চিঞৰ মাৰিয়েই ভাল পায়। তেনেদৰেই নাম হৈ গ'ল নীপ, সেই খেলপথাৰেই তেওঁক চিনেমাৰ পিনে টানি লৈ গৈছিল ৷ মহাৰাণা ক্লাবৰ সভাপতি গৌৰী হিমৎসিংকাই নিপ বৰুৱাৰ খেল ইমানেই ভাল পাইছিল যে নীপ বৰুৱাৰ প্ৰথমখন ছবি প্ৰযোজনাৰ বাবে আগবাঢ়ি আহিছিল। ছবিৰ নাম আছিল স্মৃতিৰ পৰশ । সঙ্গীত পৰিচালক ব্ৰজেন বৰুৱা, গায়ক ৰমেন বৰুৱা, গীতিকাৰ কেশৱ মহন্ত আৰু পৰিচালক নীপ বৰুৱা –এই আটাইকেইজনৰেই প্ৰথম ছবি আছিল স্মৃতিৰ পৰশ। ফুটবল খেলৰ বাবেই তেওঁক ৰাধাগোবিন্দ বৰুৱাই ট্ৰিবিউন প্ৰেছত চাকৰি দিছিল, আৰ্টিষ্টৰ চাকৰি। তাৰপাছত অসম চৰকাৰৰ ফিল্ম অফিচাৰৰ চাকৰি। সেই চাকৰিতেই অৱসৰ গ্ৰহণ ৷

শৈশৱৰেপৰাই তেওঁ যেনেদৰে বিচিত্ৰ বিষয়ৰ প্ৰতি আগ্ৰহী আছিল তেনেদৰে তেওঁৰ শিক্ষাজীৱনো আছিল বৈচিত্র্যময়। কটন কলেজিয়েট হাইস্কুলৰপৰা উত্তীৰ্ণ হোৱাৰ পাছত কেইদিনমান ইঞ্জিনীয়াৰিং ইন্‌ষ্টিটিউটত পঢ়িলে, তাৰপাছত বৰোদাত পঢ়িলে আর্কিটেক, কিছু দিন পঢ়ি উভতি আহিল, তাৰপাছত কটন কলেজত বিজ্ঞান । পঢ়া অৰ্ধ সমাপ্ত কৰি ৰাখিয়েই চাকৰিত যোগদান। বয়স হোৱাৰ লগে-লগে খেলৰপৰা অৱসৰ আৰু চিনেমাত মনোযোগ।

তেওঁৰ আছিল সঙ্গীতৰ জ্ঞান, নিজে বাঁহী বজাইছিল, সঙ্গীতক্ষেত্ৰত আছিল তেওঁ স্বশিক্ষিত। ছবি আঁকিছিল, নিজেই আঁকিবলৈ শিকিছিল, তেওঁ অঁকা ছবিৰ ভিতৰত বিখ্যাত আছিল— পাফু চিৰিজৰ আৰম্ভণিৰ পিনৰ সংস্কৰণৰ বেটুপাতবোৰ, এক ৰঙেৰে অঁকা সেই ৰখাচিত্ৰৰ বেটুপাতবোৰৰ এচুকত ৰোমান হৰফেৰে চহী কৰা আছিল নীপ বুলি, আৰু আঁকিছিল তেওঁৰ ঘৰৰ সন্মুখৰ লতাশিল খেলপথাৰত অনুষ্ঠিত হোৱা ৰঙালী বিহু উদযাপন সমিতিগুৱাহাটী বিহু সম্মিলনী'ৰ প্ৰতীক চিহ্ন। সমান্তৰালভাৱে চলিছিল ফুটবল খেল। সেই স্প'ৰ্টছমেন স্পিৰিট তেওঁৰ ছবিবোৰৰ মাজতো প্রতিফলিত। কোনোবাখন ছবি হিট হৈছে, কোনোবাখন ছবি ফ্লপ হৈছে, তথাপি তেওঁ চিনেমা নিৰ্মাণ কৰি গৈছে, কেতিয়াও ছবিৰ ব্যৱসায়িক বিফলতাৰ ভাৰ কাৰো ওপৰত জাপি দিয়াৰ চেষ্টা কৰা নাছিল ।

আজি নীপ বৰুৱাৰ প্ৰথম পৰিচয় চলচ্চিত্ৰ নিৰ্মাতা হিচাপে। তেওঁৰ চিনেমাৰ নিজা চিনাকি আছে। সমগ্ৰ পৰিয়ালে একেলগে উপভোগ কৰিব পৰা আবেগপূর্ণ কাহিনীৰ শালীন পৰিৱেশন তেওঁৰ ছবিৰ মূল বৈশিষ্ট্য। শ্ৰুতিমধুৰ সঙ্গীত আৰু সুলিখিত গীতৰ কথা —এই দুটি দিশত তেওঁ কাহানিও আপোচ কৰা নাছিল। তেওঁৰ ছবিৰ অধিকাংশ গীতেই কেশর মহন্তই ৰচনা কৰা ৷

ছবিৰ ব্যৱসায়িক সফলতা নিশ্চিত কৰাটো তেওঁৰ প্ৰথম দৃষ্টি আছিল। আৰু নিজৰ স্বকীয়তা বিসর্জন নিদিয়াকৈ সেই কথাটো তেওঁ প্ৰতিপন্ন কৰিছিল। প্ৰযোজকে বিনিয়োগ কৰা ধন ওভতাই আনি দিব পাৰিলেহে তেওঁৰ পৰৱৰ্তী ছবিখন নিৰ্মাণ কৰাৰ যুক্তি থাকে বুলি বিশ্বাস কৰিছিল। নীপ বৰুৱাই হ'ল অসমৰ প্ৰথমগৰাকী চিত্রনির্মাতা, যিয়ে অসমীয়া ছবিৰ বজাৰখনৰ পৰিসৰ বৃদ্ধি কৰাৰ চেষ্টা কৰিছিল। সেই চেষ্টাৰে তেওঁ প্ৰথমে নিজৰ সোণমা ছবিখন বাংলাত ডাব কৰি উলিয়াইছিল, ককাদেউতা নাতি আৰু হাতী ছবিখনৰ বাংলা সংস্কৰণ পৰিচালনা কৰিছিল। তেওঁ এখন ছবিত জনপ্রিয় হিন্দী ছবিক অনুকৰণ কৰিছিল। এন্টনী মোৰ নাম নামৰ এই ছবিখনে নীপ বৰুৱাৰ নিজ পৰিচয়ৰ বিৰোধিতা কৰে, তেওঁ নিজেও পাছত সেই ছবিখন নিৰ্মাণৰ সিদ্ধান্ত ভুল আছিল বুলি পতিয়ন গৈছিল।

https://www.youtube.com/watch?v=PfI4j8uUPmo&list=RDPfI4j8uUPmo&start_radio=1

চিনেমাজগততফিল্ম ফেমিলী' বুলি এটা সংজ্ঞাৰ প্ৰচলন আছে। নীপ বৰুৱাই অসমৰ প্ৰথমটো ফিল্ম ফেমিলীৰ জনক। এটা পৰিয়ালৰ এটা প্ৰজন্মৰ সদস্যৰ মাজতে কেইবাগৰাকীও সফল পৰিচালক, চিত্ৰনাট্যকাৰ, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতাৰ আৱিৰ্ভাৱ এক বিৰল ঘটনা। ভাৰতীয় ছবিৰ ইতিহাসত ইমান সফল চিনেমা ফেমিলীৰ উদাহৰণ কম। এই ফেমিলীৰ অগ্ৰণী হিচাপেও নীপ বৰুৱাই ভাৰতীয় চিনেমাৰ ইতিহাসত বিশেষ মর্যাদা দাবী কৰে ।

 নীপ বৰুৱাই নিজৰ নামটো ‘নীপ’ হিচাপেই লেখিছিল ৷ কথাটো মোক কৈছিল কবি কেশব মহন্তই ৷ 'মাক আৰু মৰম' ছবিৰ পোষ্টাৰতো নীপ হিচাপেই লেখা আছিল ৷  নীপ কেনেকৈ নিপ হ’ল সেই কথা নাজানিলোঁ ৷ 

এই প্ৰবন্ধটি শোনিত বিজয় দাসৰ অনুৰোধত ‘কথা’ৰ বাবে লেখিছিলোঁ ৷ ইন্দ্ৰজিত দাসে অনুৰোধ কৰিলে, ২৫ তাৰিখে মৃত্যুদিনৰ লগত সংগতি ৰাখি লেখাটি পুনৰ মুদ্ৰন কৰিব লাগে ৷ তেওঁ লেখাটি সংগ্ৰহ কৰি মোলৈ পঠিয়াই দিলে ৷   তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৷

Wednesday, July 23, 2025

বিজ্ঞান বিষয়ৰ প্ৰবন্ধৰ এখন সুখপাঠ্য কিতাপ

বিজ্ঞান বিষয়ৰ প্ৰবন্ধ আৰু কল্প-কাহিনীৰ প্ৰতি এটি বিশেষ আগ্ৰহ আছে যদিও অসমীয়া ভাষাত এনে ধৰণৰ মনোগ্ৰাহী লেখনি পঢ়াৰ সুবিধা খুব কম ৷ এটা কথা ঠিক যে শিক্ষা জীৱনত আমাৰ দৰে কলা বা বাণিজ্য পৰিচালনাৰ পাঠ লোৱা সকলৰ বাবে বিজ্ঞান ভিত্তিক সকলো লেখাৰ ভিতৰত প্ৰবেশ কৰা কঠিন হৈ পৰে ৷ বিজ্ঞানৰ বহু লেখকে পঢ়া-শুনা কৰিয়েই লেখে আৰু তেখেতসকলৰ দৰে সকলোৱে সেই বিষয়বোৰ সমানেই জানে বুলি ধৰি লয় ৷ গতিকে তেখেতসকলে লেখনিবোৰ এনেকুৱা ঠাইৰ পৰা আৰম্ভ কৰে যে সেই প্ৰবন্ধত প্ৰবেশ আমাৰ দৰে পাঠকৰ বাবে প্ৰায় অসাধ্য হৈ পৰে ৷ কিন্তু কোনো লেখকেই পাঠকৰ অধ্যয়ণৰ পৰিসীমাৰ কথা জনাটো সম্ভব নহয় আৰু সকলো পাঠকক সন্তুষ্ট কৰাও সম্ভব নহয় ৷ অসমত বিজ্ঞান বিষয়ক লেখনিৰ প্ৰসাৰ সীমিত হৈ থকাৰ এয়াও এটা কাৰণ ৷ 

এনে পৰিবেশৰ মাজতো কেতিয়াবা একোটা প্ৰবন্ধই আমাক পঠন আনন্দ প্ৰদান কৰে ৷ তেনে এটা প্ৰবন্ধ আছিল সাদিনত প্ৰকাশিত ডিজিটেল আৱৰ্জনা বিষয়ক ৷ বিষয়বস্তু নতুন, প্ৰকাশশৈলী ভাল, আমাৰ দৰে কলা আৰু মেনেজমেণ্টৰ ছাত্ৰৰ মনত সোমাব পৰা ৷ লেখক ডঃ ৰাজীৱ শইকীয়ালৈ হোৱাটছ এপত মেছেজ এটা দিলোঁ, ফোনো কৰিলোঁ ৷

তাৰ পাচত তেখেতৰ পৰা উপহাৰ হিচাপে কিতাপ এখন আহিল- ‘সেউজ বিজ্ঞান আৰু অন্যান্য’ ৷  কিতাপখনৰ বহু কেইটা প্ৰবন্ধত আমাৰ প্ৰবেশ সহজসাধ্য নাছিল ৷ কেইটিমান আছিল সহজে বুজিব পৰা ৷ সেউজ পৰিবহন, পৰিবেশৰনৈতিকতা, ফাইভ জি নেটৱৰ্ক, ডিজিটেল ৰেডিঅ’, সংগীত, এ আই আদি প্ৰবন্ধৰ লগতে বিদ্যায়তনিক প্ৰবন্ধ কেইটিও পঢ়ি ভাল পালোঁ৷ অকল ভাল পোৱাই নহয়, ভালেখিনি নতুন নতুন কথা শিকাৰ সুবিধাও লাভ কৰিলোঁ৷ লেখকক ধন্যবাদ ৷ নতুন প্ৰযুক্তি বিভাগৰ প্ৰবন্ধকেইটি বিজ্ঞানৰ ছাত্ৰৰ বাবে সহজ হ’ব, কিন্তু আমাৰ বাবে নহয় ৷ কেতিয়াবা লেখকে আমাৰ দৰে পাঠকৰ কথা ভাবিও নতুন নতুন প্ৰযুক্তিৰ কথা লেখিলে আমি উপকৃত হ’ম ৷ 

প্ৰবন্ধকেইটিৰ প্ৰসংগত দুটা কথা ক’ব লাগিব- এক বহুক্ষেত্ৰত বাক্য-গাঁঠনি  ইংৰাজী বাক্যৰ দৰে হৈছে ৷ হয়তো এয়া অধিক ইংৰাজী অধ্যয়ণৰ ফল ৷  বাতৰি কাকতৰ বাবে লেখা প্ৰবন্ধৰ কিছুমান নিজা চৰিত্ৰ থাকে, কিতাপ আকাৰে প্ৰকাশৰ সময়ত সেইবোৰত হাত ফুৰাই দিলে ভাল হয় ৷ এই কিতাপখনতো তেনেকুৱা কাম অলপ বাকী থাকি গ’ল ৷ ছবি, ফটো, ভিডিঅ’ আদিৰ বাৰকোড আদিৰে কিতাপখন পাঠকৰ বাবে অধিক আকৰ্ষণীয় কৰাৰ ঠাই আছিল ৷  আশাকৰো পৰবৰ্তী কিতাপ প্ৰকাশৰ সময়ত তেখেতে কথাটো এবাৰ ভাবি চাব ৷ এইটোও সত্য যে মই ছবি-ফটো-ভিডিঅ’ লিংক আদি থকা কিতাপ ভাল পাও বুলিয়েই যে আনেও ভাল পাব তাৰ কোনো কাৰণ নাই ৷      





 

Tuesday, July 22, 2025

বসন্ত ভট্ট চাৰ গ’লগৈ

সম্পূৰ্ণ নাম বসন্ত কুমাৰ ভট্টাচাৰ্য, কিন্তু আমি সৰুৰে পৰাই বসন্ত ভট্ট নামেৰেই জানি আহিছোঁ ৷ কলেজত চাৰে অসমীয়া পঢ়াইছিল, খুব সুন্দৰ পঢ়াইছিল, ক্লাচ কেইটা কৰিলে ঘৰত পুণৰ পঢ়াৰ প্ৰয়োজন বোধ কৰা নাছিলোঁ ৷ ক্লাচৰুমৰ বাহিৰতো চাৰ আছিল অভিভাৱক, উৎসাহদাতা ৷  এবাৰ আমাৰ বন্ধুসদৃশ দাদা ভবেন দাসৰ কিতাপ এখনৰ বেটুপাত প্ৰস্তুত কৰিছিলোঁ ৷  ৰঙীন বেটুপাতৰ যুগত এক ৰঙৰ বেটুপাত ৷ অখ্যাত লেখকৰ বেটুপাত অখ্যাত কলেজীয়া ছাত্ৰৰ দ্বাৰা ৷ বেটুপাতখনলৈ চাই   ভবেনদা আৰু মই দুয়ো আত্মহাৰা হৈ আছিলোঁ ৷ তাৰ পাচত এটা চমক- গুৱাহাটীৰ পৰা প্ৰকাশিত নবীন বৰুৱাই প্ৰকাশ কৰা সম্ভবতঃ ‘প্ৰতীতি’ নামৰ আলোচনীত সেই বেটুপাতটিৰ বিষয়ে এটা লেখা- লেখিছে সেই সময়ৰ তাৰকা গল্পকাৰ দেবব্ৰত দাসে ৷ অবাক আৰু বিস্ময়াভিভূত হোৱাৰ বাহিৰে আমাৰ কৰিবলগীয়া একো নাছিল ৷ কিতাপঘৰ নামৰ কিতাপৰ দোকান আৰু আমাৰ লাইব্ৰেৰিত আমি সেই মুহূৰ্ত উপভোগ কৰি আছিলোঁ ৷ এনেতে বসন্ত ভট্ট চাৰ আহি সোমাল ৷ চাৰে আলোচনীখন চালে আৰু¸ ক’লে-  উৎপল, মোৰ এখন গল্পৰ কিতাপ ওলাব, তুমি এনেকুৱা কোভাৰ এটা কৰি দিবা ৷ সেই আনন্দৰ মুহূৰ্তত চাৰৰ এই কথা আছিল এটা ডাঙৰ পুৰষ্কাৰৰ দৰে ৷

সেই স্মৃতিৰেই চাৰলৈ শ্ৰদ্ধা নিবেদন কৰিলোঁ ৷ 

Tuesday, July 15, 2025

বিপ্লবী ব্ৰজনাথ

কলাক্ষেত্ৰৰ সচিব শ্ৰীযুত সুদৰ্শন ঠাকুৰে পৰিচালক শ্ৰীযুত অসীম কুমাৰ নাথৰ হাতত নাটকৰ পাণ্ডুলিপি আনুষ্ঠানিক ভাবে অৰ্পণ কৰিছে ৷

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই ‘পৰাক্ৰমী পূৰ্বোত্তৰ’ শিৰোণামাৰে সাতদিনীয়া নাট মহোৎসৱ এটিৰ আয়েজন কৰিছে ৷ এই নাট মহোৎসৱৰ বাবে নিৰ্বাচিত  নাটসমূহৰ এখন হ’ল ‘বিপ্লৱী ব্ৰজনাথ’ ৷ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, অবিনাশ শৰ্মা, প্ৰদীপ পূজাৰীৰ হেঁচা আৰু ডঃ বিস্মিতা দেৱীৰ নিৰন্তৰ সঁকিয়নিত নাটখন সম্পূৰ্ণ হৈছিল ৷ প্ৰকাশন পৰিষদৰ সচিব শ্ৰী প্ৰমোদ কলিতাই প্ৰয়োজনীয় প্ৰসংগ পুথি সংগ্ৰহ কৰি দি কামটো সম্পূৰ্ণ কৰাত সহায় কৰিছিল৷ 

আজি এই নাটকখনৰ শুভ মুহূৰত অনুষ্ঠিত হয় ৷  নাটখন পৰিৱেশন কৰিব ছিপাঝাৰৰ অগ্ৰণী নাট্য গোষ্ঠী ‘চৰ্চা’ই আৰু পৰিচালনা কৰিব অসীম কুমাৰ নাথে ৷ আজিৰ শুভ মুহুৰত অনুষ্ঠানত  বিশিষ্ট অভিনেতা শ্ৰীযুত প্ৰাঞ্জল শইকীয়া, সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত নাট-পৰিচালক শ্ৰীযুত অবিনাশ শৰ্মা, অধ্যাপক ডঃ ৰামচন্দ্ৰ ডেকা, প্ৰকল্প উপদেষ্টা সমিতিৰ সন্মানীয় সদস্য শ্ৰীযুত প্ৰদীপ পূজাৰী, মোৰ দীৰ্ঘ দিনৰ বন্ধু আৰু সহকৰ্মী শ্ৰীযুত নয়ন প্ৰসাদ, মোৰ কটন কলেজৰ জুনিয়ৰ আৰু পুৰষ্কাৰ বিজয়ী শিক্ষক পৱন কলিতা, ডঃ বিস্মিতা দেৱীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু ‘চৰ্চা’ পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকল, নাটখনৰ অভিনয় শিল্পীসকল তথা ভালেসংখ্যক নাট্যানুৰাগী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

এইখিনিতে মই লেখা আৰু অনুবাদ কৰা নাটকেইখনৰ নাম মনত পেলাই চালোঁ- আমি কেনে আছোঁ [মৌলিক- মঞ্চস্থ নহলেই], ষোল্ল জানুৱাৰিৰ নিশা [অনুবাদ, পৰিচালক সঞ্জীব হাজৰিকা], নাগমণ্ডল [অনুবাদ, পৰিচালক অবিনাশ শৰ্মা], টুগলক [অনুবাদ, পৰিচালক ভাগিৰথী], গডমাদাৰ [মৌলিক, পৰিচালক তপন দাস], কাঞ্চন [উপন্যাসৰ নাট্যৰূপ, দুবাৰ কৰা হৈছে- এবাৰ ভ্ৰাম্যমান থিয়েটাৰৰ বাবে - পৰিচালক ৰবীন নেওগ আৰু মই, এবাৰ অপেছাদাৰী মঞ্চৰ বাবে, পৰিচালক বিদ্যুৎ চক্ৰবৰ্তী], মেকবেথ [অনুবাদ, পৰিচালক ভাগিৰথী] ৷ আকাশবাণীৰ যুৱবানী অনুষ্ঠানৰ বাবে কেইবাখনো লেখিছিলোঁ আৰু পৰিচালনা কৰিছিলোঁ, অভিনয়ো কৰিছিলোঁ ৷ নামবোৰ মনত নাই, কেৱল দুখনৰ কথা মনত আছে-  এখন মাখন হাজৰিকাৰ গল্পৰ নাট্যৰূপ, আনখন নাট্য কলাজ-  অৰুণ শৰ্মাৰ নিবাৰণ ভট্টাচাৰ্য নাট, ফণী শৰ্মাৰ বিষয়ে অৰুণ শৰ্মাই লেখা প্ৰবন্ধ, চিৰাজ নাটক আদিৰ অংশ আদিৰে এই নাট্য কলাজ খন ৰচনা কৰিছিলোঁ, প্ৰযোজনাও কৰিছিলোঁ, নয়ন প্ৰসাদে সহায় কৰি দিছিল ৷ 







চৰ্চাৰ শিল্পীসকলৰ সতে

Saturday, July 12, 2025

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত


বড়োলেণ্ড বিশ্ববিদ্যালয়ত এবাৰ অনুষ্ঠিত হৈছিল জ্ঞান মহোৎসৱ ৷ নোবেল জয়ী পণ্ডিতে তাত অংশ লৈছিল৷ তেতিয়াৰে পৰা এই বিশ্ববিদ্যালয়খনিলৈ যোৱাৰ ইচ্ছা এটা জন্মিছিল ৷  আজি বিশ্ববিদ্যালয়ৰ ক’ৰ্ট মিটিঙত অংশ লোৱাৰ বাবেই সেই ইচ্ছা পূৰণ হ’ল ৷

বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক ডঃ চুমী কলিতাক লগ পাইছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটি ৰিফ্ৰেচাৰচ কোৰ্চত ৷ তেতিয়াই তেখেতে আমন্ত্ৰণ জনাইছিল ৷ আজি কোৰ্টৰ সভাৰ অন্তত তেখেতৰ বিভাগ পালোগৈ ৷ প্ৰথম মহলাৰ বিভাগটিৰ অংশখিনি যিমান পাৰে সেউজীয়া কৰি ৰাখিছে ৷ চিজন ফ্লাৱাৰ শেষ হোৱাৰ পাচত সেই টাববোৰত ভেন্দিৰ পুলি লগাই দিয়া হৈছিল, এতিয়া সেইবোৰে সেউজ শোভাত অৰিহণা যোগাইছে ৷ 

ডঃ কলিতাৰ কোঠত থকা কেইবাটিও আলমাৰী ভৰ্তি কিতাপবোৰ কৌতুহল উদ্দীপক ৷ আলমাৰীৰ আইনাৰ বেৰখন ভেদ কৰি চকু ভিতৰলৈ গ’ল- দেখা পালোঁ প্ৰায় আটাইবোৰ কিতাপৰে বেটুপাত একেই ৷ অলপ পাচতহে কথাটো বুজি পালোঁ ৷ কিতাপবোৰত সুন্দৰকৈ এক ৰঙৰ বকলা লগাই থোৱা হৈছে ৷  ভালেকেইখন গবেষণা পত্ৰ দেখা পালোঁ- পঢ়িবলৈ মন যোৱা বিষয়ৰ ৷ ডঃ কলিতাই দেখুৱালে বিভাগীয় পুথিভঁড়ালটি ৷ বিভিন্ন শুভাকাংক্ষীৰ চেনেহৰ উপহাৰেৰে ভঁড়ালটি সম্বৃদ্ধ ৷ ময়ো কেইখনমান কিতাপ পুথিভঁড়ালটিলৈ আগবঢ়াম ৷ 

তাৰ পাচত চালোঁ বিভাগীয় সংগ্ৰহালয়টি ৷ অসমৰ বাৰেৰহনীয়া সংস্কৃতিৰ নানান উপাদান তাত প্ৰদৰ্শন কৰা হৈছে ৷ ইয়াত ছাত্ৰ-ছাত্ৰীসকলৰ অৱদান বহু ৷ আকৃতিত সৰু, কিন্তু তাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ আবেগৰ স্পৰ্শ অনুভব কৰিব পাৰি ৷

আৰু এবাৰ যাম, তাত বহু সময় কটাম ৷

তলৰ ফটোত ডঃ চুমী কলিতাৰ সতে



Tuesday, July 8, 2025

অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ এখন মুকলি চিঠি- প্ৰসংগ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন

ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন কৰিবলৈ আপুনি বিশেষভাবে উদ্যোগ গ্ৰহন কৰি ৰাজ্যবাসীৰ প্ৰশংসা লাভ কৰিছে ৷ ইতিমধ্যে এই বিষয়ত আপুনি কৰিবলৈ লোৱা বিভিন্ন কামৰ সংবাদ বাতৰি কাকতত প্ৰকাশ পাইছে আৰু সেইবোৰে বুজাই দিছে যে কি বিশাল আয়োজনেৰে আপুনি অসমবাসীৰ প্ৰিয় ভূপেনদাৰ জন্ম দিৱস উদযাপনৰ পৰিকল্পনা কৰিছে ৷ ভূপেনদাৰ অন্তিম বিদায়ৰ সময়ত অসমবাসীয়ে কেনেদৰে ভুপেনদাৰ প্ৰতি নিজৰ অকৃত্ৰিম ভালপোৱা উজাৰি দিছিল, ঠিক তেনেদৰে এই জন্ম শতবৰ্ষৰ বৰ্ষজোৰা কাৰ্যক্ৰমত তাৰেই অন্য এক ৰূপ দেখা যাব ৷ বিদায়ৰ সময়ত ৰাইজৰ অংশগ্ৰহন আছিল স্বতঃস্ফূৰ্ত ৷ কিন্তু এইবাৰ এই আয়োজন হ’ব আপোনাৰ নেতৃত্বত ৷ যিকোনো কাম বিশালকৈ কৰাৰ এটি স্বাভাবিক মানসিকতা আপোনাৰ আছে আৰু বিভিন্ন কামত তাৰ প্ৰতিফলন ঘটিছে ৷ ভূপেনদাৰ জন্ম শতবৰ্ষৰ কাৰ্যক্ৰমণিকাত সেই বিশালতাৰ প্ৰতিফলন ঘটিব বুলি আমাৰ বিশ্বাস ৷     

ভূপেন হাজৰিকাৰ এখন জীৱনী ৰচনা কৰাই তাক হিন্দী-ইংৰাজীত প্ৰকাশ কৰাৰ যি ব্যবস্থা কৰিছে সেয়া প্ৰশংসনীয় ৷ এই আপাহতে আমাৰ মনত উদয় হোৱা কেইটামান কামৰ কথা আপোনাৰ বিবেচনাৰ বাবে উপস্থাপন কৰিছোঁ ৷ সেইবোৰ ইতিমধ্যে আপোনাৰ কৰ্মতালিকাত অন্তৰ্ভূক্ত হোৱাৰ সম্ভাবনাও নথকা নহয় ৷ 

চিত্ৰ পৰিচালক ভূপেন হাজৰিকাৰ আটাইকেইখন চিনেমা এতিয়া পোৱা নাযায় ৷ কিন্তু যিকেইখন পোৱা যায়, সেইকেইখন আনি অসম চৰকাৰৰ চলচ্ছিত্ৰ উন্নয়ণ আৰু বিত্ত  নিগমৰ আৰ্কাইভত ৰখাৰ ব্যবস্থা কৰিব লাগে ৷ সংৰক্ষণ কৰাৰ পূৰ্বে ছবি কেইখন ডিজিটেল প্ৰক্ৰিয়াত উন্নত কৰি ল’ব লাগিব ৷ অকল সংৰক্ষণেই নহয়, ছবিবোৰ ৰাইজে সহজতে চাবলৈ পোৱাৰ ব্যবস্থাও কৰিব লাগে ৷  জন্ম শতবৰ্ষৰ সময়তে ছবিকেইখনৰ এটি ফেষ্টিভেলৰ আয়েজেনা কৰিব পৰা যাব ৷ 

ভাৰত চৰকাৰে প্ৰতি বছৰে গোৱাত আয়েlজন কৰি অহা আন্তৰ্জাতিক ফিল্ম ফেষ্টিভেলত ‘হোমেজ’ নামৰ এটা শাখাত বিশেষ কেইগৰাকীমান প্ৰয়াত চলচ্ছিত্ৰকাৰৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰা হয় ৷ এইবাৰ এই শিতানত ভূপেন হাজৰিকাৰ ছবি প্ৰদৰ্শন কৰাৰ ব্যবস্থা কৰিব লাগে ৷ এই প্ৰসংগত মই বিভাগলৈ অনুৰোধ ইতিমধ্যে পঠিয়াইছোঁ ৷ কিন্তু এজন ব্যক্তিৰ অনুৰোধতকৈ এগৰাকী মুখ্যমন্ত্ৰীৰ ইচ্ছা অধিক শক্তিশালী ৷ আশা ৰাখিছোঁ, আপোনাৰ উদ্যোগতে কামটি সফল হৈ উঠিব ৷ এই মহোৎসবত ভূপেন হাজৰিকাৰ ছবি প্ৰদৰ্শন হোৱাৰ লগে লগে দেশবিদেশৰ চলচ্ছিত্ৰ অনুৰাগীৰ মাজত নামটো পুনৰ বাৰ জিলিকি উঠিব ৷ 

শ্ৰীমন্ত শংকৰদেব কলাক্ষেত্ৰত ভূপেন হাজৰিকা বিষয়ৰ এটি সংগ্ৰহালয় আছে ৷ এই সংগ্ৰহালয়টিক আধুনিক আৰু জীৱন্ত কৰি তোলা কামটিও শতবৰ্ষ উদযাপনৰ লগতেই হ’ব পাৰে ৷ ভূপেন হাজৰিকাৰ গীত, চিনেমা, কিতাপ, ফটোগ্ৰাফ আদিক Interactive ৰূপত   উপস্থাপন কৰি এই সংগ্ৰহালয়টিক জীৱন্ত ৰূপ দিব পাৰি ৷ এই সংগ্ৰহায়লটিক প্ৰদৰ্শনৰ লগতে ভূপেন হাজৰিকা বিষয়ক গবেষণাৰ কামৰ বাবেও উপযোগী কেন্দ্ৰ হিচাপে গঢ়  দিব পাৰি ৷ গবেষণাৰ প্ৰসংগ আহোতেই ক’ব পাৰি যে যিসকলে ভূপেন হাজৰিকাৰ জীৱনৰ বিভিন্ন দিশকলৈ গবেষণা কৰি আছে, তেওঁলোকক লগতে তেওঁলোকৰ গাইডসকলক চৰকাৰৰ তৰফৰ পৰা উৎসাহমূলক অৰ্থ সাহাৰ্য দিয়াৰ কথা ভাবিব পাৰি ৷ ভূপেন হাজৰিকা মানেই গীত, গতিকে জন্ম শতবৰ্ষত গীতৰ মেলা হ’বই ৷ কিন্তু গীতকেইটি নতুন ধৰণে উপস্থাপন কৰিব পাৰিলেহে ভূপেন হাজৰিকাৰ কৰ্মৰাজিক আমি নতুন শতিকাত সম্মান প্ৰদৰ্শন কৰা হ’ব ৷ যিসকলৰ বিভিন্ন ধৰণৰ গীত শুনাৰ অভিজ্ঞতা আছে, গীত পৰবেশন পদ্ধতিক নতুন ধৰণে চোৱাৰ মানসিকতা আছে, তেনে লোকে এই কামত সহযোগ কৰিব পাৰিব ৷ 

কিছুদিনৰ আগতে শ্ৰীযুত মুকুল এম বৈশ্যয়ো ‘সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক গৱেষণা প্ৰকল্প’ শিৰোণামাৰে এটি প্ৰস্তাব দিছিল ৷ সেই কথাখিনিকো একেলগে সামৰি লৈছোঁ ৷ তেখেতে লেখিছিল- 

‘আজিৰ অসমত এটা অত্যাধুনিক, হাই-টেক, মাল্টি-ডাইমেনছনেল, মাল্টি-ফেচিলিটেড সাংস্কৃতিক গৱেষণা প্ৰকল্পৰ অতিকে প্ৰয়োজন ৷ এটা বিশাল গৱেষণা প্ৰকল্প য’ত থাকিব হাই-টেক ডিজিটেল আৰ্কাইভ, ডিজিটেল আৰু ফিজিকেল লাইব্ৰেৰী, অডিঅ’ আৰু ভিচ্যুৱেল লাইব্ৰেৰী, আলোচনা কক্ষ, প্ৰেজেনটেছন হল আৰু ফেচিলিটিচ, গৱেষণা কক্ষ, অধ্যয়ণ চক্ৰ, চিনেমা স্ক্ৰীণ আৰু ডিচকাচন লবি ৷ লগত থাকিব উচ্ছ মেধা সম্পন্ন সাংস্কৃতিক স্কলাৰচ আৰু কাৰ্যকৰী কমিটি, গৱেষণা কৰিবলৈ অহা গৱেষক আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ সুবিধা ৷ এনে এটা সাংস্কৃতিক গৱেষণা কেন্দ্ৰ অসমত আজিলৈকে গঢ় লৈ নুঠিল য’ত একেলগে ভাষা-সাহিত্যৰ পৰা আৰম্ভ কৰি সংগীত, চিত্ৰ-ভাস্কৰ্য, ইতিহাস, নৃতত্ব আৰু পুৰাতত্ব, চলচ্ছিত্ৰ, ফটোগ্ৰাফী, ছপা মিডিয়া, ডিজিটেল মিডিয়া, বিজ্ঞাপন আদিৰ গৱেষণা সম্ভৱপৰ হয় ৷ লগতে ইয়াত থাকিব লাগিব সাংস্কৃতিক সমল সমূহৰ ওপৰত প্ৰকাশিত শেহতীয়া গ্ৰন্থৰাজি, ডিজিটেল মিডিয়া, প্ৰদৰ্শনীৰ ব্যৱস্থা আৰু আন সমলসমুহ ৷ অসমীয়া গৱেষকৰ লগতে ইয়াত সুবিধা থাকিব লাগিব ভাৰতীয় তথা বিশ্ব গৱেষকৰ বাবে৷ থাকিব লাগিব ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় ফেল’শ্বিপৰ ব্যৱস্থা, যাতে বিদেশী গৱেষকে অসমীয়া আৰু ভাৰতীয় সংস্কৃতিৰ ওপৰত এই গৱেষণা প্ৰকল্পত গৱেষণা কৰাৰ দিশত আৰ্থিক সহায়ৰ লগতে  এক  অত্যাধুনিক পৰিবেশ লাভ কৰিব পাৰে ৷ এই সাংস্কৃতিক গৱেষণা প্ৰকল্পৰ নামাকৰণ হওক - ‘সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক গৱেষণা প্ৰকল্প’৷ সুধাকণ্ঠৰ প্ৰথম জন্ম শতবাৰ্ষিকীৰ সতে সংগতি ৰাখি অসম চৰকাৰে কৰিব পৰা কাম কেইটিমানৰ কথাৰে মাননীয় মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি ৷ এই প্ৰকল্প নিৰ্মাণৰ কথা বিবেচনা কৰিলে অসমীয়া জাতি যুগ যুগলৈ সমৃদ্ধ হ’ব ৷ এই প্ৰকল্পই আমাক বিশ্বদৰবাৰত চিনাকী দিব আৰু এশ বছৰৰ পিছত এদিন এই প্ৰকল্পই অসমীয়া জাতিৰ বৌদ্ধিক আৰু সাংস্কৃতিক চিন্তাৰ গৰিমা বহন কৰিব, ঐতিহ্য প্ৰতিফলিত কৰিব ৷’

এই ধৰণৰ কামৰ বাবে প্ৰয়োজন এটি বহল শিক্ষিত মন আৰু ৰাজনৈতিক সদিচ্ছা ৷ এই চৰকাৰখনৰ পৰা আমি এইখিনি আশা কৰিব পৰা পৰিবেশ এটা দেখিবলৈ পাইছোঁ ৷ 

আঠ জুলাই ২০২৫ ৰ নিয়মীয়া বাৰ্তাত প্ৰকাশিত