Thursday, August 10, 2023

তোমাৰ আকাশত তুমি উষ্ণ

তোমাৰ আকাশে তুমি উষ্ণ হয়ে আছ, তবু– বাহিৰেৰ আকাশেৰ শীতে নক্ষত্ৰেৰ হইতেসে ক্ষয়, নক্ষত্ৰেৰ মতন হৃদয় পৰিতেছে ঝৰে, ক্লান্ত হয়ে– শিশিৰেৰ মত শব্দ কৰে

বৰ্তমান প্ৰজন্মৰ মানুহৰ বাবে তচদ্দুক ইউচুফ এনে এক অকল্পনীয় অভিনেতা যাৰ প্ৰতিভাৰ নক্ষত্ৰ-বিস্ফোৰণ দেখাৰ সৌভাগ্য আমাৰ হোৱা নাই, দেখিছোঁ মাত্ৰ নিৰ্বাপনৰ পূৰ্বৰ ক্ষীণ স্থিৰ গম্ভীৰ দ্যুতি যাৰ তুলনা হয় সমগ্ৰ কোলাহলৰ পিচত নীৰৱ-নিৰ্জন চোতালৰ এচুকত জ্বলি ৰোৱা মাটিৰ চাকিৰ পোহৰৰ সতে যি পোহৰে এক নিৰ্মল পবিত্ৰ স্নিগ্ধতাৰে বুৰাই দিয়ে চৌপাশ আনকি দূৰৈৰ ছিদ্ৰহীন আন্ধাৰকো চৰ্তশূন্য প্ৰতিশ্ৰুতি দিয়ে সমাগত প্ৰভাতৰ বাবে ৷ নিশাৰ মাটিৰ চাকি অকল নিশাৰ চাকিয়েই নহয়, ই সন্মানিত হয় পৰবৰ্তী প্ৰভাতৰ আহ্বায়ক হিচাপে ৷ কিন্তু তচদ্দুকৰ অকাল বিয়োগৰ পৰা অতিক্ৰান্ত হোৱা প্ৰায় তিনিটি দশকৰ তথাকথিত সাংস্কৃতিক আলোড়নৰ অন্ততো প্ৰত্যক্ষ কৰিব নোৱাৰিলোঁ সেই দীপ্ত প্ৰতিভাৰ সেই দ্যূতিয়ে প্ৰভাবিত বা উত্তেজিত কৰি তোলা কোনোবা পুৰুষক যাৰ চকুত আছে আলোকৰ সন্ধান ৷ 

আমাৰ আগৰ প্ৰজন্মৰ মানুহ ভাগ্যবান এই বাবেই যে তেওঁলোকে মঞ্চত দেখা পাইছিল তচদ্দুক ইউচুফৰ পৰিচালনাৰ নাটক - ‘নাট্যকাৰৰ সন্ধানত ছয়টি চৰিত্ৰ’ অথবা ‘হাফ ট্ৰুথ’, দেখা পাইছিল কেনেদৰে তেওঁ অভিনেতা ৰূপে মঞ্চখনত বিচৰণ কৰে সিংহৰ দৰে, তেওঁলোকে শুনিছিল সেই গুৰুগম্ভীৰ কণ্ঠৰ ফুটবল খেলৰ ধাৰা বিবৰণী আৰু শুনিছিল ৰেডিঅ’ নাটত তেওঁ কৰা অনবদ্য অভিনয় ৷ নব শৰ্মা ৰচিত ‘শৃংগৰ ছাঁ’ নামৰ অনাতাঁৰ নাটখন আমাৰ প্ৰজন্মৰ মানুহেও শুনিছিল, অনুভব কৰিব পাৰিছিল কেনেদৰে একো একোটা শব্দৰ আবেগ, বুদ্ধি আৰু দক্ষতা মিশ্ৰিত উচ্চাৰণৰ মাজেৰে জন্ম হয় একো একোখন ছবিৰ– কেতিয়াবা তৈল চিত্ৰৰ দৰে গধুৰ, কেতিয়াবা সূক্ষ্ম ডিটেইলছৰ কাম থকা পানী ৰঙৰ ছবিৰ দৰে কোমল ৷ তেওঁৰ আছিল সেই অকল্পনীয় দক্ষতা যি দক্ষতাৰে তেওঁ বাক্য একোটি আধা উচ্ছাৰণ কৰিও নিৰ্ভুল ভাবে প্ৰকাশ কৰিব পাৰিছিল বাক্যটিৰ সম্পূৰ্ণ অৰ্থ আৰু ব্যঞ্জনা– সেই কথা লেখি থৈ গৈছিল নৱ শৰ্মাই, লেখিছিল - 

এই নাটকত [শৃংগৰ ছাঁ] বিপ্লবী গেৰিলা নেতাৰূপী ইউচুফৰ মুখত এটা সংলাপ আছিল– মনত ৰাখিব, শত্ৰু যেতিয়া বন্দী হয়, আমি তাক বন্ধুৰ আচৰণ কৰোঁ ৷ কিন্তু বন্দী যদি শত্ৰু হ’ব খোজে আমি তাক শেষ কৰি দিও ৷’ ৰেকৰ্ডিং হৈ গ’ল ৷ মোৰ আজিও স্পষ্টকৈ মনত আছে, ডাবিঙৰ সময়ত মই প্ৰযোজকক ক’বলৈ বাধ্য হলোঁ যে ইউচুফৰ সংযত অভিনয়ে ইমান সফলভাবে চৰিত্ৰটোৰ মানসিক দৃঢ়তা প্ৰকাশ কৰিছে যে পিচৰ ‘আমি তাক শেষ কৰি দিওঁ’ অংশটোৰ আৰু প্ৰয়োজন নাই, সেয়ে কাটি দিয়া হওক ৷ 

তচদ্দুকৰ কণ্ঠ যিসকলৰ শুনাৰ সৌভাগ্য হৈছিল, তেওঁলোকৰ প্ৰত্যেকেই এটা দুখৰ বোজা মনৰ মাজত বহন কৰি থাকিব লাগিব– তচদ্দুকৰ সেই কণ্ঠৰ কোনা সঠিক বাণীবন্ধন ভবিষ্যতৰ বাবে ৰৈ নগ’ল ৷ কোনো নাটক, কোনো কবিতা আবৃত্তি, কোনো গদ্য পাঠ, একো নাই ৷ তচদ্দুকৰ বন্ধু সংখ্যা কম নাছিল, সংস্কৃতিবান-অৰ্থবান সকলো ধৰণৰ বন্ধুই তেওঁৰ আছিল, কিন্তু সেই সকলে কিয় তচদ্দুকৰ কণ্ঠৰ কিছু নমুনা বাণীবদ্ধ কৰি থোৱাৰ কথা নাভাবিলে, কিয় সেই কামটোক জাতীয় দায়িত্ব হিচাপে গ্ৰহণ নকৰিলে সেই কথা উত্তৰ বিচাৰি এতিয়া একো লাভ নাই ৷ 

কেৱল আছে কেইখনমান চিনেমা– সেই কেইখনত পোৱা যাব তেওঁৰ অভিজাত চেহেৰা, কণ্ঠ, কেমেৰাৰ ফ্ৰেমটোক দমন কৰি ৰাখিব পৰা অভাবনীয় ব্যাখ্যাতীত উপস্থিতি আৰু অভিনয়– অভিনয়ৰ কথাটোত কিছু সন্দেহ ৰৈ যায়, কাৰণ তেওঁ যিবোৰ ছবিত অভিনয় কৰিছিল সেইবোৰত তেওঁৰ দৰে প্ৰতিভাধৰ ব্যক্তিৰ কৰিবলগীয়া বিশেষ একো নাছিল ৷ তেওঁৰ অসামান্য যাদুকৰী উপস্থিতিয়েই পৰ্দাখন নিস্প্ৰভ কৰি তুলিছিল আৰু তাৰ লগত আছিল বিৰল বেৰিটোন ভইচ ৷ ভাবিলে দুখ লাগে অসমীয়া চিনেমাই তেওঁক তেওঁৰ জোখৰ এটা ভাল চৰিত্ৰ দিব নোৱাৰিলে ৷ সমৰেন্দ্ৰ নাৰায়ন দেৱৰ ‘অৰণ্য’ ছবিত তেওঁ আছিল ভিলেইন- সকলো দিশৰ পৰা অলপ চকুত লগা, জনচ মহলীয়াৰ ‘দূৰণীৰ ৰং’ ছবিত তেওঁৰ চফিটিকেটেড লুকটোৰ ভাল ব্যবহাৰ কৰা হৈছিল, নিপ বৰুৱাৰ ‘বৰুৱাৰ সংসাৰ’ ছবিৰ দুৰ্বল, অসহায়, দুখীয়া স্কুল মাষ্টৰৰ চৰিত্ৰত তেওঁক কোনোপধ্যেই মানি ল’ব নোৱাৰি– আৰু সেইটো চৰিত্ৰত তেওঁৰ সেই শক্তিশালী আৰু গধুৰ কণ্ঠৰ কোনোপধ্যেই নিমিলে ৷ এইবোৰৰ মাজতে তচদ্দুকে অভিনয় কৰিছিল সমৰেন্দ্ৰ নাৰায়ন দেৱৰ ‘পুতলা ঘৰ’ ছবিত, সেই ছবিত তেওঁ কণ্ঠৰ সন্মান ৰক্ষা কৰিব পৰা বা ব্যবহাৰ কৰিব পৰা কোনো সংলাপ নাছিল, কিন্তু আছিল চিনেমেটিক অভিনয়ৰ বাবে দুটামান সুন্দৰ মুহূৰ্ত– তাৰে এটা, ছবিৰ শেষত, গাঁৱৰ মৌজাদাৰ তচদ্দুকৰ পুত্ৰ দুৰ্ঘটনাগ্ৰস্ত হৈ হস্পিতালৰ বিছনাত শয্যাগত, তেওঁক লগ পাবলৈ আহি লগ পালে হস্পিতালৰ কোঠাৰ পৰা ওলাই অহা এক অপৰিচিত যুৱতীক– তেওঁৰ মনত উদয় হোৱা সহস্ৰ প্ৰশ্ন এটা শব্দৰে ওলাই আহিল - ‘তুমি ? ’ লগে লগে ছবি শেষ– এটা অতি জটিল সামৰণি আৰু তাতকৈও জটিল সেই মুহূৰ্তৰ প্ৰশ্ন-ৰহস্যক এটি মাত্ৰ শব্দ আৰু অভিব্যক্তিৰে প্ৰকাশ কৰাটো, সেই পৰীক্ষা সফলতাৰে উত্তীৰ্ণ হৈ তচদ্দুকে পোৱা সীমিত সুবিধাৰ সঠিক ব্যবহাৰ কৰাই নহয় এখন অগতানুগতিক ছবিৰ পৰিচালকক দি গ’ল ব্যতিক্ৰমী চিন্তাৰ সাহসৰ বাবে যোগ্য উপহাৰ ৷ ইন্দুকল্প হাজৰিকাৰ জোৰা-তাপলি মৰা ছবি ‘নিয়তি’ত তেওঁ অভিনয় কৰিছিল এটি অবিকশিত চৰিত্ৰত কিন্তু তাত লাভ কৰিছিল এটি ‘ফিল্মি’ সংলাপ কোৱাৰ সুবিধা - নায়িকাৰ ঘৰত ড্ৰাইভাৰৰ ভেশচন ধৰি থকা ভিলেইনে শেষত নায়িকাক নিজৰ পৰিচয় দিছে - ‘তোমাৰ আজীৱন ড্ৰাইভাৰ বিষ্ণু’৷ 

অকল চেহেৰা, কণ্ঠ আৰু অভিনয় দক্ষতাই তচদ্দুকক এক বিৰল শিল্পীব্যক্তিত্বলৈ ৰূপান্তৰিত কৰা নাছিল ৷ এই গুণবোৰৰ লগত তেওঁৰ আছিল সাহিত্য অধ্যয়নৰ প্ৰতি গভীৰ অনুৰাগ ৷ অসমীয়া-হিন্দী-বঙালী-ইংৰাজী আৰু কিছু পৰিমাণে উৰ্দ্দু- এই ভাষাকেইটাৰ সাহিত্যৰ লগত তেওঁৰ আছিল গভীৰ পৰিচয় আৰু আছিল সাহিত্যৰ সৌন্দৰ্যসুধা পান কৰাৰ অদমনীয় আকুলতা ৷ সেইবাবেই তেওঁ বিচাৰি উলিয়াব পাৰিছিল জে বি প্ৰিষ্টলিৰ ‘এন ইন্সপেক্টৰ কলছ’ আৰু ভবেন্দ্ৰ নাথ শইকীয়াৰ হতুৱাই অনুবাদ কৰাই মঞ্চস্থ কৰিছিল ৷ নিজে অনুবাদ কৰিছিল ‘দা হাফ ট্ৰুথ’৷ তেওঁ কোনো নাট্য বিদ্যালয়ৰ ছাত্ৰ নাছিল য’ত নেকি তেওঁ পৰিচয় লাভ কৰিব পাৰে বিশ্ববিখ্যাত নাটকৰ, তেওঁ নাটকৰ লগত পৰিচিত হৈছিল সাহিত্যৰ পাঠক হিচাপেই আৰু তাৰ পৰা বিচাৰি উলিয়াইছিল লৈছিল সেই নাটকক মঞ্চলৈ লৈ যোৱাৰ গোপন মন্ত্ৰ ৷ 

তেওঁৰ সাহিত্য অনুৰাগ অকল অধ্যয়নতেই আবদ্ধ নাছিল, দুই একৰ এৰাব নোৱৰা দাবীত হাতত তুলি লৈছিল কলম, উপহাৰ দিছিল একোটি সুন্দৰ লেখা– সেইবোৰত ক’ব খোজা কথাৰ লগতে প্ৰকাশ পাইছিল সাহিত্যৰ নন্দনতত্ত্বৰ প্ৰসংগত তেওঁৰ উপলব্ধি ৷ এই গুণে প্ৰতিষ্ঠা কৰিছিল তেওঁৰ ‘অথৰশ্বিপ’৷ তেওঁৰ সীমিত সংখ্যাৰ লেখাৰ মাজতে এই অথৰশ্বিপৰ প্ৰমাণ পোৱা যায় ৷ সাংবাদিক প্ৰণব কুমাৰ বৰাৰ জোৰ-জবৰদস্তিৰ অন্তত তেওঁ হলিউদৰ এক প্ৰেম কাহিনী লেখিছিল, লেখাৰ অব্যৰ্থ শিৰোণামা দিছিল ‘প্ৰেমৰ কথাটো আৰু আনক ক’ব নোৱাৰি’৷ নীলাচল কাকতত হোমেন বৰগোহাঞিৰ দাবীত লেখিছিল নিজৰ জীৱনৰ কিছু কথা ৷ মই সম্পাদনা কৰা ‘চলচ্চিত্ৰ কথা’ নামৰ সংকলনটিৰ বাবেও তেওঁ মোৰ হাতত তুলি দিছিল চলচ্চিত্ৰ আৰু সৃজনীশীল কল্পনা বিষয়ক এটি প্ৰবন্ধ ৷ 

শ্ৰদ্ধেয় পবিত্ৰ কুমাৰ ডেকাই দিয়া চিঠি এখন লৈ প্ৰায় তিনি দশক আগতে তেওঁৰ ঘৰ ওলাইছিলোঁ, ৰূপকাৰৰ বাবে সাক্ষাৎ লোৱাৰ বাবে ৷ সেই সময়তে মই তেওঁৰ ওচৰ চাপি গৈছিলোঁ, ঠিক যোৱা নহয়, শিল্প-সাহিত্যৰ বিষয়ে তেওঁ ধাৰণ কৰা উচ্চ আদৰ্শই আছিল সেই আকষৰ্ণৰ মূল ৷ 

ড্ৰয়িং ৰূমত বহি তেওঁৰ কণ্ঠত তেওঁৰ প্ৰিয় কবি হীৰেণ ভট্টৰ কবিতা শুনাৰ বিৰল সৌভাগ্য হৈছিল ৷ এদিন কৈছিলোঁ - আপোনাৰ কণ্ঠ গ্ৰীক ভাস্কৰ্যৰ দৰে ওজন থকা, কঠোৰ আৰু টান ৷ আপোনাৰ কণ্ঠত ভাল লাগিব জীবনানন্দ আৰু নৱকান্তৰ কবিতা ৷ বহি থকাৰ পৰা তেওঁ ভিতৰলৈ উঠি গৈছিল আৰু অলপ পিচত হাতত লৈ আহিছিল দুখন কিতাপ, ব্ৰাউন কাকতেৰে কোভাৰ লগোৱা ৷ শুনাইছিল নৱকান্ত বৰুৱাৰ ৰাৱণ আৰু জীবনানন্দৰ বহু কবিতা ৷ 

এতিয়া আৰু ভাবি লাভ নাই সিদিনা কিয় মোৰ হাতত নাছিল টেইপ ৰেকৰ্ডাৰ ৷ সেই কণ্ঠ ধৰি ৰাখিব পৰা হ’লে ? আজিও টেইপ ৰেকৰ্ডাৰ অবিহনেও মোৰ কাণত বাজি থাকে - 

সমস্ত দিনেৰ শেষে শিশিৰেৰ শব্দেৰ মতন সন্ধ্যা আসে, ডানাৰ ৰৌদ্ৰেৰ গন্ধ মুছে ফেলে চিল, পৃথিবীৰ সব ৰং নিভে গেলে পাণ্ডুলিপি কৰে আয়োজন, তখন গল্পেৰ তৰে জোনাকিৰ ৰঙে জিলমিল, সব পাখি ঘৰে আসে– চব নদী– ফুৰায় এ জীবনেৰ সব লেনদেন, থাকে শুধু অন্ধকাৰ, মুখোমুখি বসিবাৰ বনলতা সেন ৷ 

তচদ্দুকক লগ নোপোৱা হলে আমিও হয়তো অনুভব নকৰিলোঁহেতেন কি অন্ধকাৰৰ সন্মুখত আমি এতিয়াও বহি আছোঁ ৷ 

'আমাৰ চিনাকি তচদ্দুক ' কিতাপখন মোৰ সম্পাদনাত বিস্ময় প্ৰকাশনে প্ৰকাশ কৰিছিল ৷ বেটুপাতৰ ফটোখন মই তোলা, বেটুপাতটি সজাই দিছিল বেণু মিশ্ৰই ৷ কিতাপখন এতিয়া উইকিচোৰ্চত পোৱা যায় ৷ ইয়াতে লিংকটো দিয়া হ'ল -  https://cutt.ly/TwfWuR6k

No comments:

Post a Comment

Featured Post

A memorable classical concert

  As part of the 90th anniversary celebration of Akashvani, Akashvani Ranchi presented a memorable classical concert by the renowned sitar-s...