Sunday, August 13, 2023

ছছিয়েল মিডিয়া আৰু মহিলাসমাজ


বাতৰি কাকতত প্ৰায়ে পঢ়িবলৈ পোৱা এটি খবৰ হ’ল ফেচবুকৰ যোগে চিনাকি হৈ বিভিন্ন পুৰুষ মহিলাৰ মাজত প্ৰেম হৈছে, কোনোবাই বিদেশৰ জোৱাই আনিছে কোনোবাই বোৱাৰী হৈ বিদেশ পাইছেগৈ ৷ তাৰ পাচত সুখৰ সংসাৰ বা লটিঘটি-অপৰাধ ইত্যাদি ৷ আৰু এবিধৰ খবৰ কমকৈ ওলায়- অমুক ঠাইৰ মহিলা বা যুৱতীয়ে ঘৰতে বহি দেশ বিদেশত কাপোৰ-অলংকাৰ-হস্তশিল্পৰ সামগ্ৰী বিক্ৰি কৰি আছে ৷ এই দুটা সাধাৰণ উদাহৰণহে মাত্ৰ৷ বাস্তবত সামাজিক মাধ্যমবোৰে জনজীৱনক ব্যাপক ধৰণে প্ৰভাবিত কৰিছে ৷ এই বিষয়টোকে লৈ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ মেনেজমেন্ট বিভাগৰ সহযোগী অধ্যাপিকা মানসী মেধি ভূঞাই গবেষণা কৰি পি এইচ ডি ডিগ্ৰি লাভ কৰিছে ৷ সামাজিক মাধ্যম আৰু মহিলা বিষয়ত তেখেতৰ সতে হোৱা কথাবতৰাৰ এয়া সংক্ষিপ্ত ৰূপ -  

প্ৰশ্নঃ যোৱা কেইবছৰমানৰ ভিতৰত অসমত ছ’চিয়েল মিডিয়াৰ বিকাশ সন্দৰ্ভত আপোনাৰ মতামত কি ? 

উত্তৰ: সুলভ মূল্যৰ স্মাৰ্টফোন আৰু ডাটা প্লেনৰ উপলব্ধতা বৃদ্ধি পোৱাৰ লগে লগে ৰাজ্যখনত ইণ্টাৰনেটৰ উত্থান ঘটিছে ৷ ফলত ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহ অসমৰ মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে, বন্ধু-বান্ধৱী, পৰিয়াল, আৰু সামগ্ৰিকভাৱে বিশ্বৰ সৈতে সংযোগ স্থাপন কৰিছে ৷ বিভিন্ন ছছিয়েল মিডিয়া প্লেটফৰ্মৰ ভিতৰত এতিয়াও ফেচবুক ৰাজ্যৰ অন্যতম জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ৷ মানুহৰ লগত সংযুক্ত হৈ থকা, আপডেট শ্বেয়াৰ কৰা, ইজনে সিজনৰ লগত মত বিনিময় কৰাৰ এক সাধাৰণ উপায় হোৱাৰ লগতে ব্যৱসায়, সংস্থা, আৰু গ্ৰাহকৰ ওচৰলৈ যাবলৈ ফেচবুক এক অপৰিহাৰ্য মঞ্চত পৰিণত হৈছে ৷ বাৰ্তা প্ৰেৰণ, ভইচ কল, মাল্টিমিডিয়া কণ্টেণ্ট শ্বেয়াৰ কৰাৰ বাবে হোৱাটছএপ বহুলভাৱে ব্যৱহাৰ হৈ আছে ৷ ইউটিউবৰ জনপ্ৰিয়তা দ্ৰুতগতিত বাঢ়িছে ৷ লগতে অসমৰ নৱপ্ৰজন্মৰ মাজত ইনষ্টাগ্ৰামৰ আকৰ্ষণ যথেষ্ট বৃদ্ধি পাইছে ৷ ফটো, চুটি ভিডিঅ’ শ্বেয়াৰ কৰাৰ বাবে ই এক জনপ্ৰিয় মঞ্চত পৰিণত হৈছে ৷ এই প্লেটফৰ্মবোৰৰ তুলনাত অসমত টুইটাৰৰ উপস্থিতি তুলনামূলকভাৱে কম ৷ কিন্তু ৰাজহুৱা ব্যক্তি আৰু প্ৰভাৱশালী ব্যক্তিৰ বাতৰি, আলোচনা, আপডেটৰ প্ৰতি আগ্ৰহীসকলৰ বাবে ই প্ৰাসংগিক হৈয়েই আছে ৷ ছ’চিয়েল মিডিয়াৰ দ্ৰুত বৃদ্ধিয়ে সুযোগ আৰু প্ৰত্যাহ৩ান দুয়োটাকে কঢ়িয়াই আনিছে ৷ ভুল তথ্য, ভুৱা বাতৰি, আৰু ঘৃণামূলক ভাষণ আদি কিছুমান বিষয়ৰ ক্ষেত্ৰত ব্যবহাৰকৰোঁতাসকল সজাগ হোৱাটো প্ৰয়োজনীয় ৷  

প্ৰশ্নঃ ছ’চিয়েল মিডিয়াৰ আগমনে মহিলাসকলক কেনেদৰে প্ৰভাৱিত কৰিছে ? 

উত্তৰ:  ছ’চিয়েল মিডিয়াই অসমৰ নাৰীক প্ৰভাৱিত কৰিব পৰা কিছুমান দিশ এনেধৰণৰ - ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে অসমৰ মহিলাসকলক নিজৰ মনৰ কথা প্ৰকাশ কৰাৰ প্লেটফৰ্ম দিছে ৷  এই অংশগ্ৰহণে মহিলাসকলক ৰাজহুৱা কণ্ঠস্বৰ হ’বলৈ উৎসাহিত কৰিছে ৷ তেনেদৰে অনলাইন কমিউনিটি আৰু সহায়ক গোট সৃষ্টি কৰাত সহায় কৰিছে য’ত অসমৰ মহিলাসকলে সমমনা ব্যক্তিৰ সৈতে সংযোগ স্থাপন কৰি বিভিন্ন সামাজিক কামত অংশ লৈছে ৷  এই নেটৱৰ্কসমূহ বিশেষকৈ গ্ৰাম্য অঞ্চলৰ সমৰ্থন আৰু সম্পদ লাভৰ ক্ষেত্ৰত ভৌগোলিক বাধাৰ সন্মুখীন হোৱা মহিলাসকলৰ বাবে মূল্যৱান ৷ অসমৰ নাৰী সম্পৰ্কীয় বিভিন্ন বিষয় যেনে- লিংগ সমতা, মহিলাৰ সজাগতা বৃদ্ধিত ছ’চিয়েল-মিডিয়াই যথেষ্ট সহায় কৰিছে ৷ ছছিয়েল মিডিয়াৰ বাবেও মহিলা উদ্যোগী আৰু স্বনিয়োজিত পেছাদাৰীসকলৰ সংখ্যা বৃদ্ধি পাইছে ৷  অসমৰ মহিলাৰ ওপৰত ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ জটিল আৰু বহুমুখী বুলি স্বীকাৰ কৰাটো অতি প্ৰয়োজনীয় ৷ ই বহু ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আনিছে যদিও মহিলাসকলৰ বাবে এক নিৰাপদ আৰু সৰ্বাংগীণ অনলাইন পৰিৱেশ নিশ্চিত কৰিবলৈ এই বিষয়ত ভালেমান কাম কৰাৰ প্ৰয়োজন আছে ৷ 

প্ৰশ্নঃ মহিলাৰ ওপৰত ছ’চিয়েল মিডিয়াৰ প্ৰভাৱৰ সামগ্ৰিক ছবিখন কেনেকুৱা ? 

উত্তৰ: ছ’চিয়েল মিডিয়াই মহিলাসকলৰ ওপৰত ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱ পেলাইছে, তেওঁলোকৰ জীৱনৰ বিভিন্ন দিশত প্ৰভাৱ পেলাইছে, য’ত আত্মসন্মান, শৰীৰৰ প্ৰতিচ্ছবি, মানসিক স্বাস্থ্য, সম্পৰ্ক, পেছাদাৰী সুযোগ আদি অন্তৰ্ভুক্ত ৷ ব্যক্তিগত অভিজ্ঞতা, সাংস্কৃতিক পটভূমি, আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি এই প্ৰভাৱসমূহ যথেষ্ট ভিন্ন হ’ব পাৰে বুলি বুজাটো অতি প্ৰয়োজনীয়৷ ছ’চিয়েল-মিডিয়াই অবাস্তৱ সৌন্দৰ্য্যৰ মানদণ্ড আৰু তুলনামূলক কথাত অৰিহণা যোগাব পাৰে, যাৰ ফলত আত্মসন্মান আৰু শৰীৰৰ অসন্তুষ্টি বৃদ্ধি পায় ৷ মহিলাসকলে এই আদৰ্শগত প্ৰতিচ্ছবিৰ সৈতে খাপ খুৱাবলৈ হেঁচা অনুভৱ কৰিব পাৰে, যিয়ে তেওঁলোকৰ ভাবমূৰ্তিত নেতিবাচক প্ৰভাৱ পেলাব পাৰে ৷ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত চাইবাৰ গুণ্ডাগিৰি আৰু অনলাইন হাৰাশাস্তিৰ ফলত মহিলাসকল প্ৰায়ে অসমতাপূৰ্ণভাৱে প্ৰভাৱিত হয় ৷ ইয়াৰ ফলত আৱেগিক দুখ, উদ্বেগ, আনকি হতাশাও হ’ব পাৰে ৷  ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰৰ লগত নিসংগতা, উদ্বেগ, হতাশাৰ অনুভূতি বৃদ্ধি হ’ব পাৰে ৷ আপাত দৃষ্টিত নিখুঁত জীৱনৰ অবাস্তৱ চিত্ৰণে অপৰ্যাপ্ততা আৰু সামাজিক বিচ্ছিন্নতাৰ অনুভূতিৰ সৃষ্টি কৰিব পাৰে৷ ছছিয়েল মিডিয়াত মহিলাসকলে নিজৰ কণ্ঠস্বৰ উত্থাপন কৰা মঞ্চ এখন লাভ কৰিছে ৷ ইয়াৰ দ্বাৰা বিভিন্ন আন্দোলনে গতি লাভ কৰিবলৈ সক্ষম হৈছে, লিংগ সমতা আৰু নাৰীৰ অধিকাৰৰ প্ৰসাৰ ঘটাইছে ৷ একেসময়তে কিন্তু মহিলাসকলে ছ’চিয়েল মিডিয়াত অনন্য গোপনীয়তা আৰু সুৰক্ষাৰ প্ৰত্যাহ৩ানৰ সন্মুখীনো হৈছে ৷ ছ’চিয়েল-মিডিয়াই সম্পৰ্কত ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশতে প্ৰভাৱ পেলাব পাৰে ৷ ই যোগাযোগৰ সুবিধা আৰু সংযোগ শক্তিশালী কৰিব পাৰে যদিও ঈৰ্ষা, বিশ্বাসৰ সমস্যা বা ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে৷ আনহাতে, ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰে সময় নষ্ট কৰিব পাৰে আৰু জীৱনৰ অন্যান্য ক্ষেত্ৰত উৎপাদনশীলতা হ্ৰাস কৰিব পাৰে ৷ মহিলাসকলে ছ’চিয়েল মিডিয়াত নিজৰ জীৱনক আনৰ সৈতে তুলনা কৰাৰ বাবে সহজলভ্য সমল পাব পাৰে, যাৰ ফলত অপৰ্যাপ্ততাৰ অনুভৱ আৰু আনৰ অনুভৱ হেৰুৱাই পেলোৱাৰ ভয়ৰো সৃষ্টি হ’ব পাৰে ৷ ছ’চিয়েল মিডিয়াৰ কাষ চাপিব পৰাটো গুৰুত্বপূৰ্ণ কথা, কিন্তু একেলগে সুস্থ সীমা নিৰ্ধাৰণ কৰা আৰু ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ বিষয়ে সচেতন হোৱাটোও সমানেই গুৰুত্বপূৰ্ণ ৷ প্লেটফৰ্ম, ব্যৱহাৰকাৰী, আৰু সমাজে একেলগে কাম কৰি মহিলা আৰু সকলো ব্যক্তিৰ বাবে অধিক ইতিবাচক আৰু সহায়ক ডিজিটেল পৰিৱেশ সৃষ্টি কৰিব লাগিব ৷ ছ’চিয়েল মিডিয়া মহিলাসকলৰ বাবে ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা জীৱনতে উৎপাদনশীলতা বৃদ্ধিৰ এক শক্তিশালী আহিলা হ’ব পাৰে ৷ 

প্ৰথম প্ৰকাশ নিয়মীয়া বাৰ্তাৰ সুকন্যা ১২.৮.২৩


Thursday, August 10, 2023

তোমাৰ আকাশত তুমি উষ্ণ

তোমাৰ আকাশে তুমি উষ্ণ হয়ে আছ, তবু– বাহিৰেৰ আকাশেৰ শীতে নক্ষত্ৰেৰ হইতেসে ক্ষয়, নক্ষত্ৰেৰ মতন হৃদয় পৰিতেছে ঝৰে, ক্লান্ত হয়ে– শিশিৰেৰ মত শব্দ কৰে

বৰ্তমান প্ৰজন্মৰ মানুহৰ বাবে তচদ্দুক ইউচুফ এনে এক অকল্পনীয় অভিনেতা যাৰ প্ৰতিভাৰ নক্ষত্ৰ-বিস্ফোৰণ দেখাৰ সৌভাগ্য আমাৰ হোৱা নাই, দেখিছোঁ মাত্ৰ নিৰ্বাপনৰ পূৰ্বৰ ক্ষীণ স্থিৰ গম্ভীৰ দ্যুতি যাৰ তুলনা হয় সমগ্ৰ কোলাহলৰ পিচত নীৰৱ-নিৰ্জন চোতালৰ এচুকত জ্বলি ৰোৱা মাটিৰ চাকিৰ পোহৰৰ সতে যি পোহৰে এক নিৰ্মল পবিত্ৰ স্নিগ্ধতাৰে বুৰাই দিয়ে চৌপাশ আনকি দূৰৈৰ ছিদ্ৰহীন আন্ধাৰকো চৰ্তশূন্য প্ৰতিশ্ৰুতি দিয়ে সমাগত প্ৰভাতৰ বাবে ৷ নিশাৰ মাটিৰ চাকি অকল নিশাৰ চাকিয়েই নহয়, ই সন্মানিত হয় পৰবৰ্তী প্ৰভাতৰ আহ্বায়ক হিচাপে ৷ কিন্তু তচদ্দুকৰ অকাল বিয়োগৰ পৰা অতিক্ৰান্ত হোৱা প্ৰায় তিনিটি দশকৰ তথাকথিত সাংস্কৃতিক আলোড়নৰ অন্ততো প্ৰত্যক্ষ কৰিব নোৱাৰিলোঁ সেই দীপ্ত প্ৰতিভাৰ সেই দ্যূতিয়ে প্ৰভাবিত বা উত্তেজিত কৰি তোলা কোনোবা পুৰুষক যাৰ চকুত আছে আলোকৰ সন্ধান ৷ 

আমাৰ আগৰ প্ৰজন্মৰ মানুহ ভাগ্যবান এই বাবেই যে তেওঁলোকে মঞ্চত দেখা পাইছিল তচদ্দুক ইউচুফৰ পৰিচালনাৰ নাটক - ‘নাট্যকাৰৰ সন্ধানত ছয়টি চৰিত্ৰ’ অথবা ‘হাফ ট্ৰুথ’, দেখা পাইছিল কেনেদৰে তেওঁ অভিনেতা ৰূপে মঞ্চখনত বিচৰণ কৰে সিংহৰ দৰে, তেওঁলোকে শুনিছিল সেই গুৰুগম্ভীৰ কণ্ঠৰ ফুটবল খেলৰ ধাৰা বিবৰণী আৰু শুনিছিল ৰেডিঅ’ নাটত তেওঁ কৰা অনবদ্য অভিনয় ৷ নব শৰ্মা ৰচিত ‘শৃংগৰ ছাঁ’ নামৰ অনাতাঁৰ নাটখন আমাৰ প্ৰজন্মৰ মানুহেও শুনিছিল, অনুভব কৰিব পাৰিছিল কেনেদৰে একো একোটা শব্দৰ আবেগ, বুদ্ধি আৰু দক্ষতা মিশ্ৰিত উচ্চাৰণৰ মাজেৰে জন্ম হয় একো একোখন ছবিৰ– কেতিয়াবা তৈল চিত্ৰৰ দৰে গধুৰ, কেতিয়াবা সূক্ষ্ম ডিটেইলছৰ কাম থকা পানী ৰঙৰ ছবিৰ দৰে কোমল ৷ তেওঁৰ আছিল সেই অকল্পনীয় দক্ষতা যি দক্ষতাৰে তেওঁ বাক্য একোটি আধা উচ্ছাৰণ কৰিও নিৰ্ভুল ভাবে প্ৰকাশ কৰিব পাৰিছিল বাক্যটিৰ সম্পূৰ্ণ অৰ্থ আৰু ব্যঞ্জনা– সেই কথা লেখি থৈ গৈছিল নৱ শৰ্মাই, লেখিছিল - 

এই নাটকত [শৃংগৰ ছাঁ] বিপ্লবী গেৰিলা নেতাৰূপী ইউচুফৰ মুখত এটা সংলাপ আছিল– মনত ৰাখিব, শত্ৰু যেতিয়া বন্দী হয়, আমি তাক বন্ধুৰ আচৰণ কৰোঁ ৷ কিন্তু বন্দী যদি শত্ৰু হ’ব খোজে আমি তাক শেষ কৰি দিও ৷’ ৰেকৰ্ডিং হৈ গ’ল ৷ মোৰ আজিও স্পষ্টকৈ মনত আছে, ডাবিঙৰ সময়ত মই প্ৰযোজকক ক’বলৈ বাধ্য হলোঁ যে ইউচুফৰ সংযত অভিনয়ে ইমান সফলভাবে চৰিত্ৰটোৰ মানসিক দৃঢ়তা প্ৰকাশ কৰিছে যে পিচৰ ‘আমি তাক শেষ কৰি দিওঁ’ অংশটোৰ আৰু প্ৰয়োজন নাই, সেয়ে কাটি দিয়া হওক ৷ 

তচদ্দুকৰ কণ্ঠ যিসকলৰ শুনাৰ সৌভাগ্য হৈছিল, তেওঁলোকৰ প্ৰত্যেকেই এটা দুখৰ বোজা মনৰ মাজত বহন কৰি থাকিব লাগিব– তচদ্দুকৰ সেই কণ্ঠৰ কোনা সঠিক বাণীবন্ধন ভবিষ্যতৰ বাবে ৰৈ নগ’ল ৷ কোনো নাটক, কোনো কবিতা আবৃত্তি, কোনো গদ্য পাঠ, একো নাই ৷ তচদ্দুকৰ বন্ধু সংখ্যা কম নাছিল, সংস্কৃতিবান-অৰ্থবান সকলো ধৰণৰ বন্ধুই তেওঁৰ আছিল, কিন্তু সেই সকলে কিয় তচদ্দুকৰ কণ্ঠৰ কিছু নমুনা বাণীবদ্ধ কৰি থোৱাৰ কথা নাভাবিলে, কিয় সেই কামটোক জাতীয় দায়িত্ব হিচাপে গ্ৰহণ নকৰিলে সেই কথা উত্তৰ বিচাৰি এতিয়া একো লাভ নাই ৷ 

কেৱল আছে কেইখনমান চিনেমা– সেই কেইখনত পোৱা যাব তেওঁৰ অভিজাত চেহেৰা, কণ্ঠ, কেমেৰাৰ ফ্ৰেমটোক দমন কৰি ৰাখিব পৰা অভাবনীয় ব্যাখ্যাতীত উপস্থিতি আৰু অভিনয়– অভিনয়ৰ কথাটোত কিছু সন্দেহ ৰৈ যায়, কাৰণ তেওঁ যিবোৰ ছবিত অভিনয় কৰিছিল সেইবোৰত তেওঁৰ দৰে প্ৰতিভাধৰ ব্যক্তিৰ কৰিবলগীয়া বিশেষ একো নাছিল ৷ তেওঁৰ অসামান্য যাদুকৰী উপস্থিতিয়েই পৰ্দাখন নিস্প্ৰভ কৰি তুলিছিল আৰু তাৰ লগত আছিল বিৰল বেৰিটোন ভইচ ৷ ভাবিলে দুখ লাগে অসমীয়া চিনেমাই তেওঁক তেওঁৰ জোখৰ এটা ভাল চৰিত্ৰ দিব নোৱাৰিলে ৷ সমৰেন্দ্ৰ নাৰায়ন দেৱৰ ‘অৰণ্য’ ছবিত তেওঁ আছিল ভিলেইন- সকলো দিশৰ পৰা অলপ চকুত লগা, জনচ মহলীয়াৰ ‘দূৰণীৰ ৰং’ ছবিত তেওঁৰ চফিটিকেটেড লুকটোৰ ভাল ব্যবহাৰ কৰা হৈছিল, নিপ বৰুৱাৰ ‘বৰুৱাৰ সংসাৰ’ ছবিৰ দুৰ্বল, অসহায়, দুখীয়া স্কুল মাষ্টৰৰ চৰিত্ৰত তেওঁক কোনোপধ্যেই মানি ল’ব নোৱাৰি– আৰু সেইটো চৰিত্ৰত তেওঁৰ সেই শক্তিশালী আৰু গধুৰ কণ্ঠৰ কোনোপধ্যেই নিমিলে ৷ এইবোৰৰ মাজতে তচদ্দুকে অভিনয় কৰিছিল সমৰেন্দ্ৰ নাৰায়ন দেৱৰ ‘পুতলা ঘৰ’ ছবিত, সেই ছবিত তেওঁ কণ্ঠৰ সন্মান ৰক্ষা কৰিব পৰা বা ব্যবহাৰ কৰিব পৰা কোনো সংলাপ নাছিল, কিন্তু আছিল চিনেমেটিক অভিনয়ৰ বাবে দুটামান সুন্দৰ মুহূৰ্ত– তাৰে এটা, ছবিৰ শেষত, গাঁৱৰ মৌজাদাৰ তচদ্দুকৰ পুত্ৰ দুৰ্ঘটনাগ্ৰস্ত হৈ হস্পিতালৰ বিছনাত শয্যাগত, তেওঁক লগ পাবলৈ আহি লগ পালে হস্পিতালৰ কোঠাৰ পৰা ওলাই অহা এক অপৰিচিত যুৱতীক– তেওঁৰ মনত উদয় হোৱা সহস্ৰ প্ৰশ্ন এটা শব্দৰে ওলাই আহিল - ‘তুমি ? ’ লগে লগে ছবি শেষ– এটা অতি জটিল সামৰণি আৰু তাতকৈও জটিল সেই মুহূৰ্তৰ প্ৰশ্ন-ৰহস্যক এটি মাত্ৰ শব্দ আৰু অভিব্যক্তিৰে প্ৰকাশ কৰাটো, সেই পৰীক্ষা সফলতাৰে উত্তীৰ্ণ হৈ তচদ্দুকে পোৱা সীমিত সুবিধাৰ সঠিক ব্যবহাৰ কৰাই নহয় এখন অগতানুগতিক ছবিৰ পৰিচালকক দি গ’ল ব্যতিক্ৰমী চিন্তাৰ সাহসৰ বাবে যোগ্য উপহাৰ ৷ ইন্দুকল্প হাজৰিকাৰ জোৰা-তাপলি মৰা ছবি ‘নিয়তি’ত তেওঁ অভিনয় কৰিছিল এটি অবিকশিত চৰিত্ৰত কিন্তু তাত লাভ কৰিছিল এটি ‘ফিল্মি’ সংলাপ কোৱাৰ সুবিধা - নায়িকাৰ ঘৰত ড্ৰাইভাৰৰ ভেশচন ধৰি থকা ভিলেইনে শেষত নায়িকাক নিজৰ পৰিচয় দিছে - ‘তোমাৰ আজীৱন ড্ৰাইভাৰ বিষ্ণু’৷ 

অকল চেহেৰা, কণ্ঠ আৰু অভিনয় দক্ষতাই তচদ্দুকক এক বিৰল শিল্পীব্যক্তিত্বলৈ ৰূপান্তৰিত কৰা নাছিল ৷ এই গুণবোৰৰ লগত তেওঁৰ আছিল সাহিত্য অধ্যয়নৰ প্ৰতি গভীৰ অনুৰাগ ৷ অসমীয়া-হিন্দী-বঙালী-ইংৰাজী আৰু কিছু পৰিমাণে উৰ্দ্দু- এই ভাষাকেইটাৰ সাহিত্যৰ লগত তেওঁৰ আছিল গভীৰ পৰিচয় আৰু আছিল সাহিত্যৰ সৌন্দৰ্যসুধা পান কৰাৰ অদমনীয় আকুলতা ৷ সেইবাবেই তেওঁ বিচাৰি উলিয়াব পাৰিছিল জে বি প্ৰিষ্টলিৰ ‘এন ইন্সপেক্টৰ কলছ’ আৰু ভবেন্দ্ৰ নাথ শইকীয়াৰ হতুৱাই অনুবাদ কৰাই মঞ্চস্থ কৰিছিল ৷ নিজে অনুবাদ কৰিছিল ‘দা হাফ ট্ৰুথ’৷ তেওঁ কোনো নাট্য বিদ্যালয়ৰ ছাত্ৰ নাছিল য’ত নেকি তেওঁ পৰিচয় লাভ কৰিব পাৰে বিশ্ববিখ্যাত নাটকৰ, তেওঁ নাটকৰ লগত পৰিচিত হৈছিল সাহিত্যৰ পাঠক হিচাপেই আৰু তাৰ পৰা বিচাৰি উলিয়াইছিল লৈছিল সেই নাটকক মঞ্চলৈ লৈ যোৱাৰ গোপন মন্ত্ৰ ৷ 

তেওঁৰ সাহিত্য অনুৰাগ অকল অধ্যয়নতেই আবদ্ধ নাছিল, দুই একৰ এৰাব নোৱৰা দাবীত হাতত তুলি লৈছিল কলম, উপহাৰ দিছিল একোটি সুন্দৰ লেখা– সেইবোৰত ক’ব খোজা কথাৰ লগতে প্ৰকাশ পাইছিল সাহিত্যৰ নন্দনতত্ত্বৰ প্ৰসংগত তেওঁৰ উপলব্ধি ৷ এই গুণে প্ৰতিষ্ঠা কৰিছিল তেওঁৰ ‘অথৰশ্বিপ’৷ তেওঁৰ সীমিত সংখ্যাৰ লেখাৰ মাজতে এই অথৰশ্বিপৰ প্ৰমাণ পোৱা যায় ৷ সাংবাদিক প্ৰণব কুমাৰ বৰাৰ জোৰ-জবৰদস্তিৰ অন্তত তেওঁ হলিউদৰ এক প্ৰেম কাহিনী লেখিছিল, লেখাৰ অব্যৰ্থ শিৰোণামা দিছিল ‘প্ৰেমৰ কথাটো আৰু আনক ক’ব নোৱাৰি’৷ নীলাচল কাকতত হোমেন বৰগোহাঞিৰ দাবীত লেখিছিল নিজৰ জীৱনৰ কিছু কথা ৷ মই সম্পাদনা কৰা ‘চলচ্চিত্ৰ কথা’ নামৰ সংকলনটিৰ বাবেও তেওঁ মোৰ হাতত তুলি দিছিল চলচ্চিত্ৰ আৰু সৃজনীশীল কল্পনা বিষয়ক এটি প্ৰবন্ধ ৷ 

শ্ৰদ্ধেয় পবিত্ৰ কুমাৰ ডেকাই দিয়া চিঠি এখন লৈ প্ৰায় তিনি দশক আগতে তেওঁৰ ঘৰ ওলাইছিলোঁ, ৰূপকাৰৰ বাবে সাক্ষাৎ লোৱাৰ বাবে ৷ সেই সময়তে মই তেওঁৰ ওচৰ চাপি গৈছিলোঁ, ঠিক যোৱা নহয়, শিল্প-সাহিত্যৰ বিষয়ে তেওঁ ধাৰণ কৰা উচ্চ আদৰ্শই আছিল সেই আকষৰ্ণৰ মূল ৷ 

ড্ৰয়িং ৰূমত বহি তেওঁৰ কণ্ঠত তেওঁৰ প্ৰিয় কবি হীৰেণ ভট্টৰ কবিতা শুনাৰ বিৰল সৌভাগ্য হৈছিল ৷ এদিন কৈছিলোঁ - আপোনাৰ কণ্ঠ গ্ৰীক ভাস্কৰ্যৰ দৰে ওজন থকা, কঠোৰ আৰু টান ৷ আপোনাৰ কণ্ঠত ভাল লাগিব জীবনানন্দ আৰু নৱকান্তৰ কবিতা ৷ বহি থকাৰ পৰা তেওঁ ভিতৰলৈ উঠি গৈছিল আৰু অলপ পিচত হাতত লৈ আহিছিল দুখন কিতাপ, ব্ৰাউন কাকতেৰে কোভাৰ লগোৱা ৷ শুনাইছিল নৱকান্ত বৰুৱাৰ ৰাৱণ আৰু জীবনানন্দৰ বহু কবিতা ৷ 

এতিয়া আৰু ভাবি লাভ নাই সিদিনা কিয় মোৰ হাতত নাছিল টেইপ ৰেকৰ্ডাৰ ৷ সেই কণ্ঠ ধৰি ৰাখিব পৰা হ’লে ? আজিও টেইপ ৰেকৰ্ডাৰ অবিহনেও মোৰ কাণত বাজি থাকে - 

সমস্ত দিনেৰ শেষে শিশিৰেৰ শব্দেৰ মতন সন্ধ্যা আসে, ডানাৰ ৰৌদ্ৰেৰ গন্ধ মুছে ফেলে চিল, পৃথিবীৰ সব ৰং নিভে গেলে পাণ্ডুলিপি কৰে আয়োজন, তখন গল্পেৰ তৰে জোনাকিৰ ৰঙে জিলমিল, সব পাখি ঘৰে আসে– চব নদী– ফুৰায় এ জীবনেৰ সব লেনদেন, থাকে শুধু অন্ধকাৰ, মুখোমুখি বসিবাৰ বনলতা সেন ৷ 

তচদ্দুকক লগ নোপোৱা হলে আমিও হয়তো অনুভব নকৰিলোঁহেতেন কি অন্ধকাৰৰ সন্মুখত আমি এতিয়াও বহি আছোঁ ৷ 

'আমাৰ চিনাকি তচদ্দুক ' কিতাপখন মোৰ সম্পাদনাত বিস্ময় প্ৰকাশনে প্ৰকাশ কৰিছিল ৷ বেটুপাতৰ ফটোখন মই তোলা, বেটুপাতটি সজাই দিছিল বেণু মিশ্ৰই ৷ কিতাপখন এতিয়া উইকিচোৰ্চত পোৱা যায় ৷ ইয়াতে লিংকটো দিয়া হ'ল -  https://cutt.ly/TwfWuR6k

Wednesday, August 2, 2023

পবিত্ৰ গংগাত কিলবিলাই থকা বিষাক্ত সাপ

চিৰ প্ৰবহমান মহানদী গংগাই যুগে যুগে পবিত্ৰতাৰ প্ৰতীক হৈ বিশ্বক ভাৰতৰ পৰিচয় দি আহিছে ৷ গংগাত স্নান কৰা মানেই পূণ্য অৰ্জন কৰা আৰু অকল এইটো কাৰণতেই দেশ-বিদেশৰ লক্ষ লক্ষ লোকে এই গংগাত অৱগাহন কৰে ৷ ইমান গভীৰ মাহাত্ম্য আৰু আকষৰ্ণৰ কেন্দ্ৰ এই গংগাত যেতিয়া সাপ এডাল লুকাই থকা সংবাদটি প্ৰচাৰ হ’ব, সেই সংবাদে সকলো ধৰণৰ আতংকৰ সৃষ্টি কৰিব, যি গংগাত নামি মানুহে বিনাদ্বিধাই অৱগাহন কৰি শান্তি অনুভব কৰে, সেই গংগাত মানুহে ভৰি দিবলৈ ভয় কৰিব ৷ সেই আতংকৰ প্ৰতিক্ৰিয়াই সমগ্ৰ ‘গংগা ধাৰণা’টিক সকলোৰে পৰা দূৰলৈ লৈ যাব ৷ আন্তৰ্জাতিক প্ৰেক্ষাপটত গংগাই ভাৰতকো প্ৰতিনিধিত্ব কৰে কাৰণ গংগা ভাৰতৰ আত্মা ৷ এই আত্মাত এটা দাগ লগা মানেই সি সমগ্ৰ ভাৰতবাসীৰ কাৰণে এটা আঘাত ৷ 

ৰাজীব মালহোত্ৰা আৰু বিজয়া বিশ্বনাথনে যুটীয়া ভাবে প্ৰণয়ন কৰা ডিমাই আকৃতিৰ এই কিতাপখনৰ পৃষ্ঠাসংখ্যা এনেধৰণৰ- মূল পাঠ ৬৪১, পাদটীকা ৬৩ পৃষ্ঠা, গ্ৰন্থপঞ্জী ৫৮ পৃষ্ঠা আৰু ইনডেক্স ৪৩পৃষ্ঠা ৷ বিষয়টিৰ ব্যাপ্তি আৰু গুৰুত্বৰ প্ৰসংগটি তথ্যপূৰ্ণ কৰি তোলাৰ বাবে লেখকদ্বয়ে কৰা অধ্যয়ণ, তথ্যসংগ্ৰহ আৰু প্ৰাসংগিক বিষয়ৰ কৰা আলোচনাৰ ব্যাপক আৰু গভীৰতাৰ এখন আবয়বিক ছবি এই পৃষ্ঠাসংখ্যাৰ পৰাই স্পষ্ট হৈ পৰে ৷ 

‘গংগাত লুকাই থকা সাপ’ শব্দকেইটাই প্ৰকাশ কৰা অৰ্থ হ’ল পবিত্ৰ ভাৰতভূমিত লুকাই থকা বিপদ বা আতংক ৷ ভাৰতৰ বিপদ বা ভাৰত আতংকিত হ’ব লগা কাৰণবোৰ কি কি ?

পাকিস্থানৰ শত্ৰুসুলভ ব্যবহাৰ, চীনৰ আগ্ৰাসনী চেষ্টাৰ ধাৰাবাহিকতা, দেশৰ ভিতৰৰ আৰু বাহিৰৰ সন্ত্ৰাষবাদী আক্ৰমণ, দেশৰ ভিতৰত থকা সন্ত্ৰাষবাদী শক্তিক বাহিৰৰ পৰা কৰি অহা পৃষ্ঠপোষকতা- এফালে এইবোৰ কাৰণ আৰু আনফালে হ’ল দেশৰ ভিতৰতে থাকি দেশৰ অন্যায় কৰিব পৰা শক্তিক কৰা সমৰ্থন, ৰাষ্ট্ৰবিৰোধী কামৰ প্ৰচাৰ, ৰাষ্ট্ৰখনৰ বৌদ্ধিক শক্তিক অৱমাননা, সংস্কৃতি আৰু ঐতিহ্যক হীন হিচাপে প্ৰদৰ্শন কৰা মানসিকতাক উৎসাহ যোগোৱা আদিৰ দৰে কাৰ্যবোৰ ৷ কিছু কামৰ এটা আবয়বিক চৰিত্ৰ আছে, কামৰ ফল আৰু প্ৰতিক্ৰিয়া সহজে প্ৰত্যক্ষ কৰিব পৰা বিধৰ, যেনে সন্ত্ৰাষবাদীৰ আক্ৰমণ ৷ কিন্তু কিছুমান কামৰ ফল যুগপৎ প্ৰকাশিত নহয়, তাৰ প্ৰতিক্ৰিয়াৰ ফল পোহৰলৈ আহে লাহে লাহে, কথাবোৰ সহজবোধ্য হৈ স্পষ্ট ৰূপ লোৱালৈকে সি কৰিব পৰা ক্ষতিখিনি কৰি পেলায় ৷ এনেকুৱা পৰিকল্পিত কামৰ প্ৰতিফলনৰ শেহতীয়া উদাহৰণ ‘টুকৰে টুকৰে গেঙ’ৰ কাৰ্যকলাপ ৷ এই টুকৰে টুকৰে গেঙৰ জন্ম আৰু বৰ্ধন আকস্মিক উন্মাদনাৰ ফল নহয়, ই আছিল এক পৰিকল্পিত আৰু দীৰ্ঘকালীন প্ৰচেষ্টাৰ ফল ৷ এনে ধৰণৰ বিভিন্ন দীৰ্ঘকালীন প্ৰচেষ্টা, তাৰ নেপথ্য কাহিনী, লক্ষ্য আৰু উদ্দেশ্য আৰু এইবোৰৰ নেপথ্যত থকা শক্তি- এইবোৰেই গংগাত লুকাই থকা সাপ ৷ এনে সাপবোৰৰ জন্ম, বিকাশ আৰু কাৰ্যপ্ৰণালীৰ এক তথ্যনিৰ্ভৰ নিৰ্মোহ বিশ্লেষণৰ সাধনাৰ ফলতেই এনে এখন কিতাপৰ জন্ম হৈছে যিখন কিতাপে চিন্তাৰ দুৱাৰ মুকলি কৰি দিয়াই নহয়, এটা সামাজিক বিপ্লবৰো আৰম্ভণি কৰিছে ৷ 

ভাৰতে কেতিয়াও পৰৰাজ্যৰ ওপৰত চকু দিয়া নাই, কোনো ধৰণৰ আগ্ৰাসনৰ অংশ হোৱা নাই ৷ কিন্তু ভাৰতৰ প্ৰাচীন সংস্কৃতি আৰু সভ্যতাৰ ওপৰত বিভিন্ন দিশৰ পৰা অহৰহ আক্ৰমণ চলি আহিছে, এটা আক্ৰমণ চলিছে শাৰীৰিকভাবে আনটো আত্মিক ভাবে ৷ বৃটিচৰ সময়ৰে পৰা এটা বাকধাৰাৰ প্ৰচলন কৰা হৈ আহিছে যে বৃটিচৰ ইংৰাজী শিক্ষাইহে ভাৰতক শিক্ষাৰ পোহৰ দিলে ৷ এই কথাটোৰ প্ৰচাৰে ইমানেই সমৰ্থন লাভ কৰিছিল যে অতীত ভাৰতৰ শিক্ষা আৰু সংস্কৃতিৰ কথা লাহে লাহে অদৃশ্য হৈ পৰাৰ দৰে বাধ্য হ’ল ৷ বৃটিচ অহাৰ পাচৰ পৰাহে ভাৰত আধুনিক হ’ল বুলি এটা ধাৰণাক বিভিন্ন প্ৰকাৰে প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা চলাই অহা হ’ল ৷ বৃটিচৰ শিক্ষা পৰামৰ্শদাতা মেকুলিয়ে সেই কাম কৰিছিল নিজৰ ৰাষ্ট্ৰৰ আধিপত্য বিস্তাৰৰ বাবে আৰু তেওঁ উপলব্ধি কৰিছিল যে ভাৰতৰ ঐতিহ্য আৰু স্বাভিমানত আঘাত হানিব পাৰিলেহে তেওঁৰ উদ্দেশ্য সফল হ’ব ৷ ভাৰত স্বাধীন হোৱাৰ পাচতো কিন্তু এই দিশত ভাৰত স্বাধীন হ’ব নোৱাৰিলে ৷ ভাৰতীয়ৰ বৌদ্ধিক দিশৰ লালন-পালন এতিয়াও মেকুলিৰ নীতি মতেই চলি আছে ৷ তাৰ লগত গোট খাইছে ইটালিয়ান কমিউনিষ্ট নেতা আৰু লেখক এন্টনিও গ্ৰামস্কিৰ ‘কালচাৰেল হেযিমনি’ সূত্ৰ ৷ বাবা ৰামদেবৰ আয়ুৰ্বেদে প্ৰসাৰ লাভ কৰিবলৈ আৰম্ভ কৰা সময়তে কমিউনিষ্ট কৰ্মী বৃন্দা কাৰাটে কৈছিল যে পটঞ্জলিৰ সামগ্ৰীত মানুহৰ হাড়ৰ গুৰি মিহলোৱা থাকে ৷ অনুসন্ধানত এই কথা প্ৰমাণ নহ’ল ৷ বৃন্দা কাৰাটৰ এই আক্ৰমণ অকল ৰামদেবৰ ওপৰতেই নহয়, এই আক্ৰমণৰ মূল লক্ষ্য আছিল ভাৰতীয় সম্পদ আয়ুৰ্বেদ ৷ এইবোৰ একো একোটা বিক্ষিপ্ত ঘটনা নহয়, গ্ৰামস্কিয়ে প্ৰচাৰ কৰা সাংস্কৃতিক হেযিমনি তত্বৰ ব্যবহাৰিক ৰূপ ৷ ভাৰতৰ বিশাল ভূখণ্ড আৰু মানব সম্পদৰ প্ৰতি আগ্ৰাসী দৃষ্টিৰ অভাব নাই ৷ এতিয়া দেশজয়ৰ ধাৰণা সলনি হৈছে, মানব সম্পদৰ ওপৰত আধিপত্য কৰিব পৰাটোৱেই দেশজয় আৰু এই দেশজয় বৌদ্ধিকভাবেহে সম্ভব ৷

‘স্নেকছ ইন দা গংগা ব্ৰেকিং ইণ্ডিয়া টু পইন্ট জিৰো’ত বিভিন্ন প্ৰসংগেৰে বাখ্যা কৰিছে কেনেকৈ কৌশলেৰে ভাৰতৰ স্বাভিমানত আঘাত কৰিব পৰা কামৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্থানৰ পৰা পুঁজি আৰু পৰিকল্পনাৰ যোগান ধৰা হয় ৷ কিতাপখনৰ মূল বক্তব্যত প্ৰকাশ পাইছে যে এই স্তৰৰ আপাত অস্পষ্ট ভাবুকি যিকোনো দেশৰ বাবেই বিপদজনক, কিন্তু ই ভাৰতৰ দৰে বৈচিত্ৰপূৰ্ণ সাংস্কৃতিক পৰম্পৰাৰ সন্মিলিত ভূখণ্ডৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকিৰ সৃষ্টি কৰে ৷ 

পৃথিবীৰ বিভিন্ন ঠাইৰ নেতিবাচক শক্তিসমূহে ভাৰতৰ প্ৰভাবশালী প্ৰতিষ্ঠানসমূহত অনুপ্ৰৱেশ কৰি তাৰ মাধ্যমেৰে বিষাক্ত পদাৰ্থ বিতৰণ কৰি সমাজখনক প্ৰদূষিত কৰি আহিছে ৷ এই কিতাপখনে এই দিশবোৰ উপযুক্ত তথ্যৰ বাখ্যাৰে সহজবোধ্য কৰি তুলিছে ৷ নাজী আক্ৰমণত জাৰ্মানৰ পৰা পলাই গৈ আমেৰিকাত থাকিবলৈ লোৱা জাৰ্মান দাৰ্শনিক জুৰজেন হেবাৰমাছছে মাৰ্ক্সবাদক আমেৰিকাৰ প্ৰেক্ষাপটত নতুনকৈ বাখ্যা কৰি জন্ম দিয়া আমেৰিকান মাৰ্ক্সবাদে কেনেদৰে আমেৰিকান বৰ্ণবাদক নতুন ধৰণে বাখ্যা কৰিছিল আৰু এটা সময়ত হাৰ্বাৰ্দ বিশ্ববিদ্যালয় আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যয়ণ সংগঠনসমূহৰ মাজেৰে সেই বাখ্যাই আহি ভাৰতৰ জাতি ব্যবস্থাক কেনেদৰে নতুন ধৰণে গঢ় দিয়াৰ চেষ্টা কৰিছিল  সেই কথা কিতাপখনত বিতংভাবে অালোচনা কৰা হৈছে ৷ আমেৰিকাৰ ‘বগা’ আৰু ‘ক’লা’ৰ বৰ্ণবাদক ভাৰতত প্ৰতিষ্ঠা কৰিব বিচৰা হৈছিল দলিত আৰু উচ্ছবৰ্ণৰ সংজ্ঞাৰে ৷ দলিতসকলৰ দলটো বৃদ্ধি কৰিবলৈ লাহে লাহে তাত মুছলমান আৰু কুইয়াৰ সম্প্ৰদায়কো অন্তৰ্ভুক্ত কৰা হৈছিল ৷ এই কথাবোৰ বিতংভাবে কিতাপখনত বাখ্যা কৰা হৈছে আৰু এই বাখ্যাবোৰে সমাজৰ প্ৰতি আগ্ৰহী লেখক আৰু পাঠকক নতুন চিন্তাৰ খোৰাক যোগাব ৷ 

কেনেদৰে বৌদ্ধিক পৰিবেশ-তন্ত্ৰৰ মাজেৰে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ দৰে বিখ্যাত শিক্ষাপ্ৰতিষ্ঠানে আমেৰিকান এজেন্দা ভাৰতত বিয়পাই দিয়া কাম সম্পাদন কৰে সেই কথাৰ আলোচনাই কিতাপখনৰ ভালেখিনি ঠাই অধিকাৰ কৰিছে ৷ বহু ভাৰতীয় অৰ্থবান ব্যক্তি আৰু প্ৰতিষ্ঠানে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এনে ধৰণৰ বৌদ্ধিক কাম-কাজক অৰ্থ সাহাৰ্যও আগবঢ়াই আহিছে ৷ কি উদ্দেশ্য আগত ৰাখি এই  ভাৰতীয়সকলে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় অৰ্থ বিনিয়োগ কৰে সেই কথা কিতাপখনত ভালদৰে বাখ্যা কৰা হোৱা নাই ৷

লেখকদ্বয়ে এই কথাটোও স্পষ্ট ভাবে উল্লেখ কৰিছে যে ভাৰতীয়সকলৰ আত্ম-ধবংস প্ৰক্ৰিয়াক উদগনি যোগাই আহিছে শাসক দলৰ 'জ্ঞানী' আৰু তথাকথিত বুদ্ধিজীৱীসকলৰ অজ্ঞানতাই ৷ সেইবাবেই সামাজিক-বৌদ্ধিক শক্তি ভুল পথে পৰিচালিত হৈছে, বিক্ষিপ্ত হৈ পৰিছে আৰু সময়ে সময়ে প্ৰতি-উৎপাদনমুখীও হৈ পৰিছে ৷ আনকি চৰকাৰেও জানি বা নাজানি মাৰ্ক্সবাদী বিপ্লবৰ নতুন ৰূপটোৰ লগত সহযোগ কৰিছে ৷ লেখকদ্বয়ে আৰু কৈছে যে গোলকীয় বামপন্থীয়ে সৰু-ডাঙৰ বহু কামত বহু ভাৰতীয়ক কামত নিয়োগ কৰিছে, ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি কাম কৰা এই গোলকীয় বামপন্থীয়ে নতুন মাৰ্ক্সবাদক বিয়পাই দিয়া কাম কৰি আছে ৷ 

 হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বৌদ্ধিক আদৰ্শত গঢ় লৈ উঠা বুলি প্ৰচাৰ কৰা অশোক বিশ্ববিদ্যালখনো যে হাৰ্ভাৰ্ডৰ দৰেই ‘ব্ৰেক ইণ্ডিয়া’ মিছনৰ অন্তৰ্ভুক্ত সেই কথাও কিতাপখনত আলোচনা কৰা হৈছে ৷ এই বিশ্ববিদ্যালয়ৰ চীনা অধ্যয়ন কেন্দ্ৰ পৰা পেছাদাৰী মাৰ্ক্সবাদী প্ৰস্তুতৰ ব্লপ্ৰিন্ট তৈয়াৰ কৰা কথা লেখকদ্বয়ে উত্থাপন কৰিছে বিশ্ববিদ্যালয়খনৰ বক্তব্যৰ আধাৰতে ৷ এই বিশ্ববিদ্যালয়ৰ গবেষকে কেনেদৰে গবেষণাৰ নামত ভাৰতৰ মৰ্যদা হানিকাৰক কথা প্ৰস্তুত আৰু প্ৰচাৰ কৰিছে তাকো লেখকদ্বয়ে উপস্থাপন কৰিছে ৷ 

‘স্নেকছ ইন দা গংগা’ৰ সৰ্বোচ্ছ উদ্দেশ্য হৈছে প্ৰকৃত ভাৰতৰ স্বাৰ্থৰ প্ৰচাৰ আৰু আমাৰ মহান জাতিৰটোৰ জাতীয় সাৰ্বভৌমত্ব আৰু সমৃদ্ধিৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি অহা সকলো শক্তিৰ প্ৰতি আমাৰ দৃষ্টি অাকৰ্ষণ কৰা ৷ এই গ্ৰন্থখনত লেখকে ভাৰতৰ স্বাৰ্থৰ শত্ৰু শক্তিসমূহৰ বিষয়ে ভাৰতীয়সকলক প্ৰশ্ন কৰিয়েই ক্ষান্ত থকা নাই,  এই নেটৱৰ্কসমূহৰ শক্তি আৰু প্ৰসাৰ আৰু এইবোৰে পেলাব পৰা প্ৰভাৱ আৰু তাৰ পৰা হ’ব পৰা ক্ৰিয়াৰ দিশটোৰ কথাও উন্মোচন কৰিছে ৷ 

 গ্ৰন্থখনে আশা কৰিছে যে ভাৰতৰ ভবিষ্যত প্ৰজন্মই সৎ গৱেষণা, জাতিটোৰ প্ৰতি প্ৰকৃত প্ৰেম, আৰু ভাৰতীয় অস্মিতাক নীতি-নিয়মৰ গভীৰ আৰু ব্যাপক অনুভূতিৰে ভাৰতৰ বৌদ্ধিক ভেটি অধিক শক্তিশালী কৰি তোলক৷ ভাৰতৰ প্ৰতি বিদেশী আগ্ৰাসনকাৰী আৰু তাৰ লগত দেশীয় শক্তিৰ সহযোগ কাহানিও শেষ নহ’ব ৷ ‘ব্ৰেক ইণ্ডিয়া’ বাহিনীৰ গতিও স্থবিৰ নহ’ব ৷ এই শক্তিবোৰক বাধা দিব লাগিব নতুন প্ৰজন্মই ৷ 

সাৱলীল ভাষাৰে আৰামদায়ক পঠনৰ প্ৰতি দৃষ্টি ৰাখি ৰচনা কৰা অধ্যাযবোৰৰ লগত সংযোজন কৰা বিভিন্ন তালিকা, গ্ৰাফ, ছবি আদিয়ে গহীন বিষয়ৰ কিতাপখন আকৰ্ষণীয় কৰি তুলিছে ৷  

২-৮-২৩ তাৰিখৰ নিয়মীয়া বাৰ্তাত প্ৰকাশিত

কিতাপখন কিনিব বিচাৰিলে - https://cutt.ly/Gws0qm6W