Monday, June 30, 2025

মালামাল বইজ

মালামাল বইজ ৷ নামটোৱে ইংগিত দিয়ে ছবিখন হাস্যৰসপূৰ্ণ হ’ব ৷ আৰু এটা ইংগিত দিয়ে ছবিৰ কাহিনী টকা পইচা উপাৰ্জন কৰা বিষয়ৰে হ’ব৷ এটা শ্বটত এই কথাটি প্ৰতিষ্ঠা কৰা হৈছে৷ ট্ৰেইলৰত দেখুওৱা দৃশ্যবোৰৰ পৰা বুজি পোৱাত অসুবিধা নহয় যে ছবিখনত হাস্যৰসৰ লগতে আবেগিক কাহিনীও আছে ৷ পঞ্চায়ত চিৰিজৰ দুজন জনপ্ৰিয় অভিনেতাই ট্ৰেইলৰত ভালেখিনি ঠাই অধিকাৰ কৰিছে ৷ সেই দুজনেও দৰ্শকক ছবিখনৰ প্ৰতি আকৰ্ষণ কৰিব ৷ অন্ততঃ মই এই ছবিখন চাবলৈ যোৱাৰ এইটো এটা প্ৰধান কাৰণ হ’ব ৷ 

কিন্তু প্ৰথম কাৰণটো হ’ল- পৰিচালক মৃণালৰ এখন চুটি ছবি চাই খুব ভাল পাইছিলোঁ, সেই ছবিখনৰ পাচত মৃণালৰ পূৰ্ণ দৈৰ্ঘৰ ছবিৰ বাবে অপেক্ষা কৰি আছিলোঁ ৷ এইবাৰ অৱশ্যে মৃণাল অকলে নহয়, লগত আছে তেওঁৰ দল ৷ ট্ৰেইলৰত দেখা মতে দৃশ্যগ্ৰহন চকুত লগা হৈছে ৷ এটা দৃশ্যত দেখুওৱা চিলিং ফেনৰ ছাঁ খুব ভাল লাগিছে ৷ এখন চকুত লগা গাড়ীও আছে ৷ সকলো মিলি ছবিখনে এক ধৰণৰ ‘লাৰ্জাৰ দেন লাইফ’ অভিজ্ঞতা দিব বুলি ভাব হয় ৷ মৃণাল আৰু তেওঁৰ দলটোলৈ আগতীয়া অভিনন্দন ৷ 

https://www.youtube.com/watch?v=Fupol0E6trM


Monday, June 23, 2025

ৰুদ্ৰলৈ শুভকামনা


আজি ছবিখনৰ প্ৰিমিয়াৰ চালোঁ ৷ ডঃ জাহানাৰা বেগমক লগ পালোঁ, চিনেমাখন চাবলৈ তেখেত তেজপুৰৰ পৰা আহিছে ৷ তেখেতৰ ল’ৰা ময়ূৰ গোপেন্দ্ৰ দাসে ছবিখনত অভিনয় কৰিছে ৷ দুয়োকে অভিনন্দন আৰু শুভেচ্ছা জনালোঁ ৷ আৰু বহুতকে লগ পালোঁ ৷ এই প্ৰিমিয়াৰবোৰ মানুহ লগ পোৱাৰ একো একোটা উৎসৱ ৷ 

ৰুদ্ৰৰ এজন মূল মানুহ- পৰিচালক ৰূপক গগৈ ৷ প্ৰথমে ভূলু, তাৰপাচত অমু, অমিতাভ আৰু এতিয়া ৰূপক ৷ কিমান সৰুৰ পৰা লগ পাইছোঁ, মোৰ বাবে ৰূপক গগৈ এতিয়াও সেই সৰু ভূলু বা অমুৱেই ৷ সেইটো ল’ৰাই ইমান ডাঙৰ আয়োজনৰ ছবি এখন কৰিছে, ভাবিয়েই ভাল লাগে ৷

ৰুদ্ৰৰ আৰু এটা পিলাৰ - ৰবি শৰ্মা ৷ ৰবিক যেতিয়া প্ৰথম লগ পাওঁ তেতিয়া তেওঁ হাইস্কুলৰ তলৰ শ্ৰেণীৰ ছাত্ৰ, কণমানি ল’ৰা এটা ৷ সেইটো কণমানি ল’ৰাই এতিয়া ইমান একচন থকা ছবিত অভিনয় কৰিছে- কিবা আচৰিত যেন লাগে ৷ অভিনেতা ৰবিৰ কিছুমান কথা খুব ভাল লাগে -  যেনে স্কুল-কলেজত ছবিৰ প্ৰচাৰ কৰাৰ বিৰোধিতা কৰা ৷  বহুদিনৰ আগতে এটা মদ কোম্পানীয়ে ৰবিক বহু টকাৰ অফাৰ দিছিল- মদৰ বিজ্ঞাপনত অংশগ্ৰহন কৰাৰ বাবে ৷ সেই সময়ত টকাৰ পৰিমাণটি বহু ডাঙৰ আছিল আৰু অভিনয়ক কেৰিয়াৰ হিচাপে ল’বলৈ আগবঢ়া ৰবিৰ বাবে সেই পৰিমাণটি এৰাব পৰা বিধৰ নাছিল ৷ কিন্তু ৰবিয়ে সেই বিজ্ঞাপনটিতঅভিনয় নকৰিলে ৷ মই সোধাত কৈছিল- ‘মদ খোৱাটো মই সমৰ্থন নকৰো, গতিকে বিজ্ঞাপনটিতো অংশ নলও’ ৷ এনেবোৰ সিদ্ধান্তই অভিনেতাগৰাকীক নিজৰ চিনাকি শক্তিশালী কৰাত সহায় কৰে ৷  এই ছবিত ৰবিয়ে ভালেখিনি একচন দৃশ্যত অভিনয় কৰিছে ৷ নিয়মিতভাবে ব্যায়াম কৰি আটিল কৰি ৰখা দেহেৰে ৰবিয়ে ‘ফাইট’ কৰিলে বিশ্বাস হয়, দৃশ্যবোৰ জীৱন্ত হয় ৷ এই ছবিৰ একচন দৃশ্যবোৰত ৰবিৰ অংশগ্ৰহন পূৰ্বৰ তুলনাত অধিক পৰিপক্ক লাগিছে ৷ 

ছবিখনৰ কাৰিকৰী দিশৰ কামো ভাল লাগিছে ৷ ছবিখন সকলো ধৰণে সফল হওক- তাকেই কামনা কৰিলোঁ ৷ 





প্ৰথম ফটো- এটি দৃশ্যত ৰবি শৰ্মা
দ্বিতীয় ফটো - ৰূপক গগৈ আৰু নম্ৰতা
তৃতীয় ফটো - পাহাৰী দাস, চেতনা দাস, নম্ৰতা দত্ত, উৎপল দত্ত, অনুপম হাজৰিকা

Sunday, June 22, 2025

চিনাকি-অচিনাকি বহুত মুখ


ধ্ৰুবজ্যোতি দাসৰ লগত চিনাকি তেওঁৰ কবিতাৰ যোগে ৷ বামপন্থী চিন্তাৰে তেওঁ লেখা ভালেমান কবিতাই পাঠকৰ প্ৰশংসা লাভ কৰিছিল ৷ পৰবৰ্তী কালত তেওঁক অসমীয়া বানানৰ চৰ্চাকাৰীৰ বþূপত দেখা পালোঁ ৷ বানান সম্পৰ্কীয় এখন অভিধানো তেওঁ যুগুতাই উলিয়াইছে ৷ একাধিক সংস্কৰণ প্ৰকাশে বুজাই দিয়ে যে কিতাপখন পাঠকৰ কামত আহিছে ৷ 

দাস যে এগৰাকী চিত্ৰকৰ সেই কথাটো মই জনা নাছিলোঁ ৷ এবাৰ ফেচবুকত দেখা পালোঁ তেওঁ প্ৰণবজ্যোতি ডেকাৰ প’ট্ৰেট এখন আঁকিছে ৷ মোলৈ লিংকটো পঠিয়াই দি কৈছে- আপোনাৰ ফটো চাই অঁকা ৷ ছবিখনো ভাল পালোঁ, মোৰ ফটোখনক দিয়া স্বীকৃতিও ভাল পালোঁ ৷ তাৰ পাচৰ মই মনযোগেৰে তেওঁৰ ছবি চাবলৈ আৰম্ভ কৰিলোঁ ৷ এবাৰ মোক আচৰিত কৰি তেওঁ মোৰ ঘৰ ওলাইছিল ৷ সিদিনা মোৰ জন্মদিন আছিল ৷  তেওঁ মোক উপহাৰ দিছিল মোৰ প’ট্ৰেট এখন, তেওঁ আঁকি, ধূনীয়াকৈ বন্ধাই দিছে ৷ তেওঁ অঁকা ছবিখনে মোৰ সেই জন্মদিনটি বিশেষ কৰি তুলিছিল ৷ 

দাসে অঁকা এশ চৈধ্যখন প’ট্ৰেটৰ সংকলন এটি সুন্দৰ পৰিকল্পনাৰে প্ৰকাশ পাইছে, নাম চিত্ৰপট ৷ কিতাপখনৰ কথাংশ দুটা ভাষাত- ইংৰাজী আৰু¸ অসমীয়াত দিয়া হৈছে ৷ ছবিবোৰ কেইবাটিও ভাগত  ভগোৱা হৈছে ৷ ভাগ কেইটি হ’ল- দূৰৰ সাগৰৰ মাত, এই দেশ এই স্বদেশ, জনমভূমিৰ ফুল, সুহৃদ-বান্ধৱৰ ছবিঃ অগ্ৰজ অনুজ আৰু বুকুৰ কাষৰজন ৷ এই নামবোৰে কৈ দিয়ে প’ট্ৰেটবোৰৰ বিষয়বস্তু ৷

ছবিবোৰত এক ধৰণৰ এমেচাৰ ভংগীমা এটি প্ৰকাশ পাইছে আৰু সেইবাবেই দাসক প্ৰশিক্ষিত চিত্ৰশিল্পী যেন নালাগে ৷ প্ৰশিক্ষিত হয় নে নহয় কথাটো খুব প্ৰয়োজনীয় বুলিও ভবা নাই ৷  প্ৰতিখন ছবিতেই এটা আবেগিক বান্ধোন অনুভব কৰিব পাৰি ৷ হয়তো এই আবেগেই তেওঁক ছবিৰ বাবে ব্যক্তিকেইজনক নিৰ্বাচন কৰিছে ৷ শেষত থকা কেইবাখনো ছবি আৰু তাৰ লগত থকা কথাই কিতাপখনৰ পাঠক-দৰ্শকক নিৰ্বাক কৰি দিব পাৰে ৷ তেওঁৰ পৰিয়ালৰ মাক, দেউতাক, বাইদেউ, পত্নী, সন্তানকে ধৰি কেইবাগৰাকীও সদস্যই সংসাৰৰ পৰা বিদায় মাগিছে, কেইজনমানে অকালতে ৷ এই কথা প্ৰকাশত কিন্তু তেওঁ আবেগ বিহ৩ল হোৱা নাই, সেই ছবিকেইখনৰ প্ৰকাশ ভংগীমাও খুব নিৰ্লিপ্ত ৷ হয়তো জীৱনত পোৱা যন্ত্ৰণাই তেওঁক নিৰ্লিপ্ত হ’বলৈ বাধ্য কৰাইছে ৷

সামগ্ৰিকভাবে অসমৰ কিতাপৰ জগতত ‘চিত্ৰপট’ এটা নতুন সংযোজন ৷ কিন্তু ছবিবোৰ ছপা কৰাত আৰু¸ অধিক মনযোগ দি ছবিবোৰ স্পষ্ট কৰি প্ৰকাশ কৰা উচিত আছিল ৷ এনে ভাব হয়, নিম্ন মানৰ ৰিজলুচনত ছবিবোৰ স্কেন কৰা বাবে এই দুৰ্ঘটনাটো হ’বলৈ পালে ৷ প্ৰকাশক এই দিশত সচেতন হোৱা উচিত আছিল ৷ প্ৰায় দেৰশ পৃষ্ঠাৰ কিতাপ এখনৰ দাম পাঁচশ টকা বেচি হোৱা বুলিয়েই ক’ব লাগিব ৷  কিতাপখনত মই তোলা ফটোৰ পৰা অঁকা দুখন ছবি সন্নিবিষ্ট হৈছে, এইটোও মোৰ ভাল লগা এটা কথা ৷ 



Thursday, June 19, 2025

বিষ্ণুৰাভাৰ প্ৰতিকৃতিখন

বৰ্তমান সময়ত বিষ্ণুৰাভাৰ এখন বিশেষ ছবি বিভিন্ন ঠাইত প্ৰচাৰ আৰু প্ৰকাশ হৈ থাকে৷ অলপ বেঁকাকৈ ওপৰৰ পিনে চাই থকা অৱস্থাৰ বিষ্ণুৰাভাৰ মুখাবয়বৰ ছবি ৷ আজিকালি ফটোশ্বপৰ সহায়ত কোনো চিত্ৰশিল্পী বা মুদ্ৰন কাৰিকৰে ছবিখন নিজৰ প্ৰয়োজন মতে ঘুৰাই  দিয়ে ৷ এগৰাকী শিল্পীৰ সৃষ্টিক এনেদৰে ব্যবহাৰ কৰাটো অমাৰ্জিত, অশোভনীয় আৰু¸ নীতিবিৰুদ্ধ৷ কিন্তু বহুতেই কৰি আছে ৷ এই কাম শীঘ্ৰেই বন্ধ হ’ব লাগে ৷ 

অমূল্য মান্নাই তোলা ফটো এখনৰ পৰা এই ছবিখন আঁকিছিল শিল্পী যোগেন দাসে ৷  ডট ব্যবহাৰ তেওঁ এই ছবিখন আঁকিছিল৷ আমাৰ প্ৰতিনিধিৰ এটা সংখ্যাত এই ছবিখন প্ৰকাশ পাইছিল৷ সম্পূৰ্ণ এটা পৃষ্ঠা জোৰাকৈ ছবিখন প্ৰকাশ কৰা হৈছিল, সেই পৃষ্ঠাটো বিশেষভাবে ছপা কৰিছিল আৰ্ট পেপাৰত৷ ‘ডট’ প্ৰয়োগেৰে অঁকা সেই ছবিখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷ লাহে লাহে সেই ছবিখনে জনপ্ৰিয়তা অৰ্জন কৰিলে আবþু বিষ্ণু ৰাভাৰ ছবি বুলিলেই মানুহে সেইখনকেই চিনি পোৱা হ’ল৷ পাচত, ফটোশ্বপ অহাৰ পাচত ছবিখন কোনোবাই ৰঙীন কৰিলে, কোনোবাই মুখখন সোঁফালৰ পৰা বাওঁফাল কৰি দিলে৷ অমূল্য মান্নাৰ মূল ফটোখনৰ কথা মানুহে পাহৰি গ’ল৷ বহু জনপ্ৰিয় ফটোৰ মূল মানুহজনক বহুতে নাজানে, জানিবলৈকেও ইচ্ছা নকৰে- আমাৰ ইয়াত এইটো এটা স্বাভাবিক কথা ৷

আজিৰ এই পবিত্ৰ দিনটোত এই ফটো আৰু¸ ছবিৰ মূল মানুহ দুগৰাকীৰ স্মৰণেৰে কলাগুৰুলৈ শ্ৰদ্ধা জনালোঁ ৷ 

পুনঃ বিষ্ণু ৰাভাৰ বাবে 'কলাগুৰু' অভিধাটি প্ৰথম ব্যবহাৰ কৰিছিল তেজপুৰৰ সাংবাদিক বিবুধ কলিতাই ৷  ইয়াক সমৰ্থন কৰিছিল দৈনিক অসমে ৷ এতিয়া এই কথাটো নানানজনে নানান ভাবে কৈ থাকে ৷  ফণী শৰ্মাক ‘নটসূৰ্য’ উপাধি দিয়াটোও বিবুধ কলিতাৰে অৱদান ৷   

সময় আৰু সাহিত্যৰ বুৰঞ্জী

কিতাপখন কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন মনত ৰাখি ৰচনা কৰা যদিও ইয়াক পোনপতীয়াকৈ পাঠ্যপুথি বুলি ক’ব নোৱাৰি ৷ ক’ব পাৰি ছাত্ৰ-ছাত্ৰীৰ কামত অহা এখন বুৰঞ্জী ৷ কিতাপখন চতুৰ্দশ শতিকাৰ পৰা সপ্তদশ শতিকাৰ  ইংৰাজী সাহিত্য আৰু¸ সেইখন সমাজৰ বুৰঞ্জী৷ আমি কলেজত পঢ়া সময়ত ইংৰাজী সাহিত্যৰ বুৰঞ্জী পঢ়িছিলোঁ কেৱল বিদেশী লেখকে লেখা৷ ভাৰতীয় লেখকে লেখা কেৱল নোট বা সহায়িকাহে আমাৰ হাতত পবিþছিল ৷ ‘লিটাৰেৰি এণ্ড ছছিয়েল হিষ্টৰি [চতুৰ্দশ শতিকাৰ পৰা সপ্তদশ শতিকা]’ নামৰ এই কিতাপখনৰ লেখক ডঃ অনিন্দিতা দে গোলাঘাটৰ দেবৰাজ ৰয় কলেজৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ৷ অসমৰে, তাকো গোলাঘাটৰ দবেþ প্ৰান্তীয় ঠাইৰ কলেজ এগৰাকী অধ্যাপকে ইংৰাজী সাহিত্যৰ বুৰঞ্জী লেখিছে - এই কথাটোও পৰম আনন্দদায়ক ৷ সহজ সৰল আৰু আকৰ্ষণীয় ভাষাত লেখা এই কিতাপখন অকল সাহিত্যৰ ছাত্ৰৰে নহয়, সাহিত্য আৰু সামাজিক ইতিহাসৰ স্পষ্ট আৰু অনুচ্ছাৰিত সম্বন্ধ জানিব বিচৰা সকলো পাঠকৰ বাবে এক চিন্তাউদ্ৰেককাৰী পঠন অভিজ্ঞতা হ’ব ৷ আমি কলেজত পঢ়ি থকা সময়ত এনেকুৱা কিতাপ এখন পোৱা হ’লে ইংৰাজী সাহিত্যৰ সোৱাদ আৰু বহু ব্যাপকভাবে উপভোগ কৰিব পাৰিলোঁহেতেন ৷ অকল ছাত্ৰই নহয়, কলেজত এই বিষয়টো পঢ়োৱা শিক্ষকেও এই কিতাপখন পঢ়ি ভাল পাব ৷ 

কিতাপখনৰ এটি আকৰ্ষণীয় দিশ হ’ল পাঠৰ লগত সংগতি ৰাখি দিয়া বিভিন্ন ছবি ৷ ছবিয়ে লেখা একোটাক আকৰ্ষণীয় কৰি তোলে, পাঠকৰ জ্ঞানপিপাসা বৃদ্ধিত সহায় কৰে৷ সাধাৰণতে বহু অসমীয়া লেখক-প্ৰকাশকে সাহিত্য প্ৰসংগৰ কিতাপত ছবি দিয়াটো ভাল কথা বুলি নাভাবে ৷ কিতাপখনৰ গাম্ভীৰ্য কমি যায় বুলি ভাবে চাগে ৷ এবাৰ শ্ৰদ্ধেয় সত্যেন্দ্ৰ নাথ শৰ্মা চাৰক লগ পাই তেখেতৰ সাহিত্যৰ বুৰঞ্জীখনৰ নতুন মুদ্ৰনত ছবি সংযোজন কৰা কথা কৈছিলোঁ ৷ চাৰে কথাটো ভাল পোৱা বুলি কৈছিল ৷ ‘এবিলাক’ৰ পৰা প্ৰকাশ হোৱা অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ এটা খণ্ড সম্পাদনা কৰিছিল হোমেন বৰগোহাঞিয়ে ৷ তেখেতকো কৈছিলোঁ একেটা কথাকে, তেখেতে শলাগিছিল, কিন্তু কিতাপখনত সেই শলাগনিৰ কোনো প্ৰতিফলন নাছিল ৷ অনিন্দিতা দেৰ এই কিতাপখনৰ কথা মই আগতে নাজানো, প্ৰকাশ হোৱাৰ পাচতহে দেখা পাইছোঁ আৰু তাত মই বহু দিনৰ পৰা ভাবি অহা কথা এটিৰ প্ৰতিফলন দেখি খুব আনন্দিত হৈছোঁ ৷      

Tuesday, June 17, 2025

আদিবাসী.org

 

জামছেদপুৰত এটা এন জি ও আছে, নাম আদিবাসী ৷ তেওঁলোকে স্থানীয় লোক শিল্পীৰ কলা সামগ্ৰী বিক্ৰি কৰে আৰু তাৰ কিছু অংশ বিভিন্ন উন্নয়ণমূলক কামত ব্যবহাৰ কৰে ৷ তেনেকুৱা এটা কাম হ’ল জনজাতীয় মহিলাক চেনিটেৰি নেপকিন দিয়া ব্যবস্থা ৷ মই এন জি ও-টিৰ পৰা অলপ কলাসামগ্ৰী কিনিছিলোঁ৷ তাৰ পৰা তেওঁলোকে জনজাতীয় মহিলাক চেনিটেৰি নেপকিন দিছে ৷ মোক দিছে এখন সুন্দৰ প্ৰশংসা পত্ৰ ৷ এই প্ৰশংসা পত্ৰখন মোৰ বাবে এটা মূল্যবান সম্পদ ৷ আপোনালোকে ইচ্ছা কৰিলে তেওঁলোকৰ ৱেব চাইটটি চাব পাৰে ৷ সুন্দৰ সামগ্ৰী কিছুমান পাব, যিবোৰ কিনিবলৈ আপোনাৰ মন যাবই ৷ আৰু আপোনাৰ পৰা পোৱা পইচাৰে তেওঁলোকে দুখীয়া মানুহক সহায় কৰিব- এই কথাটোও আপোনাৰ ভাল লাগিব৷  এগৰাকী কম বয়সীয়া ছোৱালীৰ সতে মোৰ যোগাযোগ হৈছিল ৷ তেওঁৰ কাম-কাজ-কথা-বতৰাই মোক বুজাই দিছিল নিজৰ কামত তেওঁলোক কিমান নিষ্ঠাবান ৷  ৱেব চাইটটি হ’ল aadivasi.org

Sunday, June 15, 2025

অতুলৰ হেৰিটেজ খৰিকা


অতুল লহকৰ মানেই সোৱাদ আৰু পুষ্টিৰ সমাহাৰ, আন্তৰিক আতিথ্য আৰু কিছু আনন্দময় সময় ৷ আমাৰ বন্ধু-বান্ধব বাহিৰৰ পৰা আহিলে তেওঁৰ গুৱাহাটীৰ গোস্বামী চাৰভিচত থকা  হেৰিটেজ খৰিকালৈ লৈ যাও ৷ মুম্বাইৰ প্ৰসিদ্ধ সংগীত সমালোচক চিৰাগ সুতৰক তালৈ নিছিলোঁ- তেওঁ কৈছিল - কি মেল’ডিয়াচ/ খাদ্য আৰু পৰিবেশ /  কলকাতাৰ অভিনেত্ৰী ইন্দ্ৰানীয়ে কৈছিল- ইম্মান সোৱাদলগা মাছ আগতে খাই পোৱা নাই ৷ চিত্ৰ সমালোচক ডেলটনে কৈছিল- খাদ্য কেনেকৈ ইমান টেষ্টি হ’ব পাৰে / নেক্সট টাইম, মই কেৱল ইয়াতেই খাম ৷ ষ্টাৰডাষ্ট আলোচনীৰ প্ৰাক্তন সম্পাদক ডঃ পীযুশ ৰায়ে কৈছিল- চিম্পল এণ্ড ক্লাচিক ৷ আৰু কিমানকযে নিছিলোঁ // সকলোৰে মন্তব্য একেটাই ৷ 

আমাৰ ভাল লাগে-  গৌৰবেৰে অসমীয়া খাদ্যক বাহিৰৰ মানুহৰ সম্মুখত পৰিবেশন কৰিব পাৰো- সহজতে ৷  

তাৰ পাচত আহিল সোণাপুৰৰ ওচৰত ‘হুৰুম’ ৷ সেইফালেৰে অহাযোৱা কৰিলেই তাত সোমাও ৷ বাহিৰৰ পৰা বন্ধু-বান্ধব আহিলেই চিধাই তালৈ উৰি যাওঁ ৷ এদিন মোৰ মা আৰু  ভণ্টীক লৈ গৈছিলোঁ, মাই অতুলৰ আপ্যায়ন খুব ভাল পাইছিল ৷ এবাৰ কংকনা চক্ৰবৰ্তীক লৈ গৈছিলোঁ- তেওঁ এতিয়াও কয়- এইবাৰ গুৱাহাটীলৈ গ’লে হুৰুমলৈ যাম ৷ অকল খাদ্যৰ বাবেই নহয়- আতিথ্য আৰু আত্মীয়তাৰ বাবেও ৷ 

আজি অতুল লহকৰৰ হেৰিটেজ খৰিকাৰ আৰু এটি শাখাৰ উম্মোচন হ’ল ৷ সোণাপুৰৰ কিডনি হস্পিটালৰ ওচৰতে ৷ আতিথ্য আৰু আত্মীয়তা আৰু অধিক গাঢ় ৷ মই ভাবি আছিলোঁ এইখন ৰেষ্টোৰাঁত মোৰ চুটি ছবি এখনৰ দুটি দৃশ্য গ্ৰহন কৰাৰ কথা ৷  মই নিশ্চিত অতুলে আপত্তি নকৰিব ৷  আশা কৰিছোঁ সোনকালেই মোৰ সেই ছবিৰ দৃশ্যগ্ৰহন আৰম্ভ হ’ব ৷

ওপৰৰ ছবিত অতুলৰ সতে আমি ৷  আহিবৰ সময়ত দিয়া উপহাৰ ৷  নম্ৰতা আৰু কেমেৰামেন ৰাতুল বৰ্মণ ৷  আমাৰ ফটোখন তুলিছে অড্ৰি হাতীবৰুৱাই ৷