জামছেদপুৰত এটা এন জি ও আছে, নাম আদিবাসী ৷ তেওঁলোকে স্থানীয় লোক শিল্পীৰ কলা সামগ্ৰী বিক্ৰি কৰে আৰু তাৰ কিছু অংশ বিভিন্ন উন্নয়ণমূলক কামত ব্যবহাৰ কৰে ৷ তেনেকুৱা এটা কাম হ’ল জনজাতীয় মহিলাক চেনিটেৰি নেপকিন দিয়া ব্যবস্থা ৷ মই এন জি ও-টিৰ পৰা অলপ কলাসামগ্ৰী কিনিছিলোঁ৷ তাৰ পৰা তেওঁলোকে জনজাতীয় মহিলাক চেনিটেৰি নেপকিন দিছে ৷ মোক দিছে এখন সুন্দৰ প্ৰশংসা পত্ৰ ৷ এই প্ৰশংসা পত্ৰখন মোৰ বাবে এটা মূল্যবান সম্পদ ৷ আপোনালোকে ইচ্ছা কৰিলে তেওঁলোকৰ ৱেব চাইটটি চাব পাৰে ৷ সুন্দৰ সামগ্ৰী কিছুমান পাব, যিবোৰ কিনিবলৈ আপোনাৰ মন যাবই ৷ আৰু আপোনাৰ পৰা পোৱা পইচাৰে তেওঁলোকে দুখীয়া মানুহক সহায় কৰিব- এই কথাটোও আপোনাৰ ভাল লাগিব৷ এগৰাকী কম বয়সীয়া ছোৱালীৰ সতে মোৰ যোগাযোগ হৈছিল ৷ তেওঁৰ কাম-কাজ-কথা-বতৰাই মোক বুজাই দিছিল নিজৰ কামত তেওঁলোক কিমান নিষ্ঠাবান ৷ ৱেব চাইটটি হ’ল aadivasi.org
Utpal Datta writes on Film, Literature and other topics চিনেমা, সাহিত্যৰ লগতে অন্যান্য বিষয়ত উৎপল দত্তৰ মন্তব্য
Tuesday, June 17, 2025
Subscribe to:
Post Comments (Atom)
Featured Post
বিৰল ৰাগ ‘চন্দ্ৰনন্দন’ৰ শান্ত পৰিবেশন
আকাশত উজলি থকা অলেখ তৰা আৰু পূৰ্ণচন্দ্ৰৰ স্নিগ্ধতাই সৃষ্টি কৰা এক ৰহস্যময় সৌন্দৰ্যৰ সৈতে ‘চন্দ্ৰনন্দন’ ৰাগক তুলনা কৰিব পাৰি ৷ এই ৰাগটো কোনো ...
-
ডঃ দৰ্শনা গোস্বামীৰ অনুবাদ গ্ৰন্থ ‘নীলা বাঘ আৰু অন্যান্য গল্প’ হ’ল আৰ্জেণ্টিনাৰ প্ৰসিদ্ধ সাহিত্যিক জৰ্জ লুইছ বৰ্হেছৰ কেইটিমান গল্পৰ অনুপম ...
-
অতনু ভূঞাৰ "খাকী" ছবিখনৰ নাম ঘোষণাৰ দিনাৰ পৰা এক ধৰণৰ কৌতুহলৰ সৃষ্টি হৈছিল | ভূঞাই নতুন কিবা এটা কৰি ভাল পায় আৰু কামত তাৰ প্ৰতি...
-
বড়োলেণ্ড বিশ্ববিদ্যালয়ত এবাৰ অনুষ্ঠিত হৈছিল জ্ঞান মহোৎসৱ ৷ নোবেল জয়ী পণ্ডিতে তাত অংশ লৈছিল৷ তেতিয়াৰে পৰা এই বিশ্ববিদ্যালয়খনিলৈ যোৱাৰ ইচ্ছা ...

No comments:
Post a Comment