Friday, September 29, 2023

থেইজৰ দ্বিতীয় প্ৰকাশ


 প্ৰথম প্ৰকাশৰ ছয় দশক সম্পূৰ্ণ কৰাৰ অাগমুহূৰ্তত 'থেইজ'ৰ ২য় প্ৰকাশ পাঠকৰ হাতত পৰিল ৷ প্ৰথম সংস্কৰণৰ প্ৰকাশৰ দায়িত্ব পালন কৰিছিল দত্তবৰুৱা এণ্ড কোম্পানীয়ে ৷ ২য় প্ৰকাশৰ দায়িত্ব অসম পাবলিছিং কোম্পানীয়ে হাতত লৈছিল ৷ প্ৰকাশৰ পাচতেই সংবাদটি বিভিন্ন মাধ্যমত প্ৰকাশ পালে ৷ তাৰ পাচত বহুজনৰ বিভিন্ন মন্তব্য ৷ 

ফেচবুকত এটা মন্তব্য শ্ৰীযুত জয়ন্ত শৰ্মাৰ ৷ তেখেতে লেখিছে - 'আমাৰ ঘৰৰ সন্মুখত থকা বজালী মহিলা সমিতিৰ পুথিভঁৰালত কিতাপখন বহুদিন দেখা আৰু পঢ়া মনত আছে। বেটুপাত প্ৰায় একে ধৰণৰে আছিল। আকৌ প্ৰকাশ হোৱাত আনন্দিত হ'লোঁ।'

টুইটাৰত শ্ৰীযুত কৃষ্ণ পূজাৰীয়ে লেখিছে -  'ক্লাছ নাইনত পুৰণি জহি যোৱা কিতাপ খন পাইছিলো। এক বিৰল পঠন আছিল।'

দেউতা জীয়াই থকা হ'লে এই মন্তব্যবোৰ শুনি খুব অানন্দ পালেহেতেন  ৷

কিতাপখনৰ বেটুপাতৰ প্ৰসংগত শ্ৰীযুত বিদ্যুৎ কুমাৰ ভূঞাই লেখিছে - 'সৌৰীশ মিত্ৰৰ বেটুপাতে কথা কয়, সৌৰীশ মিত্ৰৰ বেটুপাতে পঢ়ুৱৈৰ সৈতে কিতাপখনৰ অন্তৰ্ভাগৰ কথা পাতে, সৌৰীশ মিত্ৰৰ বেটুপাতে তেওঁৰ বৌদ্ধিক আৰু বাহ্যিক- দুয়োটা দিশেৰে কিতাপখন সুন্দৰ কৰি তুলি ধৰে। অন্ততঃ অসমীয়া ভাষাৰ আগশাৰীৰ লিখক আৰু প্ৰকাশক বহুতৰে 'বেটুপাত' সম্পৰ্কে বিশেষ ধ্যান-ধাৰণা নথকাটো তেওঁলোকৰ কিতাপৰ বেটুপাতবোৰেই নীৰৱে ঘোষণা কৰি দিয়ে। এইখন কিতাপৰ বেটুপাতে মোক এইকেইটা কথা ক'বলৈ অনুপ্ৰাণিত কৰিলে।'

লেখিকা ডাঃ নমিতা বৈশ্যই কৈছে - তেখেতক কপি এটা লাগে ৷ দিম, কিন্তু এটা চৰ্তত- মোৰ ঘৰত পদধূলি দিলেহে দিম ৷ 

শ্ৰীযুতা প্ৰীতি বৰাই ফেচবুকত লেখিছে - 'এইখন সংগ্ৰহ কৰিম আগন্তুক গ্ৰন্থমেলাত।' 

হিল্লোল কুমাৰ পাঠকে কপি এটা কিনিছে, ফটোখন মোলৈ হোৱাটছএপত পঠিয়াই দিছে ৷