Friday, June 2, 2023

অজিত শীলৰ ৰঙীন পৃথিবী

বহু বছৰৰ অাগতে, কবি নীলমনি ফুকন চাৰৰ ঘৰত এখন পেইন্টিং দেখিছিলোঁ ৷ ঘৰৰ বেৰত অাঁৰি থোৱা সেউজীয়া ৰঙৰ প্ৰাধান্য থকা সেই ছবিখনৰ  পিনে চাই চাৰে কৈছিল - অজিত শীলৰ কাম, খুব নাম কৰিব ৷  সেয়া অাছিল প্ৰথম চিনাকি ৷ নামটো অাৰু ছবিখনৰ কিছু অংশ মনৰ ভিতৰত ৰৈ গ'ল ৷

ডঃ মেঘালী গোস্বামীৰ সৌজন্যত এইবাৰ অজিত শীলক পালোঁ, অসংখ্য ছবি অাৰু দুখন কিতাপৰ সৈতে ৷ 'এক্সপ্ৰেছন থ্ৰো ইম্প্ৰেছন' নামৰ এখন প্ৰদৰ্শণী অাজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে, দহ জুনলৈকে চলিব ৷ ডঃ গোস্বামীয়ে কিউৰেট কৰা এই প্ৰদৰ্শণীত অাছে শ্ৰী শীলৰ মুঠ ১৭৫ খন লিথোগ্ৰাফিক, উদএনগ্ৰেভিং অাদিৰ প্ৰিন্টৰ এক বিশাল সমাহাৰ ৷ শিল্পৰসিকৰ বাবে এক অকল্পনীয় অানন্দ উৎসৱ ৷ এগৰাকী শিল্পীয়ে জীৱনটোত কৰা কামৰ মাজৰ পৰা কিছু পৰিমাণৰ কাম বিচাৰি উলিওৱাটো বহুত কঠিন কাম- কোনখন ৰাখিব কোনখন কিয় বাদ দিব - গুৰুত্বপূৰ্ণ কথা হ'ল গ্ৰহন-বৰ্জনৰ মাপকাঠি কি হ'ব- সকলোতকৈ  ডাঙৰ কথা এই নিৰ্বাচনে শিল্পীগৰাকীৰ শিল্পৰ বিশেষত্বক প্ৰকাশ কৰিব পাৰিবনে ?








ছবিবোৰ কালানুক্ৰমিক হিচাপে সজোৱা হোৱা নাই যেন লাগে, কিছু সংখ্যক ছবিৰ ওচৰতে লগাই থোৱা কাকতত ছবিৰ অংকণৰ সময়টো লেখা অাছে, প্ৰতিখন ছবিৰ সময় চোৱা সম্ভব নহ'ল ৷ তথাপিতঅ অনুমান কৰিছো শিল্পীয়ে ছবিৰ বক্তব্য প্ৰকাশৰ ক্ষেত্ৰত ক্ৰমাৎ সৰলতাৰ পিনে অাগবাঢ়ি গৈ অাছে ৷ যিকোনো সৃজনীশীল কামৰ ক্ষেত্ৰতেই কাৰিকৰী দক্ষতা অাৰু বক্তব্য প্ৰকাশৰ সৰলতাৰ সঠিক সংমিশ্ৰণে শিল্পক পৰবৰ্তী স্তৰলৈ উন্নীত কৰে ৷ অজিত শীলৰ কামত এই শৈল্পিক পৰিপক্কতা প্ৰকাশ পাইছে ৷ এশ পয়সত্তৰটি শিল্পকৰ্মৰ মাজৰ পৰা উদাহৰণ দি কথা কোৱা সহজ নহয় ৷ তথাপিতো মই বিচাৰি বিচাৰি চাইছিলো অজিত শীলৰ হাতত জীৱন্ত হৈ উঠা চৰাইবোৰ ৷ শক্তিশালী ৰেখাৰে অংকণ কৰা চৰাইবোৰৰ প্ৰতিটোৱে অ ামাৰ সন্মুখলৈ লৈ অাহিছে অভিজ্ঞ তাঅাৰু অনুভবৰ বিচিত্ৰ জগত ৷ কোনোবাখন ছবিত ময়ূৰ চৰাইটো শান্ত-সমাহিত- যেন প্ৰেয়সীৰ ওচৰত বহি অতিবাহিত কৰিছে স্বৰ্গীয় সুখৰ অনুভব ৷  কোনোবাখনত ময়ুৰজনী অাহি লাস্যময়ী ভংগীৰে গাভৰুজনীৰ সতে মিতিৰালি কৰিছে ৷ কৰবাত যেন চৰাইটোৱে প্ৰয়সীৰ লগত ভগাই লৈছে কিবা গোপন সংবাদ, অান এখনত হয়তো চৰাইটোৱে স্থিৰ খোজেৰে প্ৰেয়সীৰ সতে অাগবাঢ়িছে কোনোবা গঅপন অভিষাৰত ৷ অজিত শীলৰ চৰাইবোৰ চৰাই নহয়, যেন একোটা তেজ-মঙহৰ মানুহ ৷ শিল্প ঐশ্বৰ্য ভাণ্ডাৰৰ এয়া এটি নগণ্য অংশৰ বর্ণনা মাথোন ৷   
















চিত্ৰপ্ৰদৰ্শনীত শিল্পী জ্ঞানেন বৰকাকতিৰ সতে উৎপল দত্ত

শিল্পৰ এই মহোৎসৱৰ বাবে ডঃ মেঘালী গোস্বামী, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অাৰু অসম চাৰু-কাৰু কলা পৰিষদ ধন্যবাদৰ পাত্ৰ ৷ 

............................................................