Saturday, December 24, 2022

পৃথু

পৃথুক প্ৰথম দেখা সময়ত তাৰ বয়স ৯ বা ১০ ৷ ক্ৰিকেট বুলিলে পাগল অাছিল ৷ তাৰ বহু বছৰ পাচত কলকাতাৰ পৰা প্ৰকাশিত বাংলা কাকতত তাৰ ফটো দেখিছিলো, দক্ষ ক্ৰিকেটাৰ হিচাপে সেই যোগ্যতা পৃথুই অৰ্জন কৰিছিল ৷ অসমৰ ৰঞ্জীদলৰ কেপ্টেইন অাছিল পৃথু ৷
তাৰ পাচত দীৰ্ঘদিনৰ মৌনতা ৷
মাজতে গম পাইছিলোঁ, ব্যবসায়ত হাত দিছে পৃথুই ৷
অাজি অভিজিৎ নাথৰ পোষ্টৰ পৰা গম পালোঁ, পৃথু অাৰু নাই ৷ এদিন পৃথুই কৈছিল- মোৰ ভাল ফটো এখন তুলি দিব ৷ নাই, সেই ফটোখন তোলা নহ'ল ৷

No comments:

Post a Comment

Featured Post

বিৰল ৰাগ ‘চন্দ্ৰনন্দন’ৰ শান্ত পৰিবেশন

আকাশত উজলি থকা অলেখ তৰা আৰু পূৰ্ণচন্দ্ৰৰ স্নিগ্ধতাই সৃষ্টি কৰা এক ৰহস্যময় সৌন্দৰ্যৰ সৈতে ‘চন্দ্ৰনন্দন’ ৰাগক তুলনা কৰিব পাৰি ৷ এই ৰাগটো কোনো ...