Monday, November 14, 2022

বেহাৰবাৰীৰ ২৫০০ ৰজনী

এখন অসমীয়া ধাৰাবাহিকে ২৫০০ টা খণ্ড সম্পূ ৰ্ণ কৰিলে ৷
অসমৰ বিনোদন জগতৰ এটি ডাঙৰ খবৰ ৷ হয়তো ধাৰাবাহিকখনৰ নিৰ্মাতাসকলে বিভিন্ন ধৰণে সফলতাৰ এই ইতিহাসৰ এই বিন্দুটি উদযাপন কৰিছে, মোৰ চকুত পৰা নাই ৷ 










এটা সময়ত সকলো কাম বাদ দি এখনেই ধাৰাবাহিক চাইছিলোঁ - চাণক্য ৷ এতিয়া চাওঁ 'বেহাৰবাৰী অাউটপোষ্ট' ৷ এই ধাৰাবাহিকখন নিয়মিত ৰূপত চোৱাৰ কাৰণ দুটিমান হ'ল - 
ইয়াৰ অভিনেতা-অভিনেত্ৰীসকল স্বাভাবিক ৷ কথা-বতৰা, চাল-চলন কতো অভিনয়ৰ পৰশ নাই ৷ অাটাইকেইটি চৰিত্ৰই মাটিৰ পৰা উঠি অহা মানুহ ৷ অভিনয় প্ৰত্যেকৰেই ভাল ৷
সদায়েই সম মানৰ হোৱাটো সম্ভব নহয়, কিন্তু হাস্যৰস উদ্ভাৱণৰ কৌশলবোৰ খুব ভাল ৷ কম সময়ৰ বাবে দেখা দিয়া অভিনেতাসকলো ভাল লগা, ধাৰাবাহিকখনৰ মূল সুৰৰ লগত মিলি থকা ৷









ধাৰাবাহিকখনৰ পৰিকল্পনাৰ বাবে ৰাজেশ ভূঞা ধন্যবাদ অাৰু অভিনন্দনৰ পাত্ৰ ৷ এই ধাৰাবাহিকখনৰ অাগলৈকে মই কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীৰ নাম জনাই নাছিলোঁ, এতিয়া তেওঁলোকক ঘৰৰে মানুহযেন লাগে ৷ এবাৰ বেহাৰবাৰী অাউটপোষ্টৰ মহিলা কেইগৰাকীমানৰ কথোপকথনৰ লেখা এটি লেখিছিলোঁ ৷ নিশিতাক বাদ দি বাকী কেইগৰাকীৰ লগত কথা পাতিছিলোঁ ৷ নিশিতাক বাদ দিয়া কাৰণ এটি অাছিল ৷ সেই কথোপকথনত মই চৰিত্ৰকেইটিৰ লগত কথা পাতিছিলোঁ, অভিনয় শিল্পী কেইগৰাকীৰ লগত নহয় ৷ একমাত্ৰ মণি (পাপৰি)ৰ বাহিৰে কাৰো লগত  মোৰ চিনাকি নাছিল, কিন্তু প্ৰত্যেকেই অতি অান্তৰিকতাৰে মোৰ লগত কথা পাতিছিল ৷  বিউটি বাইলুঙৰ মাকৰ অসুখ হৈ অাছিল বাবে তেওঁৰ লগত কথা পতা সম্ভব হোৱা নাছিল ৷ তেওঁৰ লগত এটা কথোপকথন পেণ্ডিং হৈ অাছে ৷ উপযুক্ত সময়ত সেই কাম কৰা হ'ব ৷ সেই লেখাটোৰ বিষয়ে কাৰো পৰা একো মন্তব্য শুনা নাছিলোঁ, এতিয়াও শুনা নাই ৷ কিন্তু মাজতে কলকাতাৰ  চিত্ৰপৰিচালক এজনে লেখাটো পঢ়ি মন্তব্য দিছিল - মই বহু ইন্টাৰভিউ পঢ়িছোঁ, কিন্তু চৰিত্ৰৰ সতে ইন্টাৰভিউ পঢ়া নাই ৷ অাপুনি অাইদিয়াটো ক'ত পাইছিল ? কথাটো ময়ো ভবা নাছিলোঁ যে চৰিত্ৰৰ ইন্টাৰভিউ ময়ো অাগতে পঢ়া নাছিলোঁ ৷ তেনেহলে ? এইটো মোৰ মৌলিক চিন্তা ৷ চৰিত্ৰবোৰক সেইজন মানুহ হিচাপেই অামি গ্ৰহন কৰিছোঁ বাবেই হয়তো মোৰ মনলৈ ভাবটো তেনেকৈ অাহিছিল ৷ এয়া ধাৰাবাহিকখনৰেই কৃতিত্ব ৷











এবাৰ এটা খণ্ডত দেখিছিলোঁ প্ৰীতম বৰুৱাই বাইক ৰেলিৰ ফটো দেখুৱাইছে ৷ কথাটো মোৰ ভাল লাগিল ৷ মই বিশ্বাস কৰোঁ যে একাধিক হবি থাকিলে সৃষ্টিশীল মানুহৰ সৃজনীপ্ৰতিভা অধিক সজীৱ হৈ থাকে ৷ সেই দিশেৰে প্ৰীতম বৰুৱাৰ লগত কথা পাতিছিলোঁ (ফোন নম্বৰ দিছিল বিউটি বাইলুঙে - থানাত কাম কৰিও যে অচিনাকি মানুহক ফোন নম্বৰ দিছে, অাচৰিত) ৷ বৰুৱাৰ বিষয়ে লেখাটি মোৰ ব্লগতেই প্ৰকাশ কৰিছিলোঁ, বহুতে পঢ়িছিল সেইটো ৷ 
ৰাজেশৰ লগতে মনোজ, টেনচন, ৰাকেশ, ৰিচা, শৰ্মা দোকানী, মুকুতা, উকীলনী বাইদেউ (খাৰঘৰীয়াৰ লগত কিবা এটা হ'ব বুলি ভাবিছিলোঁ, কেকেয়ো চেষ্টা কৰিছিল - নহ'ল) মোহন, মুকুতা,গাৰ্গ, নাম গোৱা পাঠক-কাম-ৰান্ধনী - কিমানৰ নাম কম- সকলোকে এই ঐতিহাসিক ক্ষণত অভিনন্দন জনাইছোঁ ৷ 



















কাইলৈ মই নলবাৰীলৈ যাম, নলবাৰীৰ পৰা নিৰ্মাণ কৰা ২য়খন ছবি উপগ্ৰহৰ ৫০ বছৰ উপলক্ষে অায়োজন কৰা এটা অনুষ্ঠানৰ সঞ্চালনা কৰিম ৷ কিমান ছবিৰ স্বৰ্ণজয়ন্তী হৈ গ'ল - কিমান উদযাপন হৈ গ'ল - অামি গমেই নাপাও ৷  কালিৰ অনুষ্ঠানটিৰ কথা লেখিম, পঢ়িব দেই ৷